বি শ্ব বিয়পা কভিড নামৰ মাউৰটোৱেই একমাত্ৰ মাউৰ নে? নে অনেক ধৰণৰ মাউৰে কিলবিলাই আছে আমাৰ কেউফালে? চকু তুলি চালেই দেখা যায়, মূল্যবোধৰ খহনীয়াৰ মাউৰ, নীতিনিষ্ঠাহীনতা-ন্যায়হীনতাৰ মাউৰৰ গ্ৰাসত অহৰ্নিশে জাহ যাব লাগিছে মানুহ৷ তাৰ মাজতো কিছু মানুহ থাকে, যি কভিডক জয় কৰে অথবা নেওচা দিয়ে বাকীবোৰ মাউৰক,— ঠিক ধান বনা কলত ধান বানোতে বাচি যোৱা কেইটামান ধানৰ দৰে৷ এনে ধৰণৰ কিছু প্ৰশ্ন, ব্যাখ্যা আৰু উত্তৰেৰে নিৰ্মিত হৈছে বলিষ্ঠ নাট্যকাৰ (আৰু গল্পকাৰ) সপোনজ্যোতি ঠাকুৰৰ এখন নাটক— ‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’৷ সপোনজ্যোতি ঠাকুৰৰ পৰিচালনাৰেই নাটকখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰই শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰিছিল ৪ মাৰ্চ (২০২৩) তাৰিখে৷
সপোনজ্যোতি ঠাকুৰ এজন তীক্ষ্ণ দৃষ্টিসম্পন্ন আৰু সংবেদনশীল সমাজ নিৰীক্ষক৷ সেই নিৰীক্ষণ তেওঁৰ নাটকবোৰৰ, তেওঁৰ গল্পবোৰৰ, তেওঁৰ সমাজ-সংস্কৃতি বিষয়ক লেখাবোৰৰ হৃদস্পন্দন হৈ আছে৷ সপোনজ্যোতি ঠাকুৰৰ সৃষ্টিৰ আৰু এটা মন কৰিবলগীয়া বিষয় হʼল, তেওঁৰ সৃষ্টিৰ কেবাতৰপীয়া নিৰ্মিতিয়ে প্ৰায়ে তীব্ৰ ৰূপত তুলি ধৰে একোটা ৰাজনৈতিক অভিব্যক্তি৷ সেই ধৰণেই কেইটামান নাটক কৰা লʼৰা-ছোৱালীয়ে নাটক এখন কৰিবলৈ লোৱা কাহিনীৰে গঢ়ি উঠা ‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’ নাটকখনো হৈ উঠিছে সাম্প্ৰতিক অসম-ভাৰত প্ৰেক্ষাপটৰ এক মোক্ষম ৰাজনৈতিক বক্তব্য৷ ‘আঁঠুকাঢ়ি শিল্প নহয়’ বুলি স্পষ্ট ৰূপত কোৱা বাক্যশাৰীতকৈ (তাৎপৰ্যপূৰ্ণভাৱে এই সংলাপ নাট্যকাৰে নিজে অভিনয় কৰা ‘ডাক্তৰ’ নামৰ চৰিত্ৰটোৱে কয়) এই সময়ত অধিক ৰাজনৈতিক কি হʼব পাৰে?
প্ৰতিষ্ঠা নে শিল্প, অনুদান নে মৰ্যাদা, প্ৰচাৰ নে আত্মবিশ্বাস— এই ধৰণৰ দ্বন্দ্ব কিছুমান নিৰসন কৰি নাটকখন আগবাঢ়ি যায়৷ বাটে বাটে আমি লগ পাওঁ প্ৰতিষ্ঠাৰ বাবে শিল্প গৌন বুলি ভবা দেউতাক এজন, প্ৰচাৰেই বৰ্তমান যুগত সকলো বুলি ভবা আৰু প্ৰতিপন্ন কৰিব খোজা চেলচ ৱমেন এগৰাকী আৰু আখৰা কৰি থকা নাটকখনৰ মাজেদি আৰক্ষী-প্ৰশাসন কিম্বা শাসকৰ প্ৰতিনিধি কিছুমানক; তেওঁলোকৰ টনা-আঁজোৰাৰ মাজত আছে শিল্পক সৰ্বস্ব বুলি ভবা কেইটামান উঠন ডেকা-গাভৰু আৰু তেওঁলোকৰ গাইড বা গুৰু বা নাটকখনৰ সূত্ৰধাৰ বুলি ভাবিব পৰা,— নামেৰে ‘ডাক্তৰ’, কিন্তু কামেৰে খেতিয়ক এজন৷ দ্বন্দ্ববোৰৰ অন্তত ‘শইচৰ ঠোক পূৰঠ হʼলে চৰাইক বেলেগে নিমন্ত্ৰণ দিব নালাগে, চৰাইয়ে নিজেই গম পায়’ বোলা আশাবাদেৰে ৭০ মিনিট দৈৰ্ঘ্যৰ নাটকখনৰ সামৰণি পৰে৷ মাউৰত নমৰিবলৈ সেইকণ আশাবাদৰ খুবেই দৰকাৰ আছিল, নাটকৰ লʼৰা-ছোৱালীকেইটাৰ বাবেও, প্ৰেক্ষাগৃহত বহি থকা নাট-ভাওনা ভাল পোৱা দৰ্শকসকলৰ বাবেও৷
সীমিত দৃশ্যসজ্জা, সংগীত আৰু পোহৰেৰে সজোৱা নাটকখনৰ কেউগৰাকী শিল্পী— দৰ্শনা দেৱী, ৰাজৰ্ষি মাধৱ ফুকন, সত্যেন শইকীয়া, পৱিত্ৰ শইকীয়া, আকাশ শইকীয়া, দীপজ্যোতি গগৈ, পৰাশজ্যোতি নাথ, দেৱজিৎ দত্ত, বনদীপা গাৰ্গী আৰু সপোনজ্যোতি ঠাকুৰে বিশ্বাসযোগ্য অভিনয়েৰে নাটকখনি সফল কৰি তুলিলে৷ নাটকখন চাই থাকোঁতে এটা কথা অনুভৱ কৰিছিলো, এইখন নাটকত এটা সংলাপো বেছিকৈ বা কমকৈ নাই (যেন নীলমণি ফুকনৰ কবিতাৰ দৰে!), সেয়েহে এটামান সংলাপো কিবা কাৰণত নুশুনিলে ৰস ভংগ হোৱাটো খাটাং, যিটো আমাৰ ক্ষেত্ৰত আলোচ্য প্ৰযোজনাটোত ঘটিছে; সেয়া শব্দযন্ত্ৰৰ বাবে নে শিল্পীৰ স্পষ্টতাৰ অভাৱৰ বাবে, ভালকৈ ধৰিব পৰা নগʼল৷ ইয়াৰ উপৰি কিছু দৰ্শকৰ ফুচফুচনি, ফোনৰ ৰিংটন আৰু কথোপকথনেও মনোযোগ মাজে মাজেই ব্যাহত কৰিছিল৷ পোহৰৰ ক্ষেত্ৰত এটা কথা অনুভৱ কৰিলো, পোহৰৰ জʼনত কৰা অভিনয়খিনিত অভিনেতাৰ মুখবোৰ মাজে মাজে আন্ধাৰত আছিল, হয়তো প্ৰায় মূৰৰ ওপৰৰ পৰা পোহৰৰ বাবে৷ প্ৰেক্ষাগৃহৰ মাজমানৰ বাৰডালত থকা দুটা-এটা স্পট লাইটৰ পোহৰ কম পৰিমাণে মিশ্ৰণ কৰি দিয়া হʼলে দৰ্শকৰ চকুৱে অলপ আৰাম পালেহেঁতেন বুলি ভাবোঁ৷
অনেক চিন্তাৰ উন্মেষ ঘটোৱা আৰু আকৌ চালে আকৌ অন্য দৃষ্টিকোণেৰে ইণ্টাৰপ্ৰেট কৰিব পৰাৰ সুযোগ-সম্ভাৱনা থকা বুলি অনুভৱ কৰা এখন ভাল নাটক উপহাৰ দিয়াৰ বাবে দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰলৈ ধন্যবাদ যাঁচিছো আৰু সপোনজ্যোতি ঠাকুৰৰ পৰা আঁঠু নকঢ়া শিল্পৰ আশা ৰাখিছোঁ৷
❧ | আৰু পঢ়ক: