কি আচৰিত, মই নিজৰ মানুহটো হৈয়ো গম নাপালো! অঁ আছে আছে, তেওঁ ৰিডিং ৰূমতে আছে, দিছোঁ ৰ’ব।’
হাততে ম’বাইলটো লৈ দপদপকৈ আহি কাণত গোজা মাৰি দি ক’লে— ‘সন্দিকৈ চাৰে বিচাৰিছে।’ পিছফালৰ পৰা হঠাৎ তেনেকৈ মাত দিয়াত বুকুখনত ধমহকৈ মাৰিলে। কিবা এটা কওঁ বুলি মুখৰ পৰা ওলাবলৈ ধৰা শব্দকেইটা চাৰে শুনিব বুলি মুখৰ ভিতৰতে সুমুৱাই থ’লো।
— ‘হেল্ল’ ছাৰ, ভালে আছে? ইমানদিনে খা-খবৰ এটাও নাই। আজিনো সূৰ্যটো কোনফালে উদয় হ’ল!’
— ‘হা হা হা…, আছোঁ আছোঁ, তোমালোকৰ আশীৰ্বাদত ভালে আছোঁ দিয়া। কামে-কাজে আজি কেইদিনমানৰ পৰা বৰ ব্যস্ত হৈ থাকিব লগা হৈছে অ’। বাৰু বাদ দিয়া এইবোৰ, তোমাৰ প্ৰচেষ্টাই আজি সমাদৰ লাভ কৰা দেখি বৰ আনন্দিত হৈছোঁ। লিখি যোৱা, কলমেৰে চিন্তা-চেতনা প্ৰকাশ কৰি যোৱা, তোমাৰ গদ্যত কালিকা আছে জানানে?’
— ‘কি যে কয় ছাৰ, মই এনেই কিবাকিবি লিখি থাকোঁ। যিবোৰ লিখোঁ নিজৰেই কিবা জাবৰ যেন লাগে। প্ৰকাশ কৰিবলৈকে লাজ লাগে। যোৱা কিছুদিনৰ পৰা কিবা এটা লিখিবলৈ বৰকৈ মন গ’ল। সেই বাবেই ভুলে-শুদ্ধই লিখি পেলালো।’
— ‘বৰ স্পষ্টকৈ লিখা। তোমাৰ কথাবোৰ বুজিবলৈও কেতিয়াবা বৰ টান হয় বুজিছানে! একেটা বাক্যকে চাৰি-পাঁচবাৰ পঢ়িব লগা হয়। তোমাৰ চিন্তাবোৰে মোক কেতিয়াবা বৰ আৱেগিক কৰি তোলে।’
— ‘এয়া আপোনালোকৰ মোৰ প্ৰতি থকা মৰমহে ছাৰ। সমাজত যিবোৰ ঘটি আছে, সেয়া সকলোৰে দৃষ্টিগোচৰ হয়, পেপাৰে-পত্ৰই বহুতে বহু ধৰণে লিখিয়ে আছে। আজি যেনিবা একেবোৰকে মই লিখিলো, সিমানেই…।’
— ‘বুজিছোঁ, এয়াতো হ’বলগীয়া আছিলেই। শাসক যেতিয়া স্বৈৰাচাৰী হয়, শোষিত-নিষ্পেষিত জনতা ৰাজপথলৈ ওলাই আহিবই, ৰাজপথত বিক্ষোভৰ জুই জ্বলিবই। এই দিন নিশ্চিত আছিল। অন্য বিকল্পও নাই। কিন্তু তুমি লিখা কথাবোৰ সাধাৰণ ৰাইজে পঢ়িবও লাগিব, বুজিবও লাগিব। তেওঁলোকে তোমাৰ চিন্তা-চেতনাক বুজিবলৈ সক্ষম হৈছে নে চাগে? জনতাৰ কণ্ঠকো বন্দুকৰ নলীৰে চেপি ধৰি ৰখা হৈছে। তেওঁলোকক দমন কৰিবলৈ বিভিন্ন লোভ-লালসাৰ আশ্ৰয় দিছে। এই কূটনীতিৰ কৰাল গ্ৰাসৰ পৰা সাধাৰণ ৰাইজ উদ্ধাৰ হৈ শাসকৰ বিৰুদ্ধে সমদলত যোগ দিব পাৰিবনে?’
— ‘চাৰ, আমি আশাবাদী। সাধাৰণ মানুহেই অসাধাৰণ কামবোৰ কৰিব পাৰে।’
— ‘হয় বাৰু, তথাপি ভাষা-সংস্কৃতিক লৈও কিবা এটা লিখিব পাৰিলা হয়! আমাৰ সংস্কৃতিৰ বিষয়ে উঠি অহা ল’ৰা-ছোৱালীৰ বোধ জন্মাব লাগে।’
— ‘জাতিৰ সংকট আঁতৰাব পাৰিলেহে সংস্কৃতি ৰক্ষা কৰা যাব ছাৰ।’
সন্দিকৈ চাৰৰ সৈতে ফোনত কথা পাতি থাকোঁতেই মোৰ মানুহজনে প্ৰকাশ পোৱা মোৰ লেখাটো পঢ়ি পেলালে। পঢ়ি লৈয়েই লগে লগে মোৰ মালৈ ফোন লগালে।
— ‘চাওকচোন, এওঁ এইবোৰ কি লিখিবলৈ লৈছে। পুলিচৰ জেৰাত যদি পৰে, মই কিন্তু যাবলৈ নাই।’
কথাবোৰ মোৰ কাণত গোট গোটকৈ পৰিলহি। ফোনটো থৈ ময়ো প্ৰতিযুক্তি দিবলৈ ধৰিলো।
— ‘তোমাৰ কি দৰকাৰ পৰিল হাঁ? মই আন্দোলনো দেখিছোঁ, আন্দোলনৰ পৰিণতিও দেখিছোঁ, বুজিছা?’
যুক্তিৰ ওপৰত যুক্তি। মই তাত যুক্তি প্ৰদৰ্শন কৰি জয়লাভ কৰাৰ কল্পনাও কৰিব নোৱাৰি ৰূমৰ পৰা ওলাই আহি চোতাল পালোহি। অশান্ত মনেৰে খোজকাঢ়ি ইফাল-সিফাল কৰিয়েই অলপ সময় কটালো। বাতৰি কাকতখনত লেখাটো প্ৰকাশ পোৱাৰ বাবে মনটোত যি আনন্দই ঠাই লৈছিল, সেয়া লাহে লাহে জয় পৰি অহাৰ দৰে আহিল। বৰ্তমান পৰিস্থিতিক কেন্দ্ৰ কৰি জাগি উঠা বিপ্লৱৰ কথা লিখিছিলো। মানুহে নিশ্চয় বুজিব পাৰিছে। কিন্তু ঘৰত…! পিছফালে খোজৰ শব্দ শুনি ঘূৰি চাই দেখিলো মোৰ চিন্তাক থকা-সৰকা কৰিবলৈ তেওঁ আকৌ মোৰ কাষ পালেহি।
— ‘পৃথিৱীত বহুত মানুহ আছে দেশৰ চিন্তা কৰিবলৈ। নিজৰ ঘৰুৱা কামত তুমি মন দিয়া। খাই-পিন্ধি আৰামত আছা, বেলেগ চিন্তা কৰাৰ একো প্ৰয়োজন নাই।’
কথাবোৰ শুনি মনে মনে থাকিব নোৱাৰিলো। ক’লো— ‘সংগ্ৰাম হ’বই। সকলোৱে সংগ্ৰাম কৰিব লাগিব। বৰ্তমানৰ কলুষিত সমাজ ব্যৱস্থাক, ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব, নতুন পৃথিৱী সজাব লাগিব।’
— ‘হয়, আন্দোলন হৈছে, ভৱিষ্যতেও হ’ব। কিন্তু পৰিৱৰ্তন একো ব্যৱস্থাৰেই নহয়। তুমি কি ভাবিছা? নতুন পৃথিৱীত থাকি তুমি কাম-বন কৰিব পাৰিবা? তুমি এইখন অৰাজকতাৰ পৃথিৱীতেই মৰিব লাগিব, তোমাৰ ভৱিষ্যৎ প্ৰজন্মও মৰিব লাগিব। সেয়েহে বৰ্তমান সমাজ ব্যৱস্থাক মানি ল’বলৈ যত্ন কৰা।’
— ‘মই জানো। কিন্তু চিন্তা আমিয়েই কৰিব লাগিব, চেষ্টাও কৰিব লাগিব। অন্যায়-অনীতি নাশ কৰিবলৈ তুমি-মই, আমি হৈ সমদল ওলাব লাগিব।’
— ‘থোৱা হে সমদল! দেখিছোঁ বহুতকে,— আজি এটা দলত, কাইলৈ এটা দলত। একেখিনি মানুহেই টকাৰ লালসাত দল বাগৰি ফুৰে।’
হয়, কথাবোৰ মিছা নহয়। হোৱাবোৰেই কৈছে। ৰাস্তাৰ মাজেৰে প্লেকাৰ্ড লৈ যেতিয়া সমদল এটা যায়, কাষেৰে পাৰ হোৱা গাড়ীবোৰ ৰখাই এটা সমৰ্থনৰ মাত নিদিয়ে। কিন্তু মাজবাটত কোনোবা দুজনে বাহুযুদ্ধ লাগি থকা চাবলৈ মানুহে হেতা-ওপৰা লগায়। গাড়ীবোৰ ৰখাই লৈ খিৰিকীৰে মূৰ উলিয়াই সোধ-পোছ কৰে। জনতা ভৱনৰ সন্মুখত ৰৈ যেতিয়া দুজনমান জাতীয়তাবাদী যুৱকে টেঁটুৰ সিৰ ছিঙি যেৱাকৈ প্ৰতিবাদী ধ্বনি দিয়ে, পাৰ হৈ যোৱা বিলাসী গাড়ীবোৰত বাজি থকা মিউজিক চিষ্টেমৰ ভলিউম বঢ়াই দিয়া হয়। পিছফালৰ চিটত বহি অহা অবুজ শিশুটোৱে দেউতাকক সুধি গম পায়— অদৰকাৰী বেকাৰ মানুহ কিছুমানে এনেদৰেই অবাবত য’তে-ত’তে চিঞৰ-বাখৰ কৰি ফুৰে!’
— ‘হেৰা শুনা, আজিকালি সমদলৰ বাবে মানুহ কিনা-বেচা হয়। পুঁজিপতি, ৰজাঘৰে টকা দলিয়ালেই পৰুৱাই লানি নিছিগাৰ দৰে নিৰ্দিষ্ট স্থানত মানুহ আহি ভৰি পৰে। টকাইহে নিৰ্ধাৰণ কৰে সমদলত গোটখোৱা মানুহৰ পৰিমাণ। তোমাৰ দৰে এজনীৰ আহ্বানত কোনো নাযায় লাঠীৰ কোব খাবলৈ। কিয়, সেইদিনা নামঘৰৰ বাকৰিত স্থানীয় মহিলাসকলক গোট খাবলৈ আহ্বান জনাই ডিঙিত গামোচাখন মেৰিয়াই শেনটো হৈ ওলাই গৈছিলা নহয়, কি হ’ল? আহিছিল নে কোনোবা? এতিয়া দেশৰ বাবে দহৰ বাবে ভাবিবলৈ কাৰো সময় নাই। আজি যে চাৰিওদিশে আন্দোলন হৈছে, সেয়া আন্দোলন নহয়, বেপাৰ হৈছে, বেপাৰ! সুবিধাবাদীসকলে এই আন্দোলনৰ গইনা লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈহে যত্ন কৰিছে। বুজিও নুবুজাৰ ভাও নধৰিবা।’
— ‘আৰু কিবা ক’বলৈ বাকী আছেনে? নাই যদি ওলাই গৈ শাক-পাচলিকেইটামানকে লৈ আনাগৈ। টুকুৰিত আলুকেইটামানহে পৰি আছে।’
— ‘সঁচা কথা ক’লে বেয়া পোৱা কিয়? বুধবাৰলৈ ওলাবা মিটিঙলৈ। টকাৰ খঁকত শাসকীয় দলৰ কিমান সমৰ্থকে আহি ভিৰ কৰেহি; টকাৰ বেপাৰ, মগজুৰ বেপাৰ কিদৰে হয় নিজ চকুৰে চাই আহিবা।’
হঠাৎ ম’বাইলটো বাজি উঠাত ফোনটো কাণতে লৈ বাইকখন লৈ ওলাই গ’ল। ৰক্ষা, শব্দৰ বাণে মস্তিষ্ক থকা-সৰকা কৰি পেলাইছিল। কিন্তু বিজুলীৰ গৰ্জন ইয়াতে অন্ত পৰাৰ সম্ভাৱনা নাই। মাৰ ফোন আহিবলৈ আছেই। উপায়ো নাই, ওকণিৰ ভয়ত টিকণী কাটিব পাৰি জানো! সেইবাবেই প্ৰায় কথা ঘৰত মই আলোচনা নকৰোঁৱেই। নিজে বুজা কিছুমান কথা আনক বুজোৱাটো কেৱল কঠিনেই নহয়, কেতিয়াবা অসম্ভৱো।
মানুহজন ওলাই যোৱাৰ কিছু সময়ৰ পাছত গোটৰ টকাকেইটা থ’বলৈ ময়ো বেংকলৈ বুলি ওলালো। সেইটো সময়ত ৰাস্তাত মানুহৰ চলন-ফিৰণ কমকৈ হয়। মানুহবোৰ কামে-কাজে ব্যস্ত হৈ থাকে। খোজকাঢ়ি গৈ থাকোঁতে মোৰ মনলৈ প্ৰবন্ধটোৰ কথাহে বাৰে বাৰে আহিল। এনে লাগিল, আৰু অকণমান যদি লিখি দিলোহেঁতেন! ঘৰৰ পৰিৱেশত একো এটাকে শান্তিত লিখিবলৈ নিজকে প্ৰস্তুত কৰাব নোৱাৰোঁ। কথাবোৰ থাপ মাৰি মাৰিহে লিখা। নতুন পৃথিৱী সজাবলৈ মোৰ দৰে মানুহবোৰেই আগবাঢ়ি যাব লাগিব। পঢ়িব লাগিব, লিখিব লাগিব, আনক বুজাবও পাৰিব লাগিব। সফল হওঁ-নহওঁ পিছৰ কথা। চেষ্টাত ত্ৰুটি নাথাকিলে কোনো প্ৰচেষ্টাই সমাদৰ নেহৰুৱায়। কথাবোৰ ভাবি থাকোঁতেই হঠাৎ ৰাজপথত এক বিৰাট সমদল দেখা পালো। আগে আগে কোনোবা ৰাজনৈতিক নেতাৰ দাম্ভিক কণ্ঠ। বাপৰে, ইমান মানুহ নে…! সকলোৱেচোন ৰজাঘৰীয়া প্ৰতিনিধিৰ জয়গান গোৱাত ব্যস্ত। সকলোৰে কণ্ঠত আনন্দৰ জয়ধ্বনি। ইমান মানুহ যদি ইয়াতেই সন্তুষ্ট হৈছে, তেন্তে মোৰ সমদলটোত কোন থাকিব? ইয়াৰ পৰা কোনোবা মই বিচৰা সমদলটোত উপস্থিত হ’বনে!
হাতত পানী-কেঁচুৱা লৈয়ো মানুহ আহিছে। পথৰ দাঁতিত ভোকত পৰি থকা কেইটাইও খোজত খোজ মিলাইছে। চকুত সিহঁতৰ আনন্দ। এসাজ খাবলৈ পোৱাৰ আনন্দ। সন্তান সম্ভৱা মহিলা কেইজনীমানো পিছ পৰি থকা নাই। জাতীয় অনুষ্ঠানৰ গুৰি ধৰি ফুৰা সন্মানীয় বিষয়বাবত থকা সুবিধাবাদী দুজনমানৰো সমদলত খোজৰ যি লয়লাস! এইবোৰে একো জাতীয় অনুষ্ঠান জীয়াই ৰাখিব নোৱাৰে। এইবোৰ আনৰ মুখৰ পৰা ভাত কাঢ়ি আনি নিজৰ চুৱাপাতনিত সিঁচি দিয়া চয়তান!
মিথ্যাশ্ৰয়ী
ধ্ৰুৱজ্যোতি শৰ্মা
হাত-ভৰিবোৰ খঙত কঁপিবলৈ ধৰিলে। তাত আৰু ৰৈ থকাৰ ধৈৰ্য নহ’ল। আধাবাটৰ পৰাই উভতি আহিলো। ঘৰলৈ আহিয়ে মোৰ ৰূমলৈ গৈ চকীখনত বহি মোৰ লেখাটো ড্ৰৱাৰৰ পৰা উলিয়াই আনি ভাবিলোঁ, নদীৰ পলস নপৰালৈকে কঠীয়া ভালকৈ সাঁচি থ’ব লাগিব। কাকতখন নি পুৰণা ফাইলটোত ভৰাই থওঁ বুলি আলমাৰি খোলোঁতেই নিমন্ত্ৰণী পত্ৰ এখনত চকু পৰিল। হাতলৈ আনি পঢ়িলো— ‘মহোদয়, যোৱা চাৰি বছৰে আপুনি আমাৰ দললৈ যিদৰে সহায়-সহযোগিতা আগবঢ়াই আহিছে, ঠিক তেনেদৰেই এই বছৰো আমাৰ শুভাকাঙ্ক্ষী হিচাপে দিহা-পৰামৰ্শ দিবলৈ অহা বুধবাৰে মিলন নগৰৰ এল পি স্কুল প্ৰাঙ্গনত আয়োজন কৰা সজাগতা সভালৈ আপোনাক সাদৰে আমন্ত্ৰণ জনোৱা হ’ল।’ তললৈ আৰু পঢ়িবলৈ মন নগ’ল। গাটো কঁপিবলৈ ধৰিলে। সকলোবোৰ আশা যেন খন্তেকতে পানী হৈ গ’ল।
এৰা, এই টোমটোত কিদৰে সংৰক্ষণ কৰিব পাৰিম কঠীয়াৰ বৰা ধানকেইটা!
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
