নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কুসুম বৰাৰ গল্প: বিহু বিনন্দীয়া

কুসুম বৰাৰ গল্প: বিহু বিনন্দীয়া

অ গ্ৰগামী যুৱক সমাজে আয়োজন কৰা সদৌ অসম বিহু কুঁৱৰী প্ৰতিযোগিতাত মই বিচাৰক হ’ব লাগে৷ যুৱক সমাজটোৰ সভাপতি, সম্পাদক প্ৰমুখ্যে দল এটা আহি মোক হেঁচা মাৰি ধৰিলে৷ অসমৰ প্ৰায়কেইখন জিলাৰে প্ৰতিযোগী অহাটো খাটাং৷ পুৰস্কাৰ যথেষ্ট মূল্যবান হ’ব৷ ইতিমধ্যে তেজপুৰ আৰু গোলাঘাটৰ দুজন বিচাৰক অহাটো খাটাং৷ এতিয়া মই কথা দিলেই চিন্তা দূৰ হ’ব ইত্যাদি৷ বুজিলো, লোভনীয় পুৰস্কাৰ থাকিলে নাচনী কিয় নাহিব৷ যিখন বিহুতলীত আজিকালি পুৰস্কাৰৰ অংক ডাঙৰ, তাতেই নাচনীয়ে ‘কিউ’ কৰে৷ য’ত নাই ত’ত নাচনীও নাই৷ ডিঙিত ৰঙা-বেগ ওলোমাই উদং ৰভাতলীত বেচেৰা বিহু সম্পাদকে মাইক বজাই বজাই হামিয়াই-হিঁকটিয়াই বহি থাকে৷

বেচেৰাহঁতলৈ বেয়াও লাগিছে৷ আজি কেইদিনমান ধৰি বিহুৰ বিচাৰক বিচাৰি হায়ৰাণ৷ বিচাৰ কৰি থকাসকল আগতেই বুক৷ বিচাৰক পায় ক’ৰ পৰা? চুবুৰিয়ে চুবুৰিয়ে সদৌ অসম বিহু কুঁৱৰী প্ৰতিযোগিতা হৈছে; বিহু চাবলৈ দৰ্শক নেথাকিব,— সকলো কোনোবা নহয় কোনোবা এখনত বিচাৰক হ’ব লাগিব৷ বিহুৰ দৰ্শক অন্য ৰাজ্যৰ পৰা আনিব লাগিব৷ সোণৰ আঙঠি, ৰঙীণ টিভি, মাৰুতী আদি বিহু কুঁৱৰীক পুৰস্কাৰ দিয়াৰ যি ধুম উঠিছে, আগে-পিছে ‘ব্লেক কেট্‌’ নহ’লে বিচাৰক চলাফিৰা কৰাই অসুবিধা হ’ব৷ ‘আমাক কিয় পুৰস্কাৰ নিদিলি’ বুলি বিহু দলৰ হাতত পৰীক্ষাৰ নিৰীক্ষকে মাৰ খোৱাৰ দৰে মাৰ খোৱাৰ দিন আহি আছে৷ মই মোৰ অপাৰগতাৰ কথা ল’ৰাহঁতক অতি বিনয়েৰে জনালো৷ নেমানিলে৷ মুঠতে মই বিচাৰক হ’ব লাগিব৷

‘বিহু নাচ আৰু আমাৰ সংস্কৃতি’ বুলি প্ৰবন্ধ এটা মাজতে ‘ভৰা লুইত’ নামে সাপ্তাহিকখনত ওলাইছিল৷ চাৰিওফালে হৈ-চৈ লাগিল৷ মোৰ প্ৰবন্ধটোৰ সপক্ষে আৰু বিপক্ষে জাপ জাপ চিঠি ওলাল৷ অসমৰ দুই-এটা বিহু সংগঠনে সভা পাতি গৰিহণা প্ৰস্তাৱ আদিও ল’লে৷

তাতকৈ ডাঙৰ কথা, অসমৰ বাবে বিহুৰ গামোচা বোৱা মাদ্ৰাজৰ মিল এটাই মোৰ প্ৰবন্ধটোৰ প্ৰতিবাদত এঘণ্টীয়া প্ৰতীক ধৰ্মঘট পালন কৰি বিষয়টো অসম চৰকাৰক অৱগত কৰিলে৷

গতি বিষম দেখি কেইদিনমান তাপ মাৰি ঘৰতে বহি থাকিলো৷ বাটে-ঘাটে কোনোবাই এপিহন দিয়াটো আজিকালি ভাতৰ লগত পানী খোৱাৰ দৰে হ’ল৷ বাঁহৰ তলে, কলৰ তলে মানুহ মাৰি পেলাই থ’লেও তাৰ বিচাৰ লওঁতা কোনো নাই৷ সেয়ে প্ৰতিকাপ চাহ দিওঁতে দিয়া শ্ৰীমতীয়ে দিয়া ‘সমাজ সংস্কাৰক’, ‘সাহিত্যৰত্ন’, ‘সাহিত্যাচাৰ্য’ আদি উপাধিবোৰ হজম কৰি ঘৰতে বহি আছোঁ৷

প্ৰবন্ধটো আছিল এনেধৰণৰ: অসমৰ ৰাইজে প্ৰাক স্বাধীনতা কালত যুদ্ধ-বিগ্ৰহ, মানৰ অত্যাচাৰ সহন, বৃটিছৰ গোলামী— এইবোৰ কৰোঁতেই গ’ল৷ ভাৰতৰ স্বাধীনতাৰ পাছতো অসমখন আন এটা শ্ৰেণীৰ শোষণৰ আহিলা হ’ল৷ অসমৰ ৰাইজে স্বাধীনতাৰ নামত মহাত্মা গান্ধীৰ ফটোখনৰ বাহিৰে একো নাপালে৷ বাপতিসাহোন বিহুটোকে লৈ অসমৰ ৰাইজে দুখ-দুৰ্গতিৰ মাজতো এদিন হাঁহিছিল৷ সংস্কৃতিৰ ক’লা বেপাৰীবোৰে বিহুটোক নৈৰ ঘাট-বৰৰ তলৰ পৰা টানি-আঁজুৰি নি ধনী শ্ৰেণীটোৰ হাতত তুলি দিলে৷ ফলত বিহু এতিয়া পৃথিৱীৰ আটাইতকৈ বিলাসী আৰু খৰচী নৃত্য হৈ পৰিল৷ দহ-বাৰ হাজাৰ টকীয়া সাজ-পাৰ পৰিধান কৰিব নোৱাৰিলে নাচনীয়ে বিহু নাচিব নোৱাৰে বুলি নিয়ম কৰা হ’ল৷ অৰ্থাৎ বিহু যাতে আকৌ নৈৰ ঘাট-বৰৰ তললৈ গৈ সাধাৰণ মানুহৰ মাজত সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ’ল৷ সেয়ে একালত বৰৰ তলত বিহু মাৰি দূবৰি মৰা, বৌ-পিতাই বুলি অমাতৰ মাত দিয়া সেউতী-গোলাপী-বকুলীহঁতে বিহু মাৰিব নোৱাৰে; দূৰৰ পৰা চকুলো উলিয়াই আনৰ বিহু চায়৷ ডেডী, মাম্মী, আংকল বুলি বিলাতী মাত দিয়া জিনছ পৰিহিতা ৰিংকি-পিংকীহঁতে এতিয়া বিহু নাচে৷

বিহু সংগঠকসকলক অনুৰোধ কৰা হৈছিল যে কেৱল দহোটা মিনিট বিহু নচুৱাই এজনী গাভৰুক বিহু কুঁৱৰী, বিহুৰাণী, মহাৰাণী উপাধি দিয়া কাৰ্যই আমাৰ সংস্কৃতিক আগবঢ়াই নিনিয়ে, বৰং ইয়াক অধঃপতনৰ বাটলৈ আগবঢ়াই দিয়া হৈছে৷ নাচনীজনীৰ অন্যান্য সংস্কৃতিৰ দিশটোৰ প্ৰতিও দৃষ্টি দিব লাগিব৷ যথা: নাচনীয়ে গামোচাত ফুল দিব জানেনে, তাঁতৰ শালৰ আহিলাবোৰৰ জ্ঞান আছেনে, ভূঁই ৰোৱা, পালি কঠীয়া— এইবোৰ চিনি পায়নে? যদি চিনি নাপায়, সেইগৰাকী কেনেকৈ বিহু কুঁৱৰী-বিহু নাচনী-মহাৰাণী? আমাৰ বিহু প্ৰতিযোগিতাবোৰত বিহু কুঁৱৰী প্ৰতিযোগিতালৈ অহা প্ৰতিজনী নাচনীয়ে বছৰত দহখন গামোচা ব’ব পাৰিলে, হিচাপ কৰি পোৱা গৈছে,— অসমে মাদ্ৰাজী গামোচা ল’ব নালাগে৷ সেয়ে যদি আমি সংস্কৃতিক প্ৰকৃত অৰ্থত সেৱা কৰিব বিচাৰোঁ, তেন্তে বিহু নাচনীক আগতীয়াকৈ এনে ধৰণৰ পৰীক্ষা আদি পাতি মূল নাচলৈ যাবলৈ দিয়ক; তেতিয়া ৰঙীণ টিভি, মাৰুতী আদি দিলে সমালোচনাৰ স্থল নেথাকে৷ কিন্তু দুখৰ বিষয়, গাত পিন্ধা মুগাৰ কাপোৰ সাজ কিহৰে তৈয়াৰ কৰা হৈছে তাক নজনা, তাঁতৰ শাল নেদেখা ছোৱালীও আজিকালি বিহু কুঁৱৰী, বিহু মহাৰাণী!

আজি অসমত এচাম সুবিধাবদীয়ে, এচাম চক্ৰান্তকাৰীয়ে অসম উৎসৱৰ ৰাজ্য, অসমীয়া বিহু বলিয়া জাতি বুলি আখ্যা দি নিজৰ মুনাফা আদায় কৰিছে৷ ব্যৱসায় বহল কৰিছে৷ ফলত আমাৰ বিহু শেষ নোহোৱা হৈছে৷ চ’ত মাহৰ পৰা আষাৰলৈকে বিহু চলিয়েই থাকে৷

সৌ সিদিনা অসম প্ৰেমী এজনে জনসভাত দুখ কৰিছিল৷ কৈছিল,— অসমৰ ডেকা-গাভৰুৱে বছৰটোত চাৰি মাহ বিহু পাতে, চাৰি মাহ ৰচিদ বহী লৈ চান্দা তোলে৷ বাকী চাৰি মাহ আমাৰ চাকৰি নহ’ল, আমাৰ উন্নতি নহ’ল বুলি বন্ধ-হৰতাল পালন কৰে৷ আমি বিহুত ব্যস্ত থাকোঁতেই সুৰ সুৰকৈ অসমৰ সম্পদ, মুখৰ ভাত-কাপোৰ আনে লৈ গৈছে৷ আমাৰ খবৰ নাই৷ ৰাতিটোৰ ভিতৰতে ‘কবচ’ কাপোৰ বোৱা অসমৰ শিপিনীয়ে এতিয়া আনৰ হাতলৈ-মুখলৈ চাব লগা হৈছে৷ অসমীয়া জাতিটোৱে জীৱনত বহুত ত্যাগ কৰি আহিছে৷ সৌৱা কৃপাবৰ বৰবৰুৱাই জাতিটোৰ বাবে ‘উইল’ কৰি যোৱা চৰ-চাপৰিবোৰ আমি ইতিমধ্যে ত্যাগ কৰিছোঁ৷ ধুতি পিন্ধি পঢ়োৱা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ত্যাগ কৰিছোঁ৷ সৌ সিদিনা মাছৰ মহামাৰীত লাও-বিলাহীৰে মাছৰ টেঙাখনো ত্যাগ কৰিছিলো৷ সেয়ে, সাত বিহুৰ পাছত হোৱা বিহু উৎসৱবোৰ ত্যাগ কৰি ত্যাগৰ নিদৰ্শন দাঙি ধৰক৷ ইত্যাদি৷

এতিয়া সমস্যা হ’ল, বিহুৰ ওপৰত এটা প্ৰবন্ধ লিখা আৰু বিহুৰ বিচাৰ কৰা দুটা বেলেগ কথা৷ প্ৰবন্ধ লেখকজন আৰু আচল মানুহজনৰ মাজত বহুত পাৰ্থক্য আছে৷ এতিয়া বিহুৰ বিচাৰ কৰোঁ কেনেকৈ? এইটো একেবাৰে মূৰ গৰমেই নহয়, ভাপ হৈ যোৱা কথা৷ নাচনীয়ে একে ধৰণেৰে একে ধৰণেৰে ওলাই নাচিব, এফাকি টেঁ টেঁকৈ গীত গাব৷ পূৰা দহ-পোন্ধৰ মিনিট মুখখন বেকেটা কৰি হাঁহি থাকিব৷ সকলো একে৷ এতিয়া বিচাৰক মৰ৷ পৃথিৱী সৃষ্টি হোৱাৰ ওপৰত বিজ্ঞানীসকলৰ বিভিন্ন প্ৰকল্পৰ দৰে বিহুৰ পণ্ডিতসকলৰো বিহু নাচৰ ওপৰত বিভিন্ন প্ৰকল্প, সংবিধান৷ প্ৰতিখন জিলাৰে একো একোখন সংবিধান৷ নাচনীৰ সম্পৰ্কত কি ভয়লগা দুৰ্দান্ত ব্যাখ্যা৷

—নাচনীয়ে হাঁহিব লাগিব, কিন্তু হাঁহিটো গোটেই দেহতে বিয়পি থাকিব৷
—নাচনী পখিলা উৰাদি উৰিব লাগিব৷ কিন্তু গাম্ভীৰ্য থাকিব লাগিব৷

অকল এয়ে নহয়, চকু কিমান ডাঙৰকৈ মেলিব লাগিব, কঁকাল কিমান ডিগ্ৰী এংগোলত ভাগিব, হাত মূৰৰ ওপৰলৈ কেইচেণ্টিমিটাৰ যাব;— মুঠতে এনেধৰণৰ সংবিধান মানি বিচাৰ কৰিবলৈ যোৱা বিচাৰকে মূৰত আইচ বেগ নিদিলে মূৰ বাৰ্ষ্ট্ হৈ যাব৷

বহুবোৰ আলোচনী-কাকত গোটাই লিখা অন্য প্ৰবন্ধকাৰবোৰৰ দৰেই জীৱনত প্ৰথম প্ৰবন্ধ এটা কাকতত প্ৰকাশ হ’ল৷ বচ, মই ডাঙৰ লেখক হৈ পৰিলো৷ দুই-এঠাইত সভা পাতি মোক সম্বৰ্ধনাও দিলে৷ ইমান সৰল জাতি এটা পৃথিৱীত কেনেকৈ জীয়াই থাকিব? সৌৱা সিদিনা চিৰিয়েল এখনত ভাল অভিনয় কৰাৰ বাবে শিল্পী এজনক ৰজাঘৰ-প্ৰজাঘৰে একেবাৰে বোকোচাত লৈ ফুৰিলে৷ বেচেৰাৰ জীৱনত সেইটো হেনো প্ৰথম অভিনয়৷ এতিয়া শিল্পীজনে নতুনকৈ অভিনয় কৰিবলৈ ভয় কৰিছে, জানোচা বেয়া হয়৷ হেৰ’, যোগ্যজনক সন্মান দিয়া উচিত, কিন্তু বিকাশ হ’বলৈ সময় দে৷ অথচ যোগ্যসকল অৱহেলিত৷ হাতীত উঠাই শোভাযাত্ৰা কৰি জাতিটোৱে সন্মান দিয়া সাহিত্য সভাৰ সভাপতিসকলৰ সভাপতি ভগাৰ পাছত ৰাইজ-ৰজা কোনেও খবৰ নলয়৷ অথচ জীৱিত সভাপতিসকলৰ ওচৰলৈ সাহিত্যপ্ৰেমীসকল মন্ত্ৰী-এম এল এৰ ঘৰলৈ মানুহ যোৱাদি যায়৷ বিভিন্ন সভা-সমিতিলৈ যাব লাগে৷ মুঠতে ঘৰখনত এটা সদায় খৰচৰ বোজা৷ ৰজাঘৰে বা প্ৰজাঘৰে সাহিত্যৰ সেই কাণ্ডাৰীসকলক এটা সন্মানীয় অৰ্থ-সাহায্য দিয়ক৷ সেইটোহে আচল সম্বৰ্ধনা৷

কথাবোৰ ভাবি-চিন্তি তিনি দিনমান মূৰ গৰম৷ মূৰত সকলো সময়তে বিহুৰ ঢোল-পেঁপা-গগণা বাজিছে৷ হাজাৰ-বিজাৰ টকা খৰচ কৰি টিভি, মুগাৰ চেট পাব বিচৰা নাচনীয়ে বিচাৰকৰ অকণমান হীন-ডেঢ়ি হ’লে কি সুখেৰে এৰিব? নাচনীক চাইকেলত উঠাই বিহুৰ পেণ্ডেলে পেণ্ডেলে ঘূৰাই লৈ ফুৰা বিহু দাদাহঁতে হাত সাবটি বহি থাকিব?

আজিকালি নাচনীৰ লগে লগে ঘূৰি ফুৰা মাক-বাপেকৰ কোবটোহে বেছি৷ নাচনীতকৈও বেছি মেক-আপত থকা মাকে লেনিয়াই ক’বঃ আমাৰ টিংকুৱে সৌৱা গুৱাহাটী, ডিব্ৰুগড়ত কিমান ডাঙৰ ডাঙৰ বিচাৰকৰ পৰা ফাৰ্ষ্ট প্ৰাইজ পাইছে৷ ইয়াত কিয় একো নাপালে? কি ভুল কৰিলে? বুজাই দিয়ক৷ এতিয়া মৰ বিচাৰক৷ হেৰ শচীন তেণ্ডুলকাৰে কোনোবা এখন খেলত ছিক্সাৰ মাৰে আৰু ক’ৰবাত দেখোন ‘জিৰ’তে আউট৷ বিহু নৃত্য হ’ল ভাবৰ নৃত্য৷ কোনোবা বিচাৰকে পুৰস্কাৰ দিলে বুলিয়েই সকলোৱে দিবনে? নক’লো এইবোৰ৷

মনৰ খু-দুৱনিখিনি মাৰিবলৈ সোণাৰি গাঁৱৰ হংস ককাইদেউৰ ঘৰলৈ ওলাই গ’লো৷ সদৌ অসম ভিত্তিত হোৱা ভালেমান বিহু কুঁৱৰী প্ৰতিযোগিতাত ককাইদেৱে বিচাৰ কৰি আহিছে৷ চ’তমহীয়া দুপৰীয়া৷ গৰম৷ উৰুঙা উৰুঙা ভাব এটা লৈ ককাইদেৱে খৈনী মোহাৰি বাৰাণ্ডাতে বহি আছিল৷ ‘আহ আহ’ বুলি ঢুলীয়াই নাচনী আদৰাদি পদূলিমুখলৈ বিহু-হাঁহি এটা পঠিয়াই মোক আদৰি লৈ গ’ল৷ ময়ো বিহু কুঁৱৰীয়ে মুখত ৰাখি থোৱা স্থায়ী হাঁহি এটা লৈ ককাইদেউৰ ওচৰতে থকা মুঢ়াটোত বহি ল’লো৷ নবৌ ঘৰত নাই৷ মাকৰ ঘৰলৈ গৈছে৷ গতিকে ককাইদেউক অকলে পাই মই ভালেই পালো৷ ককাইদেৱে সাধাৰণতে মোৰ লগত তই-হঁইকৈ কথা পাতে; কিন্তু সাহিত্য-সংস্কৃতিৰ কথা ওলালে ক’ব নোৱৰাকৈ গিয়েৰ চেঞ্জ কৰি তোমা-তুমি কৰে৷

‘কি হ’ল, একেবাৰে দেখোন চূণৰ টেমাটো হৈ অহাদি আহিছ?’— হাতত মোহাৰি থকা খৈনীকণৰ ওপৰত দুটামান চাপৰ মাৰি ককাইদেৱে মাত লগালে৷ ময়ো বিহু নাচনীৰ দৰে ভংগিমা এটা দি অগ্ৰগামী যুৱক সমাজে মোৰ ওপৰত দিয়া বিহু কুঁৱৰীৰ বিচাৰকৰ ভাৰ আৰু লগতে এই বিষয়ত মোৰ মানসিক প্ৰতিক্ৰিয়াখিনি সবিনয়ে নিবেদন কৰিলো৷

‘এৰা, কিবা এটা নহ’লে কিয় আহিবি৷ এইফালেই সাত পাক দিয়৷’— হাতৰ তলুৱাৰ পৰা খৈনীকণ সোঁহাতৰ আঙুলি দুটাৰে টিপা মাৰি ধৰি মুখত ভৰাই জিভাৰে নিৰ্দিষ্ট ঠাইত ৰাখি হাত দুখন গাত পিন্ধি থকা লুঙি জাতীয় কাপোৰখনত মোহাৰি মোহাৰি মাত লগালে— ‘হেৰ’, সেইটোনো এটা কথানে? কি ডাঙৰ কামটো কৰিবলৈ ওলাইছ? তুমি প্ৰথমজনী নাচনীৰ নাচ চাই কিবা এটা নম্বৰ দি লোৱা৷ এতিয়া পাছৰ নাচনীবোৰক তাৰ লগত তুলনা কৰি নম্বৰ দি গৈ থাকা৷ বিহুৰ কোনো পণ্ডিতো নাই কোনো মূৰ্খও নাই৷ তুমি-মই যি জানো, ঘটিৰাম-বাটিৰামেও তাকে জানে৷ তুমি মই যি নাজানো, তাক কোনেও নাজানে৷ কিন্তু বাচাধন, বিহুত বিহুৱানখন দি ৰাইজৰ আগত তোমাক যেতিয়া বিচাৰক পাতিব, তেতিয়া কেৱল তুমিহে জানিবা আৰু কোনেও নাজানে৷’ কথাষাৰ শেষ কৰি মুখত থকা খৈনীকণ জিভাৰে পাক মাৰি আঁতৰত থু-থুকৈ পেলাই আহি ককাইদেৱে মোৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিলে৷ মই অবাক হৈ থকা দেখি আকৌ এপালি আৰম্ভ কৰিলে৷

‘আচলতে লোকনৃত্য বিহু বিচাৰৰ বস্তু নহয়৷ নৈৰ ঘাটত, বৰৰ তলত বিহুটো যিমান ভাল লাগে অৰ্থাৎ যিমান জমে, মঞ্চত সেইটো পাবলৈ নাই৷ বিহু উপভোগৰ বস্তু৷ তথাপি বিহুক যেতিয়া বিচাৰৰ কাঠগড়ালৈ তুলি আনিলে, আমি বতৰ চাই কঠীয়া পেলাম৷ মানে আমাৰ মতে কাম কৰি যাম৷’
‘কিন্তু আজিকালি বিহু নাচৰ সংবিধান, নিয়ম-নীতি ওলাল নহয়৷’— মই সেহাই সেহাই মাত দিলো৷

এইবাৰ ককাইদেউ গৰ্জি উঠিল— ‘প্ৰকৃতিৰ ওপৰত কিহৰ সংবিধান? কোন সেইসকল মহাপণ্ডিত? বিহু আনন্দৰ উৎসৱ, বিহু যৌৱনৰ উৎসৱ৷ যৌৱনক কোনেও নীতি-নিয়মেৰে বান্ধিব নোৱাৰে৷ আনন্দখিনিক জুখিব পাৰিবা? তোমাৰ সংবিধানে ক’ব— নাচনীয়ে মিচিকিয়াই হাঁহিব লাগিব৷ যদি মিলাব পাৰে, নাচনীয়ে খিলখিলাই হাঁহিলে কিবা মহাভাৰত অশুদ্ধ হ’বনে? বা হাঁহো হাঁহো কৰি থকা নাচনীজনীয়ে কিবা নাচিলে জগৰ লাগিবনে? তোমাৰ সংবিধানে কয়, নাচনীয়ে হাত মূৰৰ ওপৰলৈ নিব নোৱাৰে৷ কিয় নিব নোৱাৰে? মূৰৰ ওপৰত কিবা বিজুলীৰ তাঁৰ আছেনে? মুঠতে বাধা৷ তোমাৰ বিহুনাচটো স্বাভাৱিক হ’ব লাগিব৷ সৌ বিদেশলৈ গৈ অসমৰ বিহুৱতীয়ে ঢোল বজাই, বিহুৱাই মাটিত বাগৰি বাগৰি পেঁপা বজাই দৰ্শকক অবাক কৰি দিয়া নাই জানো৷ আক’!’

‘নাচনীয়ে জানো ঢোল বজোৱা ভাল হৈছে?’— মই ভয়ে ভয়ে প্ৰশ্ন কৰিলো৷ ঢেকঢেককৈ হাঁহি এটা মাৰি মাত দিলে— ‘ভাল নাই হোৱা৷ অৱশ্যে ঢুলীয়া সাজটো যদি পিন্ধি লৈ ঢোল বজায়, তেন্তে ক’ব লগা নাই৷ পেঁপাও বাগৰি বাগৰি নবজায়৷ অৱশ্যে বিদেশত পাৰে৷ এখন দেশৰ পৰা যেতিয়া বিদেশলৈ যাব, তাত হাতী-ঘোঁৰা যিয়েই নেদেখুৱাওক ভদ্ৰতা দেখুৱাই ভাল বুলিয়েই ক’ব৷’ কথাষাৰ কৈ ওচৰতে থকা টেমাটোৰ পৰা নতুনকৈ আৰু এক খোৰাক হাতত লৈ মোৰ অৱস্থাটো নিৰীক্ষণ কৰিলে৷

মই ও আ কিবা এটা ক’বলৈ মুখখন মেলোঁতেই মেলাতে থাকিল৷ ককাইদেৱে আকৌ বিষয়টোৰ ওপৰত জঁপিয়াই পৰি নেফানেফ কৰি দিলে— ‘মুঠৰ ওপৰত বাচাধন, তুমি বিহুৰ বিচাৰক৷ নম্বৰ দি গৈ থাকা৷ তোমাৰ মনৰে৷ বচ৷ যাৰেই নম্বৰ বেছি হ’ব সেইজনীয়েই তোমাৰ বিহু কুঁৱৰী৷ কোনোবাই টিভি পাব, কোনোবাই সোণৰ আঙঠি পাব৷ আমাৰ সেইবোৰ চিন্তা নাই৷ আমি কিবা জেপৰ দিমনে? শালত বোৱাই হওক বা মাদ্ৰাজীয়েই হওক, গামোচা এখন ডিঙিত দি ৰাইজক ৰজনজনাই আমাক বিহুৰ বিচাৰক পাতিছে৷ বিচাৰকৰ বিচাৰেই চূড়ান্ত বুলি সমিতিয়ে বিচাৰকক ৰক্ষা কৱচ দিয়েই থৈছে৷ চিন্তা কিহৰ৷ মাভৈঃ৷’

❧ | আৰু পঢ়ক: কুসুম বৰাৰ গল্প ‘অনুৰাগ’

কথাষাৰ কৈ ককাইদেৱে হো হোকৈ হাঁহি দিলে৷ ময়ো৷ মনটো এতিয়াহে পাতল পাতল লাগিল৷ নহয়, বিহু নাচনীৰ দৰে উখল-মাখল লাগিছে৷ ‘বিহু বিহু লাগিছে গাত’ ধৰণৰ ভাব এটা গাত চেলেং ছাটি মৰাদি ছাটি মাৰি লৈ ঘৰ পালোহি৷

ছবি: গৌতম খাউণ্ডৰ সৌজন্যত
এই লেখকৰ সকলো লেখা চাওক →
কুসুম বৰাৰ গল্প: বিহু বিনন্দীয়া | কুসুম বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

কেৱল কপাহী

কেৱল কপাহী

অণ্ড

অণ্ড