ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা

ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা
  • 11 Feb, 2022

ধূলি উৰিছে…
ধূলি উৰিবই

ধূলি উৰা মানেই তোমাৰ চুলি উৰা
ফাগুনেতো আৰু নাজানে
তুমি কি চেম্পু কৰা
অথবা কি কণ্ডিচনাৰে চমকনি তোলে
তোমাৰ উৰণীয়া মেঘত
ফাগুন মতলীয়া
তোমাৰ আচল উৰুৱাই চুই যায়
এসাগৰ তৰংগ ভালপোৱাৰ
তুমি নিলাজ বুলিলেও
ইতস্ততঃ বোধ নকৰে ফাগুনে
ডেমকেয়াৰ ফাগুন মোৰ নিচিনাই।

মোক পাবলৈ তুমি হাবিয়াস কৰা
আধা ৰাতি সাৰ পাই গোৱা বেদুইন বাউল
তুমি হাঁহা তুমি কান্দা
তুমি বিলীন হোৱা তোমাত
উজলাই তুলিবৰ বাবে নিজক
বাৰে বাৰে কথা পাতা আইনাত
আৰু
মোৰ পৰা আঁতৰাই নিব বিচৰা মোক
মুহূৰ্তে মুহূৰ্তে…

বাঢ়ি যায়
বাঢ়ি যায়…
তোমাৰ হাবিয়াস মোক পোৱাৰ
অথচ তুমি বেয়া পোৱা ফাগুনক
মইতো উৰি ফুৰোঁ অহৰহ
তোমাৰ ডাৱৰীয়া আকাশত চিলা এখন হৈ
ধূলি উৰিবই দিয়া তোমাৰ চুলি উৰুৱাই
পাত সৰিবই দিয়া তোমাৰ দুভৰিত নূপুৰ বজাই
ফাগুনেতো আৰু নাজানে তুমি কি চেম্পু কৰা
অথবা কি পৰশৰে মসৃণ হয় তোমাৰ কজলা কাজল
ফাগুন ডেমকেয়াৰ মোৰ নিচিনাই।

প্ৰেমৰ কবিতা

ধূলি উৰিবই দিয়া তোমাৰ চুলি উৰুৱাই

তুমি ভালপোৱা বতাহ
তুমি ভালপোৱা পলাশ
তুমি ভালপোৱা মদৰুৱা উশাহ
কমোৱা তুলাৰ দৰে তুমি উৰুৱাই দিব বিচাৰা
তোমাৰ চুলিৰ গুলপীয়া সুবাস

ফাগুন তোমাৰ এলাৰ্জি
ফাগুনক তুমি বেয়া পোৱা
মুখ ঢাকি আওৰোৱা ফাগুনৰ বদনাম
অথচ তুমি ভালপোৱা ভালপোৱাৰ গান
দুষ্ট ফাগুনৰ দুষ্ট গান নষ্ট প্ৰাণ…

অ’ মোৰ…
ভালপোৱাৰ সময় ভালপোৱা
বাউলী ব’হাগী বতাহ
ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা
ধূলি উৰিবই দিয়া তোমাৰ চুলি উৰুৱাই
পাত সৰিবই দিয়া তোমাৰ আচল উৰুৱাই
ফাগুনেতো আৰু নাজানে
তুমি কি চেম্পু কৰা
অথবা কি কণ্ডিচনাৰৰে মসৃণ হয় তোমাৰ উৰণীয়া মেঘ
ফাগুন ডেমকেয়াৰ
ডেমকেয়াৰ ফাগুন
মোৰ নিচিনাই।

❧ | আৰু অধিক ফাগুন আৰু প্ৰেমৰ কবিতা:

ফাগুনেতো আৰু নাজানে তোমাৰ প্ৰেমৰ দিনৰ কথা | তপন শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক