বৈ আহে সোৱঁৰণী ফাগুনী

বৈ আহে সোৱঁৰণী ফাগুনী
  • 13 Jan, 2012

মূল: গুলজাৰ (এক পুৰানা মউসম লউটা, য়াদ ভৰি পুর্বাঈ ভী)
অনুবাদ: ৰূপজ্যোতি গোস্বামী

এক পুৰণি ঋতু উভতি
এক পুৰণি ঋতু উভতি
বৈ আহে সোৱঁৰণী ফাগুনী,
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়॥

স্মৃতিৰ বৰষুণত
স্মৃতিৰ বৰষুণত
যেতিয়া দুচকু সেমেকে,
আন্দোলিত অতীতৰ দিন মন সুগন্ধিত হয়।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়॥

দুখন মুখ যেন উজলি উঠে
দুখন মুখ যেন উজলি উঠে
ধূসৰ দাপোণত,
মোৰ সৈতে লাগি অহা এক সুগন্ধই
তোমাৰ কথাকে কয়।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়॥

নীৰৱতাৰ আঁচলে চুই যায়,
নীৰৱতাৰ আঁচলে চুই যায়,
দি যায় মৌনতাৰ লয়,
মৌন ওঁঠেৰে মোৰ কথাকে শুনালো
তেওঁৰো শুনিলো কথা মৌন হৈ।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়॥

এক পুৰণি ঋতু উভতি
এক পুৰণি ঋতু উভতি
বৈ আহে সোৱঁৰণী ফাগুনী,
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়॥

বৈ আহে সোৱঁৰণী ফাগুনী | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক