পলাশৰ জুই নুমাল এতিয়া। শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত ব’হাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড়।
বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল।
ডাৱৰে কি ক’লে: দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া
আলিৰ কানত গছপুলি ৰোৱা— এটা হাইস্কুল খোলা
পথিক প্ৰিয় যে সদায় বাটত, কাঢ়া দুটা হুমুনিয়া
উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা
আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুয়ো কূল।
আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীৰলুত
আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু। সপোন অন্ধ যি গলিত
আমি থাকোঁ, তাৰে নয়ানজুলিত সিহঁতৰ ভৱিষ্যৎ?
❧ | আৰু পঢ়ক:
- নৱকান্ত বৰুৱাৰ এমুঠি কবিতা
- নৱকান্ত বৰুৱাৰ কবিতা: ওৱাজ ককাইৰ মছজিদ
- নৱকান্ত বৰুৱাৰ তিনিটা গীত
- নৱকান্ত বৰুৱাৰ ধনশিৰিৰ বাবে দুটা স্তবক
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক