অ সমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া সমাজ সংস্কাৰক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নহয়, সাহিত্য গুৰুও। অসমত জাতি গঠনৰ ক্ষেত্ৰত যিদৰে এইজনা মহাপুৰুষৰ অৱদান উল্লেখনীয়, সেইদৰে অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰতো এইজনা মহাপুৰুষৰ অৱদান অতুলনীয়।
অসমীয়া বৈষ্ণৱ আন্দোলনে সৃষ্টি কৰা, শাস্ত্ৰীয় পদ্ধতিৰে গোৱা বৰগীতসমূহৰ স্থান অতি উচ্চত। বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ চানেকি বৰগীতসমূহৰ জিলিকি আছে। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত অৰিহণা আগবঢ়োৱা মহাপুৰুষজনাৰ অনবদ্য অৱদান বৰগীতত আছে সংগীতৰ মাধুৰ্য বিলাই মানৱৰ মন আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা মোহনীয় শক্তি। নাম-প্ৰসংগত অপৰিহাৰ্য ভূমিকা গ্ৰহণ কৰা বৰগীতসমূহে মানুহৰ মন মুগ্ধ কৰাৰ অন্তৰালত আছে আধ্যাত্মিকতা। আধ্যাত্মিকতাৰ এনে এক মহিমা আছে, যাৰ বলত মোহাচ্ছন্ন মানুহেও কামনা-বাসনা পৰিহাৰ কৰি ভগৱৎ পৰায়ণ হৈ জীৱনৰ সৰ্বস্ব ত্যাগ কৰিবলৈ সমৰ্থ হয়। ভক্তিভাৱৰ তীৰ্ব ঊৰ্ধ্বমুখী যাত্ৰাৰ উপৰিও বৰগীতসমূহ চিন্তামূলক গীতি-কবিতাৰ উপাদান পৰিপূৰ্ণ হৈ আছে। সেয়েহে আধ্যাত্মিক তথা ভক্তিধৰ্ম প্ৰচাৰমূলক হ’লেও বৰগীতসমূহ অসমীয়া সাহিত্যৰ কাব্যিক সৌন্দৰ্য আৰু মহত্তৰে পৰিপূৰ্ণ মৰকত মণি সদৃশ উপাদান।
চৰিত পুথিত উল্লেখ থকা মতে, বৰগীতৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ অন্তিম দশকৰ আৰম্ভণিত। চৰিতৰ উল্লেখ মতে, মহাপুৰুষ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি বদৰিকাশ্ৰমত উপস্থিত হৈ প্ৰথমটি বৰগীত ‘মন মেৰি ৰাম চৰণেহি লাগু’ শীৰ্ষক বৰগীতটি ৰচনা কৰে। এই বৰগীতটিয়ে ব্ৰজবুলি গীতি-সাহিত্যৰ বাট মুকলি কৰি দিয়ে। ইয়াৰ পাছত মহাপুৰুষজনাই বিভিন্ন উপলক্ষত বৰগীত ৰচনা কৰিছিল যদিও বনপোৰা জুইত পুৰি নষ্ট হোৱাৰ ফলত গুৰুজনাৰ ৩৪টি বৰগীতৰ কথাহে পোৱা যায়। সত্ৰৰ চৈধ্য প্ৰসংগত অথবা অন্যান্য নাম-প্ৰসংগৰ বৰগীতত বিভিন্ন ৰাগ সন্নিৱিষ্ট হৈ থকাৰ লগতে তালৰ উল্লেখ হৈ আছে। ভাব-ভাষা আৰু কাব্যিক গুণেৰে গুণাণ্বিত বৰগীতসমূহ উৎকৃষ্ট সাংগীতিক গুণেৰেও পৰিপুষ্ট। মহাপুৰুষজনাৰ বিৰচিত বৰগীতসমূহৰ ৰাগ-তাল-মানৰ বৈশিষ্ট্যসমূহ এনেদৰে আলোচনা কৰিব পাৰি:
ৰাগ:
প্ৰতিটো বৰগীত এটি নিৰ্দিষ্ট ৰাগত গোৱা হয়। মানুহৰ মনোৰঞ্জক স্বৰ আৰু বৰ্ণযুক্ত বিশিষ্ট ধ্বনিৰ সমষ্টিয়ে হৈছে ৰাগ। ৰাগৰ মহিমা প্ৰকাশ কৰি চৰিতকাৰে এনেদৰে কৈছে— “প্ৰথমতে শংকৰে ৰাগক তুলি দিল।“
বৰগীত গোৱাৰ আগতে ৰাগ দিয়া প্ৰথা পৰম্পৰাগতভাৱে চলি আহিছে। ৰাগৰ তানত বা লয়ত কোনো কোনো ঠাইত “কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম” বুলি ৰাগ দিয়ে, আকৌ কোনো ঠাইৰ সত্ৰাদিত ভক্তসকলৰ মাজত তা-না-না আদিৰেও ৰাগ দিয়ে। প্ৰতিটো বৰগীত দুটা অংশত বিভক্ত—ধ্ৰুং´ বা
ধ্ৰুৱ´ আৰু `পদ´। ধ্ৰুং অংশত ৰাগৰ মতে টানি টানি ৰাগৰ আধাৰত গোৱা হয়। মহাপুৰুষজনাৰ বৰগীতত ধ্ৰুং অংশত অনুৰণিত অহিৰ ৰাগ এটি—
“ধ্ৰুং।। গোবিন্দ গুণ মন লাগি।
সুমৰিতে তনু জ্বলে আগি।।”
মহাপুৰুষ জনাৰ বৰগীতত এনেদৰে ১১ টি ৰাগ— অহিৰ, আশোৱাৰী, কল্যাণ, কেদাৰ, গৌড়ী, শ্ৰী, ধনশ্ৰী, বসন্ত, তুৰবসন্ত, মাহুৰ, নটমল্লাৰৰ উল্লেখ আছে যদিও বেছিসংখ্যক বৰগীত তেৰাই ধনশ্ৰী আৰু গৌড়ী ৰাগতহে ৰচিছিল। এই ৰাগবোৰৰ প্ৰত্যেকৰে মালিতা আছে। নিয়মৰ দ্বাৰা মালিতাৰ ৰাগৰ স্বৰতেই বৰগীতৰ ৰাগ পৰিৱেশন কৰা হয়। এই ৰাগবোৰক চৰ্চ্চনি বোলা যায়; যেনে— খোলৰ চৰ্চ্চনি, তালৰ চৰ্চ্চনি, ডবা-নেগেৰাৰ চৰ্চ্চনি, কীৰ্তন ঘৰৰ চৰ্চ্চনি ইত্যাদি। এতেকে বৰগীতত ৰাগৰ মহত্ব তেনেই অপৰিহাৰ্য। বাপচন্দ্ৰ মহন্ত সম্পাদিত পুথি ‘বৰগীত’ত (পৃ. ৩) লিখিছে— “বৰগীতত অনিবদ্ধ আৰু নিবদ্ধ,— দুটা অংশ আছে। অনিবন্ধ অংশটোকে ‘ৰাগ টনা’ বুলি কোৱা হয়। বিভিন্ন সত্ৰ পৰম্পৰাত এই অংশটোত যথেষ্ট পাৰ্থক্য দেখা যায়। তথাপি সকলো পৰম্পৰাতে এই অংশটোত ৰাগৰ স্বতন্ত্ৰ ৰূপ দেখিবলৈ পোৱা যায়। কোনো কোনো ঠাইত এই অনিবদ্ধ অংশক ‘ৰাগ মালিতা’ বোলা হয়।” উল্লেখযোগ্য যে দিনটোৰ কোন ভাগত কি ৰাগৰ গীত গাব, তাৰো ধৰা-বন্ধা নিয়ম আছে।
❧ | আৰু পঢ়ক: মাতৃভাষা আৰু আদৰ-অনাদৰ ইত্যাদি
তাল:
বৰগীতসমূহত ৰাগৰ লগত বাৰখন মূল তাল আৰু বাৰখন উপতাল ব্যৱহৃত হৈ আছে। সেয়া হৈছে— পৰিতাল, একতাল, যতি জামান, মাজযতি, ৰুপক, সৰু বিষম, দশবাৰী, বৰ বিষম, চুটকলা, দোমানী, ৰচক, খৰমান। এয়া হৈছে মূলতাল। আকৌ আচতলা, চুটা, ৰূপগঞ্জল, ওলোটা গঞ্জল, সুধাগঞ্জল, আৰ বিষম, উনযতি, চাবতাল, মাঠ তাল, আদশৰি, জোৰাবিষম আদি হৈছে উপতাল। আৰম্ভণিৰে পৰা বৰগীতত বাৰখন তালত গীত গোৱাৰ পাছত শেষত গুৰুজনাৰ ভণিতাৰে শেষৰ ফাঁকিৰে পুনৰাই পৰিতাল আৰু এক তালেৰে আগুৱাই গৈ ‘থেলা’ ধৰা হয়। থেলাৰ পাছত সামৰণি চাপৰ ধৰি বাজানা শেষ কৰা হয়। মন কৰিবলগীয়া এয়ে যে বৰগীত পুথিত গুৰুজনাৰ ‘ষড়ছন্দৰ গীত’ বোলা তিনিটি গীতৰ বাহিৰে বাকীবিলাক বৰগীতত তালৰ উল্লেখ নাই যদিও অতি প্ৰাচীন কালৰে পৰা কিছুমান বিশেষ ৰীতিত বৰগীত গোৱা চলি আহিছে। সেয়ে বিশেষ বিশেষ ৰাগত বিশেষ বিশেষ তাল, যেনে— আশোৱাৰীত যতি অৰু কল্যাণত খৰমান আদি তাল পৰে। তালসমূহৰ প্ৰতিটোতে তিনিটা অংশ আছে— ঘাত, গা-চাপৰ আৰু চোক। এই ঘাট বা গা-চাপৰ অথবা চোকৰ প্ৰতি আবেশত গায়নে তালেৰে মানত আগবাঢ়ি যায়। বাপচন্দ্ৰ মহন্ত সম্পাদিত ‘বৰগীত’ পুথিত লেখিছে— “গায়কে নিৰ্দিষ্ট ৰাগৰ গীত একোটা অনেক তালত গাব পাৰে। ধ্ৰুৱ পদ, অন্তৰা, সঞ্চাৰী আৰু আভোগ— প্ৰত্যেক ভাগতে পৃথক পৃথক তালৰ প্ৰয়োগ কৰা হয়। কেতিয়াবা কেতিয়াবা গীতৰ কোনো একোটা অংশত একাধিক তাল প্ৰয়োগ কৰা হয়। তাল প্ৰয়োগৰ এই ৰীতি ‘ধ্ৰুপদ’ তথা তাৰ পূৰ্বকালীন ‘প্ৰৱন্ধ সংগীত’ৰ লগত মিলে।” (পৃ. ৪)
মান:
ভাৱ, ভাষা আৰু কাব্যিক গুণেৰে গুণাণ্বিত বৰগীতসমূহৰ উৎকৃষ্ট সাংগীতিক গুণ আছে। এফালে ব্ৰক্ষ্ম বিচাৰৰ আধ্যাত্মিকতা আৰু কাব্যিক কল্পনা নৈপুণ্যৰ উৎকৰ্ষৰে কাব্য-সাহিত্যিত যিদৰে বৰগীতে শ্ৰেষ্ঠতাৰ দাবী কৰিব পাৰিছে, সেইদৰে সংগীত হিচাপেও ই অতি উচ্চ খাপত অৱস্থান কৰিছে। বৰগীতত থকা উত্থান, জাগন, খেলন আৰু নৃত্য— এই চতুৰ্ধাৰা গুণময় ৰসমাধুৰ্যৰে পৰিপূৰ্ণ। ৰাগ প্ৰধান বৰগীতবোৰত ৰাগৰ লগত তাল-মানৰ নিবিড় সম্বন্ধ আছে। বেদত থকা ছন্দৰ দৰে বৰগীতত ৰাগ-তাল-মান অপৰিহাৰ্য।
❧ | আৰু পঢ়ক: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ বৰ্ণন
বিষয়বস্তু, চিত্ৰকল্প, ভাবগাম্ভীৰ্য, সাৱলীলতা, ভাষা-মাধুৰ্য, ৰাগ-তাল-মানেৰে সমৃদ্ধ বৰগীতসমূহ অসমীয়া সাহিত্য-সংগীত জগতৰ অমূল্য সম্পদ আৰু উত্তৰ প্ৰজন্মৰ বাবে অক্ষয় প্ৰেৰণাৰ উৎস।
সহায়ক গ্ৰন্থপঞ্জী:
১. ‘বৈষ্ণৱ সাহিত্যত এভুমুকি’, যোগেন্দ্ৰ নাথ শইকীয়া, প্ৰথম প্ৰকাশ, ১৯৯৪
২. ‘শ্ৰীশ্ৰী শংকৰদেৱ’, ড° মহেশ্বৰ নেওগ, সপ্তম সংস্কৰণ, ১৯৮৭
৩. ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’, ড° মহেশ্বৰ নেওগ, চন্দ্ৰ প্ৰকাশ, নৱম প্ৰকাশ, ২০০০
৪. ‘বৰগীত’, বাপচন্দ্ৰ মহন্ত (সম্পা), তৃতীয় সংস্কৰণ, ২০০৮
৫. ‘বৰগীত’, শান্তনু কৌশিক বৰুৱা, জ্যোতি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, ২০০৫
৬. ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’, ড° সত্যেন্দ্ৰনাথ শৰ্মা, নৱম সংস্কৰণ, ২০০১
ছবি: বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা মহাপুৰুষৰ কল্পিত চিত্ৰ
Follow Nilacharai on Facebook