সা হিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এক জটিল সন্ধিক্ষণত এজন দায়িত্বশীল ব্যক্তিৰূপে সৃষ্টিশীল উদ্দেশ্যধৰ্মী সাহিত্যৰাজিৰে মানুহক নতুন পৰিৱেশ আৰু পৰিস্থিতিক সংযতভাৱে আকোঁৱালি ল’বলৈ আৰু লগতে নিজৰ মাটি আৰু মানুহক চিনি পাবলৈ উদ্বুদ্ধ কৰিছিল। আধুনিক অসমীয়া ভাষা-সাহিত্যৰ যুগান্তকাৰী সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ বহুমুখী প্ৰতিভাৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সকলো দিশৰে পৰিপুষ্টি সাধন কৰিছিল। ড° হীৰেন গোহাঁয়ে ‘বেজবৰুৱাৰ অৱদান’ শীৰ্ষক প্ৰৱন্ধত লিখিছে— “বেজবৰুৱা মূলতঃ আছিল এজন দেশপ্ৰেমিক, অসমীয়া জাতীয় চৈতন্যৰ এজন প্ৰধান উদ্যোক্তা আৰু অসমীয়া জাতিৰ এজন স্মৰণীয় নেতা। অসমীয়া সাহিত্যৰ জৰিয়তে যিসকলে আত্মবিশ্বাস আৰু আত্মসন্মান দান কৰিছিল, বেজবৰুৱা আছিল সেইসকল নায়কৰ ভিতৰত প্ৰধান।” ১৮৮৯ চনৰ জানুৱাৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলকাতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাতে প্ৰকাশিত ‘লিতিকাই’ নামৰ ৰচনাখনিৰ জৰিয়তে আত্মপ্ৰকাশ কৰা বেজবৰুৱাই সাহিত্যৰ সকলো ক্ষেত্ৰতে হাত দিছিল আৰু প্ৰতিটো শাখাতে তেওঁ সুস্বাদু ফল দি থৈ গৈছে। অসম আৰু অসমীয়াৰ জীৱন বেজবৰুৱাৰ সাহিত্যত যেনেদৰে প্ৰতিফলিত হৈছে, আন কোনো লেখকৰ ৰচনাতে তেনেদৰে প্ৰতিফলিত হোৱা নাই। বিংশ শতিকাৰ প্ৰথমছোৱাত প্ৰাচীন সাধুকথাৰ গাতে গা লগাই অসমীয়া সাহিত্যতো চুটিগল্পৰ জন্ম হয় সাহিত্যৰথী বেজবৰুৱাৰ হাততে।
অসমীয়া সাহিত্যত চুটিগল্পৰ জন্মদাতা আৰু ইয়াক নিগাজীকৈ প্ৰতিষ্ঠা কৰোঁতা সাহিত্যৰথী বেজবৰুৱাই মুঠতে ছয়ষষ্ঠিটা গল্প ৰচনা কৰিছিল। বেজবৰুৱাই অসমীয়া সমাজত অতি প্ৰাচীন কালৰ পৰা মানুহৰ মুখে-মুখে চলি অহা বিভিন্ন সাধুকথাৰ গাত ভেঁজা দিয়েই গল্প ৰচনাত আগবাঢ়ে বাবেই তেওঁৰ গল্প সাধুকথা আৰু গল্পৰ মাজৰ সাঁকো স্বৰূপ হৈ থাকিল। তথাপি বেজবৰুৱাৰ হাতৰ পৰশতে এইবিধ সাহিত্যই বিকাশৰ বাট বিচাৰি পালে। বেজবৰুৱাৰ প্ৰথম গল্পপুথি ‘সুৰভি’ প্ৰকাশ হয় ১৯০৯ চনত। আন দুখন পুথি ‘সাধুকথাৰ কুঁকি’ আৰু ‘জোনবিৰি’ প্ৰকাশ হয় ক্ৰমে ১৯১০ আৰু ১৯১২ চনত। এই তিনিওখন পুথিত সৰ্বমুঠ ৫১টা গল্প প্ৰকাশিত হৈছে। বাকী পোন্ধৰটা গল্প অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অধ্যাপক অতুল চন্দ্ৰ হাজৰিকাৰ দ্বাৰা সম্পাদিত ‘কেহোঁকলি’ নামৰ গল্পপুথিখনত প্ৰকাশ হৈছে। সাহিত্যৰথী বেজবৰুৱাৰ গল্পৰ বিষয়বস্তু ব্যাপক আৰু বিচিত্ৰ। বেজবৰুৱা আছিল অত্যন্ত সমাজ সচেতন লেখক। সমসাময়িক সমাজৰ দোষ-ত্ৰুটিবোৰ বেজবৰুৱাই তেওঁৰ গল্পৰ মাজেৰে আলোচনালৈ আনিছে। বেজবৰুৱাৰ মনত অসমীয়া জাতীয় জীৱনক সঠিক ৰূপত গঢ় দিয়াৰ দুৰ্বাৰ হেঁপাহে অনবৰতে ক্ৰিয়া কৰিছিল আৰু সেয়ে তেওঁ সমাজৰ দোষ-ত্ৰুটিবোৰ গল্পৰ মাজেৰে বাস্তৱ ৰূপত ফুটাই তুলি নিজেও হাঁহিছে, আনকো হহুঁৱাইছে। সমাজত দেখা দিয়া ভণ্ডামি, অন্ধবিশ্বাস, কু-সংস্কাৰ, অন্তঃসাৰশূন্যতা আদিক তীব্ৰ ব্যংগ কৰি তেওঁ গল্পসমূহ সৃষ্টি কৰিছিল।
বেজবৰুৱাৰ ‘সাধুকথাৰ কুঁকি’ত সন্নিৱিষ্ট গল্পসমূহৰ ভিতৰত ‘ধোঁৱাখোৱা’ গল্পটো বহুপঠিত আৰু বহুচৰ্চিত আকৰ্ষণীয় গল্প। এই গল্পটোৰ কাহিনীৰ আবেদন অন্ত্যন্ত মৰ্মস্পৰ্শী। এক প্ৰাচীন ঐতিহ্যক লৈ এটা পৰিয়াল নিঃশেষ হৈ যোৱাৰ কৰুণ কাহিনী গল্পটোৰ মাজেদি প্ৰতিফলিত কৰিছে। ‘ধোঁৱাখোৱা’ প্ৰতীকৰ জৰিয়তে এটা আঢ্যৱন্ত বংশৰ ঐতিহ্য ৰক্ষাৰ সংগ্ৰাম আৰু তিলতিলকৈ নিঃশেষ হৈ যোৱা বংশ-পৰম্পৰাৰ ছবি এখন গল্পটোত বেজবৰুৱাই তুলি ধৰিবলৈ যত্ন কৰিছে। ধোঁৱাখোৱাটোৱে ইয়াত এটা বংশৰ আভিজাত্যৰ প্ৰতীক হিচাপেও কাম কৰিছে। ধোঁৱাখোৱাটোৱে গল্পৰ কেন্দ্ৰীয় ভাৱ প্ৰকাশ কৰাত এটা জীৱন্ত চৰিত্ৰৰ দৰে ভূমিকা পালন কৰিছে। আভিজাত্য তথা বংশ-মৰ্যাদা ৰক্ষাৰ বাবে মানুহে কিদৰে চেষ্টা কৰে, সেই কথাকে গল্পটোত যথেষ্ট শিল্পকৌশলৰ মাজেদি প্ৰকাশ কৰা হৈছে।
গল্পটোৰ কাহিনী অনুসৰি গংগাৰাম আঢ্যৱন্ত পুৰুষ। গতিকে তেওঁ ৰূপৰ বনকৰা ধোঁৱাখোৱাৰে ধঁপাত খাই বংশ মৰ্যাদা আৰু আভিজাত্য বজাই ৰাখিব খোজে। গংগাৰামৰ পুতেক ৰামেশ্বৰেও দেউতাকৰ সেই ধোঁৱা খোৱা বিদ্যাটো আয়ত্ত কৰিলে, দেউতাকে বাধা দিও ৰখাব নোৱাৰিলে। পুতেকৰ এই কাৰ্যই শেষত গোটেই পৰিয়ালটো উচন কৰিলে। গংগাৰামৰ মৃত্যুৰ পাছত ৰামেশ্বৰে সম্পূৰ্ণ ডাঙৰীয়াৰ স্থান লাভ কৰিলে। গতিকে ৰূপৰ ধোঁৱাখোৱাটোৰ উত্তৰাধিকাৰী হ’ল ৰামেশ্বৰ। আগতে ৰামেশ্বৰে লুকাই-চুৰকৈ ধোঁৱাখোৱাটো লৈছিল, কিন্তু এতিয়া ৰামেশ্বৰে মুক্তভাৱে সেই কামফেৰা সম্পাদনা কৰিবলৈ ধৰিলে। ঘৰ-সংসাৰলৈ পিঠি দি ৰামেশ্বৰ ডাঙৰীয়াই অনবৰতে চ’ৰাঘৰতে বহি লৈ ধঁপাতৰ ধোঁৱাৰে কুণ্ডুলী পকাই থাকিবলৈ ল’লে। চাওঁতে চাওঁতে ৰামেশ্বৰৰ অৱস্থা শোচনীয় হৈ আহিল আৰু তেওঁ কম দিনতে সকলো পৈতৃক সা- সম্পত্তি, মাটি-বাৰী হেৰুৱাই মৰ্যাদা অৱনমিত কৰি পেলালে। ৰামেশ্বৰৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈ আহিল যে পিতৃ-পুৰুষৰ দিনৰ ৰূপৰ ধোঁৱাখোৱাটোও বিক্ৰী কৰি, তাৰ পৰিৱৰ্তে নাৰিকলৰ উকা ধোঁৱাখোৱা ব্যৱহাৰ কৰিবলগীয়া অৱস্থা হ’ল। সংসাৰৰ প্ৰতি অমনোযোগী, বংশ-মৰ্যাদাৰ প্ৰতি অসচেতন আৰু পৰিয়ালৰ প্ৰতি দায়িত্বজ্ঞানহীন ৰামেশ্বৰে অতি কম দিনৰ ভিতৰতে নিজৰ মাতৃ-ভগ্নী আনকি পত্নীকো হেৰুৱালে চিৰদিনলৈ। তেনেকৈয়ে ধোঁৱাখুলীয়া ৰামেশ্বৰে এদিন ব্ৰহ্মপুত্ৰ নদী নাৱেৰে পাৰ হৈ মাজুলীৰ দক্ষিণপাট সত্ৰলৈ বুলি গৈ থাকোঁতে হাতৰ ধোঁৱাখোৱাটো অকস্মাতে পানীত পৰাত সেইটো আনিবলৈ বুলি নদীত জাঁপ দিলে। পিছে নদীৰ কোৱাল সোঁতত তেওঁৰ ধোঁৱাখোৱাটো আহি পাৰত লাগিল যদিও ৰামেশ্বৰ ডাঙৰীয়া আৰু কোনোদিনে পানীৰ পৰা উঠি নাহিল। এনেকৈয়ে ধোঁৱা খোৱা নিচাৰ বলি হৈ এটা সম্ভ্ৰান্ত বংশৰ শেষ প্ৰতিনিধি ৰামেশ্বৰ ডাঙৰীয়াই সৰ্বস্ব হেৰুৱাই অৱশেষত নিজকো হেৰুৱাই পেলালে। সংক্ষেপে ‘ধোঁৱাখোৱা’ গল্পৰ বিষয়বস্তু ইমানেই।
অসমীয়া জীৱনযাত্ৰাৰ পৰা আহৰণ কৰি লোৱা অসমীয়া মানুহৰ দোষ-গুণ বেজবৰুৱাই তেওঁৰ সাহিত্যৰাজিৰ মাজেৰে প্ৰকাশ কৰিছিল। গংগাৰাম বা ৰামেশ্বৰ ডাঙৰীয়াৰ বংশৰ আভিজাত্যৰ প্ৰতীক আছিল ৰূপৰ বনকৰা ধোঁৱাখোৱাটো। যি আভিজাত্য ৰক্ষাৰ বাবে গংগাৰাম বা ৰামেশ্বৰ এখন ব্যৰ্থ সংগ্ৰমাত লিপ্ত আছিল, অৱশেষত সেই সংগ্ৰামৰ মাজতেই এটি অভিজাত বংশ নিশ্ছিন্ন হৈ গ’ল। সাধাৰণ দৃষ্টিৰে চালেও দেখা যায়— গংগাৰাম ডাঙৰীয়াৰ হাতত যিদৰে ৰূপৰ ধোঁৱাখোৱাই অনবৰতে শোভা বৰ্ধন কৰিছিল, সমান্তৰালভাৱে ৰামেশ্বৰৰ জীৱনৰ ধ্বংসৰ বাট মুকলি কৰাৰ লগতে এটা সমৃদ্ধ বংশৰ পতনো নিশ্চিত কৰিছিল সেই ধোঁৱাখোৱাটোৱেই। ‘ধোঁৱাখোৱা’ৰ কাহিনী বিশ্লেষণ কৰোঁতে কোনো জটিলতা নাইবা সংঘাতৰ সৃষ্টি নকৰাকৈয়ে সাহিত্যৰথী বেজবৰুৱাই সহজ-সৰলভাৱে ঘটনা প্ৰৱাহ বৰ্ণনা কৰিছে। সমসাময়িক অসমীয়া মানুহৰ কু-অভ্যাস, অন্ধবিশ্বাস আদিৰ ফলত জীৱনলৈ নামি অহা ব্যৰ্থতা আৰু অকৰ্মণ্যতাৰ অৱসাদ আৰু ভোগ-বিলাসৰ প্ৰতি আকুলতা ‘ধোঁৱাখোৱা’ গল্পত প্ৰকাশিত হৈছে। প্ৰাচীন বদ অভ্যাস এটাৰ বাবেই যে গংগাৰামৰ গোটেই পৰিয়ালটো শেষ হৈ গ’ল, সেই কথাটো গল্পটোৰ মাজৰে নিখুঁতভাৱে তুলি ধৰা হৈছে। সেইবুলি ৰামেশ্বৰ বা অন্যান্য চৰিত্ৰসমূহৰ যে কোনো দোষ নাই, তেনে নহয়। বিচাৰ-বিবেচনাহীনভাৱে কাম কৰি যোৱা ৰামেশ্বৰ যেনেকৈ দায়ী, ঠিক তেনেকৈ তেওঁৰ পিতৃ গংগাৰামো দায়ী। কাৰণ গংগাৰাম ডাঙৰীয়াৰ সৎ চিন্তা স্পষ্ট হোৱা হ’লে তেওঁ পুতেককো নিশ্চয় ভালদৰে গঢ় দিলেহেঁতেন। বাহ্যিক অনুকৰণপ্ৰিয়তাৰ উৎকট ৰূপ আমাৰ সমাজৰ প্ৰায় মানুহৰ চৰিত্ৰতে বিচাৰি পোৱা যায়, কিন্তু ৰামেশ্বৰৰ চৰিত্ৰত এনে ৰূপ কল্পনাৰ গাঢ় ৰঙেৰে ৰঞ্জিত হৈছে। একেদৰে, গংগাৰাম ডাঙৰীয়াৰ বাহিৰৰ ভেম আৰু পুতেক ৰামেশ্বৰৰ অধঃপতনৰ পৰিণতি হাস্যৰসৰ মাজেদি পৰিস্ফূট কৰিছে।
গল্পটোত উল্লেখযোগ্য চৰিত্ৰ বুলিবলৈ গংগাৰাম, ৰামেশ্বৰ আৰু অমুকা পণ্ডিতৰ চৰিত্ৰকেইটি পোৱা যায়। আনুষঙ্গিক উল্লেখ হিচাপে গংগাৰামৰ জীয়েক মাহিন্দ্ৰী আৰু নাৱৰীয়াৰ উল্লেখ আছে। অৱশ্যে চাকৰ ৰাতিয়া, গংগাৰামৰ পত্নী, ৰামেশ্বৰৰ পত্নী আৰু দক্ষিণপতীয়া গোসাঁইৰ উল্লেখ আছে যদিও নিজাকৈ চৰিত্ৰকেইটাই কোনো ভূমিকা পালন কৰা নাই। লেখকে কৌশলপূৰ্ণভাৱে নিজ উপস্থিতিও গল্পটোত সাব্যস্ত কৰিছে। গংগাৰাম ডাঙৰীয়াৰ চৰিত্ৰটোৰ মাজেদি বেজবৰুৱাই অসমীয়া মানুহে যে বিদেশী শাসকৰ চলন-ফুৰণ অনুকৰণ কৰিবলৈ চেষ্টা কৰিও সেই অভিনয়ত সফল হ’ব নোৱাৰে, তাৰে চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। গল্পৰ বৰ্ণনা অনুসৰি গংগাৰাম ডাঙৰীয়া এটা অভিজাত বংশৰ মৰ্যাদাসম্পন্ন প্ৰতিনিধি। তেওঁৰ চাল-চলন, কথা-বতৰা, পিন্ধণ-উৰণ সকলোতে আভিজাত্যৰ গৌৰৱ প্ৰকাশ পায়। ডাঙৰীয়াৰ হাতত ৰূপৰ বনকৰা ধোঁৱাখোৱা, ভৰিত হাতী দাঁতৰ চুলা দিয়া কঁঠাল কাঠৰ খৰম, ডিঙিত তুলসীৰ জগন্নথীয়া মালাই শোভা বৰ্ধন কৰিছিল। পিছে নিজৰ আভিজাত্যৰ ঢং বৰ্তাবলৈ যাওঁতে গংগাৰাম ডাঙৰীয়াই নিজৰ সংসাৰখনৰ গৎ লগোৱাতহে বিফল হ’ল। ফলত নিজৰ একমাত্ৰ পুতেক ৰামেশ্বৰে পিতৃৰ আদৰ্শ সাৰোগত কৰি সৰুৰে পৰাই লুকাই-চুৰকৈ বাপেকৰ আৰ্হিতে ধোঁৱা খাবলৈ ল’লে আৰু তাৰ সংগী হ’ল চাকৰ ৰাতিয়া। গংগাৰামৰ ওচৰত সদায় ধোঁৱা খাবলৈ অহা অমুকা পণ্ডিতে সকলো জানিও কথাবোৰ প্ৰকাশ নকৰিলে। অৱশেষত কণমানি কন্যা মাহিন্দ্ৰীৰ মুখত আচল কথাবোৰ জানিলে যদিও গংগাৰাম ডাঙৰীয়াৰ বাবে পুতেকক শুধৰণি কৰাটো সম্ভৱ নহ’ল। অৱশ্যে কামকৰা লগুৱা ৰাতিয়াক গুৰুলাগুৰুলকৈ পিতিলে আৰু তাক কামৰ পৰাও খেদিলে। কিন্তু নিজেও যে এই ক্ষেত্ৰত জগৰীয়া, সেই কথাৰ বুজ লোৱাৰ এবাৰো চেষ্টা নকৰিলে। তেওঁৰ ধোঁৱা খোৱা অভ্যাসৰ বাবেই যে পুতেক ৰামেশ্বৰেও এই বদ অভ্যাসটো শিকিলে আৰু ইয়েই যে এদিন কাল হ’ব, সেই কথা তেওঁ অনুধাৱন কৰা নাছিল। আচলতে এই চৰিত্ৰটোৰ জৰিয়তে বেজবৰুৱাই পুত্ৰৰ চৰিত্ৰ গঠনৰ দিশত পিতৃৰ দায়িত্বৰ প্ৰতি অৱহেলা আৰু তাৰ ফলত পুত্ৰৰ অধঃপতন— এনেবোৰ কথাৰ ইংগিত দাঙি ধৰিছে। পুত্ৰৰ ভৱিষ্যৎ জীৱনৰ প্ৰতি উদাসীন বা আদৰ্শ প্ৰদৰ্শনত ব্যৰ্থ হোৱা পিতৃৰ স্বৰূপ গংগাৰামৰ চৰিত্ৰই উদঙাই দেখুৱাইছে। আনহাতে, অকৰ্মন্যতাৰ অৱষাদ আৰু ভোগ-বিলাসৰ প্ৰতি আকুলতা ৰামেশ্বৰৰ চৰিত্ৰৰ মাজেৰে স্পষ্ট হৈ পৰিছে। আদৰ্শহীন জীৱনৰ নিষ্প্ৰাণ গতানুগতিকতাত ৰামেশ্বৰ উটি-ভাহি গৈছে। গল্পটোত ৰামেশ্বৰৰ চৰিত্ৰৰ মাজেদি অধঃপতনৰ যি পৰিণতি দেখুওৱা হৈছে, সি পাঠকৰ অন্তৰত সহানুভূতিৰ পৰিৱৰ্তে হাস্যৰসৰহে উদ্ৰেক কৰিছে। গল্পটোৰ আন এটি আকৰ্ষণীয় চৰিত্ৰ হৈছে অমুকা পণ্ডিত। লেখকে দিয়া ইংগিত অনুসৰি পণ্ডিতৰ নাম ল’লেই মানুহৰ চৰুলৈ জুই নাযায় কাৰণে কোনেও তেওঁৰ নাম উচ্চাৰণ নকৰে। পণ্ডিত অতিশয় কৃপণ, লোভী আৰু স্বাৰ্থপৰ লোক। লোকৰ ঘৰে ঘৰে ঘূৰি পেট পূৰাই খায়। সুবিধা পালেই বয়-বস্তু আদায় কৰাটো পণ্ডিতৰ সহজাত প্ৰবৃত্তি। লোকৰ উপকাৰৰ কথা তেওঁ কেতিয়াও ভাবিব নোৱাৰে। গংগাৰামৰ ঘৰত ধঁপাত খোৱা আৰু বয়বস্তু সৰকোৱাৰ সুযোগকণ নোহোৱা হোৱাৰ ভয়তে পণ্ডিতে গংগাৰামৰ একমাত্ৰ পুতেক ৰামেশ্বৰ অবাটে যোৱা বুলি জানিও গংগাৰামৰ আগত সেই কথা ভুলতো ফাদিল কৰা নাই। সমাজৰ এচাম চুড়ান্ত লোভী আৰু স্বাৰ্থান্বেষী মানুহৰ চৰিত্ৰ অমুকা পণ্ডিতৰ জৰিয়তে সাৰ্থকভাৱে বেজবৰুৱাই অংকন কৰিছে।
❧ | আৰু পঢ়ক: অবিস্মৰণীয় যাত্ৰা
সংলাপৰ প্ৰয়োগ চুটিগল্পৰ আন এক বৈশিষ্ট্য। ‘ধোঁৱাখোৱা’ গল্পটো প্ৰধানকৈ বৰ্ণনামূলক হ’লেও ইয়াৰ দুই-এঠাইত সংলাপৰ প্ৰয়োগ আছে। এই সংলাপসমূহ বাহুল্যবৰ্জিত, অৰ্থবহ আৰু মাধূৰ্যপূৰ্ণ। গল্পটোৰ মূল বিষয় ব্যাখ্যাত সংলাপসমূহে সহায় কৰিছে বুলি ক’ব পৰা যায়। বেজবৰুৱাৰ গল্পসমূহৰ এটা প্ৰধান দিশ হৈছে মনুষ্যত্বৰ সন্ধান আৰু উত্থান। তেওঁৰ গল্পসমূহক একপ্ৰকাৰে সামাজিক সমালোচনা বুলি ক’ব পাৰি। সমাজৰ বিভিন্ন সমস্যা বিভিন্ন চৰিত্ৰৰ মাজেদি দাঙি ধৰি তেওঁ মানৱতাৰ জয় ঘোষণা কৰিছে। বেজবৰুৱাৰ দৃষ্টিকোণ প্ৰৱলভাৱে মানৱতাবাদত আৱদ্ধ বুলি ক’ব লাগিব। সেয়ে তেওঁৰ বিষয়বস্তু আৰু নানা গঢ়ৰ চৰিত্ৰৰ মাজেদি অনেক দিশ উন্মোচিত হোৱাৰ লগতে স্পষ্টভাৱে মানৱিক দৃষ্টিভংগীৰ প্ৰকাশ ঘটিছে। আলোচ্য গল্পটোৰ মাজেৰে যে যুগসন্ধিৰ অসমীয়া সমাজখনৰ গতি-প্ৰকৃতি আৰু ধ্যান-ধাৰণাৰ এক নিখুঁত ছবি ফুটি উঠিছে, সেই বিষয়ে সন্দেহ নাই। বেজবৰুৱাৰ বিমল হাস্যোদ্দীপক ভাষাৰ গুণত গল্পটি অতি উপভোগ্যও হৈ উঠিছে। প্ৰকৃতপক্ষে, তেওঁৰ ভাষাক চেৰ পেলাব পৰা লেখক দ্বিতীয়জন হয়তো অসমীয়া সাহিত্যত নাই। তেওঁৰ গল্পৰ কথনভংগী, বাক্যবিন্যাস, ফঁকৰা-যোজনা, জটুৱা ঠাঁচৰ প্ৰয়োগ, ঘৰুৱা প্ৰচলিত শব্দৰ ব্যৱহাৰ, হাস্যৰস, ঠাট্টা-বিদ্ৰুপ ইত্যাদি গল্পবোৰৰ ভাষাৰ প্ৰধান বৈশিষ্ট্য। ‘ধোঁৱাখোৱা’ গল্পটোত এই সমূহৰ সাৰ্থক ব্যৱহাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আনহাতে, গল্পটোৰ বিষয়বস্তুৱে দীৰ্ঘদিন সামৰি লৈছে যদিও ইয়াত ঘটনাৰ ঐক্য আৰু পৰিণতিমুখী ঐক্য লক্ষ্য কৰা যায়। এনে কাৰণতে ‘ধোঁৱাখোৱা’ গল্পৰ শৈল্পিক মূল্য স্বীকাৰ কৰিব লাগিব।
❧ | আৰু পঢ়ক: লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত লোক জীৱন আৰু জাতীয় চেতনা
পৰিশেষত ক’ব পাৰি, সামগ্ৰিকভাৱে সমাজৰ খুঁতি-নাতি, এচাম তথাকথিত মানুহৰ ভেম-ভণ্ডামিৰ স্বৰূপ আদি উদঙাই অনুকৰণীয় ৰচনাশৈলীৰে সৃষ্টি কৰা ‘ধোঁৱাখোৱা’ বেজবৰুৱাৰ এক শ্ৰেষ্ঠ গল্প, লগতে অসমীয়া চুটিগল্পৰ ইতিহাসতো এই গল্পক অন্যতম সাৰ্থক সৃষ্টি বুলি ক’ব পাৰি।
Follow Nilacharai on Facebook