মনে পাং পতা ভাবনাবোৰেৰে
মুঠিয়ালো অনেক পানীমিঠৈ
খন্দালো এটি পানীহীন পুখুৰী
সেইদৰেই বন্ধালো এটি আলিবাট
তেনেকৈ, ধৰিলো হ’বলৈ সংগঠক
পাং পতা কথাবোৰেৰে তেনেকৈ
বহু কামেই কৰিব পৰাকৈ থকা
বহু ৰাস্তাৰ বিষয়ে জনা হ’লো
মই মনে মনে কথাবোৰ
বিনিয়োগ কৰিবলৈ ধৰিলো
তেতিয়াৰে পৰা কোনোবা পিনে
মোৰ আয়ৰ পৰিমাণ বাঢ়ি গ’ল
আয় বৃদ্ধিয়েই আচলতে তেনে কথাৰ
উচিত বিনিয়োগ বুলি ভবা উচিত বুলি
ভাবিবলৈ ধৰিলো
উচিত কথাবোৰ নকওঁ বাবেই
উচিত কামবোৰত আমি মন আৰু
সময় বিনিয়োগ নকৰোঁ বাবেই
উচিত সময়ত উচিত ফলৰ সোৱাদ নেপাওঁ
আমি নুবুজাকৈয়ে বহু সময় পাৰ কৰি দিওঁ
মনৰ মাজেৰে সৰকি থকা কথাৰ
এখন বৃহৎ বজাৰো যে থাকিব পাৰে
সেই কথা আমি মনত নেপেলাওঁ
মনৰ কথাবোৰ মনে মনেই থাকক
এই ভাবি আমি কথাবোৰ টোমত নভৰাওঁ
সেইবাবেই কথাবোৰ কিজানি নগজে
সঞ্চয় নহয় অনাদি কালৰ ভোগৰ বাবে
❧ | অধিক কবিতা:
- হে শিল্পী, হে শিল্প
- কেভিন কাৰ্টাৰ
- আঘোণৰ লেণ্ডস্কেপ
- মেঘমুক্ত আকাশ
- দি কিউৰিয়াছ কেছ অৱ্ মাই আণ্ট কমলা দাশ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক