অ সমৰ নাট্য তথা ছবিজগতত লক্ষী বৰঠাকুৰ এটা পৰিচিত নাম। জামুগুৰিহাটৰ ঐতিহাসিক মাধৱ গাঁৱত ১৯৫৭ চনত জন্মগ্ৰহণ কৰা এইগৰাকী স্বভাৱজাত নাট্যশিল্পীয়ে হাইস্কুলত পঢ়ি থকা দিনৰে পৰা নাটকৰ সৈতে জড়িত হৈ আমৃত্যু বিভিন্ন মঞ্চ নাটক, অনাতাঁৰ নাটক, চলচ্চিত্ৰ, ভিডিঅ’ ছবি তথা টেলিফিল্মত অভিনয় কৰি যায়। ইয়াৰ উপৰি প্ৰয়াত বৰঠাকুৰদেৱে নাট্যকাৰ হিচাপেও কেবাখনো একাংক আৰু পূৰ্ণাংগ নাট ৰচনা কৰে। তেওঁ ‘গান্ধাৰী’ আৰু ‘বেদব্যাস’ নামৰ নাটক দুখন অসমীয়ালৈ অনুবাদ কৰি সফলভাৱে মঞ্চায়িত কৰিছিল। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘সাৰথি’ চলচ্চিত্ৰখনৰ জৰিয়তে ছবিজগতত খোজ পেলোৱা লক্ষী বৰঠাকুৰে পৰৱৰ্তী কালত ‘জুয়ে পোৰা সোণ’, ‘যৌৱনে আমনি কৰে’, ‘মাঘত মামনিৰ বিয়া’, ‘আই লাভ ইউ’, ‘হলধৰ’, ‘জাতিংগা ইত্যাদি’,‘অজেয়’ আদি বহুসংখ্যক অসমীয়া ছবিত সুদক্ষ অভিনয়ৰে দৰ্শকৰ মনত মচিব নোৱৰা সাঁচ বহুৱাই থৈ গৈছে।
এইগৰাকী স্বনামধন্য শিল্পীৰ স্মৃতি দিৱস ১৮ জুনৰ সন্ধিয়া জামুগুৰিহাটৰ বাপুজী ভৱন ৰঙ্গমঞ্চত নাৰায়ণপুৰৰ ‘মকুৱা— দ্য থিয়েটাৰ কালাৰ’ৰ শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতাৰ পৰিচালনাৰে জামুগুৰিহাটৰ ‘ধ্বনি— দ্য থিয়েটাৰ চাউণ্ড’ৰ সহযোগত মঞ্চায়ন কৰে নাট্যকাৰ মৃণাল দত্তৰ ‘কাব্যান্তৰৰ পদাতিক’ নাটকখন। মুষলধাৰ বৰষুণ আৰু প্ৰতিকূল পৰিৱেশৰ মাজতো অতি উৎসাহেৰে নিবেদন কৰা নাটখন পোহৰ, আৱহ সংগীত, পৰিপক্ব অভিনয়ৰ মাজেৰে যথেষ্ট উপভোগ্য আৰু নিটোল ৰূপত তুলি ধৰাত পৰিচালক কৃপাল কলিতাই সফলতা অৰ্জন কৰিছে ।
সাম্প্ৰতিক সময়ত নাট্যক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়তে হওক বা অসমৰ নাট্যক্ষেত্ৰতে হওক, মহাকাব্যিক বিভিন্ন চৰিত্ৰ তথা ঘটনা-পৰিঘটনাসমূহৰ ওপৰত নতুন নতুন সম্পৰীক্ষা চলাই থকা হৈছে। ন ন ৰূপত বিশেষভাৱে মহাভাৰতীয় চৰিত্ৰসমূহৰ মনস্তাত্ত্বিক দিশৰ বিশ্লেষণৰে বহুসংখ্যক নাটে ইতিমধ্যে নাট্যসহিত্যৰ ভঁৰাল চহকী কৰিছে। বহুল চৰ্চাও লাভ কৰিছে এইসমূহ নাটকে। ‘কাব্যান্তৰৰ পদাতিক’ নাটকখনো তেনে এক মহাভাৰতীয় পটভূমিৰ ওপৰতে ৰচিত। এই নাটখনত আমি সদায় জানি অহা বা পাই অহা মহাভাৰতৰ এটি সৰ্বজনবিদিত চৰিত্ৰ দুৰ্যোধনক নায়ক ৰূপে চিত্ৰিত কৰি পাণ্ডৱপক্ষ আৰু শ্ৰীকৃষ্ণক খলনায়ক বা ভিলেইন হিচাপে উপস্থাপন কৰা হৈছে। কুৰুক্ষেত্ৰ মহাৰণত উৰুভংগৰ পাছত শাৰীৰিক-মানসিক বেদনাত জৰ্জৰিত দুৰ্যোধনৰ আত্মপৰিতাপৰ কিছু মনস্তাত্ত্বিক বিশ্লেষণ সুন্দৰ ৰূপত প্ৰতিভাত হৈছে । বংশ-গৌৰৱ, স্বাভিমান আৰু বিশাল ভাৰতৰ ভৱিষ্যতৰ চিন্তাত হস্তিনাপুৰৰ ৰজা চন্দ্ৰবংশী কুলোদ্ভৱ দুৰ্যোধনৰ মনৰ ভিতৰত চলি থকা যুঁজখন নাটকখনত চিত্ৰিত কৰা হৈছে। কুৰুবংশৰ ধ্বংস, পৰাজয় বা সুনিশ্চিত মৃত্যুৰ আগমুহূৰ্ততো তেওঁ নিজৰ আত্মমৰ্যাদা, অহংকাৰ বা আত্মাভিমানৰ পৰা অলপো বিচলিত হোৱা নাছিল। দুৰ্যোধন ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ জ্যেষ্ঠ সন্তান, সেইসূত্ৰে তেৱেঁই হস্তিনাপুৰৰ বিধিসন্মত যুৱৰাজ। কিন্তু পাণ্ডৱসকল? তেওঁলোকৰ এজনৰ গাতো চন্দ্ৰবংশীয় তেজ নাই, আছে দেৱতাসকলৰ তেজ। পাণ্ডৱসকল এক অৰ্থত জাৰজ সন্তান। দুৰ্যোধনৰ দৃষ্টিত দেৱতা মানেই লোভী, স্বাৰ্থপৰ, সুবিধাবাদী, বিশ্বাসঘাটকৰ দল। মৃত্যুৰ পাছত তেওঁৰ অবৰ্তমানত হস্তিনাপুৰ এদল জাৰজৰ হাতত অৰ্পণ কৰিবলগীয়া হোৱাটোৱেই দুৰ্যোধনৰ মানসিক অন্তৰ্দ্বন্দ্বৰ মূল কাৰণ। তেওঁ এনেদৰে জৰ্জৰিত হৈ পৰি থকা অৱস্থাত তেওঁৰ কাষলৈ অহা মাতৃ গান্ধাৰী, পত্নী ভানুমতী আৰু শেষত নাৰীৰূপত অহা ভগৱান শ্ৰীকৃষ্ণৰ আগত প্ৰকাশ্যে তেওঁৰ অন্তৰ্দ্বন্দ্বৰ কথা ব্যক্ত কৰিছে।
নাটকখনত দুৰ্যোধন চৰিত্ৰটি সাহসী, প্ৰচুৰ ইচ্ছাশক্তিসম্পন্ন আৰু নিজে যিটো সত্য বুলি বিশ্বাস কৰে, তাৰ বাবে যুঁজ কৰা ব্যক্তি ৰূপে চিত্ৰিত কৰা হৈছে। যি মুহূৰ্তত জাত-পাত, বৰ্ণ পৰিচয়ৰ নামত মহাবীৰ কৰ্ণ চূড়ান্তভাৱে অপমানিত হ’বলগীয়া হৈছিল, সেই সময়ত দুৰ্যোধনে ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই সূতপুত্ৰ কৰ্ণক অৰ্দ্ধৰাজ্য দান কৰি ৰজা পাতিছিল, সখা বুলি আকোঁৱালি লৈছিল, অথচ এই কাৰ্যত তেওঁৰ ব্যক্তিগত কোনো স্বাৰ্থ জড়িত হৈ থকা নাছিল। যদিও তেওঁ কেতিয়াবা এগৰাকী উদ্ধত, গোঁৱাৰ প্ৰকৃতিৰ অহংকাৰী ব্যক্তি আছিল, কিন্তু তেওঁ বহুক্ষেত্ৰত এগৰাকী বিশ্বাসী, মহানুভৱ, সামাজিক বাধা নিষেধ, ৰক্ষণশীলতাৰ গোড়ামিৰ পৰা মুক্ত ব্যক্তি আছিল। কিন্তু যুধিষ্ঠিৰ বা পাণ্ডৱসকল? দুৰ্যোধনৰ মতে যিগৰাকী ধৰ্মৰাজ যুধিষ্ঠিৰে কেৱল ধৰ্মৰক্ষাৰ স্বাৰ্থতে নিজৰ পত্নীক পাশাখেলৰ পণ কৰিব পাৰে, সেইগৰাকী কাপুৰুষ ৰজাৰ হাতত সাধাৰণ প্ৰজা কিদৰে সুৰক্ষিত হ’ব? তেওঁৰ দৃষ্টিত যদুমণি কৃষ্ণই কুৰুক্ষেত্ৰৰ একমাত্ৰ খলনায়ক। কাৰণ নিজৰ ভাগিনীয়েক অভিমন্যুক চল কৰি তেওঁৱেইতো বধ কৰাইছিল। কাৰণ অভিমন্যু জীয়াই থাকিলে হয়তো শ্ৰেষ্ঠত্বৰ দিশত অৰ্জুন বা শ্ৰীকৃষ্ণকো অতিক্ৰম কৰিলেহেঁতেন। সেইবাবেই কৃষ্ণই জানি-শুনিও চলনা কৰি অভিমন্যুক সপ্তৰথীৰ হাতত মৰিবলৈ এৰি দিছিল। দুৰ্যোধনৰ মতে, কুৰুক্ষেত্ৰ মহাৰণ কাহানিও শেষ নহয়। ধৰ্ম-অধৰ্মৰ এই যুদ্ধ সৰ্বকাল চিৰপ্ৰৱহমান ৰূপত চলি থাকিব। নাটখনত দুৰ্যোধনৰ এনেধৰণৰ চিন্তাধাৰাক বিভিন্ন সংলাপৰ মাজেদি বলিষ্ঠ ৰূপত প্ৰকাশ কৰা হৈছে। আন অৰ্থত মহাকাব্য মহাভাৰতৰ অন্য এক ৰূপ ‘কাব্যান্তৰৰ পদাতিক’ নাটকখনৰ মাজেৰে নাট্যকাৰ মৃণাল দত্তই তুলি ধৰাৰ প্ৰয়াস কৰিছে।
‘কাব্যান্তৰৰ পদাতিক’ নাটখনৰ অভিনয় সম্পন্ন হৈছে দুটি মুখ্য চৰিত্ৰ আৰু কেইটিমান পাৰ্শ্ব চৰিত্ৰৰ অভিনয়ৰ মাধ্যমৰে। নাটখনৰ মূল চৰিত্ৰ দুৰ্যোধনৰ চৰিত্ৰটি সুন্দৰ ৰূপত ফুটাই তোলাত দক্ষ অভিনেতা দীপাংকৰ হাজৰিকা সফল হোৱা বুলি একাষাৰে ক’ব পাৰি। আনহাতে গান্ধাৰী, ভানুমতী আৰু নাৰীৰূপী কৃষ্ণৰ চৰিত্ৰত কৰিণা ভূঞাৰ অভিনয় যথেষ্ট ভাল হৈছে যদিও মাজে মাজে সামান্য জঠৰতা পৰিলক্ষিত হ’ল। আশা ৰাখিছোঁ, ভৱিষ্যতে অভিনেত্ৰীগৰাকীয়ে আৰু অধিক প্ৰাণৱন্ত আৰু সাৱলীল ৰূপত চৰিত্ৰকেইটি ৰূপায়ণ কৰিব পাৰিব। ‘য়দা য়দাহি ধৰ্মস্য’ শ্লোকটিৰে আৰম্ভ কৰা নাটখনৰ আৰম্ভণি অতি মনোমোহা হোৱাৰ লগতে কৃষ্ণ চৰিত্ৰটিৰ উপস্থাপনত ব্যৱহাৰ কৰা সত্ৰীয়া শৈলীয়ে নাটকখনক অতি প্ৰাণৱন্ত কৰি তুলিলে। অন্যান্য চৰিত্ৰত লোকজিৎ হাজৰিকা, অভিনৱ ভূঞা, গৰীয়সী বিদ্যাৰ্থী, পৰিপ্ৰজ্ঞা নেওগ আৰু বাৰ্ণি বৰ্মন সফল হৈছে। নাটখনৰ কলা নিৰ্দেশনা আৰু দৃশ্যসজ্জাত হৰিপ্ৰসন্ন শইকীয়া, সংগীতত চিত্ৰপ্ৰসন্ন দত্ত, সাজসজ্জাত ৰাণী দত্ত বৰুৱা, ৰূপসজ্জাত সত্যৰঞ্জন বৰা আৰু পোহৰত কিশোৰে নাটখন সফল হোৱাত অৰিহণা যোগালে। এইখিনিতে উল্লেখ কৰিব লাগিব যে নাটখনৰ শব্দব্যৱস্থা আৰু উন্নত হোৱাৰ থল আছিল। হয়তো মুষলধাৰ বৰষুণ আৰু প্ৰেক্ষাগৃহটিৰ শব্দ প্ৰতিধ্বনি প্ৰতিৰোধী ব্যৱস্থাৰ কাৰিকৰী দুৰ্বলতাৰ বাবে বহু সংলাপ দৰ্শকৰ বোধগম্য নহ’ল। পৰিশেষত ক’ব লাগিব যে জামুগুৰিয়া ৰাইজে এখন সুন্দৰ আৰু ব্যতিক্ৰমধৰ্মী নাট উপভোগৰ সুযোগ লাভ কৰিলে, যাৰ বাবে মকুৱা— দ্য থিয়েটাৰ কালাৰ আৰু ‘ব্ৰীজ’ চলচ্চিত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰা পৰিচালক কৃপাল কলিতা ধন্যবাদৰ পাত্ৰ।
❧ | আৰু পঢ়ক:
- জামুগুৰিহাটত সৌভাগ্য মাধৱ ৰূপজ্যোতি শিল্পী সমাজৰ ‘নিমতলিৰ এজোলা সপোন’
- উচ্চতাৰ উন্মাদ ইচ্ছাৰ আখ্যান: বাহাৰুল ইছলামৰ ʼউঁচাইʼ
- গোলাঘাটত ৰফিকুল হোছেইনৰ পৰিচালনাৰে ‘ধেৎতেৰিকা— দ্য ফুটষ্টেপচ্ অফ কেৰেলুৱা’
Follow Nilacharai on Facebook