নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

ক’ৰোনা ভাইৰাছে প্ৰদান কৰা শিক্ষা

ক’ৰোনা ভাইৰাছে প্ৰদান কৰা শিক্ষা

যোৱাটো শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ মানৱ সভ্যতাক অসংখ্য অৱদান আগবঢ়াই সমগ্ৰ মানৱ জাতিৰ জীৱন ধাৰণৰ প্ৰণালী অতি সহজ কৰি পেলাইছে। সাগৰ-মহাসাগৰৰ হেজাৰ ফুট গভীৰতাৰ পৰা আৰম্ভ কৰি কেইবাহেজাৰ ফুট উচ্চতাৰ পৰ্বতমালাত সুপ্ত হৈ থকা বহু তথ্য আমি জানিব পাৰিলো। পৰীক্ষাগাৰ স্থাপন কৰি ছমাহ-এবছৰ মহাকাশত থাকিব পৰা হ’লো। ইলেকট্ৰণ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত খালি চকুৰে দেখা নোপোৱা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱক দেখাৰ সৌভাগ্য হ’ল। এই সকলোবোৰ হোৱাৰ পাছতো যেন আমি কোনোবা ক্ষণত স্তব্ধ হৈ যাব লগা হৈছে। অগ্ৰগতিৰ চূড়ান্ত শীৰ্ষত উপনীত হোৱা মানৱ সভ্যতালৈ কেতিয়াবা এনে কিছু মুহূৰ্ত আহে যেতিয়া নেকি সময়তকৈ তীব্ৰ গতিত আগুৱাই যাব খোজা সমগ্ৰ বিশ্ববাসী প্ৰায় স্তব্ধ হৈ পৰে। বিশ্বৰ সবাতোকৈ সমৃদ্ধিশালী আৰু শক্তিশালী দেশ আমেৰিকাস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰক আক্ৰমণৰ দ্বাৰা আমেৰিকাৰ গৌৰৱ ধূলিসাৎ কৰি পেলোৱাৰ দৰে বৰ্তমানৰ ক’ৰোনা ভাইৰাছেও নামৰ ৰোগৰ সৃষ্টি কৰি আধুনিক মানৱ জাতিৰ অহংকাৰ ক্ৰমান্বয়ে নিঃশেষ কৰি পেলাব ধৰিছে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই জয়-জয়কাৰৰ যুগত এটি ক্ষুদ্ৰ ভাইৰাছে সমগ্ৰ মানৱ জাতিকেই উপলুঙা কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ প্ৰায় সকলোবোৰ দেশৰ জনসাধাৰণ এটি ক্ষুদ্ৰ জীৱৰ ভয়ত কম্পমান হৈ নিজ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা অৱস্থা এটাৰ সৃষ্টি হৈছে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ কৃপাত মানুহৰ গড় আয়ুস বৃদ্ধি হৈছে বুলি দাবী কৰি থকাৰ সময়তেই এই ভাইৰাছে প্ৰাণ কাঢ়ি নিয়াৰ ভয় আৰু শংকাত সমগ্ৰ বিশ্ব কম্পমান হৈ দিন অতিবাহিত কৰিছে।

লাখ লাখ প্ৰজাতিৰ জীৱৰ বাসস্থান এই প্ৰকৃতিখনত আমাৰ মানৱ জাতিৰ স্থান ক’ত, সেই কথা পুনৰ চিন্তা কৰি চোৱাৰ সময় যেন আহি পৰিছে। আন সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি গৰ্ব কৰা মানৱ জাতিৰ ভৱিষ্যৎ প্ৰকৃতিৰ আন জীৱবোৰেও যে নিয়ন্ত্ৰণ কৰি আছে, সেই কথা বৰ্তমান সকলো নাগৰিকে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। ধুমুহা, বৰষুণ, বানপানী, ভূমিকম্প, বনজুই আৰু শেহতীয়াকৈ ভাইৰাছ আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানৱ জাতিৰ যে এতিয়াও প্ৰকৃতিৰ চৰণত শৰণাপন্ন হোৱাৰ বাহিৰে আন গত্যন্তৰ নাই, সেই কথা এতিয়া প্ৰায়ভাগ লোকেই বুজি উঠিছে।

বিশিষ্ট সাংবাদিক তথা পৰিৱেশবিদ জীম ৰবিন্সে ২০১২ চনত The New York Times নামৰ বহুল প্ৰচাৰিত কাকতখনত এলানি প্ৰবন্ধ লিখিছিল। তেখেতে প্ৰমাণ সহকাৰে প্ৰকাশ কৰিছিল যে কেনেদৰে মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবেই সংক্ৰমিত ৰোগবোৰে বিশ্বত সঘনে মহামাৰীৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। তেখেতে লিখিছিল যে আমি যদি আমাৰ প্ৰকৃতিখনক ভালদৰে বুজি পোৱাত অসমৰ্থ হৈ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই প্ৰকৃতিৰ কিছুমান অজান কাৰকে আহি আমাক তেওঁলোকৰ চিকাৰ কৰি পেলাবলৈ চেষ্টা কৰে। চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে মানৱ দেহত সৃষ্টি হোৱা ৬০ শতাংশ ৰোগৰ বীজাণু আহে জীৱ-জন্তুৰ দেহৰ পৰা। ইয়াৰে আকৌ দুই-তৃতীয়াংশ ৰোগ আহে বন্য জীৱৰ দেহৰ পৰা। আধুনিক সমাজত মহামাৰীৰ সৃষ্টি কৰা বহু ৰোগৰ উৎপত্তিস্থল হৈছে জীৱ-জন্তুবোৰ। উদাহৰণ স্বৰূপে আমি এইডছ্ ৰোগৰ কথাকে ক’ব পাৰোঁ। আফ্ৰিকা মহাদেশৰ চিকাৰীসকলে চিম্পাঞ্জী হত্যা কৰি তাৰ মাংস ভক্ষণ কৰাৰ ফলতেই এইডছ্ সৃষ্টিকাৰী HIV ভাইৰাছ চিম্পাঞ্জীৰ দেহৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হ’ল। এই মাৰাত্মক এইডছ্ ৰোগত বৰ্তমানলৈকে সমগ্ৰ বিশ্বত তিনি কোটিৰো অধিক লোকৰ মৃত্যু ঘটিছে। ১৯৮১ চনতেই চিনাক্ত হোৱা এই ৰোগৰ উপযুক্ত আৰু ফলপ্ৰসূ চিকিৎসা পদ্ধতি আজি পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই অতি শেহতীয়াকৈ বিশ্ব মহামাৰী হিচাপে ঘোষণা কৰা ক’ৰোনা ভাইৰাছো (COVID-19) বন্য জীৱৰ পৰাই মানুহৰ দেহলৈ সংক্ৰমিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। চীনৰ য়ুহান চহৰৰ এখন বন্য জীৱ-জন্তুৰ মাংস বিক্ৰী কৰা বজাৰৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল বুলি কোৱা হৈছে। আশংকা প্ৰকাশ কৰা হৈছে যে এই ৰোগৰ ভাইৰাছ বাদুলিৰ দেহৰ পৰা বনৰৌ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বনৰৌৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈ এতিয়া বিশ্বৰ প্ৰায় সকলোবোৰ দেশলৈ বিস্তাৰিত হৈ আতংকৰ সৃষ্টি কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ বিশেষজ্ঞ আৰু Eco Health Alliance নামৰ সংস্থাটোৰ মুৰব্বী পীটাৰ ডাচঝাকে The New York Times নামৰ কাকতখনত শেহতীয়াকৈ প্ৰকাশ কৰিছে যে বৰ্তমান সমগ্ৰ বিশ্ববাসী COVID-19-অক লৈ ব্যস্ত হৈ থকাৰ সময়খিনিত আমি যেন এই ৰোগৰ লগত জড়িত আন বহু বিষয় এৰাই চলিবৰ চেষ্টা কৰিছোঁ। তেখেতে উল্লেখ কৰিছে যে যোৱাকেইটামান দশকত বিশ্বত মহামাৰীৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। যদিওবা এই মহামাৰীবোৰত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস হৈছে তথাপি এই মহামাৰীবোৰে বিশ্বৰ বহুকেইখন দেশৰ অথনৈতিক স্থিতি আৰু সামাজিক ভেটি থৰক-বৰক কৰি পেলাইছিল। এইডছ্, ইব’লা, নিপাহ, ছাৰ্ছ আদি মহামাৰীয়ে বিশ্বৰ বহু দেশৰ নাগৰিকৰ মাজত যোৱাকেইটামান বৰ্ষত আতংকৰ সৃষ্টি কৰি আহিছে। তেখেতে আৰু উল্লেখ কৰিছে যে আধুনিক সমাজ যেন প্ৰকৃতিৰ সৈতে প্ৰয়োজনতকৈ অধিক নিবিড় হ’বলৈ চেষ্টা কৰিছে, যিটো অতি ভয়ংকৰ কথা। বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ অভাৱ পূৰণ কৰিবৰ বাবে আৰু লগতে তেল, গেছ, বিভিন্ন খনিজাত সামগ্ৰী আদি আহৰণ কৰিবলৈ আধুনিক মানুহে প্ৰকৃতিৰ নিত্য-নতুন স্থানত অভিযান আৰম্ভ কৰিছে; যাৰ ফলত মানৱ জাতি ন ন পৰিৱেশৰ সন্মুখীন হোৱাৰ লগতে নতুন নতুন জীৱ-জন্তু আৰু নতুন নতুন ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰমণৰ লক্ষ্য হোৱাৰ সম্ভাৱনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বন্যপ্ৰাণীৰ বৈধ আৰু অবৈধ ব্যৱসায়ৰ যোগেদি আমি যেন বন্য জীৱবোৰক নগৰ-চহৰৰ অধিক কাষ চপাই আনিছোঁ। ইয়াৰ উপৰিও অবাধ গতিত হোৱা বন ধ্বংস, জধে-মধে পথ-দলং নিৰ্মাণ, কৃষিকাৰ্যৰ বাবে হাবি-বন কাটি তহিলং কৰা আৰু ব্যৱসায়-বাণিজ্য, আমোদ-প্ৰমোদৰ বাবে সমগ্ৰ বিশ্বতে মানুহৰ সঘন আহ-যাহ আদিৰ বাবে ক’ৰোনা ভাইৰাছৰ দৰে সংক্ৰামক ৰোগ সৃষ্টিকাৰী বীজাণুবোৰে মানুহক আক্ৰমণ কৰিবলৈ অতি সহজে সুবিধা পাইছে। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েও নতুন নতুন ৰোগৰ উৎপত্তি হোৱাত সহায় কৰাৰ লগতে পুৰণি সংক্ৰামক ৰোগবোৰো ন ন ৰূপত নতুন নতুন স্থানলৈ বিস্তাৰিত হোৱাত সহায় কৰিছে।

মানুহে প্ৰকৃতিৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিদান প্ৰকৃতিয়েও যেন ক্ৰমান্বয়ে মানৱ জাতিক দিবলৈ আৰম্ভ কৰিছে। সাগৰীয় ধুমুহা, ভূমিকম্প, বনজুই, বানপানী, অতিবৃষ্টি, মহামাৰী আদিৰ দ্বাৰা যেন আমাৰ প্ৰকৃতিখনে আমি কৰি অহা অন্যায়বোৰৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে।

আৰু পঢ়িব পাৰে
যুগে যুগে মহামাৰী

যুগে যুগে মহামাৰী

হিমাংশু ৰণ্‌জন ভূঞা

আজি আহিছে ক’ৰোনা ভাইৰাছৰ ৰূপত। কাইলৈ আহিব আন এক নতুন ৰূপত। গতিকে এক নতুন দুৰ্যোগৰ, এক নতুন মহামাৰীৰ সন্মুখীন হ’বলৈ সমগ্ৰ বিশ্ববাসী এতিয়াৰ পৰাই সজাগ-সচেতন হ’বৰ হ’ল। নহ’লে ক’ৰোনা মহামাৰীতকৈ পৰিস্থিতি অধিক ভয়ানক হ’ব।

এই লেখকৰ সকলো লেখা চাওক →
ক’ৰোনা ভাইৰাছে প্ৰদান কৰা শিক্ষা | ড° ৰঞ্জিত দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...