প্ৰাচীন কামৰূপত বজ্ৰযানী তান্ত্ৰিক পীঠ

প্ৰাচীন কামৰূপত বজ্ৰযানী তান্ত্ৰিক পীঠ
  • 03 Dec, 2024

প্ৰা চীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰত বৌদ্ধ ধৰ্মৰ প্ৰচলন আছিল নে নাই সেই সম্পৰ্কত অসমৰ বুৰঞ্জীবিদসকলে যথেষ্ট তথ্য দিব নোৱাৰিলেও সাম্প্ৰতিক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে যে ভাৰতৰ আন অঞ্চলৰ দৰে এই ভূমিভাগতো বৌদ্ধ ধৰ্মৰ প্ৰচলন অন্ততঃ কুমাৰ ভাস্কৰ বৰ্মনৰ দিনৰ পৰাই আছিল। মন কৰিবলগীয়া যে সম্ৰাট অশোকৰ ৰাজত্বকালত কামৰূপ বা প্ৰাগজ্যোতিষপুৰ অঞ্চল মৌৰ্য সাম্ৰাজ্যৰ অধীনত নাছিল,— কাৰণ অশোকৰ কোনো অনুশাসন বা শিলালিপি আদিত কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ নামোল্লেখ নাই। তাৰানাথৰ ‘ভাৰতত বৌদ্ধ ধৰ্মৰ ইতিহাস’ গ্ৰন্থত কামৰূপত বৌদ্ধ ধৰ্মৰ প্ৰচলনৰ তথ্য দাঙি ধৰা হৈছে। তাৰানাথে কৈছে যে সূৰ্যোপাসক বৌদ্ধসকলে এই অঞ্চলত মহাচৈত্য নিৰ্মাণ কৰিছিল। প্ৰাচীন কামৰূপত ধিতিকা নামৰ এগৰাকী সিদ্ধই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু বহুসংখ্যক লোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰাইছিল। ধিতিকাৰ সময়কাল আছিল খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা, কিয়নো তেওঁ অজাতশত্ৰু আৰু অশোকৰ সময়ত ধৰ্ম প্ৰচাৰ কৰাৰ তথ্য পোৱা গৈছে। তাৰানাথে অশ্বভৱ নামৰ আন এগৰাকী বৌদ্ধ গুৰুৱে কামৰূপত মহাচৈত্য নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে। কলহানৰ ৰাজতৰংগিণীয়ে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পূৰ্বৰে পৰা কামৰূপত বৌদ্ধ ধৰ্মৰ প্ৰচলনৰ ইংগিত দিয়ে। কামৰূপৰ জীয়ৰী আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ পত্নী অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুসকলৰ সুবিধাৰ বাবে অমৃতভৱন নামৰ এটি অতিথিশালা নিৰ্মাণ কৰাইছিল। যদি সেয়া হয়, তেন্তে কামৰূপত পঞ্চম শতিকাতো বৌদ্ধ ধৰ্মৰ প্ৰচলনৰ ইংগিত পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মন (৫৯৪-৬৫০) বৌদ্ধ ধৰ্মাৱলম্বী নাছিল যদিও তেওঁ বৌদ্ধসকলক সন্মান কৰিছিল। আন কিছুমানৰ মতে কুমাৰ ভাস্কৰবৰ্মা নিজেই বৌদ্ধ ধৰ্মাৱলম্বী লোক আছিল। তেওঁ শিৱৰ উপাসক আছিল আৰু নিজেই শিৱ পূজা কৰিছিল। পুৰোহিত অবিহনে নিজেই পূজা কৰা ৰীতি বৌদ্ধ আৰু জড়োপাসকসকলৰ মাজতহে আছে। চীনা পণ্ডিত তথা পৰিব্ৰাজক হিউৱেন চাঙ (Xuanzang)ক তেৱেঁই কামৰূপলৈ নিমন্ত্ৰণ কৰি আনিছিল আৰু প্ৰয়াগত অনুষ্ঠিত বৌদ্ধ মহামেলত ৰজাই নিজেই অংশগ্ৰহণ কৰিছিল। প্ৰয়াগত অনুষ্ঠিত সেই বৌদ্ধ মহামেলত বৌদ্ধসকলে শিৱ আৰু সূৰ্যৰ উপাসনা কৰাৰ কথাটো বিশেষভাৱে মন কৰিবলগীয়া। কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনত থকা ‘ধৰ্ম’ শব্দটোৰ বাবে বহুতেই তেওঁৰ দিনত কামৰূপত বৌদ্ধ ধৰ্মৰ বহুল প্ৰভাৱ আছিল বুলি ক’ব খোজে। আনপিনে ইন্দ্ৰপাল আৰু ধৰ্মপালৰ শাসনতো ‘তথাগত’ নামটোৰ উল্লেখ পোৱা যায়।

অষ্টম শতিকাত ৰচিত হেবজ্ৰতন্ত্ৰত কামৰূপক ‘পীঠ’ বুলি উল্লেখ কৰা হৈছে। দক্ষিণ এছিয়াৰ বৌদ্ধ আৰু হিন্দু তন্ত্ৰসমূহৰ মতে লুইপা বা মৎসেন্দ্ৰনাথে কামৰূপতে তন্ত্ৰৰ সিদ্ধি লাভ কৰিছিল। বহুতে বিশ্বাস কৰে পাল ৰাজবংশৰ ৰত্নপাল আৰু ইন্দ্ৰপালে বৌদ্ধ সিদ্ধসকলৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তাৰ ফলত সেই সময়ত কামৰূপত বৌদ্ধ ধৰ্মই বিস্তৃতি লাভ কৰিছিল।

ভাৰতত বজ্ৰযান শাখাৰ তান্ত্ৰিক বৌদ্ধবাদ সপ্তম শতিকাৰ পৰা তেৰশ শতিকালৈকে অৰ্থাৎ মুচলমানসকলৰ আগমনৰ পূৰ্বলৈকে প্ৰবলভাৱে চলি আছিল। বৌদ্ধ গ্ৰন্থ সাধনমালাত উল্লেখ আছে যে প্ৰাচীন ভাৰতত কামৰূপ, শ্ৰীহট্ট, পূৰ্ণগিৰী আৰু উদ্দীয়ান নামৰ চাৰিখন তান্ত্ৰিক পীঠ আছিল। উদ্দীয়ানতেই তান্ত্ৰিক ধাৰাৰ জন্ম হৈছিল। চাৰিওখন স্থানেই বজ্ৰযোগিনীৰ পূজাৰ বাবে বিখ্যাত আছিল। প্ৰতিটো পীঠতেই বজ্ৰযোগিনীৰ একোটাকৈ মন্দিৰো আছিল। ইয়াৰ ভিতৰত উদ্দীয়ান নামৰ ঠাইখনৰ প্ৰকৃত অৱস্থিতি এতিয়ালৈকে পণ্ডিতসকলে ঠাৱৰ কৰিব পৰা নাই যদিও বাকী তিনিখন ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰিব পাৰিছে। কামৰূপ আৰু শ্ৰীহট্ট ঠাই দুডোখৰ বৰ্তমানৰ অসম আৰু শ্ৰীহট্ট হোৱাটো সকলো পণ্ডিতেই মানি লৈছে। অসমত বৌদ্ধ ধৰ্ম বিষয়ক চিন্তা-চৰ্চা বহুলভাৱে কৰা সৌম্যদ্বীপ দত্তই তেওঁৰ ‘ব্ৰহ্মপুত্ৰ আৰু বৰাক সভ্যতাৰ উৎস সন্ধান’ গ্ৰন্থত গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰখনকেই ‘পূৰ্ণগিৰি’ বুলি ক’ব খোজে। এই কথা মানি ল’লে প্ৰাচীন কামৰূপত বজ্ৰযান বৌদ্ধ শাখাৰ তিনিটা স্থানতেই তান্ত্ৰিক বৌদ্ধবাদৰ চৰ্চা হৈছিল বুলি নিশ্চিতভাৱে ক’ব পাৰি। সেইফালৰ পৰা অসম আৰু পূৰ্ববংগই তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ উৎপত্তিস্থান আছিল। এই তান্ত্ৰিক পীঠসমূহৰ সৈতে প্ৰসিদ্ধ সিদ্ধ নাগাৰ্জুন (প্ৰথম শতিকা), সৰহ, সৱৰিপা, লুইপা, পদ্মভৈৰা আদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছিল। কামৰূপৰ ৰজা ব্ৰহ্মপালে তান্ত্ৰিকবাদক সমৰ্থন কৰিছিল। তাৰ ফলত অতি সোনকালেই কামৰূপ বৌদ্ধ তান্ত্ৰিকৰ মহাপীঠস্থানত পৰিণত হয়। কামৰূপৰ কামাখ্যা, হয়গ্ৰীৱ মাধৱ এসময়ত বিখ্যাত তান্ত্ৰিক পীঠ আছিল। আজিও হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ তীব্বত, ভূটান আদি বৌদ্ধ দেশসমূহৰ পৰা বহু ভক্তপ্ৰাণে তেওঁলোকৰ শ্ৰদ্ধা নিৱেদন কৰিবলৈ আহে। কোৱা হয়, ভগৱান বুদ্ধই ইয়াতেই পৰিনিৰ্বাণ লাভ কৰিছিল আৰু দ্বিতীয় বৌদ্ধ মহামেল ইয়াতেই অনুষ্ঠিত হৈছিল। এই কথা এতিয়াও তীব্বত, ভূটান, লাডাখ আৰু দক্ষিণ-পশ্চিম চীনৰ লোকসকলে বিশ্বাস কৰে। ‘হাজো’ শব্দটো দুটা বৌদ্ধ শব্দৰ সংযোজন ঘটিছে— ‘হা’ মানে সূৰ্য আৰু ‘জো’ মানে অস্ত যোৱা। অৰ্থাৎ হাজো শব্দৰ অৰ্থ হ’ল য’ত সূৰ্য অস্ত যায়। ইয়াৰ অৰ্থ এনেকুৱাও হ’ব পাৰে— বুদ্ধৰ পৰিনিৰ্বাণ লাভৰ লগে লগে তাত সূৰ্য অস্ত গৈছিল।

অসমত বৌদ্ধ চৈত্য, স্তূপ আৰু বৌদ্ধ মূৰ্তি বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। তাৰ লগত আছে বহুতো পুৰাতাত্ত্বিক সমলৰ সৈতে বৌদ্ধ ধৰ্ম জড়িত থকাৰ কাহিনী। ছয়গাঁৱৰ মেৰঘৰ এসময়ত বৌদ্ধ ধৰ্মৰ প্ৰসিদ্ধ সাধনাস্থলী আছিল। পাল ৰাজত্বৰ সময়ত গোৱালপাৰা জিলাত বহুত বৌদ্ধ পীঠস্থান গঢ়ি উঠিছিল। গোৱালপাৰা জিলাৰ ডেকধোৱা আৰু শ্ৰীসূৰ্য পাহাৰত ধৰ্মচক্ৰ পোৱা গৈছে। ধৰ্মচক্ৰ কেৱল বৌদ্ধধৰ্মৰ সৈতে জড়িত, সেয়ে সেই অঞ্চলসমূহ এসময়ত বৌদ্ধ পীঠস্থান আছিল বুলি সহজেই ক’ব পাৰি। শ্ৰীসূৰ্য পাহাৰত বুদ্ধই ভূমিস্পৰ্শ মুদ্ৰাত বহি আছে। ঠিক একেধৰণৰ বৌদ্ধ মূৰ্তি বিহাৰ, বঙ্গ আৰু আৰু ব্ৰহ্মদেশত আৱিষ্কৃত হৈছে। বুদ্ধৰ এই মূৰ্তিবোৰক ‘ধ্যানী বুদ্ধ’ বুলি কোৱা হয়। এই মূৰ্তিসমূহ অৱলোকিতেশ্বৰ বুদ্ধৰ আন এটা ৰূপ। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত নৱম-দশম শতিকাৰ তাৰাদেৱীৰ মূৰ্তি পোৱা গৈছে। তাৰা বৌদ্ধসকলৰ এগৰাকী গুৰুত্বপূৰ্ণ দেৱী। সম্ভৱতঃ পদ্মসম্ভৱেই প্ৰথমতে বৌদ্ধ বজ্ৰযানবাদত দেৱীৰ উপাসনাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ ওড়িয়া মূলৰ সিদ্ধ আছিল। বজ্ৰ শব্দৰ অৰ্থ শূন্য। বৌদ্ধসকলৰ আদিদেৱতা হ’ল আদিবুদ্ধ। তেওঁ বজ্ৰধৰ আৰু পদুমৰ ওপৰত বহি থাকে। তেওঁ বহি থকা অৱস্থাত দুখন হাতৰ বাঁওহাতত থাকে এটা টিলিঙা আৰু সোঁহাতখনত থাকে এটা বজ্ৰ। বৌদ্ধসকলৰ মতে বৰ্তমানে যি কল্প চলিছে তাৰ নাম ভদ্ৰকল্প। অৱলোকিতেশ্বৰেই এই কল্পৰ ৰক্ষাকৰ্তা। শাক্যসিংহৰ মৃত্যুৰ পাছত যেতিয়ালৈকে বুদ্ধ মৈত্ৰেয়ৰ আৱিৰ্ভাৱ নহয়, তেতিয়ালৈকে অৱলোকিতেশ্বৰেই জগতক পালন কৰিব। সাধনমালা, নিষ্পন্নযোগাৱলী আৰু অপৰাপৰ বৌদ্ধতন্ত্ৰ গ্ৰন্থত অৱলোকিতেশ্বৰক নানা ৰূপত বৰ্ণনা কৰা হৈছে। নেপালৰ মছন্দৰ বাহালৰ বেৰত ১০৮ প্ৰকাৰ অৱলোকিতেশ্বৰ মূৰ্তিৰ চিত্ৰ আছে।

বৈদিক যুগত কেৱল যে ব্ৰাহ্মণসকলেই উপাসনাৰ সৈতে জড়িত আছিল, এনে নহয়। ব্ৰাহ্মণসকলে যাগ-যজ্ঞ, বলি-বিধানৰ দ্বাৰা ঈশ্বৰক উপাসনা কৰিছিল আৰু তেওঁলোকৰ প্ৰধান পৃষ্ঠপোষক আছিল ৰজাসকল। ব্ৰাহ্মণসকলে দৰ্শন, সাহিত্য, জ্যোতিষ শাস্ত্ৰ আদিৰো চৰ্চা কৰিছিল। সেই যুগত মূলতঃ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে চাৰি বৰ্ণাশ্ৰম প্ৰথা মানি চলিছিল। ব্ৰাহ্মণসকলৰ বিপৰীতে আন এক শ্ৰেণীৰ লোক আছিল, যিসকলক শ্ৰমণ বুলি কোৱা হৈছিল। তেওঁলোকে বনলৈ গৈ ধ্যান কৰিছিল আৰু বনৰ ফল-মূল অথবা ভিক্ষাৰ অন্নৰে নিজকে প্ৰতিপালিত কৰিছিল। তেওঁলোকে বৰ্ণাশ্ৰম প্ৰথা মানি চলিব নালাগিছিল। তেওঁলোকে বেদধ্যয়ন নকৰিছিল, গৃহস্থী নহৈছিল, কেৱল সন্ন্যাস লৈছিল। শ্ৰমণ হ’বলৈ ব্ৰাহ্মণ বা ক্ষত্ৰিয় হ’ব নালাগিছিল, যিকোনো বৰ্ণৰ লোকেই শ্ৰমণ হ’ব পাৰিছিল আৰু তেওঁলোকৰ কোনো জাতি নাছিল। বুদ্ধৰ সময়ত ছয়গৰাকী শ্ৰমণ থকাৰ কথা পোৱা যায়— পুৰাণ কাশ্যপ, মস্কৰিন গোশালীপুত্ৰ, অজিত কেশকম্বল, ককুড় কাত্যায়ন, সঞ্জয়িন ভৈৰিত্ৰপুত্ৰ আৰু নিগ্ৰন্থ জ্ঞানতিপুত্ৰ। শ্ৰমণসকলেই যোগী আছিল। তেওঁলোকে হাতত কাপালিক লৈছিল আৰু লৱণযুক্ত খাদ্যৰ সন্ধানত জনপদলৈ আহিছিল। বৌদ্ধ ধৰ্মও শ্ৰমণৰ ভিত্তিত গঢ়ি উঠিছিল। তেওঁলোকৰ মাজত জাতিভেদ নাছিল, যিকোনো লোকেই শ্ৰমণ হ’ব পাৰিছিল। মন কৰিবলগীয়া যে ব্ৰাহ্মণসকলে শ্ৰমণসকলৰ দৰে পৰিভ্ৰমণ কৰা নাছিল। তেওঁলোকে কুটীৰত গৃহস্থী ধৰ্ম পালন কৰিছিল আৰু শিষ্যসকলক নিজৰ কুটীৰতে ৰাখি বেদধ্যয়ন কৰোৱাইছিল। তাৰ বিপৰীতে শ্ৰমণসকল আছিল পৰিভ্ৰমী। যিসকল বুদ্ধ শ্ৰমণ আছিল, তেওঁলোকে চাৰিউফালে বুদ্ধৰ ধৰ্মপোদেশ আৰু দৰ্শন প্ৰচাৰ কৰি ফুৰিছিল। তাতোকৈ ডাঙৰ কথা আছিল যে যিহেতু বৌদ্ধধৰ্মত জাতিভেদ প্ৰথা নাছিল, যিকোনো লোকেই এই পন্থা গ্ৰহণ কৰিব পাৰিছিল। অৱশ্যে এই কথা ভাবি ল’লে ভুল হ’ব যে সেই সময়ত বৌদ্ধ সনাতনী হিন্দু ধৰ্মৰ এক পন্থাহে আছিল, ই সুকীয়া কোনো ধৰ্মৰ ৰূপ পৰিগ্ৰহ কৰা নাছিল।

বায়ু পুৰাণৰ মতে গৌতম বুদ্ধই জন্ম লাভ কৰা শাক্যসকল আছিল সূৰ্যবংশীয়, অৰ্থাৎ ৰজা ৰামচন্দ্ৰৰ বংশধৰ। তেওঁৰ গোত্ৰ আছিল গৌতম। সম্ৰাট অশোকে নন্দ বংশক পৰাস্ত কৰি শাক্য সূৰ্যবংশীয়ৰ ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰে। এই বংশৰ নতুন নাম হয়গৈ মৌৰ্য বংশ। অশোক সূৰ্যবংশীয় মৌৰ্যৰ প্ৰসিদ্ধ ৰজা আছিল। Dr Charles W Lefroy-ৰ মতে বৌদ্ধধৰ্মক এক পৃথক ধৰ্ম বুলি ভবাতকৈ ইয়াক হিন্দু ধৰ্মৰ এক প্ৰশস্ত শাখা বুলি ভবাই উত্তম। হিন্দু পুৰাণসমূহত বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ হিচাপে বৰ্ণনা কৰা হৈছে। হিন্দুসকলৰ শাক্য সম্প্ৰদায় আৰু বৌদ্ধসকলৰ শাক্য সম্প্ৰদায় উভয়ে এতিয়াও নিজকে হিন্দু ক্ষত্ৰিয় বুলিয়েই ভাবে। শাক্যসকল সূৰ্যবংশীয় ক্ষত্ৰিয় (ৰাজপুত)। বিষ্ণু পুৰাণৰ চতুৰ্থ খণ্ড, ভাগৱত পুৰাণ আৰু ব্ৰহ্ম পুৰাণত শাক্যসকলক ঈক্ষাকু বংশীয় বা সূৰ্যবংশীয় বুলি কোৱা হৈছে। এই বংশতেই হৰিষ্চন্দ্ৰ, ভগীৰথ, ৰঘু, দশৰথ আৰু দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ আদিৰ জন্ম হৈছিল।

এই কথাখিনি এই কাৰণতেই উল্লেখ কৰা হ’ল যে গৌতম বুদ্ধ মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰৰ বংশধৰ আৰু একেদৰে বৌদ্ধ ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক সম্ৰাট অশোকো সূৰ্যবংশীয় শাক্যসকলৰ উপৰিপুৰুষ। সেই বংশ আছিল ভাৰতীয় ক্ষত্ৰিয় বংশ, যাৰ ধৰ্ম আছিল হিন্দু। গৌতম বুদ্ধ, সম্ৰাট অশোককে ধৰি সকলোৱে জন্ম গ্ৰহণ কৰিছিল হিন্দু ধৰ্মত আৰু তেওঁলোকৰ চিন্তাধাৰা বিকশিত হৈছিল হিন্দু ধৰ্মৰ ভেটিত। এতিয়া আমি শ্ৰীসূৰ্য পাহাৰৰ মূল কথালৈ আহিম।

বৌদ্ধৰ আন এটা নাম আছিল কাশ্যপ। আমি আগতেই উল্লেখ কৰিছোঁ কাশ্যপ এগৰাকী শ্ৰমণৰ নাম আছিল। বিষ্ণু পুৰাণত উল্লেখ থকা মতে কাশ্যপ আছিল এগৰাকী ঋষি। কাশ্যপৰ ঔৰসত, অদিতিৰ গৰ্ভত সমস্ত মনুষ্যকুলৰ জন্ম। সূৰ্যৰ আন এটা নাম কাশ্যপ। বিষ্ণু পুৰাণ আৰু বায়ু পুৰাণৰ মতে কাশ্যপেই দক্ষ ৰজাৰ বিভিন্ন জীয়েকৰ গৰ্ভত দেৱতা, দানৱ, যক্ষ, দৈত্য আদিকে ধৰি সকলো জীৱৰ জন্ম দিয়ে। অদিতিৰ গৰ্ভত জন্ম হোৱা বাবে সূৰ্যৰ আন এটা নাম আদিত্য। শ্ৰীসূৰ্য পাহাৰত পোৱা সূৰ্যচক্ৰত থকা মূৰ্তিসমূহ দ্বাদশ আদিত্য (ধতৃ, মিত্ৰ, আৰ্যমন, ৰুদ্ৰ, বৰুণ, সূৰ্য, ভগ, বিৱস্বান, পূষণ, সৱিতৃ, তৃষিত আৰু বিষ্ণু)ৰ বুলি কোৱা হয়। মূৰ্তিকেইটাৰ সোঁমাজত থকাজন কাশ্যপ। এওঁ কোনগৰাকী কাশ্যপ জনাৰ কোনো উপায় নাই। ভালকৈ পৰ্যবেক্ষণ কৰিলে দেখা যায়— এই আটাইকেইটাই ধ্যানী বা অমিতাভ বুদ্ধৰ মূৰ্তি। বহুতে অৱলোকিতেশ্বৰৰ মূৰ্তি বুলিও ক’ব। অৱলোকিতেশ্বৰ বিষ্ণুৰ এটা ৰূপ। সেইফালৰ পৰা এই মূৰ্তিকেইটা বিষ্ণুৰ মূৰ্তি বুলিও ক’ব পাৰি। মুঠতে এই চক্ৰটোত থকা মূৰ্তিসমূহ বৌদ্ধ আৰু হিন্দুৰ উমৈহতীয়া দেৱতা।

শ্ৰীসূৰ্য পাহাৰ
শ্ৰীসূৰ্য পাহাৰৰ ভাস্কৰ্য

শ্ৰীসূৰ্য পাহাৰৰ এই মূৰ্তিটোৰ নিৰ্মাণকাল লৈয়ো মতভেদ আছে। আমি আগতেই উল্লেখ কৰিছোঁ যে প্ৰাচীন কামৰূপত বৌদ্ধধৰ্ম অশোকৰ সময়ৰ পৰা চলি আহিছে। শ্ৰীসূৰ্য পাহাৰত পোৱা এই মূৰ্তিটোৰ নিৰ্মাণকাল সপ্তম শতিকাৰ আগ নহয় বুলি পণ্ডিতসকলে অনুমান কৰিছে। কিন্তু সেয়া নহয় যে এই পীঠত বৌদ্ধধৰ্ম সপ্তম শতিকাতহে প্ৰৱেশ কৰিছিল। চতুৰ্থ শতিকাত গুপ্ত সাম্ৰাজ্য গঠনৰ পূৰ্বে শিলত কটা শিল্পী এই অঞ্চলত নাছিল। শ্ৰীসূৰ্য পাহাৰৰ কোনো মূৰ্তিকেই পঞ্চম শতিকাৰ আগলৈ নিব নোৱাৰি। মূৰ্তি নিৰ্মাণ আৰু যোগ সাধনা দুটা পৃথক পন্থা। বাৰশ শতিকাৰ শেষৰ ফালে বল্লাল সেনৰ দিনত বহু বৌদ্ধধৰ্মাৱলম্বী লোক বংগৰ পৰা কামৰূপত আহি সোমায়। সেইসকলৰ ভিতৰত অন্যতম আছিল নাথ-যোগীসকল। বল্লাল সেন দক্ষিণৰ আছিল বুলি কোৱা হয়। ভাৰতৰ দক্ষিণ প্ৰান্তত বৌদ্ধধৰ্ম উত্তৰ প্ৰান্তৰ দৰে প্ৰবল নাছিল। পাল বংশৰ ৰাজত্বৰ পাছত বংগত বৌদ্ধধৰ্ম প্ৰবল সংকটৰ সন্মুখীন হয়। যোগসাধনা কৰা যোগীসকল পলাই আহি কামৰূপত প্ৰৱেশ কৰে। এওঁলোকেই শ্ৰীসূৰ্য পাহাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল, যেনে— যোগীঘোপা, পঞ্চৰত্ন, বৰভিটা আদি ঠাইত শিলত গুহা কাটি যোগসাধনা কৰিবলৈ ধৰে। নাথ-যোগীসকল মূলতঃ শিৱৰ উপাসক। শিৱ বৌদ্ধসকলৰো উপাস্য দেৱতা। নাথ-যোগীসকলৰ গোত্ৰও ‘শিৱ’। গুহাৰ অভ্যন্তৰত তেওঁলোকে যোগসাধনা কৰিলেও গুহাৰ বাহিৰত শিৱলিংগ নিৰ্মাণ কৰি তেওঁলোকে তন্ত্ৰসাধনা কৰিছিল। পূৰ্ণগিৰি আছিল পূৰ্বৰে পৰা বিখ্যাত বৌদ্ধ তান্ত্ৰিক পীঠস্থান। সেয়ে ইয়াত শিৱলিংগ আৰু গুহা নিৰ্মাণ কৰি যোগসাধনা আৰু শিৱ পূজা কৰাটো একো ডাঙৰ কথা নাছিল। সৌম্যদ্বীপ দত্তই তেওঁৰ ‘ব্ৰহ্মপুত্ৰ-বৰাক সভ্যতাৰ উৎস সন্ধান’ গ্ৰন্থত শ্ৰীসূৰ্যত পোৱা শিৱলিংগসমূহ প্ৰকৃততে বৌদ্ধ স্তূপ বুলি কৈছে। শিৱলিংগৰ দৰে দেখাত এই সৰু সৰু স্তূপসমূহৰ চাৰিউফালে থকা ঘূৰণীয়া আকৃতিৰ গড়টোক বহুতেই যোনিপীঠ বুলি সন্দেহ কৰি এই স্তূপবোৰক শিৱলিংগ বুলি দাবী কৰে। শিলৰ সেই ক্ষুদ্ৰকায় স্তূপবোৰ স্তূপ বা শিৱলিংগ যিয়েই নহওক কিয় সেইবোৰ বৌদ্ধ আৰু হিন্দুৰ উমৈহতীয়া সম্পত্তি। সৌম্যদ্বীপ দত্তৰ মতে কোনো লোকৰ মৃত্যু হ’লে বৌদ্ধ ৰীতি অনুসৰি স্তুপ দান কৰা হৈছিল।১০ শ্ৰীসূৰ্য পাহাৰক কেন্দ্ৰ কৰি বসবাস কৰা লোকসকলে এই পাহাৰৰ দাঁতিত এনে স্তূপ নিৰ্মাণ কৰিছিল।

ধৰ্মপাল (১০৯৫-১১২০)ৰ পুষ্পভদ্ৰা ফলিত ৰজাই নিজকে ‘ধৰ্ম’ৰ প্ৰতি উছৰ্গা কৰিছিল বুলি উল্লেখ আছে। ধৰ্ম শব্দটোৱে বহলভাৱে বৌদ্ধ ধৰ্মক বুজাইছিল। ৰত্নপাল (১০১০-১০৪০)ৰ তামৰ ফলিৰ পৰা দেখা যায় যে তেওঁৰ সময়ত কামৰূপত তান্ত্ৰিক মতবাদ প্ৰচলিত আছিল আৰু তেওঁ নিজেও তন্ত্ৰ জানিছিল। শিৱানন্দ শৰ্মাৰ মতে— “সিদ্ধপুৰুষ মীননাথ, যাক তীব্বতত অৱলোকিতেশ্বৰ বুলি কোৱা হয়, তেওঁ কামৰূপ ৰাজ্যৰ মানুহ আছিল।” তেওঁৰ মতে পঞ্চম শতিকাত কামৰূপত বৌদ্ধধৰ্মই প্ৰসাৰ লাভ কৰে।১১

পাহাৰখনত থকা বৃহৎ আকাৰৰ চৈত্যবোৰ প্ৰকৃততে বৌদ্ধ চৈত্য বা স্তূপ। এই স্তূপবোৰৰ শীৰ্ষভাগত চাৰিচুকীয়া গড় থকা দেখা যায়। এইবোৰৰ নিম্নভাগত কোনো গড় নাই। এইবোৰ প্ৰকৃততেই বৌদ্ধ স্তূপ। শীৰ্ষত থকা চাৰিচুকীয়া স্থানডোখৰ চিতাভস্ম ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। এইবোৰক কেন্দ্ৰ কৰি কোনো উপাসনাৰ ব্যৱস্থা নাছিল। বৰং তাৰ নাতিদূৰত দেখা পোৱা বৃহদাকাৰ শিলত কটা মূৰ্তিসমূহক লৈ বহুতৰে কৌতূহল আছে। ইয়াতে থকা দ্বাদশভূজা মূৰ্তি এটাক কিছুমানে দ্বাদশভুজা দুৰ্গা মূৰ্তি বুলি কৈছে। শিৱানন্দ শৰ্মাই উল্লেখ কৰিছে— “এই তিনিটা মূৰ্তি বৌদ্ধ ত্ৰিৰত্নৰ। পুৰাতত্ত্বৰ দুই-এজন বিশেষজ্ঞৰ মতে মূৰ্তি তিনিটাৰ দুটা শিৱ আৰু মাজৰটো দুৰ্গাৰ।”১২ এই মূৰ্তি তিনিটা বৌদ্ধ ত্ৰিৰত্নৰ মূৰ্তি হোৱাটোৱেই স্বাভাৱিক। কিয়নো দ্বাদশভুজা দুৰ্গা মূৰ্তি এই অঞ্চলত প্ৰত্যক্ষ কৰা নাযায়। তদুপৰি আন মূৰ্তি দুটাৰ সৈতে শিৱৰ কোনো মিল নাই। জগন্নাথৰ দৰে এই মূৰ্তি তিনিটা বৌদ্ধধৰ্মৰ ‘বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি’ অথবা হিন্দুধৰ্মৰ সত্ত্ব, ৰজঃ আৰু তমঃ-অৰ প্ৰতীক হ’ব পাৰে। ড° মনোৰঞ্জন দত্তৰ মতে এই তিনিটা বুদ্ধ অৱলোকিতেশ্বৰৰ মূৰ্তি।১৩ শ্ৰীসূৰ্য পাহাৰৰ মাজলৈ এনে আৰু এটা চক্ৰ আছে যাক চন্দ্ৰচক্ৰ বুলি কয়। শ্ৰীসূৰ্য পাহাৰৰ বৌদ্ধস্তূপৰ বাহিৰেও গণেশ, অৰ্ধনাৰীশ্বৰ, নেমিনাথ, ঋষভনাথ আদি জৈন তীৰ্থঙ্কৰ, বুদ্ধৰ পোৰামাটিৰ মূৰ্তিৰ ফলক (এলানি বুদ্ধৰ এটা পোৰামাটিৰ ফলক বৰ্তমানে অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগ্ৰহ কৰি ৰখা হৈছে) আৰু বাৰখন হাতযুক্ত বুদ্ধৰ অৱলোকিতেশ্বৰ মূৰ্তি পোৱা গৈছে (কাৰণ্ডব্যূহৰ মতে মূৰ্তিটো অৱলোকিতেশ্বৰৰ)। বহুতে এই মূৰ্তিটো দুৰ্গা মূৰ্তি বুলি ক’ব খোজে। মাৰ্গীয় ভাস্কৰ্যৰ সাধাৰণ লক্ষণসমূহ শ্ৰীসূৰ্য পাহাৰৰ ভাস্কৰ্যত পোৱা যায়। কিন্তু সবল দেহাবয়ৱ, বেছি বহল বক্ষ আৰু বাহু, দেহদৌলৰ ঠৰঙা গতিহীন উপস্থাপন আদি লক্ষণসমূহৰ পৰা অনুভৱ কৰিব পাৰি যে মাৰ্গীয় শৈলীৰ যি অনিন্দ্য সুষমা, সি ইয়াত লোপ পাইছে। বৰং ইয়াত গা কৰি উঠা লক্ষণসমূহ খ্ৰীষ্টীয় অষ্টম-নৱম শতিকাৰ মধ্যযুগৰ পূব ভাৰতীয় ভাস্কৰ্যশৈলীতহে দেখা যায়, অথচ তাতকৈও উন্নত মানৰ। নিঃসন্দেহে দেৱস্থানৰ ভাস্কৰ্যতকৈ গুণগত দিশৰ পৰা এই ভাস্কৰ্যসমূহ পাছৰ আৰু মধ্যযুগৰ পূব ভাৰতীয় ভাস্কৰ্যশৈলীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে এই ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় অষ্টম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। তদুপৰি নেমিনাথৰ মূৰ্তিটোৰ লগত খোদিত শিলালিপিখন প্ৰত্নতত্ত্বৰ ফালৰ পৰাও খ্ৰীষ্টীয় অষ্টম শতিকাৰ বুলি নিৰ্ণয় কৰা হৈছে।১৪

সূৰ্য দেৱতাৰ ধাৰণা ভাৰতলৈ আনিছিল প্ৰাচীন পাৰ্ছিয়ান আৰু গ্ৰীকসকলে। গ্ৰীকসকলৰ পাছত ভাৰতত প্ৰৱেশ কৰা কুশানসকলেও সূৰ্য উপাসনা কৰিছিল। বুদ্ধগয়াৰ মহাবোধি মন্দিৰ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ আৰু খণ্ডগিৰিৰ ভাস্কৰ্যসমূহ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ। সূৰ্যৰ সাধাৰণ ধাৰণাটো আছিল তেওঁ ঘোঁৰাই টনা ৰথত উঠি পৃথিৱী পৰিভ্ৰমণ কৰে।

প্ৰসংগ সূত্ৰ:

  • ১, ২: Binita Nath: Journal of Emerging Technologies and Innovative Research (JETIR), May 2017, Vol 4, Issue 05
  • ৩. Kakoli Gogoi: ‘Envisioning Goddess Tara: A study of the Tara Traditions in Assam’, Proceedings of the Indian History Congress, 2011, Vol 72, Part 1, pp 232-239
  • ৪. বিনয়তোষ ভট্টাচাৰ্য: বৌদ্ধদেৰ দেৱ-দেৱী, পৃ ২৬
  • ৫. Jharna Gogoi: Buddhism in Assam: Understanding the History, Growth and the Current Trend, Pracyajournal
  • ৬. Kakoli Gogoi: ‘Envisioning Goddess Tara: A study of the Tara Traditions in Assam’, Proceedings of the Indian History Congress, 2011, Vol 72, Part 1, pp 237-238
  • ৭. বিনয়তোষ ভট্টাচাৰ্য: বৌদ্ধদেৰ দেৱ-দেৱী, পৃ ৫২
  • ৮. Hirakawa Akira: A History of Indian Buddhism, From Sakyamuni to Early Mahayana, Asian Studies at Hawaii University of Hawaii, page 16
  • ৯. Dr. Charles W Lefroy (Ph. D in Archaeology and Asian History): Shakya Kingdom of India (Research Paper), University of the Arts, London, UK
  • ১০. সৌম্যদ্বীপ দত্ত: ব্ৰহ্মপুত্ৰ বৰাক সভ্যতাৰ উৎস সন্ধান, ডিব্ৰুগড়, ২০২২
  • ১১. ড° উপেন ৰাভা হাকাচাম, গায়ত্ৰী দেৱী বেজবৰুৱা (সম্পা): শিৱানন্দ শৰ্মা ৰচনা সমগ্ৰ, গুৱাহাটী, ২০১৭, পৃ ২৯
  • ১২. ড° উপেন ৰাভা হাকাচাম, গায়ত্ৰী দেৱী বেজবৰুৱা (সম্পা): শিৱানন্দ শৰ্মা ৰচনা সমগ্ৰ, গুৱাহাটী, ২০১৭, পৃ ৪
  • ১৩, ১৪. ড° মনোৰঞ্জন দত্ত: অসমৰ ভাস্কৰ্যৰ ইতিহাস, গুৱাহাটী, পৃ ৫৮

❧ | আৰু পঢ়ক:

ফিচাৰড্ ইমেজ: প্ৰতিনিধিত্বমূলক। সকলো ছবি ৱিকিমিডিয়া কমন্সৰ সৌজন্যত।
প্ৰাচীন কামৰূপত বজ্ৰযানী তান্ত্ৰিক পীঠ | ড° ভৱেশ দাস

Follow Nilacharai on Facebook