আনন্দ চন্দ্ৰ আগৰৱালাৰ শিশু উপযোগী পদ্য-কবিতা

আনন্দ চন্দ্ৰ আগৰৱালাৰ শিশু উপযোগী পদ্য-কবিতা
  • 08 May, 2022
আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা

সূচী

মৰমৰ আই

কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
মউসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
—তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই।

চেনেহৰ চকুপানী ধাৰেৰে বোৱাই
কোনে মোক ৰাখিছিল বুকুত শুৱাই,
টোপনিত লালকাল মুখখনি চাই
—তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই।

কান্দিছিলো যেবে নৰিয়াত দুখ পাই
একেথিৰে কোনে মোৰ মুখলই চাই,
মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
—তেৱেঁ মোৰ মৰমৰ আই পূজনীয়া।

হইছিলো থিয় যেৱে অ’ত ত’ত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি,
নিচুকাইছিল মোক নাম-গুণ গাই
—তেৱেঁ মোৰ পূজনীয়া মৰমৰ আই।

মোৰ প্ৰতি এনে যাৰ মৰম অসীম
কেনেকই সিজনাক মই পাহৰিম?
চেনেহ-ভকতি মোৰ বাঢ়োক সদায়
তযু চৰণত হেৰা মৰমৰ আই।

সুখৰ ঠাই

(The Better Land ইংৰাজী কবিতাৰ ভাঙনি)


শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত,
কোৱা আই, কোৱা সেই ঠাই আছে ক’ত?
কোৱা সি জিউতি-ভৰা দেশ ক’ত বাৰু,
আমিনো বিচাৰি তাক নাপাম নে আৰু?
কমলাৰ ফুল য’ত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।


দীঘল পাতেৰে য’ত আছে বহু তাল,
ৰদৰ তাপত পকে খাজুৰ ৰসাল;
নীল সাগৰত থকা মাজুলীবোৰত,
সুন্দৰ সুগন্ধি নানা ফুল ফুলে য’ত;
ফুলাম পাখিৰে যত পখীবোৰ উৰে,
শুৱলা মাতেৰে গীত গাই গাই ফুৰে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।


তেন্তে কি সি ঠাই, আই, দূৰ অতিশয়,
সোণালী বালিৰ মাজে নৈ য’ত বয়;
চৰিছে জেউতি যত পদ্মৰাগ মণি,
পোহৰে হীৰাই যত নিৰজন খনি;
পোৱাল বন্ধোৱা পাৰ নীল সাগৰৰ,
আছে য’ত শোভা কৰি মুকুতা-আকৰ;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।


চকুৰে নেদেখি সোণ, সি সুখৰ স্থান,
কাণেৰে নুশুনি তাৰ আনন্দৰ গান;
সপোনৰো অগোচৰ সি সুখৰ ঠাই,
ৰোগ, শোক, জৰা, মৃত্যু সি দেশত নাই;
বিনাশী কালৰ তাত অধিকাৰ নাই,
আকাশৰ ওপৰত সি সুখৰ ঠাই;
অমৰ সৌন্দৰ্য তাত বিৰাজে সদায়,
চিৰ সুখ, চিৰ শান্তি, সাদৰী সোণাই।

সুখ

সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।

দেখিও নেদেখা কিয় দিন-কণা
সুখ যে হাততে আছে;
যিটে দিব পাৰে স্বাৰ্থ বলিদান,
সুখ ফুৰে পাছে পাছে।

অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।

পৰৰ অভাৱ, পৰৰ দুখত
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে,
সংসাৰত দুখ নাই।

শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায়।

সকলো আপোন যত নৰ-নাৰী
কাকনো বুলিবা পৰ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ।

গাই-গোটা পেটে ভঁৰাল নহ’বা
লোকৰ দুখলৈ চোৱা;
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱা।

‘মই’ ‘মোৰ’ বুলি নাথাকিবা মজি
মোহৰ জালত পৰি,
‘মই ‘মোৰ’ ভাৱে তললৈ বুৰাব
নাপাবা ৰক্ষাৰ তৰী।

সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ,
সাধিবা লোকৰ হিত।

স্বাৰ্থৰ বাটত দুখৰ কাঁইট
খোজেপতি বিন্ধে হুলে;
নিস্বাৰ্থৰ বাট সেন্দূৰীয়া আলি
সুগন্ধি কুসুম ফুলে।

যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন
বিশ্ব-প্ৰেমে ভৰপূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ
সুখৰ নপৰে ওৰ।

উপদেশ

হ’ব খোজা জ্ঞানী যদি লোক-সমাজত,
লোৱা মোৰ উপদেশ গাঁথি হৃদয়ত;—
সাৱধান, কথা ক’ব লাগিব যেতিয়া,
কাৰ কথা কাক ক’বা কিৰূপে কেতিয়া,
গমি চাবা, কিনো কথা ক’বা কেনেকই,
ক’বা সত্য প্ৰিয় কথা বুজি-বাজি নই।
ভৰিৰে পিছল খালে নিজে দুখ পায়,
জিভাৰ পিছলে দুখ আনৰ বঢ়ায়।
কথাৰ মূৰত বঁটা, কথাতেই লেঠা,
তিতা কথা কই কাকো নিদিবাহে ব্যথা।
নিজৰ শলাগ, পৰনিন্দা, তিৰস্কাৰ,
আলাপত মিছাকথা কৰা পৰিহাৰ।
বাক্যৰ দুখীয়া কোনো নাই জগতত,
নহয় খৰচ একো সাদৰী মাতত।

আমাৰ গাঁও

শুৱনি আমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা;
ডাল ভৰি ভৰি ফল-ফুল লাগে
কত পাওঁ তল-সৰা।

শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী-ভৰা ঘাট
মুদৈয়ে বেপাৰ কৰে।

চালত কোমোৰা, লাও, জিকা, ভোল
ভঁৰালত জহা ধান,
গোহালিত গৰু, পুখুৰীত মাছ,
বাৰীত তামোল-পাণ।

গছৰ ডালত শুৱনি চৰায়ে,
শুৱলা সঙ্গীত গায়;
শাকনিত শাক, ফুলনিত ফুল
দেখিলে হিয়া জুৰায়।

ঘৰে ঘৰে ৰং-ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি-মুখ,
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী
ঘৰে ঘৰে দেখোঁ সুখ।

ভাওনা-সবাহ, গীত ভালপোৱা
মধুৰ মুৰুলী তান,
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্ৰাণ।

চহা আৰু পণ্ডিত

(ইংৰাজ কবি Gray-ৰ The Shepherd and the Philosopher নামে ইংৰাজী কবিতাৰ ছাঁ লৈ লিখা হৈছে)

ভালেখিনি নিলগত নগৰৰ পৰা,
আছিল এজন চহা জুৰমন বৰা;
ৰূপ যেন চুলি তাৰ বুঢ়া বয়সত,
জানিছিল বহু জ্ঞান সংসাৰ-ঠেকত;
বাৰিষাৰ বৰষুণ কাতি কৰি থই,
পুৱাতে ওলাই যায় হাল-কোৰ লই;
বোকা-পানী, জাৰ-জহ, মেঘৰ গাজনি,
হৰষিত কৰে খেতি একোকে নামানি;
মনত সন্তোষ সদা, নাজানে খিয়াল,
নাজানিলে দুৰাকাঙ্ক্ষা সকলোৰে ভাল;
সকলোৰে উপকাৰী গাঁৱৰ মাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।

এজন পণ্ডিত বৰ শাস্ত্ৰত নিপুণ,
বহুকাল পঢ়ি পঢ়ি লভি বহু গুণ,
ভৰি দি এদিনাখন চহাৰ পঁজাত,
সুধিলে কি জ্ঞান তুমি লভিলা ইয়াত?
ধৰ্মশাস্ত্ৰ, ইতিহাস, ওঠৰ পুৰাণ,
দৰ্শন, জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান,
চকুৰ টোপনি খতি আদখনি ৰাতি,
চাকি চাকি তেল পুৰি পঢ়ি পুথি-পাঁজি,
আৰ্জিলা নে বিদ্যা-বুদ্ধি জ্ঞান-ধৰ্ম আৰু,
ভৱভূতি, কালিদাস, বুজিলাঁ নে বাৰু?
দেখিলানে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলানে কোৱা বাৰু শুনো একাষাৰ?

চহাই উত্তৰ দিলে মূৰটি দোঁৱাই,
পুথি-পাঁজি পঢ়াশালি মই দেখা নাই।
কোনো দিন ফুৰা নাই দেশ-বিদেশত,
বিদেশীৰ ৰীতি-নীতি মোৰ অবিদিত।
সভ্যতাৰ মুখা পিন্ধি মানুহে সঁচাই,
মানুহকে ছল কৰে দেখিছোঁ সদায়;
আমি যদি আমাকেই নোৱাৰোঁ জানিব,
নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব?
যিদৰে আৰ্জিলো মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁ বাৰু কথালৈ দিবা মোৰ কাণ;—
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হ’বলৈ আমাক শিকায়;
জাৰকালি খাবলৈ সাঁচে পৰুৱাই,
ধন-ধান সাঁচিবলৈ আমাক শিকায়;
এই যে কুকুৰ মোৰ দুৱাৰ-ডলিত,
তাৰ প্ৰভু-ভক্তি দেখি হওঁ আচৰিত;
চোতাল-আগৰ সৌ কঁঠালজুপিত,
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত;
আহা! কেনে ভাল-পোৱা অজান দুটাৰ,
শিক্ষা দিয়ে প্ৰেম কিনো মতা-তিৰোতাৰ;
দেখিছা নে সৌজনী কুকুৰা চৰাই,
ডৌকাৰ আঁৰত কেনে পোৱালি শুৱায়;
লাগিব নিদিয়ে জাৰ গাত পোৱালিৰ,
আহা! কেনে মাতৃ-স্নেহ সামান্য পক্ষীৰ;
যতেক চৰাই উৰি ফুৰে আকাশত,
চোৱাচোন সকলোৱে নিজৰ বাহত,
উমাই উমাই কেনে পোৱালি জগায়,
কত যত্নে টোপ আনি মুখত খুৱায়;
দলনিত চৰি ফুৰা শৰালি পক্ষীৰ,
পিতৃ-মাতৃ প্ৰতি ভক্তি কিমান গভীৰ!
স্বভাৱৰ লীলা-খেলা চাই চাই চাই,
পকালো মূৰৰ চুলি নানা শিক্ষা পাই;
উৰণ, বুৰণ আৰু গজন, ভ্ৰমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ।
যদি চাব জানা এই সুন্দৰ জগৎ,
শিক্ষাৰ বিষয় পাবা অনেক মহৎ।
অক্ষয় অমূল্য জ্ঞান-ৰতনেৰে ভৰা
বিশ্ব-পুথি পঢ়া বিশ্ব-খনিকৰে কৰা।
একেটা ঘৰৰ ছাল আকাশমণ্ডল,
একেটা ঘৰৰ ভেটি এই ধৰাতল;
একেটা বেলিয়ে দিয়ে পোহৰ দিনত,
এক জোনে জিলিকায় নিশাৰ ভাগত;
একে বায়ু, একে পানী, আমাৰ আহাৰ,
একে তেজ, একে মাংস দেহত আমাৰ;
কৰিছে সৱাকে এক বিশ্ব-খনিকৰ,
নৰ-নাৰী পুত্ৰ-কন্যা এক ঈশ্বৰৰ;
সৱাকে পালিছে তেওঁ সমান স্নেহেৰে,
জোনৰ জোনাক তেওঁ দিয়ে ঘৰে ঘৰে।
সৱাকে বিলায় বায়ু ভেদাভেদ নাই,
সকলোৱে সম ভাগে জুই-পানী পায়
পৃথিৱীয়ে দিয়ে শস্য বেলিয়ে পোহৰ,
কেনে সম-দৰশন, দয়া ঈশ্বৰৰ।
কিয় তেন্তে দ্বন্দ্ব-হাই ঈৰ্ষা পৰস্পৰ,
খোচাখুচি হিংসা বৈৰী দেখোঁ মানুহৰ?
মানুহে ঘিণায় হায় ভাই মানুহক,
কপট ছলনা কৰি হয় প্ৰতাৰক!
ইতৰ প্ৰাণীৰ মাজে আছে অনেকৰ,
আছে হিংসা বৈৰী-ভাব ক্ৰোধ সিহঁতৰ;
ভালুক কেশৰী বাঘ ঘোং জাৰণিত,
মহা ক্ৰুৰ সৰ্প জাতি আছে অগণিত,
আছে ডকা দিয়া চিলা, শেন হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া।
সকলো প্ৰাণীৰ মাজে নৰ শ্ৰেষ্ঠ কয়,
হায়! হায়! নৰ কিয় পশুতুল্য হয়?
এটুপি চকুৰ পানী, এষাৰি সাদৰী মাত,
এখনি চেনেহী-হিয়া, এখনি সহায়-হাত,
পিছপৰা দুখীয়াই যায় আশা কৰি,
আগবঢ়া সুখীয়াই চায় জানো ঘূৰি?
এজন ঈশ্বৰ পিতা আমি সকলোৰ,
ভাই-ভনী নৰ-নাৰী আছোঁ যতবোৰ।
নানা ৰূপে নানা নামে লোকে জগতৰ,
দেশে দেশে পূজা কৰে পৰম ঈশ্বৰ;
সকলো নদীৰ গতি যিৰূপে সাগৰ,
সকলোৰে পূজা পায় বিশ্ব-খনিকৰ।
বিশ্ব জুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰ পৰা পালো এই শিক্ষাসাৰ।

পণ্ডিতে তবধ মানি চহৰ কথাত,
হৰিষত ক’লে তাৰ ধৰি দুই হাত,—
ধন্য তুমি খেতিয়ক চহা গাঁৱলীয়া,
ধন্য তুমি শিক্ষা দিলা কি মহামূলীয়া।
নেদেখিলা পঢ়াশালি, একো নপঢ়িলা,
স্বভাৱৰ পৰা অতি সজ শিক্ষা দিলা।
যিবা বিদ্যা আৰ্জে লোকে পঢ়াশালি পাই,
যিবা শিক্ষা পায় লোকে শাস্ত্ৰ পঢ়ি চাই,
জানিবলগীয়া বহু বাহিৰেও তাৰ,
জ্ঞান-ৰত্ন পাব পাৰে যত্ন থাকে যাৰ।

জীৱন সংগীত

শোকৰ কবিতা ৰচি দুধাৰি চকুলো মচি
নক’বা জীৱন মিছা, নিশাৰ সপোন।
অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই
মোহময় মায়াময় সকলো মাথোন॥

পুত্ৰ কন্যা পৰিবাৰ কোন তযু তুমি কাৰ
বুলি হেৰা অবাবত নকৰা বেজাৰ।
কলা-ঘুমটীয়া হই আত্মা যে আছে ৰই
জানিবা মৰণ নাই এই আতমাৰ॥

অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
ফুৰিম দুদিন মাথোঁ সংসাৰ-হাটত।
দুদিনৰ অন্ত হ’লে আয়ুস ঢুকাই গ’লে
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত॥

চকু কাণ নাক যাব হাড় ছাল নাশ পাব
মাটিৰ মানুহ তুমি মাটিত মিলিবা।
অবিনাশী নিত্যধন অমৰণ অভগন
অনন্ত উন্নতিশীল আতমা জানিবা॥

সদায় চকুলো টোকা দুখত মগন থকা
ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয়।
এনেভাৱে কাম কৰা দিনে যেন আগবাঢ়া
প্ৰতিদিনে খোজ যেন আগলৈহে যায়॥

পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম।
বহু দূৰ আছে গতি সময় তাকৰ অতি
কৰিবলগীয়া আমি আছে বহু কাম॥

দিন যায় আহে ৰাতি আয়ুস গৈছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ।
সংসাৰ যুঁজৰ ঠাই শুবৰ সকাম নাই
কাচি-পাৰি যুঁজা সৱে কৰি প্ৰাণপণ॥

এলাহ-নিহালি থোৱা বীৰ-বেশ গাত লোৱা
নহ’বা মৰাৰ প্ৰায় জ্ঞানৰ সন্তান।
নহ’বা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান॥

কল্পনা চকুৰে চাই যেনেকি সুন্দৰ পাই
নকৰিবা দূৰ ভৱিষ্যক পতিয়ন।
অতীত মৰিল গ’ল তাৰ কথা অন্ত হ’ল
মনৰ পৰাই তাক কৰা বিসৰ্জন॥

যিহকে আগত পোৱা ততালিকে কৰি যোৱা
জীৱন্ত জাগ্ৰত বৰ্তমান সময়ত।
সাহক সাৰথি কৰা কৰ্তব্যৰ পাছে লৰা
ঈশ্বৰ কৰুণাময় আছে ওপৰত॥

মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰো জীৱন গঢ়িত।
অভিনয় শেষ হ’লে আয়ুবেলি মাৰ গ’লে
থই যাব পাৰোঁ খোজ সময় বালিত॥

কেতিয়াবা হ’ব পাৰে কোনো দুৰ্ভগীয়া নৰে
জীৱন সমুদ্ৰ মাজে নাও বুৰ গই।
অঠাই পানীত পৰি কক্ বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পায়॥

দেখি সেই খোজবোৰ হ’ব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ ল’ব পাৰে।
তেনেহ’লে ব’লা ভাই শুবৰ সকাম নাই
অপূৰ্ব জেউতি চোৱা উন্নতিৰ শিৰে॥

শিকা সৱে পৰিশ্ৰম শিকাহে নীতি-ধৰম,
নেভাবিবা সুখ-দুখ কিনো কপালত।
কৰ্তব্যৰ পাছে লৰা ক্ৰমাগত কাম কৰা
ফলাফল ফলদাতা বিভূৰ হাতত॥

বাৰ মাহ

বাৰ মাহে বছৰেক শুনা ল’ৰাহঁত।
বছৰৰ আগ মাহ বিহু বহাগত॥
তাৰ পাছে জেঠ মাহ বাৰখৰ টান।
ৰ’দ আৰু পিয়াহত আতুৰ পৰাণ॥
আষাঢ়ত সাঁঠ লাগে দিন বাৰিষাৰ।
শাওণত বৰষুণ দিয়ে ধাৰাসাৰ॥
খেতি-বাতি ভৰপক আম কঁঠালৰ।
ভাদত জানিবা তিথি মহাপুৰুষৰ॥
আহিনত ৰোৱা শেষ, কুঁৱলি কাতিত।
আঘোণত পকা ধান পথাৰ শোভিত॥
পুহ মাহ জাৰকালি ধৰে ঠেঁটুৱই।
মাঘত ভোগালী বিহু খেতিক চপায়॥
ফাগুনত দিন জাৰ বতাহ সদায়।
চ’তত মাহৰ শেষ বছৰ বিদায়॥
গছ-লতা জকমক কুঁহি ফুলপাত।
মাণিকী মধুৰী মউ কু-উ কু-উ মাত॥

❧ | আৰু পঢ়ক:

আনন্দ চন্দ্ৰ আগৰৱালাৰ শিশু উপযোগী পদ্য-কবিতা | আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা
Follow Nilacharai on Instagsram