যো ৱা ২১ মাৰ্চ (২০২৫) তাৰিখে গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন অসমীয়া দৃশ্য-শ্ৰাব্য গীত ‘এটি এটি কথা’ মুকলি কৰা হয়। গহপুৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী সুৰভি সোণমণি হাজৰিকাৰ শ্ৰুতিমধুৰ কণ্ঠৰে ৰোমাণ্টিক গীতটি উন্মোচন কৰে বিশিষ্ট শিল্পী শান্তা উজীৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সংগীতজ্ঞ মানস হাজৰিকা, জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈ, সংগীতকাৰ দীপ ৰাজবংশী, গায়ক চাজু আদিকে ধৰি সংগীত জগতৰ গণ্য-মান্য ব্যক্তি।

এগৰাকী নাৰীৰ সীমাহীন ভালপোৱাৰ অনুভূতি গীতটিl প্ৰকাশ কৰিব বিচৰা হৈছে আৰু এই অনুভূতিত পোৱা-নোপোৱা, সুখ-দুখৰ প্ৰতিফলন ঘটিছে। কথা, সুৰ আৰু কণ্ঠৰ সামঞ্জস্যই অনন্য মাত্ৰা প্ৰদান কৰা ‘এটি এটি কথা’ শীৰ্ষক দৃশ্য-শ্ৰাব্য গীতটিত কণ্ঠশিল্পী সুৰভি সোণমণি হাজৰিকাই কণ্ঠদান কৰাৰ উপৰি তেৱেঁই গীতটি ৰচনা আৰু সুৰ সংযোজন কৰিছে।
জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই গীতটি অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতিটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে অপুৰাজ গগৈয়ে। গীতটিৰ ভিডিঅ’ চিনেমাটোগ্ৰাফাৰ অম্লান জ্যোতি ৰাজখোৱাৰ। সংমিশ্ৰণ কৰিছে মানস হাজৰিকা আৰু পিংকু দাসে। অভিনয় কৰিছে দীপাংকৰ মহন্ত, জুনু নাথ, অনুষ্কা কাশ্যপ, আমাইৰাদিত্য আৰু সুৰভি সোণমণি হাজৰিকাই। এছ এছ প্ৰডাকচনৰ দ্বাৰা নিবেদিত ‘এটি এটি কথা’ গীতটি ইতিমধ্যে ইউটিউব চেনেলযোগে সংগীত প্ৰেমীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে।
❧ | আৰু পঢ়ক:
- কলংপৰীয়া বাৰগঞা সমাজৰ দৌল উৎসৱ আৰু হেজাৰী ভাওনা
- এশ নিযুত ভাৰতীয় মধুমেহ ৰোগত আক্ৰান্ত
- বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি আলোচিত হোৱা জৰাজীৰ্ণ ঘৰটো আচলতে ৰাভাৰ হয়নে: পুত্ৰ হেমৰাজ ৰাভাই কি কয়
Follow Nilacharai on Facebook
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক