জয় জগত গুৰু
সমস্তৰে কল্পতৰু
জয় জয় শংকৰদেৱ।
ভকতি দুন্দুভি বাজে
মুকুতিৰ ধ্বজা উৰে
জয়ন্তী-লগনে কৰোঁ সেৱ॥
এই ধ্বজা জয় ধ্বজা
সৰ্ব কল্যাণৰ পন্থা
এক শৰণ ধৰমৰ।
প্রীতিৰ সূতাৰে বোৱা
সেৱাৰ ৰসেৰে ধোৱা
এই ধ্বজা মহা মংগলৰ॥
হেন ধন্য ধ্বজা তলে
দিওঁ জয়ধ্বনি সৱে
জয় সত্য-শিৱ-সুন্দৰ।
জয় দুষ্কৃতি নাশক
জয় সম্প্রীতি প্রকাশক
জয় জয় শ্ৰীমন্ত শংকৰ॥
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক