নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

গলি থকা ৰবাব টেঙাটো ভৰাবলৈ
মই এটা কাঁচৰ বাল্টি আনিলো।
ৰসবোৰত এজনী ফুটুকী হৰিণীৰ
দুটোপাল চকুপানী ওপঙি থকা দেখা পালো।

আৰু পালো তাইৰ নিমখ নিমখ দুখবোৰ
বগা বগা টুকুৰা হৈ পানীত ঘূৰি থকা।

আৰু হেলচফুলীয়া আখৰবোৰ শুকান
চোলাটোত খেলি থকা পালো—
‘আই বাই লোণে-মাছে ভাত খায়…’

এগিলাচ কাজিনেমুৰ চৰ্বতত
ডুবি থকা দেখিলো তাইৰ ভৰিৰ পতা দুখন।

একেছীয়া পাতৰ দুপৰীয়া এটা
ৰ’দে খেদা পথাৰৰ দাঁতিত শুই আছে।
ৰবাবৰ বাকলিত নিমখীয়া কঁৰাল।

আৰু এতিয়া
গৰখীয়া লেকেছিত সন্ধিয়াটো ওলোমাই
গৈ আছে খোজবোৰ…

তাইৰ জিভাখন বৰফ নোহোৱা হ’লে!
পথাৰখনে এটা কিৰীলি মৰা হ’লে!
পাছদিনাৰ দুপৰত এটা
পখিলা উৰাৰ কথা
পথৰুৱা নোহোৱা হ’লে!

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: