শং কৰী সংস্কৃতিৰ অনুপম ৰূপ-ৰসেৰে সিক্ত, বিভিন্ন আপুৰুগীয়া সংস্কৃতিৰ ধ্বজা বাহক শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা বাৰেচহৰীয়া ভাওনা অঞ্চলটোৰ, জিলাখনৰ বা অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰে এক আপুৰুগীয়া, একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান। থলুৱা কলা-সংস্কৃতিৰ উৎকৰ্ষ সাধন আৰু উপনিষদীয় আধ্যাত্মিক চিন্তা-চেতনাৰে সমাজক উদ্বুদ্ধ কৰাৰ সামূহিক প্ৰয়াসৰ ফলশ্ৰুতি হিচাপেই বাৰেচহৰীয়া ভাওনা চিহ্নিত হৈছে অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ দিগন্তপ্ৰসাৰী আলোকস্তম্ভ ৰূপে। আয়তনৰ বিশালতা, লোকসংগ্ৰহ আৰু লোকৰঞ্জনৰ অপৰিসীম ক্ষমতা আৰু সহজ-সৰল চহা হাতৰ সুনিপুণ কৰ্মকুশলতাৰ বাবেই এই বাৰেচহৰীয়া ভাওনা লোকসংস্কৃতিৰ এক অপূৰ্ব সুন্দৰ চানেকি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক চিন্তা, গভীৰ আধ্যাত্মিক জীৱন-জীজ্ঞাসা আৰু সৌন্দৰ্যচেতনাৰে সমুজ্জ্বল বাৰেচহৰীয়া ভাওনা জামুগুৰীয়া ৰাইজৰ সামাজিক আৰু সাংস্কৃতিক জীৱনধাৰাৰ অনুপম ৰূপৰেখা।
বাৰেচহৰীয়া ভাওনা মহোৎসৱ ৰ প্ৰস্তুতি ৷ লোকে লোকাৰণ্য জামুগুৰিহাটৰ পকামুৰা পথাৰ ৷ ৰাইজে প্ৰস্তুত কৰি উলিয়াইছে ২১ খন খলাৰ সুবৃহৎ মণ্ডপ ৷ চাওক এই বিশেষ ভিডিঅ’টি
Posted by Himangshu Ranjan Bhuyan on Sunday, February 26, 2023
অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চ (২০২৩)লৈ জামুগুৰিহাটৰ পকামূৰা পথাৰত অনুষ্ঠিত হ’ব শতাব্দী প্ৰাচীন পৰম্পৰাৰে বিধৌত বাৰেচহৰীয়া ভাওনা মহোৎসৱ। ইতিমধ্যে মহোৎসৱৰ বাবে খলা-মণ্ডপ নিৰ্মাণত জামুগুৰীয়া ৰাইজ ব্যস্ত হৈ পৰিছে। এই লেখাৰেই জামুগুৰীয়া ৰাইজলৈ নীলা চৰাইৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে।
বাৰেচহৰীয়া ভাওনা শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ সুদীৰ্ঘ দুশ বছৰীয়া গৌৰৱময় সাংস্কৃতিক পৰম্পৰা, শংকৰী কলা-সংস্কৃতিৰ মহিমামণ্ডিত স্বৰ্ণসৌধ। ভাওনাৰ মাজত নিহিত হৈ থকা সমন্বয়ৰ আদৰ্শত উদ্বুদ্ধ জামুগুৰিহাটৰ চহা ৰাইজে আজিৰ পৰা প্ৰায় দুশ বছৰৰ পূৰ্বেই সম্প্ৰতি অসমীয়া জনজীৱনৰ সামাজিক আৰু সাংস্কৃতিক জীৱন ধাৰণৰ অনুপম ৰূপৰেখা হিচাপে চিহ্নিত বাৰেচহৰীয়া ভাওনাৰ পুলি ৰোপণ কৰিছিল। সেই সময়ৰ পৰাই জামুগুৰিহাটত উলহ-মালহেৰে, শ্ৰদ্ধা-ভক্তিৰে অথচ নতুন নতুন কৌশলেৰে বাৰেচহৰীয়া ভাওনা উদযাপনৰ পৰম্পৰা আৰম্ভ হয়। প্ৰতি পাঁচ বছৰৰ বিৰতিত অনুষ্ঠিত এই বাৰেচহৰীয়া ভাওনা ৰ অৰ্থ হ’ল বহু গাওঁ লগ লাগি একে ঠাইতে পতা ভাওনা (বাৰে— বহু, চহৰ— গাওঁ বা অঞ্চল)।
সম্প্ৰীতিৰে প্ৰাণৱন্ত বাৰেচহৰীয়া ভাওনা থলীত হৰিনাম, খোল-তাল-ডবাৰ শব্দত তিনি-চাৰি দিন আকাশ-বতাহ মুখৰিত হৈ থাকে। জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ মহামিলনৰ তীৰ্থলৈ পৰ্যৱসিত হয় জামুগুৰিহাট। ৰাইজৰ পদধূলাত জামুগুৰিহাটবাসী ধন্য হয়। এই মহান অনুষ্ঠানটিয়ে ধাৰাবাহিকতা ৰক্ষা কৰি অহাৰ মূলতে আছে জামুগুৰীয়া ৰাইজৰ মহান ত্যাগ, ভকতি, একতা আৰু ঐকান্তিকতা। প্ৰতিবাৰে এই সুবিশাল অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ আহিছে ডেকাৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ প্ৰতিজন ৰাইজৰ কায়িক, মানসিক, আৰ্থিক তথা আন্তৰিক সহায়-সহযোগিতাৰ বাবে।
প্ৰায় অৰ্ধ শতাধিক গাঁৱৰে পৰিৱেষ্টিত জামুগুৰিহাটৰ গাঁওসমূহৰ মাজত অতীজৰে পৰা থকা আন্তৰিক, বুজা-পৰা, মিলা-প্ৰীতি, একতা সমগ্ৰ অসমৰে বাবে অনুপ্ৰেৰণাৰ উৎস। এয়া সম্ভৱ হৈছে কেৱল বাৰেচহৰীয়া ভাওনাৰ দৰে গৰিমামণ্ডিত সাংস্কৃতিক বৈভৱৰ বাবে। তদুপৰি গাঁৱে গাঁৱে থকা নামঘৰ আৰু নিয়মীয়াকৈ অনুষ্ঠিত ভাওনা সংস্কৃতিয়েও জামুগুৰিহাটৰ আন এক পৰিচয় দাঙি ধৰে। ভাওনা আৰু ইয়াৰ সৈতে জড়িত গীত-মাত, বচন, বিলাপ-পয়াৰ-মধ্যাৱলী-পীতাম্বৰী আদিৰ শুদ্ধ অনুশীলন আৰু শুদ্ধ পৰিৱেশনৰ প্ৰতি সদা-সচেতন জামুগুৰীয়া ৰাইজে চামে চামে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ ভাওনা সংস্কৃতিৰ সুবাস বিলাই স্বকীয় সাংস্কৃতিক চেতনা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এই সুউচ্চ সাংস্কৃতিক সত্তাৰে অপূৰ্ব নিদৰ্শন বাৰেচহৰীয়া ভাওনা।
ভ্ৰাতৃত্ববোধ আৰু শান্তি-সম্প্ৰীতিৰ হকে উৎসৰ্গিত এই মহাসভাভাগৰ মণ্ডপটি নিৰ্মাণ কৰা হয় এটা ফুলি থকা পদুম ফুলৰ আকৃতিত। প্ৰায় সোতৰ হেজাৰ বৰ্গফুট জোৰা মাটিকালিত এই মণ্ডপটি জামুগুৰীয়া গঞা ৰাইজে নিজ বুদ্ধিমত্তাৰে প্ৰায় এমাহজোৰা সমূহীয়া শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিয়ায়— য’ত সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজে একেলগে একে সময়তে ২১-২২ খন ভাওনা অনুষ্ঠিত কৰে। মাঘ মাহৰ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথিত বাৰেচহৰীয়া ভাওনাৰ ধ্বজ্জা স্থাপনৰ পাছৰ পৰাই ৰাইজে অত্যন্ত শ্ৰম আৰু ত্যাগেৰে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ আৰু ৰভা নিৰ্মাণত ব্যস্ত হৈ পৰে। ৰাইজৰ এই ৰাজহুৱা শ্ৰমদানক থলুৱা ভাষাত হজ বুলি কোৱা হয়। এই ৰাজহুৱা হজ হৈছে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৰাইজৰ একতা আৰু সদ্ভাৱ-সম্প্ৰীতিৰ অন্য এক উজ্জ্বল চানেকি।
ৰাইজে নিজৰ নিজৰ গাঁৱৰ পৰা নৈ পাৰৰ চাপৰিলৈ গৈ খেৰ কাটি, গাঁৱৰ পৰা ডাঙৰ ডাঙৰ চোৱা গছ, তামোলৰ খুঁটা, পৈণত ভলুকা বা জাতি বাঁহ সংগ্ৰহ কৰি গৰুগাড়ীত তুলি হাতে হাতে দা, কোৰ, চিপৰাং আদি লৈ প্ৰতিদিনে ভাওনাথলি পকামূৰা পথাৰলৈ আহি হজত অংশ লয়। ফাগুন-চ’তমহীয়া দুপৰীয়াৰ প্ৰখৰ ৰ’দকো আওকাণ কৰি মুখত তামোলৰ সেলেঙি বোৱাই আশী-নব্বৈ বছৰীয়া বৃদ্ধ এজনেও যেতিয়া হাতত দা-কটাৰী লৈ কাঠি-কামি কৰাত, কোৰ-চিপৰাং লৈ গাঁত খন্দা কামত আত্মবিভোৰ হৈ থাকে, সেই দৃশ্য ভাওনাৰ হজস্থলীলৈ আহি নিজ চকুৰে নেদেখা জনে উপলব্ধিয়েই কৰিব নোৱাৰিব। তদুপৰি ৰাজহুৱা হজত কৰ্মৰত ৰাইজে টৌ-খুঁটি মাৰি নিজ নিজ খলাতে ভোজভাত আৰু চাহ-জলপান খোৱাৰ ব্যৱস্থা কৰি লয়। একুৰিৰো অধিক গাঁৱৰ ৰাইজে একেলগে এনেদৰে ভোজভাত খোৱাৰ দৃশ্য নেদেখা জনৰ বাবে কল্পনাৰো অতীত। আকৌ ইখন খলাৰ মানুহে গৈ তাৰ মাজতে সিখন খলাৰ আঞ্জাৰো সোৱাদ লয়গৈ। এয়াই জামুগুৰীয়া সহজ-সৰল চহা ৰাইজৰ ঐক্য-সম্প্ৰীতি আৰু সদ্ভাৱ, যি কৌটিকালৰ পৰাই চলি আহিছে আৰু চলি থাকিব। শ শ মানুহ যেতিয়া ৰভা-মণ্ডপ সজাত লাগি থাকে, সেই দৃশ্য দূৰৈৰ পৰাই অতি মনোৰম আৰু ব্যতিক্ৰমী হৈ উঠে। ৰাইজৰ আশাশুধীয়া শ্ৰমৰ ফলত অতি কম দিনতে সুবৃহৎ প্ৰস্ফূতিত পদুমাকৃতিৰ মণ্ডপটি প্ৰস্তুত হৈ উঠে। কেৱল মণ্ডপেই নহয়, যিমান খলা হয়, তাৰ অনুপাতে নিৰ্মাণ কৰি উলিয়ায় খলাই প্ৰতি একোটাকৈ চোঁ-ঘৰ আৰু প্ৰতিখলাৰ সন্মুখত একোটাকৈ বাটচ’ৰা।
সন্ধ্যাৰ পৰা নিশা দুপৰলৈকে ৰাইজ ব্যস্ত হৈ পৰে নামঘৰে নামঘৰে ভাওনাৰ আখৰাত। বাৰেচহৰীয়া ভাওনাৰ প্ৰায় এমাহ আগৰ পৰাই জামুগুৰিহাটৰ প্ৰতিখন গাঁও, প্ৰতিটো নামঘৰৰ পদূলি উদুলি-মুদুলি হৈ পৰে। খোল-তালৰ শব্দৰে ৰজনজনাই থাকে অঞ্চলটোৰ প্ৰতিখন গাঁও। নামঘৰৰ পৰা ভাহি অহা বচন, পয়াৰ, মধ্যাৱলী, লেচাৰী আদিৰ গা-মন শাত পেলোৱা সুৰৰ মূৰ্চনা। যেন জামুগুৰিহাটৰ প্ৰতিটো নামঘৰেই হৈ পৰে একোখন বৈকুণ্ঠপুৰী। সন্ধিয়া হোৱাৰ লগেলগেই নামঘৰৰ ডবাত কোব পৰে। দিনটো পকামূৰা পথাৰত কৰ্মব্যস্ত হৈ সন্ধিয়া ঘৰলৈ ওভতা ৰাইজৰ আখৰাৰ বাবে উথপথপ লাগে। আনহাতে ঘৰৰ জীয়ৰী-বোৱাৰী ব্যস্ত হয় জা-জলপান যোগাৰত। বাৰেচহৰীয়া ভাওনা চাবলৈ দূৰ-দূৰণিৰ আলহী আহিব, মিতিৰ-কুটুম আহিব, দহো ভকতৰ আগমন ঘটিব, গতিকে স্বাভাৱিকতেই জা-জলপান, পিঠা-পনাৰ যোগাৰ লাগিবই।
জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নিৰ্মাণ কৌশল, নাট্যাভিনয় কৌশল অতি ৰুচিপূৰ্ণ আৰু কলাত্মক বুলি বহু আগশাৰীৰ পণ্ডিত আৰু দেশখনৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে মতপোষণ কৰিছিল। শৃংখলিত তথা কলাসন্মতভাৱে প্ৰদৰ্শন কৰা বাৰেচহৰীয়া ভাওনাৰ কেওখন ভাওনাক দৰ্শক ৰাইজে একে ঠাইতে বহি উপভোগ কৰিব পৰা দিশটোৰ গুৰিতেই হ’ল কৌশলগতভাৱে নিৰ্মাণ কৰা মণ্ডপটি। আধা ফুলা পদুম ফুল এপাহৰ আৰ্হিত নিৰ্মিত এনে পৰিকল্পিত মণ্ডপটি যেন ব্ৰহ্মাৰ নাভিকমল— সৃষ্টিৰ মূলাধাৰ। বৃত্তাকাৰ এই মণ্ডপটিৰ মূল কেন্দ্ৰৰপৰা (সিংহাসন প্ৰতিষ্ঠাৰ ঠাই) পদুমৰ পাহিবোৰ যেন এটি এটিকৈ বিকশিত হৈছে। প্ৰতিটো পদুমৰ পাহিকেই একো একোটা ৰংগমঞ্চ আৰু দৰ্শক বহা মণ্ডপ হিচাপে ব্যৱহাৰ কৰা হয়। থলুৱা ভাষাত মণ্ডপৰ ভিতৰৰ প্ৰতিখন মঞ্চকেই ‘খলা’ বুলি কোৱা হয়। খলাই প্ৰতি থকা চৈধ্যটা খুঁটা হৈছে হিন্দুশাস্ত্ৰৰ চৈধ্য পাৰিষদ।
প্ৰদৰ্শনৰ দিশৰ পৰা বাৰেচহৰীয়া ভাওনা ভাগৰ গুৰুত্বপূৰ্ণ দিশ হ’ল প্ৰদৰ্শন কৰিবলগীয়া নাটসমূহৰ প্ৰদৰ্শন নিজৰ নিজৰ খলাৰ ৰাইজে নিজ নিজ ৰুচিমতে কৰে। মূল থাপনা বা গুৰু আসনলৈ মুখ কৰি ঠিক পশ্চিমৰ খলাখনক এক নম্বৰ খলা হিচাপে ধৰি ক্ৰমে সোঁহাতলৈ খলাসমূহৰ বিভাজন আৰু নামকৰণ কৰা হয়। প্ৰথম খলাখনেই ভাওনাৰ ঐক্য-সংহতি ৰক্ষা কৰে। গন্ধোৎসৱ, প্ৰাতঃপ্ৰসংগ, দুপৰীয়াৰ নাম-কীৰ্তন আদিৰ লগতে সেৱা জনোৱা, হৰিধ্বনি দিয়া, দেউৰী-বিলনীয়াই বিলোৱা, ভকত-বৈষ্ণৱসকলে খোৱা আদি আটাইবোৰ খলাতে একেলগে হয়। সন্ধ্যা এক নং খলাৰ ডবাত কোব পৰাৰ লগে-লগে সকলো খলাতে ডবা-কাঁহ বাজি উঠে। লগে লগে সকলো খলাতে জোৰা আৰম্ভ হৈ প্ৰথম খলাৰ গায়ন-বায়নে সকলো খলাৰ গায়ন-বায়নৰ সৈতে সকলো খলাতে সম্পূৰ্ণ তিনি পাক দি আহি নিজ নিজ খলাত নৃত্য-গীত সমাপ্ত কৰে। গায়ন-বায়নৰ দৰেই সূত্ৰধাৰ, ভাৱৰীয়া সকলোৱে শৃংখলা ৰক্ষা কৰি সকলো খলাতে এপাক মাৰি আহি নিজৰ নিজৰ খলাত অভিনয় কৰেহি। যেতিয়া ২০-২৫খন খলাত প্ৰতি খলাতে অৰ্ধ শতাধিক গায়ন-বায়ন-ভাৱৰীয়াই অভিনয় কৰে, তেতিয়া বাৰেচহৰীয়া ভাওনাৰ গোটেই মণ্ডপটি এক জ্যোতিষ্ময় বৈকুণ্ঠপুৰীত পৰিণত হয় আৰু দৰ্শকসকলে নিজকে খন্তেকৰ বাবে হ’লেও পাহৰি ভগৱত চিন্তাত বিলীন হৈ যায়।
আচলতে বাৰেচহৰীয়া ভাওনাৰ মূল তাৎপৰ্যই হৈছে সদ্ভাৱ-সম্প্ৰীতি, ঐক্য-সংহতিৰ বতৰা বিলোৱা। সামাজিক ভেদাভেদ, ৰাজনীতিয়ে আনি দিয়া কলুসিত মনবোৰ ধুই নিকা কৰি হৃদয়ৰ পৰা হৃদয়লৈ মৰম-চেনেহ , আন্তৰিকতা, সমন্বয়ৰ বৰসাঁকো গঢ়ে বাৰেচহৰীয়া ভাওনাই। জাতি, ধৰ্ম, বৰ্ণ, ভাষা, উচ্চ-নীচ, সৰু-বৰ ভেদাভেদ পাহৰি সকলো শ্ৰেণীৰ ৰাইজ সমবেত হয় সমন্বয়-সম্প্ৰীতিৰ একেখনি চন্দ্ৰতাপৰ তলত। এই বাৰেচহৰীয়া ভাওনা দেখাৰ যাৰ সৌভাগ্য হৈছে, তেওঁহে উপলব্ধি কৰিব পাৰিব প্ৰকৃতাৰ্থত অসমীয়া সংস্কৃতি কিমান মহান আৰু ঐতিহ্যপূৰ্ণ।
❧ | আৰু পঢ়ক:
- ভাওনা: অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাত মুখাশিল্পৰ প্রয়োগ
- পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
- জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ঐতিহাসিক বোকাখেচা ভাওনা
- অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য
Follow Nilacharai on Facebook