নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মূল: মাৰ্ক ষ্ট্ৰেণ্ড (‘The Coming of Light’)
অসমীয়া ভাবানুবাদ: দেৱজিৎ গোস্বামী

✽

ইমানৰ অন্ততো; এতিয়াও এয়া হৈ উঠে:
প্ৰেম আহিব ধৰে; আহিব ধৰে পোহৰ
তুমি সাৰ পাই উঠা আৰু যেনিবা
নিজে জ্বলি উঠে মমবাতিবোৰ
একগোট হৈ পৰে তৰাবোৰ
শেতেলীত তোমাৰ বাগৰি পৰেহি
সপোনবোৰ
আৰু ওপঙাই দিয়েহি উষ্ম বতাহৰ সুৰভি মধুৰ।
এতিয়াও, ইমানৰ পিছতো
উজলি উঠে দেহাটিৰ হাড় আৰু
উশাহত তোমাৰ ধূলি বিজুলীয়ায়
আগত দিনৰ।

✽

Mark Strand

মাৰ্ক ষ্ট্ৰেণ্ড

মাৰ্ক ষ্ট্ৰেণ্ড (Mark Strand, ১৯৩৪-২০১৪) তেওঁৰ প্ৰজন্মৰ অন্যতম প্ৰধান আমেৰিকান কবি। ইয়াৰ উপৰি তেওঁ এজন নিপুণ সম্পাদক, অনুবাদক আৰু গদ্য লেখক হিচাপেও স্বীকৃত। প্ৰায় পাঁচ দশক জোৰা তেওঁৰ লেখক জীৱনত মাৰ্ক ষ্ট্ৰেণ্ডে অনেক বঁটা-বাহন আৰু সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছিল। ১৯৯৯ চনত তেওঁ ‘ব্লিজাৰ্ড অৱ ৱান’ (Blizzard of One) কাব্য সংকলনৰ বাবে সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰিছিল।

এই লেখকৰ সকলো লেখা চাওক →
আগমন পোহৰৰ | দেৱজিৎ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: