নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মহিয়সী কুশলে আছানে

মহিয়সী কুশলে আছানে

ব্যস্ত এজাক সপোন
জীৱনৰ ৰং বোলোৱাত—
ৰঙা, নীলা, সেউজীয়া
বগাবোৰ প্ৰিয়, সত্য।

তিমিৰাচ্ছন্ন দিনবোৰ
শৰতৰ শুকুলা মেঘে
পাহৰাই তুলিব…
শব্দবোৰে শৃংখল সাজি
আকাশত উৰিব…

কোঠালিয়ে, পেণ্ডেলে
ৰং তুলিকা লৈ
নগ্ন মূৰ্তিক
জীপাল কৰাৰ আখৰা।

আকাশত ৰঙ ঢালি
মৌ চুহিব খোজা
পখিলাৰ দৰে
এজাক সপোন উৰে।

নিয়ৰ টোপালে
কথা ক’ব খোজে—
মহিয়সী কুশলে আছানে তুমি?

❧ | আৰু পঢ়ক:

ছবি: Debnathsonu1996, CC BY-SA 4.0 via Wikimedia Commons

Follow Nilacharai on Twitter
HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: