২ ০ জানুৱাৰী তাৰিখে গুৱাহাটীৰ চানমাৰীৰ এনইথিং নামৰ পৰিৱেশন থলীত পাপৰি মেধিৰ ‘এণ্টি-গণ-ই’ (Antiগণe) শীৰ্ষক পৰিৱেশনাটো চাই ওলাই আহোঁতে দুই ধৰণৰ ভাবনাই আমাৰ মনত খেলা কৰি থাকিল,— এটা ভাবনা ভাল লগা, আনটো মন-মগজুত খোছা-বিন্ধা কৰি থকা। খুছি-বিন্ধি থকা ভাবটোৱে মনৰ মাজতে প্ৰশ্ন কৰিলে, ‘কেতিয়াবা এনে নালাগেনে হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীখন একে ঠাইতে ৰৈ আছে? সেই পৃথিৱীৰ মানুহে একেটা জীৱনকে যাপন কৰি আছে হাজাৰ হাজাৰ বছৰ ধৰি? হাজাৰ হাজাৰ বছৰ ধৰি একেই ভাল-বেয়া, একেই শাসন-শোষণ, একেই লোভ-মোহ-বেইমানি, একেই প্ৰেম আৰু দ্ৰোহ? নালাগেনে এনেকুৱা, কেতিয়াবা? কেতিয়াবা?’ লাগে। আৰু তেনেকুৱা এক ‘কেতিয়াবা’ আছিল পাপৰি মেধিৰ ‘এণ্টি-গণ-ই’ চাই থকা সময়খিনি, তাৰ পাছৰ সময়খিনি, এই টোকাটো লিখি থকা সময়খিনি… ।
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, এগৰাকী শক্তিশালী অভিনেত্ৰী পাপৰি মেধিয়ে আজি কিছুদিন ধৰি নিজস্ব এক নাট্য-উচ্চাৰণ নিৰ্মাণৰ আন্তৰিক প্ৰয়াস কৰি আহিছে। নাট্য কেৱল মঞ্চতেহে সম্ভৱ নেকি, -এই প্ৰশ্নৰ উত্তৰ তেওঁৰ প্ৰয়াসবিলাকত ক্ৰমে স্পষ্টতৰ হৈ আহি আছে। এই উত্তৰে তেওঁৰ চছিয়েল মেডিয়া উপস্থিতিক নাট্য-নিৰ্মিতিলৈ লৈ গৈছে, ফলস্বৰূপে ফেচবুকৰ মজিয়াত আমি পাইছোঁ— বিকল্প প্ৰেক্ষিত (Alternative Perspective), য’ত কিছুমান সৰু সৰু কাহিনী বা ঘটনাৰ উপস্থিতিক তেওঁ নাট্যৰ আভ্যন্তৰলৈ হাতধৰি লৈ গৈছে। লৈ গৈছে অৱলীলাক্ৰমেই দৰ্শক-শ্ৰোতাসকলকো। স্পষ্টতৰ হৈ উঠা উত্তৰে অপৰম্পৰাগত স্থানত পাপৰি মেধিৰ নাটকীয় উপস্থিতিক এটা আন্তৰিক ৰূপ দিছে, নাটকক বন্ধুৰ দৰে দৰ্শকৰ কাষতে আনি বহুৱাইছে, যাৰ তেওঁ নাম দিছে— পাৰফৰ্মড্ কনভাৰচেছন (Performed Conversation)-পৰিৱেশিত কথকতা! আমি বুলিব খুজিছোঁ অন্তৰংগ নাট্য— ইণ্টিমেট থিয়েটাৰ।
পাৰফৰ্মড কনভাৰচেছন হিচাপে ইতিমধ্যে ৬-৭টামান দৰ্শনী অনুষ্ঠিত কৰা পাপৰি মেধিৰ প্ৰকল্পটি কেইবাটাও দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। ই বংগ-দিল্লী-কেৰালাত যথেষ্ট চৰ্চা-চিন্তন হোৱা আৰু এক শক্তিশালী সাংস্কৃতিক অস্ত্ৰ হিচাপে পৰিগণিত হোৱা ইণ্টিমেট থিয়েটাৰ ধাৰণাৰ পুলি এটাক অসমত আন্তৰিকতাৰে ৰোপণ কৰিব বিচাৰিছে। একে সময়তে ই নাটক মানে কেৱল প্ৰচেনিয়াম মঞ্চৰ অভিনয়কে বুজি থকা মানসিকতাৰ সন্মুখত এক বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। প্ৰায় সদায় আৰ্থিক অকুলনৰ মাজত থকা অসমৰ মফস্বলীয় ঠাইৰ নাট্য দলবিলাকক এই শৈলীয়ে নিশ্চিতভাৱে পোহৰ দেখুৱাব পাৰে। প্ৰচেনিয়াম মঞ্চ অবিহনে নাটক হ’ব পাৰেনে? পাৰে। মায়াময় আলোকসজ্জা নোহোৱাকৈ নাটক হ’ব পাৰেনে? পাৰে। সংগীতৰ অহেতুক বাগাড়ম্বৰ নোহোৱাকৈ নাটক হ’ব পাৰেনে? পাৰে। দৰ্শককো নাটকৰ অন্তৰ্ভুক্ত কৰি নাটক হ’ব পাৰেনে? পাৰে। দৰ্শকৰ চকুত চকু থৈ, দৰ্শকৰ প্ৰতিক্ৰিয়া অনুসৰি নাটকে নিজৰ বাট কাটি ল’ব পাৰেনে? পাৰে। অন্তৰংগ নাট্যই পাৰে। পাৰে পাপৰি মেধিৰ কথকতাই! অন্তৰংগ নাট্য ভাবনাই ওপৰত কোৱাৰ দৰে বংগ, বিশেষকৈ কলকাতা, দিল্লী আদি ঠাইত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। অনেক অপৰম্পৰাগত স্থান— আৰ্ট ষ্টুডিঅ’, কাফে, ঘৰৰ কোঠা-বাৰাণ্ডা আদিত সোৎসাহেৰে এই ধৰণৰ নাটকৰ অভিনয় হ’ব লাগিছে। আনকি পৰম্পৰাগত মঞ্চতো— অপৰম্পৰাগত শৈলীৰে। কলকাতাত নিয়মীয়াকৈ অন্তৰংগ নাটকৰ উৎসৱো হ’ব লাগিছে। চৰ্চা আৰু চিন্তনৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে সামাজিক আহিলা হিচাপে, সমাজলৈ বাৰ্তা প্ৰেৰণৰ উপায় হিচাপে প্ৰচেনিয়াম মঞ্চৰ নাট্যতকৈ অন্তৰংগ নাট্য বেছি ফলপ্ৰসূ মাধ্যম হ’ব পাৰে। সেইবাবেই হয়তো ওড়িশা-কেৰালাৰ বহু গ্ৰুপ থিয়েটাৰ দলে প্ৰকাশৰ মাধ্যম হিচাপে কেৱল অন্তৰংগ নাট্যকে আঁকোৱালি লৈছে। অসমত এই মাধ্যমটোৰ প্ৰায় বাটকটীয়া হিচাপে পাপৰি মেধিয়ে গুৰু দায়িত্ব লৈছে। বাটকটীয়া বুলি এই বাবেই কোৱা হৈছে যে ইয়াৰ আগতে এই ধৰণৰ দুই-এটা ছেগা-চোৰোকা প্ৰযোজনা হৈছে যদিও সিবোৰৰ ধাৰাবাহিকতা ৰক্ষা হোৱা দেখা পোৱা নগ’ল। তাৰ বিপৰীতে পাপৰি মেধিয়ে এই ধাৰাটোৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ চিৰিয়াছ ধৰণে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। পাপৰি মেধিক অভিনন্দন আৰু শুভেচ্ছা।
এয়া গ’ল ভাল লগা অনুভৱৰ কথা। এতিয়া ক’ব বিচাৰিছোঁ এনইথিঙত পৰিৱেশিত পৰিৱেশনাটোৱে কিয় মনত খোছা-বিন্ধা কৰি থাকিল।
প্ৰায় আঢ়ৈ হাজাৰ বছৰ আগতে ৰচিত গ্ৰীক নাট্যকাৰ চফোক্লিচৰ বিখ্যাত ইডিপাছ ত্ৰিলজীৰ তৃতীয়খন নাটকক আমি গ্ৰীক উচ্চাৰণৰ জটিলতালৈ নোযোৱাকৈ সাধাৰণভাৱে ‘এণ্টিগনি’ (Antigone) বুলিয়েই জানি আহিছিলো। পাপৰি মেধিয়ে অপৰম্পৰাগত শৈলীত উপস্থাপন কৰিবলগা পৰিৱেশনাটিৰ প্ৰচাৰত নাটকখনৰ নাম ‘Antiগণe’ বুলি দেখোঁতে প্ৰথমে আমি আচৰিত হৈছিলো। তাৰ পাছত ভাবিলো, ই এক চমক (gimmick),— দৰ্শকক আকৰ্ষণ কৰাৰ এক কৌশল। পিছে পৰিৱেশনাটো চাই থাকোঁতেই আমাৰ কথাটো স্পষ্ট হ’ল,— নহয়, ই এক চমক মাথোঁ নহয়; ই আচলতে এক কৌশলী আৰু বুদ্ধিদীপ্ত অভিযোজনা। পাপৰি মেধিয়ে পৰিৱেশনাটোৰ জৰিয়তে তথাকথিত দেশপ্ৰেমী (Patriot) আৰু দেশদ্ৰোহী (Anti-national)ৰ মাজৰ দ্বন্দ্ব উন্মোচনৰ প্ৰয়াস কৰিছে আৰু এটা যথাৰ্থ আৰু বাস্তৱিক প্ৰশ্ন উত্থাপন কৰিছে,— দেশদ্ৰোহী বুলি সততে অন্যক অভিহিত কৰাসকল সাধাৰণতেই জ্ঞাতিদ্ৰোহী [Antiগণ (গণ=জনগণ)] হয় কিয়?
ইডিপাছৰ মৃত্যুৰ পাছত ইডিপাছৰ কন্যা এণ্টিগনিৰ দুই ভ্ৰাতৃ এটিওক্লেছ আৰু পলিনেচেচৰ ক্ষমতাৰ যুঁজত মৃত্যু হয় আৰু মোমায়েক ক্ৰেয়ন থেবছ্ নগৰৰ শাসনকৰ্তা হয়। শাসক হৈয়েই ক্ৰেয়নে এটিওক্লেছক দেশপ্ৰেমী আৰু পলিনেচেচক দেশদ্ৰোহী ঘোষণা কৰে। আনকি পলিনেচেচৰ মৃতদেহ সৎকাৰতো নিষেধাজ্ঞা ঘোষণ কৰে। পাপৰি মেধিয়ে এই ঘটনাক আজিৰ পটভূমিত ব্যাখ্যা কৰাৰ প্ৰয়াস কৰিলে ঠিক যেন নিজৰ দুজন সম্পৰ্কীয় ককায়েকক অসমৰ পটভূমিত উপস্থাপন কৰাই। যুগে যুগেই ক্ষমতাৰ লোভ আৰু ৰাজনীতিয়ে সাধাৰণ মানুহৰ কপালত দেশপ্ৰেমী আৰু দেশদ্ৰোহীৰ লেবেল আঁটি আহিছে,— ওপৰৰ পৰিচালকজন কিন্তু একেজনেই! সেই মায়াৰ খেলা নুবুজা সাধাৰণ জনতাই ইজনে সিজনৰ পেটত তৰোৱাল ভৰাবলৈ উৎসুক, লাগে দুয়োজনেই উচ্চাৰণ কৰক— ‘ভাৰত মাতাৰ জয়’ কিম্বা ‘জয় আই অসম’! উচ্চাত্মিকাবোধ আৰু কৰ্তৃত্ববাদী সংখ্যাগুৰু ৰাজনীতিয়ে অসমক-অসমীয়াক, ভাৰতক-ভাৰতীয়ক ভাগ ভাগ কৰিছে, কৰি আহিছে, কৰি ৰাখিছে। এই প্ৰসংগবোৰেই অলপো খোকোজা নৰখাকৈ পাপৰি মেধিয়ে উত্থাপন কৰিলে দৰ্শকৰ লগত অন্তৰংগতাৰে কথা পতাৰ শৈলীত। এঘণ্টা সময় অকলে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে দৰ্শকক, নাই কোনো মায়াময় আলোকসজ্জা আৰু সংগীতৰ কাৰচাজি,— কেৱল অভিনয়ৰ জোৰত। কালজয়ী নাট্যপ্ৰসংগ, শক্তিশালী অভিযোজনা আৰু প্ৰসংগ বিন্যাসৰ জোৰত! আজিৰ ভাৰতত অতি জনপ্ৰিয় দেশভক্ত বনাম এণ্টিনেশ্যনেল দ্বিত্বতাই আঢ়ৈ হাজাৰ বছৰীয়া গ্ৰীক নাটককো প্ৰাসংগিক কৰি ৰাখিলে, আজিৰ তাৰিখতো, এই গুৱাহাটীতো!
❧। আৰু পঢ়ক: গল্পকথা: পুৰণিগুদামত গল্প আৰু সংগীতৰ যুগলবন্দীৰে ব্যতিক্ৰমী অনুষ্ঠান
পাপৰি মেধিৰ নাট্যযাত্ৰালৈ পুনৰ শুভেচ্ছা যাচিছো। নাট্যনিৰ্মাণৰ সহযোগী স্বাতী এছ মিত্তল আৰু পৰিৱেশনথলী এনইথিঙৰ শলাগ ল’লো।