যি আমাৰ বাবে আদৰৰ আদৰ্শৰ ছবি,
যাৰ হাতত ধৰি আমি জীৱনৰ
কাঁইটীয়া বাটত খোজ পেলাওঁ
আৰু যাৰ কষ্টৰ চিন স্বৰূপে আমি
মানুহ হোৱাৰ বাটত খোজ দিওঁ;—
যিয়ে নিজৰ কষ্টক নেওচি
আমাক আগবঢ়াই নিব খোজে
জীৱনৰ সুগম বাটত
যাৰ আদৰ্শৰে জীৱনৰ সকলো দুখ
হাঁহিৰে আঁকোৱালি ল’বলৈ শিকোঁ,—
তেৱেঁই আমাৰ সকলোৰে পূজনীয়া আই
যাৰ সমান আপোন আৰু কোনো নাই!
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক