নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

অকালে ব্ৰহ্মণা বোধো...

অকালে ব্ৰহ্মণা বোধো...

বৃহনন্দিকেশ্বৰ পুৰাণ, দেৱী পুৰাণ আৰু কালিকা পুৰাণ— এই তিনিওখন বিধিতে শাৰদীয় দুৰ্গা পূজাৰ তলত উল্লেখ কৰা বিল্ববোধনৰ মন্ত্ৰটো আছে—

‘‘ৰাৱণস্য বধাৰ্থায় ৰামস্যানুগ্ৰহায় চ।
অকালে ব্ৰহ্মণা বোধো দেৱ্যাস্তয়ি কৃতঃ পুৰা॥
অহমপ্যাশ্বিনে তদ্বদ বোধয়ামি সুৰেশ্বৰীম্।
শক্ৰেনাপি চ সংবোধ্য প্ৰাপ্তং ৰাজ্যং সুৰালয়ে॥…’’

লংকেশ্বৰ দশানন ৰাৱণক বধ কৰিবৰ কাৰণে ৰামচন্দ্ৰই দেৱীৰ অনুগ্ৰহ লাভৰ অৰ্থে প্ৰজাপতি ব্ৰহ্মাই অকালতে দেৱীৰ বোধন কৰিছিল। ইয়াৰ ‘অকাল’ শব্দই শৰৎকালক বুজাইছে। সূৰ্যৰ গতি দুটা— উত্তৰায়ণ আৰু দক্ষিণায়ন। শাস্ত্ৰত উল্লেখ থকা মতে, উত্তৰায়ণত দেৱ-দেৱীসকল জাগ্ৰত হৈ থাকে আৰু তেতিয়া তেওঁলোকক অৰ্চনা কৰিলে মানৱৰ মনৰ কামনা পূৰণ হয় আৰু বৰ লাভ হয়। দক্ষিণায়ন হ’ল তেওঁলোকৰ জিৰণিৰ কাল। উত্তৰায়ণৰ কাল ছমাহ আৰু দক্ষিণায়নৰো কাল ছমাহ। পঞ্জিকাবিলাকত আহাৰ বা শাওণৰ শুক্লা একাদশীক শয়ন একাদশী বুলি উল্লেখ থাকে। সেইদিনাৰ পৰা শ্ৰীহৰি নিদ্ৰাত পৰে, অৰ্থাৎ তেওঁ জিৰণি লয়। ভগৱান বিষ্ণু হ’ল সকলো দেৱ-দেৱীৰ প্ৰধান। সেইবাবে তেওঁ নিদ্ৰাত পৰিলে আন দেৱ-দেৱীসকলো জাগ্ৰত হৈ নাথাকে। কাতি বা আঘোণ মাহৰ শুক্লা একাদশীক উত্থান একাদশী বুলি কোৱা হয়। সেইদিনা নাৰায়ণে নিদ্ৰা ত্যাগ কৰে। সূৰ্যৰ দক্ষিণায়নৰ ছমাহ কালেই প্ৰকৃততে অকাল বা অশুদ্ধ কাল। অকাল বা অশুদ্ধ কাল শৰতত পূজা গ্ৰহণ কৰিবৰ বাবে দেৱীৰ নিদ্ৰা ভংগ কৰিবৰ হেতু বোধনৰ ব্যৱস্থা কৰা হ’ল। পৱিত্ৰ বেলগছ দেৱী ভগৱতীৰ জিৰণিৰ স্থান বুলি বিশ্বাস কৰা বাবে বেলগছৰ গুৰিত বোধনৰ ব্যৱস্থা কৰা হ’ল। অকাল বা অশুদ্ধ কালত বোধন কৰা বাবে এই বোধন অকাল বোধন নামেৰে খ্যাত হ’ল। দুৰ্গা দেৱীৰ বসন্ত কালত অনুষ্ঠিত পূজাত বোধনৰ প্ৰয়োজন নাই। এই কাল উত্তৰায়ণৰ কাল কাৰণে বিল্ব বোধন নহয়।

আৰু পঢ়িব পাৰে
অসমত শক্তিতত্ত্বৰ প্ৰাচীনত্ব

অসমত শক্তিতত্ত্বৰ প্ৰাচীনত্ব

বিপুলচন্দ্ৰ ভট্টাচাৰ্য

প্ৰায়বিলাক লোকে শ্ৰীৰামচন্দ্ৰই শাৰদীয় দুৰ্গা পূজাৰ প্ৰৱৰ্তক বুলি বিশ্বাস কৰি আহিছে আৰু এই কথা ৰামায়ণ মহাকাব্যত থকা বুলি মত প্ৰকাশ কৰে, কিন্তু কোনখন ৰামায়ণত আছে, সেই কথা ক’ব নোৱাৰে। আদিকবি বাল্মীকিৰ মূল সংস্কৃত ৰামায়ণত শ্ৰীৰামচন্দ্ৰৰ দুৰ্গা আৰাধনাৰ কথা নাই। এই ৰামায়ণৰ পৰৱৰ্তী কালত ৰচিত ‘যোগ বাশিষ্ঠ ৰামায়ণ’ (১১শ শতিকা), ‘অধ্যাত্ম ৰামায়ণ’ (১৩শ শতাব্দী), ‘ভুশুণ্ডি ৰামায়ণ’ (১৪শ-১৫শ শতাব্দী), ‘অদ্ভুত ৰামায়ণ’ (১৫শ শতাব্দী), ‘আনন্দ ৰামায়ণ’ (১৬শ শতাব্দী) প্ৰভৃতি সংস্কৃত ভাষাত ৰচিত ৰামায়ণসমূহৰ কোনো এখনতে ৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ উল্লেখ নাই। বাল্মীকি ৰামায়ণৰ অনুসৰণত ৰচিত তামিল কবি কম্বনৰ তামিল ৰামায়ণ প্ৰাদেশিক ভাষাত ৰচিত ৰামায়ণসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন (খ্ৰীষ্টীয় ১২শ শতিকা)। এই ৰামায়ণখনত ৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ উল্লেখ নাই। মাধৱ কন্দলিৰ ৰামায়ণ, কবি বলৰামৰ ওড়িয়া ৰামায়ণ, কানাড়ী ভাষাত ৰচিত ৰামায়ণ, তেলুগু ৰামায়ণ, কাশ্মীৰী ৰামায়ণ, গুজৰাটী ৰামায়ণ, ভক্তকবি তুলসী দাসৰ ‘ৰামচৰিত মানস’ প্ৰভৃতি প্ৰাদেশিক ভাষাৰ ৰামায়ণতো ৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ উল্লেখ পোৱা নাযায়। বংগদেশৰ বিখ্যাত কবি কৃত্তিবাস ওঝাৰ বাংলা ভাষাত ৰচিত ৰামায়ণখনৰ ‘লংকা কাণ্ড’ত শ্ৰীৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ এক বিস্তাৰিত আৰু সৰস বৰ্ণনা উপস্থাপন কৰা আছে। এই ৰামায়ণত কবি কৃত্তিবাসে বাল্মীকিক একেবাৰে অনুসৰণ কৰা নাই যেন অনুমান হয়, কিন্তু অপৰিসীম কবিত্ব প্ৰতিভাৰ বলত তেওঁ বাংলা কাব্য-সাহিত্যত যাউতিযুগীয়া খ্যাতি ৰাখি থৈ গৈছে। কোনো কোনো বঙালী পণ্ডিতৰ মতে, শ্ৰীৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ বিষয়ে অতি পূৰ্বৰে পৰা বংগদেশত এটি প্ৰবাদ চলি আহিছিল। এই লোকপ্ৰবাদ আৰু আমি পূৰ্বে উল্লেখ কৰি অহা বোধনৰ মন্ত্ৰৰ আধাৰতে কবি কৃত্তিবাসে তেওঁৰ ৰামায়ণৰ লংকা কাণ্ডত ৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ বিষয়ে এটা সুদীৰ্ঘ কাহিনীৰ অৱতাৰণা কৰিছে যেন লাগে। কৃত্তিবাসী ৰামায়ণৰ জুমুঠিটোহে বাল্মীকিৰ,— তাৰ বহু কাহিনী, উপাখ্যান আদি বিভিন্ন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা। কৃত্তিবাসী ৰামায়ণত বৰ্ণিত কাহিনী হ’ল— ইন্দ্ৰজিৎ বা মেঘনাদ নিধনৰ পাছত ৰামচন্দ্ৰৰ শৰাঘাতত জৰ্জৰিত হৈ লংকেশ্বৰ ৰাৱণে দেৱী অম্বিকাক স্তুতি কৰিবলৈ ধৰিলে। ৰাৱণ আছিল ভগৱতীৰ পৰম ভক্ত। প্ৰাৰ্থনাত সন্তুষ্ট হৈ ৰাৱণৰ ৰথত আৰোহণ কৰি তেওঁক কোলাত বহুৱাই ল’লে। তেতিয়া ৰামচন্দ্ৰই ৰাৱণ বধৰ আশা ত্যাগ কৰি ধনু-শৰ পৰিত্যাগ কৰিলে। দেৱীৰ এই কাৰ্যত দেৱতাসকল অতিশয় চিন্তিত হ’ল আৰু ইয়াৰ উপায় বিচাৰি তেওঁলোক পিতামহ ব্ৰহ্মাৰ ওচৰলৈ গ’ল। দেৱৰাজ ইন্দ্ৰকে প্ৰমুখ্যে দেৱবৃন্দক প্ৰজাপতিয়ে ক’লে যে দেৱী চণ্ডিকাক আৰাধনাৰ দ্বাৰা সন্তুষ্ট কৰিলেহে দেৱীয়ে ৰাৱণক পৰিত্যাগ কৰিব আৰু তেতিয়াহে ৰাৱণ বধ সম্ভৱ হ’ব।

‘‘বিধি কন বিধি আছে চণ্ডী আৰাধনে।
হইবে ৰাবণ বধ অকাল-বোধনে॥’’
(কৃত্তিবাসী ৰামায়ণ, লংকা কাণ্ড)

তেতিয়া শৰৎ কাল আছিল। শৰৎ কাল দেৱী পূজাৰ বাবে অকাল বা অশুদ্ধ কাল বুলি ইতস্ততঃ বোধ কৰাত ব্ৰহ্মাদেৱে পূৰ্বৰ কথা সোঁৱৰাই বাসৱক ক’লে যে তেৱোঁ শৰৎ কালত বোধন কৰি দেৱীক অৰ্চনা কৰিহে অসুৰ বিনাশ কৰিবলৈ সক্ষম হৈছিল:

‘‘ইন্দ্ৰেৰ শুনিয়া বাণী কন কমণ্ডলু-পাণি
উপায় কেবল দেবীপূজা।
তুমি পূজি যে চৰণ জিনিলে অসুৰগণ
বোধিয়া শৰতে দশভুজা॥’’
(কৃত্তিবাসী ৰামায়ণ, লংকা কাণ্ড)

দেৱৰাজ পুৰন্দৰে স্বয়ং পিতামহকে শ্ৰীৰামৰ ওচৰলৈ গৈ এই পৰামৰ্শ দিবলৈ অনুৰোধ কৰিলে। দেৱৰাজৰ অনুৰোধ ৰক্ষা কৰি চতুৰাণন ব্ৰহ্মা ৰামচন্দ্ৰৰ ওচৰলৈ গৈ শৰৎ কালতে (অৰ্থাৎ বৰ্তমান সময়তে) দেৱীৰ বোধন কৰি মহামায়াক অৰ্চনা কৰিবলৈ ক’লে:

‘‘ৰাবণ বধেৰ জন্য বিধাতা তখন।
আৰ শ্ৰীৰামেৰ অনুগ্ৰহেৰ কাৰণ॥
এই দুই কৰ্ম ব্ৰহ্মা কৰিতে সাধন।
অকালে শৰতে কৈলা চণ্ডীৰ বোধন॥’’
(কৃত্তিবাসী ৰামায়ণ)

কবিৰ এই পদ চাৰিশাৰী আমি পূৰ্বতে উল্লেখ কৰি অহা বোধনৰ মন্ত্ৰৰ হুবহু অনুবাদ। এই পদত ব্ৰহ্মাই বোধন কৰা বুলি উল্লেখ আছে যদিও শৰৎ কাল অকাল বুলি শ্ৰীৰামে ইতস্ততঃ বোধ কৰাত বিধাতাই শুক্লা ষষ্ঠীত বোধন কৰি দেৱীৰ নিদ্ৰা ভংগ কৰিবলৈ তেওঁক উপদেশ দিলে।

কৃষ্ণা নৱমী আৰু শুক্লা প্ৰতিপদ তিথিত বোধনৰ ব্যৱস্থা আছিল যদিও সেই দুয়োটা তিথি পাৰ হৈ যোৱা বাবে প্ৰজাপতিয়ে শুক্লা ষষ্ঠীত দেৱীৰ বোধন কৰিবলৈ ৰঘুপতিক পৰামৰ্শ দিলে। সেই পৰামৰ্শ অনুসৰি শ্ৰীৰামে নিজে দেৱীৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি দেৱী অৰ্চনাৰ আয়োজন কৰিলে। ষষ্ঠীৰ সায়াহ্নত দেৱীৰ বোধন কৰি আমন্ত্ৰণ অধিবাস কৰিলে।

এনেদৰে সাত্ত্বিকভাৱে দেৱীক অৰ্চনা কৰা সত্ত্বেও দেৱীৰ কৃপা লাভ কৰিবলৈ ব্যৰ্থ হোৱাত তেওঁ সীতাক উদ্ধাৰৰ আশা পৰিত্যাগ কৰি কান্দিবলৈ ধৰিলে। তেতিয়া বিভীষণে অষ্টোত্তৰ শত সংখ্যক নীলপদ্মৰ দ্বাৰা পুনৰ দেৱীক অৰ্চনা কৰিবলৈ পৰামৰ্শ দিলে। দেৱ-দুৰ্লভ নীলপদ্ম ক’ত পোৱা যাব, কোনে বিচাৰি আনি দিব বুলি শোকত কাতৰ হোৱা ৰামচন্দ্ৰক ভক্ত হনুমানে আশ্বাস দি ক’লে যে ত্ৰিভুৱনৰ যি ঠাইতে নাথাকক, তেওঁ নীলপদ্ম সংগ্ৰহ কৰি আনি শ্ৰীৰামৰ হাতত অৰ্পণ কৰিব। তেতিয়া বিভীষণে পুনৰ হনুমানক ক’লে যে নীলোৎপল বিচাৰি স্বৰ্গ অথবা পাতাললৈ যাব নালাগে, এই পৃথিৱীৰে দেৱীদহত সেই ফুল আছে, কিন্তু সমুদ্ৰ তীৰৰ পৰা তালৈ যাবলৈ দহ বছৰ সময় লাগে। দহ বছৰৰ পথ শীঘ্ৰে অতিক্ৰম কৰিব বুলি দৃঢ়প্ৰতিজ্ঞ হৈ বীৰ হনুমানে যাত্ৰা কৰিলে। পুনৰ শ্ৰীৰামে দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত মাৰুতিয়ে দেৱীদহৰ পৰা নীলপদ্ম সংগ্ৰহ কৰি আনিলে আৰু নিজে হিচাপ কৰি অষ্টোত্তৰ শত সংখ্যক পদ্ম শ্ৰীৰামৰ হাতত সমৰ্পণ কৰিলে। সেই নীলোৎপলৰ দ্বাৰা ৰামচন্দ্ৰই পুনৰবাৰ দেৱীপূজা আৰম্ভ কৰিলে। ৰামৰ পূজাত দেৱী সন্তুষ্ট হ’ল, কিন্তু তেওঁৰ পৰীক্ষা ল’বৰ বাবে এশ আঠোটা নীলপদ্মৰ পৰা এটা ফুল দেৱীয়ে হৰণ কৰি লুকুৱাই থ’লে। শ্ৰীৰামে এশ আঠোটা নীলকমল দেৱীক উছৰ্গা কৰাৰ সংকল্প কৰিছে, কিন্তু এতিয়া এশ সাতোটা ফুলহে তেওঁৰ হাতত আছে। শ্ৰীৰামচন্দ্ৰই হনুমানে পদ্ম আনোতে গণনাত ভুল হোৱা বুলি ভাবি আৰু এটা পদ্ম আনি দিবলৈ বায়ুপুত্ৰক অনুৰোধ কৰিলে। তেতিয়া হনুমানে ক’লে যে দেৱীদহত এশ আঠোটা নীল পংকজেই আছিল আৰু তেওঁ ভালদৰে গণি এশ আঠোটাকেই আনিছে:

‘‘শুন হে গোসাঁই আৰ পদ্ম নাই,
দেবীদহে বনমালী।
হেন লয় চিতে, তোমাৰে ছলিতে,
পঙ্কজ হৰিলা কালী॥’’
(কৃত্তিবাসী ৰামায়ণ)

শ্ৰীৰামক ছলনা কৰিবৰ কাৰণে দেৱীয়ে পদ্ম এটা হৰণ কৰা বুলি হনুমানে ক’লে। উপায়বিহীন হৈ দশৰথ-নন্দনে অৱশেষত নিজৰ নীল-কমলসদৃশ চকু এটাকে দান কৰি দেৱীক সন্তুষ্ট কৰিবলৈ হাতত ধনু-শৰ তুলি লোৱাত দেৱী আৱিৰ্ভূত হৈ ৰামক দেখা দিলে আৰু ৰাৱণ বধৰ অনুমতি প্ৰদান কৰিলে: ‘‘ৰাবণে ছাড়িনু আমি বিনাশ কৰহ তুমি’’। ইয়াৰ পাছতো আকৌ দেৱৰাজ ইন্দ্ৰৰ নিৰ্দেশত মক্ষিকাৰ ৰূপ ধৰি পৱনপুত্ৰ হনুমন্তই গুৰু বৃহস্পতিৰ চণ্ডীপাঠ অশুদ্ধ কৰাৰ উল্লেখ উক্ত ৰামায়ণত দিয়া আছে। এই কাহিনী কবি কৃত্তিবাসৰ বাংলা ৰামায়ণৰ বাহিৰে আন ৰামায়ণত পোৱা নাযায় বুলি আমি আগতে উল্লেখ কৰি আহিছোঁ। ৰামচন্দ্ৰৰ দুৰ্গা পূজাৰ উল্লেখ থকা দুখন অন্য গ্ৰন্থৰ কথা পণ্ডিত চক্ৰেশ্বৰ ভট্টাচাৰ্যই তেওঁৰ সংস্কৃত গ্ৰন্থ ‘শাক্ত দৰ্শনম’ত উনুকিয়াইছে। সেই সংস্কৃত গ্ৰন্থ দুখন হ’ল— ‘মহাভাগৱত মহাপুৰাণ’ আৰু ‘ৰুদ্ৰ চণ্ডী’।

প্ৰাচীন ‘ৰুদ্ৰ চণ্ডী’ গ্ৰন্থত ‘অৰণ্যে ৰঘুনাথোহপি মহাপূজা কৰিষ্যতি’— এই ভবিষ্যদ্বাণী দিয়া আছে। মহাপূজা বুলি দুৰ্গা পূজাৰ কথাকে কোৱা হৈছে। মুঠতে ভাৰতৰ প্ৰায় সকলো লোকেই মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ দ্বাৰাই শৰৎকালীন দুৰ্গা পূজাৰ প্ৰচলন হৈছে বুলি বিশ্বাস কৰি আহিছে। নৱৰাত্ৰি ব্ৰতৰ শেষৰ দিনা অৰ্থাৎ শুক্লা দশমীৰ দিনা ভাৰতৰ নানা ঠাইত শ্ৰীৰামচন্দ্ৰৰ বিজয় হিচাপে ‘দশেৰা’ উৎসৱ অতি জাকজমকতাৰে পালন কৰে। সেইদিনাই শ্ৰীৰামৰ হাতত লংকেশ্বৰ ৰাৱণ নিহত হৈছিল বুলি বিশ্বাস কৰা হয়। বিভিন্ন ঠাইত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মূৰ্তি খাৰ-বাৰুদৰ দ্বাৰা নিৰ্মাণ কৰি দাহ কৰা হয়।

শাৰদীয় মহোৎসৱৰ পৱিত্ৰ আৰু মধুৰ ক্ষণত মাতৃ জগদম্বাৰ চৰণত প্ৰণিপাত জনাই কাকূতি কৰিছোঁ—

‘‘ও শৰণাগত দীনাৰ্ত পৰিত্ৰাণ পৰায়ণে।
সৰ্ৱস্যাৰ্তি হৰে দেৱী নাৰায়ণি নমোহস্তুতে॥’’

এই লেখকৰ সকলো লেখা চাওক →
অকালে ব্ৰহ্মণা বোধো... | তৰুণ চন্দ্ৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...