মোৰ দুখৰ ৰাতিবোৰত
তুমি সপোন হৈ আহিবা
থুপি থুপি আজলী তৰাৰ পোহৰত
মোৰ নিচা লাগে
তৰাৰ পোহৰৰ নিচা
এনেদৰে নিচা লাগিলে মই
কাণিদুৱৰীকৈ মেলি থওঁ
শৰীৰৰ দুৱাৰ আৰু
বিবসনা মন
তৰাবোৰৰো নিচা লাগে
কিবা এটা পোৱাৰ নিচাত
হয়তো আপোন পাহৰা হৈ
বিলাই দিয়ে নিজক
নিচা লাগিলে মই
বাৰে বাৰে ফালি পেলাওঁ
প্ৰেমৰ পুৰণি চিঠিবোৰ
ইলুটি-সিলুটিকৈ পাতপাত কৰোঁ
হৃদয়ৰ পাত
এটা ৰাগিত মই আপোন পাহৰা হৈ
বিলাই দিব খোজোঁ অলপমান আশা৷
❧ | আৰু পঢ়ক:
- নাভাবিবা মোক বন্ধু বুলি
- এলেক্সা, কথা কোৱা
- বেণী গোঁঠা নৈখন আৰু প্ৰেমৰ আখৰা
- বিফলতাৰ প্ৰেম
- ভালপাওঁ, ভালপাওঁ 💞
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...