অ মিয়া শব্দ-সুৰেৰে অসমীয়া গীত-মাতক ঐশ্বৰ্যশালী কৰি যোৱা অসমীয়াৰ দুজন প্ৰাণ-পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদৰ ক্ৰমে জন্ম আৰু মৃত্যু তিথি (১৭ জুন আৰু ২০ জুন) এই কেইদিনতে। অসমজুৰি পালিত হ’ব কলাগুৰুৰ মৃত্যুতিথি। চৰ্চা হ’ব গীত-মাত-কথাৰ। ভাল কথা— এটা কৃতজ্ঞ জাতিৰ চানেকি। অৱশ্যে ঠায়ে ঠায়ে গতানুগতিক উদযাপনলৈ পৰ্যবসিত হোৱাও দেখা যায় এই দিবস পালন।
এক প্ৰগতিশীল আৰু বিপ্লৱী মতাদৰ্শৰ বাহক আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এহাতত বন্দুক আৰু আন হাতত কলম লোৱা সব্যসাচী ৰাভাদেৱ আপামৰ জনগণৰ কুটুম হোৱাৰ বিপৰীতে ৰাজনৈতিকভাৱে বহুতৰ শত্ৰুও হৈ পৰিছিল। সেই কাৰণেই বোধকৰোঁ, প্ৰাপ্য স্বীকৃতিৰ পৰা তেখেত আজিও বঞ্চিত হৈ থাকিল। ৰাভাদেৱৰ গীত-সঙ্গীতৰ চৰ্চা কৰা কিছু গায়ক-শিল্পী আৰু তেখেতৰ ৰচনাৰ চৰ্চা কৰা মুস্তিমেয় ইণ্টেলেকচুৱেলৰ বাহিৰে সাধাৰণ জনতাৰ পৰা যেন তেখেত ক্ৰমে অপসৃয়মাণ হ’ব ধৰিছে। অশেষ কষ্টেৰে সংগ্ৰহ আৰু ৰচনা কৰা তেখেতৰ সৃষ্টিৰাজি সম্পৰ্কত আজিকোপতি বিশেষ প্ৰণালীৱদ্ধ গৱেষণা-আলোচনা নহ’ল। ৰাভাদেৱৰ পত্নী মোহিনী ৰাভা ডাঙৰীয়ানীৰ প্ৰাণান্তক প্ৰচেষ্টা আৰু ডা. সৰ্বেশ্বৰ বৰাৰ দৰে কিছু নিৰৱ শুভানুধ্যায়ীৰ সহযোগিতাত ৰাভা-ৰচনাৱলীয়ে প্ৰকাশৰ মুখ দেখিছিল। আৰু আছে এটা-দুটা, এজন-দুজনৰ উজ্জ্বল নিদৰ্শন।
সাধাৰণ মানুহেই বহু ক্ষেত্ৰত সমাজক মাৰ্গ দৰ্শন কৰায়। বিষ্ণু ৰাভাদেৱৰ প্ৰসঙ্গতো নঞৰ্থক ভাব লৈ থকাতকৈ এনেদৰেই ভাবিবলৈ আমি ভাল পাম। পৰা সকল আগবাঢ়ি আহক— গীত-সঙ্গীতৰ চৰ্চা অব্যাহত ৰাখক,— বোৱাই নিয়ক পৰৱৰ্তী প্ৰজন্মলৈ— তাৰ পিছৰ প্ৰজন্মলৈ— এক অফুৰান সুঁতিৰ ৰূপত। কলম ল’ব পৰা সকলে কলম লওক,— এই অঙ্গীকাৰেৰে— বিষ্ণু ৰাভাক অপ্ৰাসঙ্গিক হ’বলৈ নিদিওঁ!
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক