কথাশিল্পী কল্পনা হাজৰিকা গায়নৰ গল্প ‘গোন্ধ’ৰ আধাৰত জ্যোতিপ্ৰসাদ ভূঞাৰ নাট্যৰূপ আৰু পৰিচালনাৰে ‘অভিমুখ (নতুনৰ নাটঘৰ)’-এ ‘পথিক চাহ চাং’-অৰ সহযোগত নগাঁও নাট্যমন্দিৰ প্ৰেক্ষাগৃহত ১১ মে’ ২০১৯ তাৰিখে দুটাকৈ দৰ্শনীৰে নিবেদন কৰে নাটক গোন্ধ। মূল গল্পটোত থকা নায়িকাৰ গোন্ধকেন্দ্ৰিক সূক্ষ্ম অনুভূতিবোৰ যাদৃচ্চিক তথা বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰাত পৰিচালক তথা নাট্যকাৰৰ চাতুৰ্য ফুটি ওলাইছে। নাটকখনৰ নায়িকা অদিতিৰ মানসিক অৱস্থান প্ৰতিফলিত হোৱাকৈ সজোৱা দৃষ্টিনন্দন পৰিৱেশ ৰচনাই নাট্যামোদী দৰ্শকক আকৃষ্ট কৰিছে। সৃজনাত্মক আলোকসজ্জা, মঞ্চসজ্জা, সুন্দৰ আৱহসংগীত আৰু সুন্দৰ অভিনয়ে নাটকখনৰ দৰ্শকক গোটেই সময়খিনি মোহাচ্ছন্ন কৰি ৰখাত সক্ষম হৈছিল।
কলেজৰ অধ্যাপিকা অদিতিৰ অতি প্ৰখৰ ঘ্ৰাণশক্তিক ভিত্তি কৰি লিখা গল্পটোত নায়িকাৰ মনত অৱদমিত হৈ থকা ক্ষোভ, আৱেগ, অতীতৰ জীপাল মুহূৰ্তবোৰে তেওঁক কিদৰে অহৰহ অশান্ত কৰি তোলে, কিদৰে তেওঁৰ প্ৰখৰ ঘ্ৰাণশক্তিৰ বাবে কোনো কোনো মুহূৰ্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হয়, তাক ৰসঘন ৰূপত তথা বুদ্ধিদীপ্ততাৰে নাটকখনত উপস্থাপন কৰিছে। কোনো এটা নিৰ্দিষ্ট কাহিনী নথকাকৈয়ে নাটকখন এক অন্তৰ্নিহিত সংহতিত আদিৰ পৰা অন্তলৈকে বান্ধি ৰাখিব পৰাতেই নাটকখনৰ সফলতা। স্বাভাৱিক সংলাপৰ ব্যৱহাৰ, সংলাপসমূহ অৰ্থবহ তথা শক্তিশালী আৰু চৰিত্ৰৰ মনোজগত উদঙাব পৰাকৈ সবল। প্ৰাত্যহিক জীৱনৰ চিৰন্তন সমস্যা নাটকখনত উত্থাপিত হৈছে, যি সকলো পৰ্যায়ৰ দৰ্শকক নাটকখনৰ লগত একাত্ম হোৱাত সহায় কৰিছে।
জীৱনৰ এটা স্তৰত স্বামী-স্ত্ৰীৰ একান্ত আৱেগ-অনুভূতিবোৰৰ গতিহীনতাত হতাশা স্বাভাৱিকতে আহে, কিন্তু এই হতাশাই শেষ নহয়। তাৰ পৰা উত্তৰণৰ দিশ বিচাৰি চলোৱা মানুহৰ অবিৰত চেষ্টাইহে জীৱনটো অৰ্থবহ কৰি তোলে— এনেধৰণৰ এক বক্তব্যই নাটকখনত অনুৰণিত হৈছে।
নাটকখনৰ কেইটামান ভাল লগা আৰু অৰ্থবহ মুহূৰ্ত:
১) প্ৰথম দৃশ্যত এডাল ৰচীৰে আটাইকেইটা চৰিত্ৰৰ ছন্দোময় প্ৰৱেশ। প্ৰতীকী ৰূপত ৰচীডালেৰে আৱেগৰ বান্ধোনত সম্পৰ্কবোৰ বান্ধ খাই থকাৰ সুন্দৰ উপস্থাপন।
২) এখন চলমান আইনা, য’ত অদিতিয়ে নিজক চায়। চলমান কিতাপ থোৱা ৰেক, চলমান আইনাখনৰ চৰিত্ৰৰ লগত খেলা আদি একধৰণৰ নতুন নাট্যশৈলীৰ নান্দনিক উপস্থাপন।
৩) সদ্যবিবাহিত অদিতি আৰু আদিত্যৰ চাহবাগানত ফটো উঠি একাত্ম হোৱাৰ দৃশ্য,— য’ত বিভোৰ হৈ অদিতিয়ে আদিত্যক চায় আৰু আদিত্যৰ হেৰাই যোৱা মনটোৰ অস্থিৰভাৱে সন্ধান কৰে।
৪) নায়িকা অদিতি আৰু অদিতিৰ অতীত ৰূপৰ প্ৰতীকী চৰিত্ৰটোৱে অদিতিৰ মাকৰ ৰিহাখনৰ লগত একাত্ম হোৱা দৃশ্যটোৱে অনুভৱী দৰ্শকৰ হৃদয় চুই গৈছে। বিশেষকৈ ৰিহাৰ আঁৰত লুকোৱা দুখন মুখ আৰু ছাঁ-পোহৰৰ দৃশ্যটো অনন্য।
অভিনয়ৰ ক্ষেত্ৰত অশ্ৰুমণি বৰা, বিদ্যুৎ কুমাৰ নাথৰ অভিনয় সুন্দৰ, সাৱলীল। দুয়োজনেই সঠিকভাৱে চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে। অদিতি ভূঞাই সংলাপ প্ৰক্ষেপণত কিছু গুৰুত্ব দিলে ভাল। আনহাতে দীপ বৰাৰ অভিনয়শৈলী পৰম্পৰাগত, চৰিত্ৰটো আৰু অধিক পোহৰাবৰ থল আছে।
‘এজাক জোনাকীৰ জিলমিল’ৰ পোহৰ আৰু আন্ধাৰ
পল্লৱপ্ৰাণ গোস্বামী
সুন্দৰ মঞ্চসজ্জাৰ বাবে কলানিৰ্দেশক পংকজ নাথৰ শলাগ লৈছোঁ। অংগসজ্জা, পোহৰসজ্জা আৰু চূড়ামণি দত্তৰ সংগীতে নাটকখন জীৱন্ত ৰূপত দৰ্শকৰ আগত তুলি ধৰিছে। সুন্দৰ নাটকখন উপহাৰ দিয়াৰ বাবে পৰিচালক, অভিনেতা, কলা-কুশলীলৈ ধন্যবাদ জনাইছোঁ।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
