জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই...

জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই...

পৃ থিৱীত সময়ে সময়ে এনে কিছু লোকৰ জন্ম হয়, যিয়ে সমসাময়িক সমাজলৈ যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লগতে ভৱিষ্যতৰ সমাজলৈও অনবদ্য বৰঙণি দি থৈ যায়৷ কলাগুৰু বিষ্ণু ৰাভাৰ কথাৰে যদি কওঁ, পোনছাটেই মনলৈ আহে তিনিগৰাকী ব্যক্তিৰ নাম; তেৰালোক হ’ল— দৈৱকীনন্দন শ্ৰীকৃষ্ণ, লিওনাৰ্দো দা ভিন্সি আৰু মহাপুৰুষ শংকৰদেৱ৷ চৈধ্যশ শতিকাৰ কুসংস্কাৰ-অন্ধবিশ্বাসেৰে ভৰা সমাজখনত শংকৰদেৱৰ দৰে দূৰদৃষ্টিসম্পন্ন যুগনায়কৰ আৱিৰ্ভাৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰালে৷ চাওল্যুং চুকাফাই ৰাজনৈতিকভাৱে একত্ৰিত কৰা তদানীন্তন সমাজখনক সাংস্কৃতিকভাৱে একতাৰ এনাজৰীৰে বান্ধিলে মহাপুৰুষ শংকৰদেৱে৷ একশৰণ ভাগৱতী নামধৰ্মৰ প্ৰচাৰৰ যোগেদি তেৰাই সমসাময়িক সমাজত চলি থকা কুসংস্কাৰ, জাতিভেদ আঁতৰাই মহান মানৱতাৰ মন্ত্ৰ সিঁচি দি নতুন দিগন্তৰ সূচনা কৰিলে৷ শংকৰদেৱে কাব্য দিলে, গীত দিলে, নাটক দিলে, নামঘৰ দিলে, সৱাৰ উপৰি তেৰাই জাতিটোক দিলে— গতিশীলতা৷

শংকৰদেৱ মূলতঃ সাহিত্যিক৷ সাহিত্যক তেৰাই ধৰ্মপ্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল৷ কিয়নো সেই সময়ৰ অনাখৰী মানুহক জীৱনৰ প্ৰকৃত উদ্দেশ্য সোঁৱৰাই দিয়াৰ একমাত্ৰ ফলপ্ৰসূ আহিলা আছিল ধৰ্ম৷ ভাৰতবৰ্ষত পূৰ্বৰে পৰা চলি অহা বৈষ্ণৱ ধৰ্মৰ সোঁতটোত তেৰা লীণ গৈছিল৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে গুৰুজনাৰ সেই সৃষ্টিৰ মূল্যায়ন হ’বলৈ ধৰিছিল যদিও সাহিত্যিক শংকৰদেৱতকৈ ধৰ্মগুৰু শংকৰদেৱক লৈহে সমাজত চিন্তা-চৰ্চাৰ গতি প্ৰখৰ হ’বলৈ ধৰিলে৷ তেৰাৰ সৃষ্টিৰাজিৰ সামাজিক আৰু বৈজ্ঞানিক বিশ্লেষণৰ পৰিৱৰ্তে ধৰ্মীয় বিশ্লেষণতে আৱদ্ধ থকাৰ বাবে বোধহয় দাৰ্শনিক দিশটো বৰকৈ প্ৰকট হৈ নোলাল৷ কিছু সমালোচকে সেইবোৰৰ দাৰ্শনিক বিশ্লেষণ আগবঢ়াইছিল যদিও সৰ্বসাধাৰণ মানুহৰ বোধগম্য নোহোৱাত গ্ৰাম্য সংস্কৰণতেই আৱদ্ধ হৈ থাকিল৷ সহজ-সৰল অসমীয়া সমাজৰ গ্ৰাম্য চৰিত্ৰৰ পৰা বাহিৰ কৰি শংকৰদেৱৰ ৰচনাৰাজিৰ চিন্তা-চৰ্চা কৰিলে আমি আন এগৰাকী শংকৰদেৱক আৱিষ্কাৰ কৰিব পাৰিম৷

শংকৰদেৱ আছিল সৰ্বকলা বিশাৰদ৷ তেৰাই উপলব্ধি কৰিছিল যে নিৰক্ষৰ লোকসকলক মাৰ্গ দৰ্শন কৰাবলৈ সাহিত্যতকৈ আন ফলপ্ৰসূ মাধ্যম আৰু নাই৷ এইখিনিতে উল্লেখ কৰা ভাল যে আজিৰ শিক্ষাদান প্ৰণালীৰ যি দৃশ্য-শ্ৰব্য মাধ্যম (Audio Visual Aid), সেয়া শংকৰদেৱে চিহ্নযাত্ৰা নাটকতেই দেখুৱাই থৈ গৈছে৷ তদুপৰি লোকসংগীতৰ ঐন্দ্ৰজালিক আৱেশত মোহাচ্ছন্ন হৈ থকা গ্ৰাম্য সমাজখনক বৰগীতৰ দৰে উচ্চাংগ সংগীতৰ সোৱাদ দিব পৰা মানুহজন মহামানৱ নহৈ পাৰেনে?

শংকৰদেৱ আছিল বিজ্ঞানী৷ কপিলীমুখৰ কুমাৰৰ হতুৱাই মাটিৰ বাদ্যযন্ত্ৰ (খোল) তৈয়াৰ কৰিব পৰাটো নিশ্চয় এজন বৈজ্ঞানিকৰেই চিন্তাৰ ফচল৷ তেৰা আছিল সমন্বয়ৰ প্ৰতীক৷ চান্দসাই দৰ্জীক নামঘৰৰ মূলত স্থান দি তেৰাই প্ৰমাণ কৰিছিল যে অস্পৃশ্যতাৰে কেতিয়াও মানুহৰ মন জয় কৰিব নোৱাৰি৷ ৰাধিকাশান্তিৰ দৰে কৈৱৰ্ত কূলৰ নাৰী এগৰাকীক চতুৰ ব্যক্তিত্বৰে তেৰাই সমাজত আগস্থান দিয়াই সমন্বয়ৰ বীজ ৰোপণ কৰিছিল৷ সমন্বয় ৰচনাৰ কাৰণেই তেৰাই সেই কামৰ বাবে সতী ৰাধিকাক নিৰ্বাচন কৰিছিল৷ ভাওনাৰ যোগেদি শঙ্কৰদেৱে যুগান্তকাৰী পৰিৱৰ্তন আনিছিল৷ কৃষ্ণ সংস্কৃতি প্ৰচাৰৰ বাবে তেৰাই অহোপুৰুষাৰ্থ কৰিছিল৷

| পঢ়ক: শ্ৰীমন্ত শঙ্কৰদেৱ সম্পৰ্কীয় অন্যান্য লেখাসমূহ

আজি একবিংশ শতিকাতো তেৰাৰ ধৰ্মৰ দাৰ্শনিক চিন্তাৰে অসমীয়া সমাজব্যৱস্থা চলমান হৈ থাকিব পৰাটোৱে তেৰাৰ যুগনায়ক চৰিত্ৰটোকে বহন কৰে৷ সেয়ে কওঁ, শংকৰদেৱৰ ৰচনাৰাজি নতুন পুৰুষে বিজ্ঞানসন্মত দৃষ্টিৰে বিশ্লেষণ কৰি আগবাঢ়িলে সমাজ অধিক গতিশীল হ’ব৷ কিয়নো প্ৰগতিশীল সমাজ এখনৰ সকলোবোৰ উপাদান তেৰাৰ ৰচনাত বিদ্যমান৷ সেয়ে শংকৰদেৱক ধৰ্মীয় গণ্ডীৰ পৰা উলিয়াই আনি সামাজিক-দাৰ্শনিক পৰিকাঠামৰ মাজত সুমুৱাই সুন্দৰ সমাজ গঢ়াৰ সংকল্প আজিৰ ডেকাসকলে লওক৷ শংকৰদেৱ অসমীয়া জাতিৰ ভেটি৷ এই ভেটি যদি আমি নিচিনো, তেনেহ’লে যিমানেই প্ৰগতিৰ পথত আগবাঢ়ি নেযাওঁ কিয়, থৰকবৰক হৈ ধ্বংসৰ পথলৈ যোৱাটো নিশ্চিত৷ সেয়ে সাহিত্যৰথী বেজবৰুৱাৰ ভাষাৰে কওঁ— “গুৰু লাগে মঞি শিক্ষিত শিষ্য/ জগতত জাননী দিলোঁ, জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই/ অন্ধলাই নেদেখিলোঁ।”

ফিচাৰড্ ইমেজত: সাঁচিপতীয়া সচিত্ৰ কীৰ্তন পুথিৰ এখিলা পাত (কাথবাপু সত্ৰ)

জগতৰে গুৰু শ্ৰীশংকৰ ঘৰতেই... | নয়নজ্যোতি শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক