এশ নিযুত ভাৰতীয় মধুমেহ ৰোগত আক্ৰান্ত

এশ নিযুত ভাৰতীয় মধুমেহ ৰোগত আক্ৰান্ত
  • 11 Jun, 2023

ডা য়েবেটিচ এটা ইংৰাজী শব্দ, এটা বেমাৰৰ নাম। অসমীয়াত ইয়াক বহুমূত্ৰ ৰোগ বুলি কোৱা হৈছিল যদিও আজিকালি মধুমেহ ৰোগ নামটো অধিক প্ৰচলিত।

ভাৰতবর্ষ যে এখন মধুমেহ-প্ৰধান দেশ, মধুমেহ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা পৃথিৱীৰ ভিতৰতে আমাৰ দেশত যথেষ্ট, সেয়া আজি কেইবাদশক ধৰি এক সর্বজনস্বীকৃত তথ্য। তথাপিও বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ মধুমেহ ৰোগীৰ যি সংখ্যা দাঙি ধৰিছিল, তাতকৈ ই যথেষ্ট বেছি বুলি শেহতীয়াকৈ লাঞ্চেট ডায়েবেটিচ এণ্ড এণ্ড’ক্ৰাইনলজিৰ এক অধ্যয়নত প্ৰকাশ পাইছে। এই তথ্য অনুসৰি ভাৰতৰ জনসংখ্যাৰ ১১.৪ শতাংশ, অর্থাৎ ১০১ নিযুত লোক আজি মধুমেহ ৰোগী।

ডায়েবেটিচৰ লগতে আৰু এটা শব্দও চিকিৎসা বিজ্ঞানীৰ পৰিভাষাত আছে, সেয়া হৈছে প্ৰি-ডায়েবেটিচ, অর্থাৎ ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱাৰ পূর্বৰ অৱস্থা বা সম্ভাৱনা। ভাৰতত মধুমেহ ৰোগীৰ লগতে এই ৰোগত আক্ৰান্ত হ’বলগীয়া, প্ৰি-ডায়েবেটিচ লক্ষণযুক্ত লোকৰ সংখ্যাও এক অভিলেখ! এনে ভাৰতীয় লোকৰ সংখ্যা ১৩৬ নিযুত বা মুঠ জনসংখ্যাৰ ১৫.৩ শতাংশ।

সম্প্ৰতি টাইপ টু ডায়েবেটিচৰ প্ৰাদুর্ভাৱ বেছি হৈছে। সাধাৰণতে যিসকল লোকৰ তেজত শর্কৰা বা ব্লাড চুগাৰ অধিক হয় আৰু ফলস্বৰূপে তেনে লোকে পৰ্যাপ্ত হাৰত ইনচুলিন নামৰ হৰমনবিধ নিজৰ শৰীৰত সৃষ্টি কৰাব নোৱাৰে, তেনে লোক মধুমেহৰ বলি হয়।

টাইপ ১ ডায়েবেটিচ হৈছে মূলতঃ আমাৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াৰ এক ৰোগ, এই ৰোগ হ’লে আমাৰ শৰীৰত তেজৰ শর্কৰাক নিয়ন্ত্ৰণ কৰিব পৰা ইনচুলিন নামৰ হৰমন দুর্বল হৈ পৰে।

আনহাতে টাইপ ২ ডায়েবেটিছ হৈছে এক অসুস্থ জীৱনধাৰাৰ পৰিণতি, যাৰ ফলত আমাৰ শৰীৰত জমা হোৱা চর্বিয়ে ইনচুলিনৰ কাম-কাজক বাধাগ্ৰস্ত কৰে।

যি কি নহওক, লাঞ্চেট ডায়েবেটিচ এণ্ড এণ্ড’ক্ৰাইলজিৰ এই অধ্যয়নে ভাৰতবর্ষৰ প্ৰতিখন ৰাজ্যক পোনপ্ৰথমবাৰৰ বাবে সামৰি লৈছে আৰু দেখুৱাইছে যে মধুমেহ ৰোগীৰ হাৰ ভাৰতৰ ভিতৰত সর্বাধিক গোৱাত— ২৬.৪ শতাংশ, তাৰ পিছতে পুডুচেৰি আৰু কেৰালাত যথাক্ৰমে ২৬.৩ আৰু ২৫.৫ শতাংশ। লগতে এই অধ্যয়নেই সকীয়াই দিছে যে পূর্বে মধুমেহ ৰোগীৰ সংখ্যা কম হৈ থকা অৰুণাচল প্ৰদেশ, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ সম্প্ৰতি সংকটাপন্ন।

ডাঃ মোহনচ ডায়েবেটিচ স্পেচিলিটিজ চেণ্টাৰৰ পৰিচালন সঞ্চালক তথা এই অধ্যয়নৰ প্ৰতিবেদন যুগোতোৱা বিশেষজ্ঞ ডাঃ আৰ এম অঞ্জনাই কয় যে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ মধুমেহ ৰোগীৰ সংখ্যা ৭৭ নিযুত আৰু প্ৰি-ডায়েবেটিচ ৰোগীৰ সংখ্যা ২৫ নিযুত বুলি কৈছিল যদিও বাস্তৱিকতে প্ৰি-ডায়েবেটিচৰ বলি হোৱা লোক আমাৰ দেশত যে সোনকালেই ডায়েবেটিচৰ বলি হয়, তাক বুজিব পাৰি এই তথ্যৰ পৰা যে ৬০ শতাংশ প্ৰি-ডায়েবেটিক পাঁচ বছৰতে মধুমেহ ৰোগী হৈ পৰে।

ভাৰতবর্ষৰ মধুমেহ ৰোগী সমন্ধীয় এই অধ্যয়ন চলাবলৈ মাদ্ৰাজ ডায়েবেটিচ ৰিচার্চ ফাউণ্ডেচন আৰু ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচার্চক প্ৰয়োজন হৈছিল সম্পূর্ণ এটা দশকৰ আৰু তথ্য সংগ্ৰহ কৰা হৈছিল ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ২০ বছৰতকৈ অধিক বয়সৰ এক লাখ তেৰ হাজাৰ লোকৰ পৰা। ২০০৮ চনত সংগৃহীত তথ্যাৱলী পাছত ২০২১ চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপৰ তথ্যৰ সৈতে তুলনা কৰা হয়।

❧ | আৰু পঢ়ক:

এশ নিযুত ভাৰতীয় মধুমেহ ৰোগত আক্ৰান্ত | ধ্ৰুৱ শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক