সাধাৰণ মানুহৰ জীৱন;— সাধাৰণভাৱেই সকলো চলি গৈছিল। দৈনন্দিন কামসমূহো নিয়মিতৰূপে সমাপন হৈছিল। কিন্তু হঠাৎ আহি পৰিল ক’ৰোনা ভাইৰাছ। লাগি গ’ল সকলো ফালে হুৱাদুৱা। দৈনন্দিন কাম-কাজ স্থবিৰ হ’ল। মানুহ গৃহবন্দী হ’ল। বুজাসকল আগতীয়াকৈ সাৱধান হ’ল। কিছুমানে আকৌ পৰিস্থিতিৰ বুজ ল’বলৈ গৈ আৰক্ষীৰ পিটন খালে। পিছে ক’লেনো কি হ’ব; অভ্যাসৰ ফল। থাকেনো কেনেকৈ ইমানদিন ঘৰত সোমায়! বাৰাম্বাৰ অনুৰোধ জনোৱা হ’ল— এয়া আনৰ বাবে নহয়, নিজৰ বাবে। সামাজিক দূৰত্ব বজাই ৰাখক, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক…। কিন্তু কিছুমানৰ বাবে কথাবিলাক সাধাৰণ যেন লাগিল।
কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি মহামাৰী হৈ থিয় দিয়া এই ক’ৰোনা ভাইৰাছনো কি? ক’ৰোনা ভাইৰাছ, চমুকৈ COVID-19 হ’ল ‘Severe Acute Respiratory Syndrome Coronavirus 2 (SARS-CoV-2) নামৰ ভাইৰাছৰ দ্বাৰা হোৱা এক সংক্ৰমিত ৰোগ। অধিক সামাজিক সম্পৰ্ক স্থাপন, কাহ বা হাঁচি তথা অস্বাস্থ্যসন্মত অৱস্থাই এই ৰোগ সংক্ৰমণ হোৱাত অধিক অৰিহণা যোগায়। ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ১৯৬৮ চনতে ধৰা পৰে যদিওবা সেই সময়ছোৱাত ইয়াৰ প্ৰাদুৰ্ভাৱ কম আছিল। কিন্তু এই ৰোগবিধে ভয়ংকৰ ৰূপ ধাৰণ কৰে ২০১৯ চনত, য’ত দেখা গ’ল পোনপ্ৰথম চীনৰ হুবেই প্ৰদেশ (Hubei province)ৰ উহান (Wuhan) চহৰৰ এখন মাংসৰ বজাৰৰ পৰা বিয়পি পৰা এই ৰোগবিধৰ কবলত সাম্প্ৰতিত বিশ্বৰ ২২ লাখ ১৮ হাজাৰৰো অধিক সংখ্যক লোক সোমাই পৰিছে আৰু ইয়াৰে প্ৰায় ডেৰ লাখ লোকৰ মৃত্যু ঘটিছে (তথ্যৰ উৎস- worldometers.info/coronavirus, 17/04/2020, 09.41 GMT)। যিহেতু এই ৰোগবিধৰ এতিয়ালৈকে কোনো নিৰ্দিষ্ট প্ৰতিষেধক উদ্ভাৱন হোৱা নাই, সেয়ে ইয়াৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি হোৱাৰ থল আছে। এই ৰোগবিধৰ ভয়াৱহতাক লক্ষ্য কৰিয়ে বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত ক’ৰোনা ভাইৰাচ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern— PHEIC) বুলি ঘোষণা কৰে। ২০১৯ চনত মানৱ সমাজৰ বাবে সংহাৰী ৰূপ লোৱা এই ৰোগবিধক সেয়ে COVID-19 বুলি নামাকৰণ কৰিছে; য’ত CO- Corona, VI- Virus, D-Disease আৰু 19 সংখ্যাটোৰে ৰোগটো আৰম্ভণি হোৱা বছৰক সূচাইছে। মুঠতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ৰোগীৰ সংখ্যা প্ৰত্যকদিনে বৃদ্ধি পাইছে আৰু ইয়ে ব্যক্তিৰ কেৱল দৈহিক-মানসিক দিশেই নহয়, এখন সমাজৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি দিশসমূহকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে।
এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত মানৱ সমাজত পৰা প্ৰভাৱসমূহ বিচাৰ কৰি চালে প্ৰথমে দেখা যাব শৈক্ষিক দিশটোৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে। দেশ এখনৰ বিকাশত মানৱ সম্পদৰ যি মূল্যবান ভূমিকা, সেয়া যেন এতিয়া স্থবিৰ হৈ পৰিছে। শিক্ষাৰ্থীসকল আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। নিৰ্ধাৰিত কৰি লোৱা লক্ষ্য-উদ্দেশ্যসমূহৰ ৰূপায়ণতো বাধা আহি পৰিছে। অৱশ্য বিকল্প পন্থা হিচাপে ‘ই-শিক্ষা’ৰ জৰিয়তে শিক্ষাৰ্থীৰ সমস্যাসমূহ, প্ৰয়োজনীয়তাসমূহ পৰিপূৰ্ণৰ বাবে প্ৰচেষ্টা চলাব বিচৰা হৈছে যদিও এইখিনিতে এখন উন্নত দেশ আৰু উন্নয়নশীল দেশৰ প্ৰগতিশীল স্থিতিৰ মাজতো এক তুলনামূলক দৃষ্টিভংগী আহি পৰে। বিশেষকৈ শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাসমূহ পৰিপূৰ্ণ কৰাত শিক্ষাথীৰ দেহ-মন সুস্থ থকাটো অতিকে প্ৰয়োজন। বিকাশকৰণ প্ৰক্ৰিয়াত এই দুয়োটা দিশৰ কোনোবা এখিনিত যদি বাধা আহি পৰে, বিশেষকৈ মানসিক ক্ষেত্ৰত; তেনে শিক্ষাৰ্থীৰ ক্ষেত্ৰত ই পাছলৈ জটিল ৰূপ ধাৰণ কৰিব পাৰে। সেয়ে বৰ্তমানৰ এই জটিল সময়ছোৱাত আৱেগিক-মানসিকভাৱে সুস্থিৰ হৈ থকাৰ উপযুক্ত পন্থাটো হ’ল সৃজনাত্মক বিষয়সমূহৰ সৈতে জড়িত হৈ থকা। আচলতে ইতিবাচক দিশত চাবলৈ গ’লে সচাৰচৰ শৈক্ষিক প্ৰতিযোগিতামূলক স্থিতিৰ পৰা, ব্যস্ততাৰ পৰা আঁতৰি আহি আৰ্জিত জ্ঞানসমূহ, শক্তিসমূহ প্ৰকৃতাৰ্থত বাস্তৱ জীৱনত আচল প্ৰয়োগ আৰু মূল্য আৰোপ কৰাৰ এয়া এক সূৱৰ্ণ সুযোগ।
বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো ইয়াৰ প্ৰভাৱ অতি গভীৰভাৱে পৰিছে। য’ত দৈনন্দিন কৰ্মৰাজিত এজন ব্যক্তিয়ে এশ ভাগৰ আশী-নব্বৈ শতাংশ লাভাৰ্থে দিনটোৰ বাবে শ্ৰম প্ৰদান কৰিব, তাৰ বিপৰীতে আপদকালীন পৰিস্থিতিত যদি সকলোবিলাক লাভৰ উৎস বন্ধ হৈ যায়; তেনে ব্যক্তিজনৰ দিনটোৰ শ্ৰমৰ মূল্য অথলে গ’ল। সম্প্ৰতি লকডাউনৰ সময়ছোৱাত কিমানখিনি শ্ৰমৰ মূল্য অপচয় হ’ল বা হ’বলগীয়া আছে, সেয়া ভাবিবলগীয়া। বাহিৰৰ দেশত তৈলজ সম্পদৰ দাম কমিল। বজাৰত, কৃষিভূমিত শস্য নষ্ট হ’ল। তাৰ মাজতো আকৌ এচামৰ বৰ্ধিত মূল্যৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰি গ্ৰাহকৰ ‘নাই মোমাইতকৈ কণা মোমাই ভাল’ হোৱাৰ দৰে অৱস্থা হৈছে। ভাৰতৰ দৰে এখন উন্নয়নশীল দেশ, য’ৰ জনসংখ্যাৰ ৬৮.৮% লোকৰ দৈনিক আয় দুশ টকাৰ তলত আৰু ৩০% লোকৰ দৈনিক আয় এশ টকাৰ তলত, তেনে অৱস্থাত সেই ব্যক্তিসকল এই জটিল সময়ছোৱাত কেনে ধৰণৰ দুৰৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়া সহজে অনুমান কৰি ল’ব পাৰি। কোম্পানীসমূহ, উদ্যোগসমূহৰ কাম স্তব্ধ হৈ যোৱাত বহু শ্ৰমিক নিৰ্দিষ্ট স্থানতে আৱদ্ধ হৈ থাকিব লগা হ’ল। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ’ল যে কোনো এটা বিষয়বস্তুৰ প্ৰগতিৰ স্থিতিত কেৱল বিশাল দিশবোৰক চালেই নহ’ব, ইয়াৰ লগত জড়িত সৰু-সুৰা কেতবোৰ দিশতো আলোকপাত কৰাটো দৰকাৰ। দেশৰ জনমূৰি আয়ত এই শ্ৰমিকসকলৰ অৱদানক নুই কৰিব নোৱাৰি। এচামৰ হাড় ভঙা পৰিশ্ৰমৰ ফলাফলক কেৱল এক গণ্ডীৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰি। সামাজিক স্তৰীকৰণৰ নিম্ন প্ৰস্থিতিত অৱস্থান গ্ৰহণ কৰা এই ব্যক্তিসকলৰো সমাজত ভূমিকা গুৰুত্বপূৰ্ণ। সম্প্ৰতি মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে যে নিবনুৱা সমস্যাৰ লগতে লাভ-লোকচানৰ দৌৰখনেও যে সকলোকে চিন্তিত কৰিব, সেয়া ধুৰূপ।
যুগে যুগে মহামাৰী
হিমাংশু ৰণ্জন ভূঞা
মহামাৰীৰ এই সময়ছোৱাত বিশ্বৰ গৰিষ্ঠসংখ্যকে সামাজিক দূৰত্ব বজাই ৰাখি, স্বাস্থ্যসন্মত বিধি-বিধান লৈ নিজক ঘৰতে আৱদ্ধ ৰাখি আৰু সময়ৰ সদ্ব্যৱহাৰ কৰি নিজৰ দায়িত্ববোধৰ পৰিচয় দিছে। ফলাফল হিচাপে দেখা গ’ল— শূন্য ৰাজপথ, শূন্য জন-কোলাহল। সূত্ৰ অনুসৰি (Victor Tangermann, Futurism, 04/04/2020) ধৰাপৃষ্ঠত মানুহৰ অসক্ৰিয় কৰ্মৰাজিৰ ফলাফলে সচৰাচৰ পৃথিৱীৰ কম্পনমান অৱস্থাক বহুখিনি হ্ৰাস কৰিলে। আনহাতে জনশূন্য ৰাজপথত দেখা গ’ল পশু-পক্ষীৰ প্ৰশান্ত বিচৰণ, প্ৰদূষিত কৰি তোলা নদ-নদীৰ ঘূৰি অহা স্বাভাবিক অৱস্থা। আচলতে প্ৰকৃতিয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে মানুহ যিমানেই উন্নতিৰ শিখৰলৈ নাযাওক কিয়, ধৰাতলত হাজাৰ-বিজাৰটা অট্টালিকা, ৰাস্তা-ঘাট নাসাজক কিয়, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োভৰত নতুন নতুন দিশ, বিষয় উদ্ভাৱন নকৰক কিয়; এই প্ৰকৃতিৰ ওচৰত সকলো নগণ্য। মানৱ প্ৰজাতিৰ এই অহং, গৰ্ব খণ্ডিত হ’বলৈ তিলমাত্ৰও সময় নালাগে প্ৰকৃতিৰ ওচৰত। প্ৰকৃতিয়ে পাৰিপাৰ্শ্বিকৰ ভাৰসাম্য বজাই ৰখাত নিজেই ভূমিকা পালন কৰে। ধৰাপৃষ্ঠত বাস কৰা অন্য জীৱসমূহেও ইটি-সিটিৰ ওপৰত নিৰ্ভৰশীল হৈ প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাত অৰিহণা যোগায়। পিছে জীৱশ্ৰেষ্ঠ হিচাপে স্ব-নামাংকিত, আমি ‘মানুহ’বোৰে বাৰু সঁচায়ে এই ক্ষেত্ৰত নিজৰ অৰিহণা আগবঢ়াইছোঁনে? আহকচোন, এই ক’ৰোনা-সংকটৰ কালতে মনে-প্ৰাণে পণ লওঁ— এই সুন্দৰ প্ৰকৃতিক মূল্য দিবলৈ; সচাঁ অৰ্থত নিজক মানুহ হিচাপে বিকশাই তুলিবলৈ…।
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
