ক ভিড-১৯ মহামাৰী বিশ্বজুৰি বিয়পি পৰাৰ ফলত অসমতো সমাজৰ বিভিন্ন দিশত অভূতপূৰ্ব প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শিক্ষাখণ্ডত অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। অসমৰ প্ৰায় সকলো শিক্ষাৰ্থী ১৫ মাৰ্চ, ২০২০ ইং তাৰিখৰ পৰা বৰ্তমানলৈকে নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা আঁতৰত আছে। মুঠৰ ওপৰত কভিড-১৯-এ শিক্ষণ আৰু প্ৰত্যক্ষ শৈক্ষিক প্ৰক্ৰিয়ালৈ স্থবিৰতা নমাই আনিছে। এই কঠিন পৰিস্থিতিক মোকাবিলা কৰিবলৈ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানে শিকন আৰু শিক্ষণ প্ৰক্ৰিয়াক বিভিন্ন গণ মাধ্যম আৰু প্ৰযুক্তিৰ সহায়ত চলাই থকাৰ প্ৰয়াস কৰি থকা দেখা গৈছে। চৰকাৰী সংস্থা আৰু বিভিন্ন বৈদ্যুতিন চেনেলবোৰেও ডিজিটেল মাধ্যমত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে। অৱশ্যে অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্যত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব নোৱৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈয়েই আছে। আনকি প্ৰযুক্তিগত সমল যোগাৰ কৰি ল’ব নোৱৰাৰ বাবে আত্মহত্যাৰ দৰে ঘটনাও ঘটিছে। গতিকে এই শিক্ষণ ব্যৱস্থা অসমত কিমান ফলপ্ৰসূ হৈছে, এইটো অন্য আলোচনাৰ বিষয়। এই লিখনিত অসমৰ উচ্চ শিক্ষা জগতত কভিড-১৯ মহামাৰীৰ প্ৰধান প্ৰভাৱসমূহ দাঙি ধৰিবলৈ চেষ্টা চলোৱা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই ১১ মাৰ্চৰ দিনা কভিড-১৯ক মহামাৰী হিচাপে ঘোষণা কৰিছিল। ভাৰতবৰ্ষত জানুৱাৰী মাহৰ শেষৰ সপ্তাহত কেৰেলাত আৰু মাৰ্চ মাহৰ শেষৰ ফালে অসমত দিল্লীৰ নিজামুদ্দিন ফেৰৎ এজনৰ গাত প্ৰথমবাৰৰ বাবে কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল। ক’ৰোনা ভাইৰাছে পাশ্চাত্যৰ দেশসমূহক গ্ৰাস কৰাৰ সময়তে ভাৰত চৰকাৰে মহামাৰীটোক ৰোধ কৰিবলৈ দেশজোৰা লকডাউন ঘোষণা কৰিবলৈ বাধ্য হয়। প্ৰথমে জনতা কাৰ্ফিউ আৰু প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰা আজিৰ দিনটোলৈকে বিদ্যালয়, মহাবিদ্যালয় কিম্বা বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিব পৰা নাই। এই তিনি মাহতকৈ অধিক কাল ছাত্ৰ-ছাত্ৰীসকল নিজৰ মৰমৰ শিক্ষানুষ্ঠানখনৰ পৰা দূৰৈত অৱস্থান কৰিব লগা হোৱাটো তেওঁলোকৰ বাবে বিৰক্তিদায়ক হোৱাৰ উপৰিও প্ৰত্যক্ষভাৱে শ্ৰেণীকোঠাৰ শিক্ষা গ্ৰহণ কৰিব নোৱৰাটো তেওঁলোকৰ শৈক্ষিক অৱনতিৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে। এটা অৰ্থত কভিড-১৯ মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমৰ শিক্ষা ব্যৱস্থাত সম্পূৰ্ণ বিধি-পথালি দিছে। মূলতঃ অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰা কেইটামান দিশ তলত উনুকিয়াবলৈ প্ৰয়াস চলোৱা হৈছে।
শৈক্ষিক কাৰ্যকলাপত অস্থিৰতা
লকডাউনৰ ফলস্বৰূপে বিভিন্ন শিক্ষানুষ্ঠান, শৈক্ষিক বোৰ্ড অথবা বিশ্ববিদ্যালয়সমূহে পৰীক্ষাসমূহ সময়ত অনুষ্ঠিত কৰিব পৰা নাই। অসমত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে যদিও উচ্চ শিক্ষাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাসমূহ অনুষ্ঠিত নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত শংকা আৰু অস্থিৰতা বৃদ্ধি পাইছে। বিশ্ববিদ্যালয়সমূহেও স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব, ঠিক কৰিব পৰা নাই। এনেকুৱা সন্ধিক্ষণত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ অস্থিৰতা সৃষ্টি হোৱাটো একো আচৰিত নহয়। মুঠৰ ওপৰত কভিড-১৯ৰ বাবে অসমৰ শৈক্ষিক কাৰ্যকলাপৰ ওপৰত গভীৰ অস্থিৰতাৰ যে সৃষ্টি হৈছে, এইটো খাটাং।
শৈক্ষিক মূল্যাংকন প্ৰক্ৰিয়াত প্ৰভাৱ
অসমৰ ষাণ্মাসিক শিক্ষা ব্যৱস্থাত আভ্যন্তৰীণ পৰীক্ষাৰ জৰিয়তে ২০ শতাংশ নম্বৰৰ মূল্যাংকন কৰা হয়। বাকী ৮০ শতাংশ নম্বৰৰ বাবে বিশ্ববিদ্যালয়সমূহে শেষ ষাণ্মাসিকৰ ৰূপত পৰীক্ষা অনুষ্ঠিত কৰে। অসমৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব লগা প্ৰায় সকলোবোৰ পৰীক্ষা পিছুৱাব লগা হোৱাৰ উপৰিও আভ্যন্তৰীণ পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে। ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যাংকনৰ ওপৰত কভিড-১৯ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। অৱশ্যে এচাইনমেণ্ট ভিত্তিক আভ্যন্ত্যৰীণ মূল্যাংকনৰ চিন্তা-চৰ্চা কৰা হৈছে যদিও শেষ ষাণ্মাসিকৰ পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত কৰিব পাৰি, বিশ্ববিদ্যালয়সমূহে সঠিকভাৱে একো ক’ব পৰা নাই।
চাকৰিৰ সুযোগ হ্ৰাস
প্ৰায় সকলো চাকৰি সম্বন্ধীয় পৰীক্ষা আৰু সাক্ষাৎকাৰ বাতিল কৰা হৈছে। অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বহু শিক্ষকৰ বাবে আবেদন বিচৰা হৈছিল বা হৈছে; কিন্তু আজিৰ তাৰিখলৈ কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই। আনহাতে বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত কাৰ্যৰত উচ্চশিক্ষিতসকলৰ মাজত অনিশ্চয়তাই গা কৰি উঠিছে। তেওঁলোকৰ বহুতৰে চাকৰি ইতিমধ্যে নোহোৱা হৈছে বা আন সকলৰ চিন্তা বাঢ়িছে কেতিয়া তেওঁলোকৰ চাকৰিত অনিশ্চয়তা আহে! নতুনকৈ চাকৰিৰ বাবে যোগ্য হোৱাসকলে নিজৰ সংস্থাপন এটা ঠিক কৰিব নোৱৰাৰ ফলত অসমত নিবনুৱা সমস্যা আৰু অধিক বৃদ্ধি পাব। ফলস্বৰূপে মানুহৰ জীয়াই থকাৰ সংগ্ৰাম বাঢ়িব আৰু ভৱিষ্যতে উচ্চ শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি হ’লে আচৰিত হ’বলগীয়া একোৱেই নাথাকিব।
শিক্ষকসকলৰ ওপৰত প্ৰভাৱ
শিক্ষা গ্ৰহণৰ দিনৰে পৰা শিক্ষকতা কৰি লকডাউনৰ আগদিনালৈকে নিজ নিজ ৰুটিনত জীৱন শৈলী চলোৱা শিক্ষকসকলৰ বাবে ঘৰত সময় কটোৱা কিমান বেদনাদায়ক, শিক্ষকৰ বাহিৰে আনে সহজতে নুবুজিব। ছাত্ৰ-ছাত্ৰীৰ মুখত হাঁহি দেখি তৃপ্তি পোৱা শিক্ষকসকলে কেনেদৰে এই তিনি মাহতকৈ অধিক সময় পাৰ কৰিবলগীয়া হৈছে, তেওঁলোকেহে বুজিছে। কিছু কিছুৱে অনলাইন ৱেবিনাৰ, কৰ্মশালা আদিত অংশগ্ৰহণ কৰাৰ উপৰিও গণ মাধ্যমৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ-অভিযোগ পূৰণ কৰিবলৈ চেষ্টা চলাইছে। জ্যেষ্ঠ শিক্ষকসকলে নতুনকৈ গণ মাধ্যমৰ আহিলাসমূহ আয়ত্ত কৰিবলৈ বাধ্য হৈছে। ডেকাচামৰ গৱেষণাত অধিক মনোনিৱেশ কৰাৰ অৱকাশ সৃষ্টি হৈছে।
নতুনকৈ উচ্চ মাধ্যমিক উত্তীৰ্ণকলৰ ওপৰত প্ৰভাৱ
জীৱনৰ প্ৰথমটো শিক্ষা ঢাপ পাৰ কৰাসকলে সপোনৰ শিক্ষানুষ্ঠান (কলেজ)খন আজিৰ তাৰিখলৈ এপাক চাই আহিব পৰা নাই। অনলাইন ফৰ্ম ফিলআপ, এডমিশ্যন ইত্যাদিৰে সপোনৰ শিক্ষানুষ্ঠানৰ লগত ৱেবচাইটতে সম্পৰ্ক স্থাপন কৰিলেও কেতিয়াৰ পৰা তেওঁলোকে সোঁ-শৰীৰেৰে সপোনৰ শিক্ষানুষ্ঠানখনত উপস্থিত হ’ব, তাত অনশ্চিয়তাৰ সৃষ্টি কৰিছে এই কভিড-১৯ মহামাৰীয়ে। এনে সন্ধিক্ষণত নতুনকৈ উচ্চ মাধ্যমিক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ কোমল মনত বিৰূপ প্ৰভাৱ পৰাটো একো অস্বাভাৱিক নহয়।
❧ | আৰু পঢ়ক: ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু সংপৃক্ত বিষয়বোৰ
উপৰিউক্ত দিশবোৰত ঋণাত্মক প্ৰভাৱ সৃষ্টি কৰিলেও কভিড-১৯ৰ কিছু ধনাত্মক দিশো অৱশ্যে অসমৰ শিক্ষা ব্যৱস্থাত দেখা পোৱা গৈছে। ছাত্ৰ-শিক্ষক উভয়ে গণ মাধ্যমবোৰক যে শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়াত বহল ৰূপত ব্যৱহাৰ কৰিব পাৰি, সেয়া উপলব্ধি কৰিছে। এই মহামাৰীৰ সময়ত বিভিন্ন ই-লাৰ্নি আৰু ডিজিটেল পুথিভঁৰাল ব্যৱস্থাৰ উত্তৰণে অসমৰ শিক্ষা জগতক এটি নতুন মাত্ৰা প্ৰদান কৰিছে। আনকি অসমৰ দৰে ৰাজ্যত ভৱিষ্যতে সম্পূৰ্ণ ই-শিক্ষা প্ৰদান কৰা অনলাইন একাডেমীৰ দৰে শিক্ষানুষ্ঠানৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও পোনচাটেই নুই কৰিব নোৱাৰি।
(সহায় লৈ)