এজন খেতিয়ক পিতৃয়ে পুত্ৰক দিয়া কেইটামান সূত্ৰ

এজন খেতিয়ক পিতৃয়ে পুত্ৰক দিয়া কেইটামান সূত্ৰ
  • 30 May, 2024

মূল: কেদাৰনাথ সিং (Kedarnath Singh)
অনু: প্ৰকল্প ৰঞ্জন ভাগৱতী

মোৰ বোপাই,
কুঁৱাত কেতিয়াও নুভুমুকিয়াবি
সেইফালে কেতিয়াও নাযাবি
যিফালে উৰি গৈছে
ক’লা ক’লা কাউৰী

সেউজীয়া পাত
কেতিয়াও নিছিঙিবি
আৰু ছিঙিলেও এনেকৈ ছিঙিবি
গছৰ যাতে নহয় অকণো কষ্ট

নিশা যেতিয়া ৰুটী খাবি
প্ৰথমে মূৰ দোঁৱাই
ঘেঁহতৃণবোৰক মনত পেলাবি

যদি কেতিয়াবা ৰঙা পৰুৱা
চকুত পৰে
তেতিয়া বুজিবি
ধুমুহা আহিব

যদি কোনো কোনো নিশা
শুনা নাপাৱ কবিৰ কণ্ঠ
তেতিয়া হ’লে জানিবি
বেয়া দিন আহিব

মোৰ বোপাই
বিজুলীৰ নিচিনাকৈ কেতিয়াও ঢলি নপৰিবি
আৰু কেতিয়াবা পৰিলেও
দূবৰিৰ দৰে উঠি থিয় হ’বলৈ
সদায় সাজু থাকিবি

কেতিয়াবা এন্ধাৰত
যদি বাট পাহৰি যাৱ
তেতিয়া ধ্ৰুৱতৰাৰ ওপৰত নহয়
কেৱল দূৰৰ পৰা অহা
কুকুৰে ভুকা শব্দৰ ওপৰত
ভৰসা কৰিবি

মোৰ বোপাই
বুধত উত্তৰলৈ কেতিয়াও নাযাবি
ৰবিত নাযাবি পছিমলৈ

আৰু সকলোতকৈ ডাঙৰ কথা, বোপাই
লিখি হোৱাৰ পাছত
এই শব্দখিনি মচি পৰিষ্কাৰ কৰি পেলাবি
কালিলৈ যেতিয়া বেলি ওলাব
যাতে তোৰ ফলিখন
আন দিনাৰ নিচিনা
স্বচ্ছ হৈ
চিকমিকাই থাকে

কেদাৰনাথ সিং

কেদাৰনাথ সিং

কেদাৰনাথ সিং (১৯৩৪-২০১৮) আধুনিক হিন্দী সাহিত্যৰ এটা উল্লেখযোগ্য নাম। উত্তৰ প্ৰদেশৰ চকীয়া গাঁৱত জন্মগ্ৰহণ কৰা কেদাৰনাথ সিঙৰ সৰলভাৱে ৰচিত কবিতাসমূহ বিষয়ৰ গভীৰতা আৰু গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সাৰমৰ্মক ধৰি ৰখা প্ৰাঞ্জল চিত্ৰকল্পৰ বাবে বিশেষভাৱে পৰিচিত।

‘অকাল মে সাৰস’ (Cranes in Drought) কাব্যগ্ৰন্থৰ কেদাৰনাথ সিঙে ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০১৩ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কবিতাৰ বাহিৰেও তেখেতে সমসাময়িক সাহিত্যিক চিন্তাধাৰাক প্ৰভাৱিত কৰা কেইবাখনো সমালোচনাত্মক গ্ৰন্থ ৰচনা কৰিছিল।

এজন খেতিয়ক পিতৃয়ে পুত্ৰক দিয়া কেইটামান সূত্ৰ | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook