আগকথা
অ সমীয়া সাহিত্যৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে আহোম যুগ বা উত্তৰ শঙ্কৰী যুগত ৰচিত বিশেষ দুই প্ৰকাৰৰ সাহিত্য হৈছে— বুৰঞ্জী সাহিত্য আৰু চৰিত সাহিত্য। এই দুই প্ৰকাৰ সাহিত্যৰ পৰা আমি সমকালীন অসমীয়া সমাজখনৰ পৰিচয় পোৱাৰ লগতে সোতৰ আৰু ওঠৰ শতিকাৰ অসমীয়া পদ্য আৰু বিশেষকৈ গদ্য সাহিত্যৰ বিভিন্ন ধাৰাৰ বিষয়ে অৱগত হ’ব পাৰোঁ।
অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৯ খৃঃ) আৰু তাৰাৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ (১৪৮৯-১৫৯৬ খৃঃ)ৰ মহাপ্ৰয়াণৰ পাছত তাৰাসৱৰ শিষ্যবৰ্গই গুৰুৰ গুণানুকীৰ্তন কৰা প্ৰথাৰ পৰাই অসমীয়া জাতিয়ে চৰিত সাহিত্যসমূহ পাবলৈ সক্ষম হ’ল।
সূচী
চৰিত চৰ্চা আৰু চৰিত তোলা প্ৰথা
দুয়োগৰাকী মহাপুৰুষ আৰু পৰৱৰ্তী কালৰ আতাসকলৰ প্ৰয়াণৰ পাছত সত্ৰীয়া ভকতসকলে নিজ নিজ গুৰুসকলৰ কাৰ্য তথা গুণাৱলী আনসকলৰ আগত চৰ্চা কৰা এক প্ৰকাৰ কৰ্তব্য বুলি বিবেচিত হৈছিল। গুৰুসকল ধৰ্ম প্ৰচাৰৰ বাবে যেতিয়া অন্যান্য ঠাইত পৰিভ্ৰমণ কৰে, তেতিয়া ভকতসকলে সেই প্ৰচাৰকসকলৰ পৰা গুৰুৰ জীৱন-কাহিনী শুনিবলৈ ইচ্ছা কৰে। তেতিয়াই গুৰুচৰ্চা আৰম্ভ হয়। আনহাতে, সত্ৰাধিকাৰসকলেও শিষ্যবৰ্গৰ আগত ধৰ্মকথাৰ লগতে গুৰুবাণী আৰু লীলাৰ বিষয়েও ক’বলগা হৈছিল। শিষ্যসকলেও গুৰুৰ মুখনিঃসৃত কথাবোৰ শ্ৰৱণ কৰি ভক্তিভাৱেৰে গ্ৰহণ কৰিছিল। পোনতে ই মুখ পৰম্পৰা হিচাপেই বহুকাল প্ৰচলিত আছিল। পৰৱৰ্তী কালতহে লিপিবদ্ধ হোৱাৰ নিয়ম হ’ল। এনেদৰে অনুষ্ঠানসমূহত গুৰুচৰ্চা আৰু গুৰুৰ জীৱন বৃত্তান্ত লিপিবদ্ধ কৰা প্ৰথাকেই চৰিত চৰ্চা বা চৰিত তোলা প্ৰথা বোলে।
চৰিত সাহিত্য
চৰিত চৰ্চা আৰু চৰিত তোলা প্ৰথাৰ পৰাই অসমত সোতৰ আৰু ওঠৰ শতিকাত চৰিত সাহিত্যৰ সৃষ্টি হ’ল। ঠায়ে ঠায়ে হোৱা গুৰুচৰ্চা শুনিয়েই অনিৰুদ্ধদেৱে চৰিত ৰচিবলৈ যে অনুপ্ৰেৰণা পাইছিল, সেয়া স্বীকাৰ কৰি লিখিছিল—
“কথাৰূপে ভক্তসৱে চৰ্চে ঠাই ঠাই।
পদে ছন্দে কৰিবাক মোৰ অভিপ্ৰায়॥”
চৰিত পুথি ৰচনাৰ এক ভাৰতীয় পৰম্পৰা আছে। অসমত চৰিত সাহিত্য সৃষ্টিৰ বহুকাল আগতেই বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জীৱন বৃত্তান্তমূলক চৰিতৰ সৃষ্টি হৈছিল। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই চৰিত পুথিৰ উদ্ভৱ সম্পৰ্কত মন্তব্য কৰিছে— “চৰিত পুথিৰ উদ্ভৱ আৰু গঠন প্ৰণালীৰ লগত বুদ্ধদেৱৰ চৰিতাৱলীৰ সাদৃশ্য আছে।” উদাহৰণস্বৰূপে, বুদ্ধদেৱৰ জীৱনক লৈ লিখা ‘জাতক’বোৰলৈ আঙুলিয়াব পাৰি। অশ্বঘোষে ‘বুদ্ধচৰিত’ ৰচনা কৰিছিল।
জৈনধৰ্মৰ সাহিত্যলৈও লক্ষ্য কৰিলে দেখা যায় যে তাতো তেষষ্ঠিজন ধৰ্মাচাৰ্যৰ জীৱনী আছে। সপ্তম শতিকাৰ সংস্কৃত ভাষাত বাণভট্টই ‘হৰ্ষচৰিত’ ৰচনা কৰিছিল। অসমীয়া চৰিত সাহিত্যৰ সমান্তৰালকৈ বাংলা ভাষাতো অনেক চৰিত সাহিত্যৰ সৃষ্টি হৈছিল। অকল চৈতন্যদেৱক লৈয়ে অসংখ্য চৰিত পুথি ৰচিত হৈছিল।
অসমত ৰচিত হোৱা চৰিত পুথিসমূহ বৈষ্ণৱ সাহিত্যৰ এক প্ৰধান শাখা। সোতৰ শতিকাত ৰচিত চৰিত পুথিসমূহ পদ্যত লিখা আৰু ওঠৰ শতিকাত পদ্যৰ লগতে গদ্যত ৰচনা কৰা কেইবাখনো আপুৰুগীয়া চৰিত পুথি আছে। তলত অসমীয়া চৰিত পুথিসমূহ উল্লেখ কৰা হ’ল।
সোতৰ শতিকাৰ চৰিত পুথিসমূহ
চৰিত পুথি | চৰিতকাৰৰ নাম |
---|---|
শঙ্কৰ চৰিত | ৰামচৰণ ঠাকুৰ |
শঙ্কৰদেউ-মাধৱদেউ চৰিত | দৈত্যাৰি ঠাকুৰ |
শঙ্কৰ চৰিত | ভূষণ দ্বিজ |
গুৰুচৰিত, ভৱানীপুৰীয়া গোপাল আতাৰ চৰিত্ৰ | ৰামানন্দ দ্বিজ |
সন্ত নিৰ্ণয় (গদ্য) | কৃষ্ণভাৰতী |
সন্ত চৰিত | কৃষ্ণাচাৰ্য |
গুৰুলীলা | ৰামৰায় দ্বিজ |
বংশীগোপালদেৱৰ চৰিত | ৰামানন্দ |
গোবিন্দ চৰিত | ভৱানন্দ দ্বিজ |
বনমালীদেৱৰ চৰিত | ৰমাকান্ত |
ঠাকুৰ চৰিত | বিদ্যানন্দ ওজা |
ওঠৰ শতিকাৰ চৰিত পুথিসমূহ
চৰিত পুথি | চৰিতকাৰৰ নাম |
---|---|
কথাগুৰু চৰিত (গদ্য) | চৰিতকাৰৰ নাম নাই (সম্পা. উপেন্দ্ৰ চন্দ্ৰ লেখাৰু) |
বৰদোৱা গুৰুচৰিত (গদ্য) | চৰিতকাৰৰ নাম নাই (সম্পা. ড° মহেশ্বৰ নেওগ) |
সন্ত সম্প্ৰদায় (গদ্য) | গোবিন্দ দাস |
সৎ সম্প্ৰদায় কথা (গদ্য) | ভট্টদেৱৰ নামত প্ৰচলিত |
দামোদৰ চৰিত | নীলকণ্ঠ দাস |
দামোদৰ চৰিত | কৃষ্ণ মিশ্ৰ |
হৰিদেৱ চৰিত | দ্বিজ দিবাকৰ, বাণেশ্বৰ |
লক্ষ্মীপতি চৰিত | জয় নাৰায়ণ |
ৰামগোপাল চৰিত | … |
গোপালদেৰ চৰিত | পূৰ্ণানন্দ |
বনমালীদেৱ চৰিত | ৰমাকান্ত |
কেৱশদেৱ চৰিত | অম্বৰীশ দ্বিজ |
অনন্তৰায় চৰিত | ভদ্ৰচাৰু দাস |
গোবিন্দ চৰিত্ৰ | দ্বিজ ভৱানন্দ মিশ্ৰ |
শ্ৰীশ্ৰীৰামদেৱ চৰিত | ৰম্ভাদেৱ দ্বিজ |
ঠাকুৰ চৰিত | বিদ্যা ওজা |
সন্ত মুক্তাৱলী | ৰামনাথ মহন্ত |
এটকা মহন্তৰ ঝুনা | বিভূ নাথ |
ঊনৈশ শতিকাৰ উল্লেখনীয় চৰিতপুথি হৈছে— বৰচৰিত (দীননাথ বেজবৰৱা), শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ (লক্ষ্মীনাথ বেজবৰুৱা)।
এই আপাহতে নগাঁও জিলাৰ কলিয়াবৰৰ বিভিন্ন স্থানত সংৰক্ষিত হৈ থকা কিছু চৰিত পুথিৰ তালিকা তলত উল্লেখ কৰা হ’ল।
কলিয়াবৰত সংৰক্ষিত চৰিত পুথিসমূহ
পুথিৰ নাম | সংৰক্ষিত হৈ থকা স্থান |
---|---|
১) গুৰু চৰিত (পদপুথি) | ৰাইডঙীয়া কীৰ্তন ঘৰ, কুঁৱৰীটোল |
২) সন্ত মুক্তাবলী (পদ) | শ্যামকানু সত্ৰ |
৩) গুৰু চৰিত্ৰ | শ্যামকানু সত্ৰ |
৪) বুঢ়া ভাষ্য (পুৰুষোত্তম ঠাকুৰ আতাৰ) | শ্যামকানু সত্ৰ |
৫) মহাপুৰুষৰ চৰিত্ৰ (পুথিৰ নাম নাই) | যতীন মহন্ত, চামগুৰি সত্ৰ |
৬) আই কনকলতা চৰিত্ৰ (চতুৰ্ভুজ ঠাকুৰ) | নগেন চন্দ্ৰ গোস্বামী, চামগুৰি সত্ৰ |
৭) চৰিত পুথি (ৰামচৰণ ঠাকুৰ) | গিৰিবালা মহন্ত, চামগুৰি সত্ৰ |
৮) শ্ৰীৰাম আতাৰ চৰিত্ৰ | ৰামেশ্বৰ গোস্বামী, ভলাগুৰি সত্ৰ |
৯) শ্ৰীৰামদেৱৰ চৰিত্ৰ | ৰামেশ্বৰ গোস্বামী, ভলাগুৰি সত্ৰ |
১০) ৰামানন্দদেৱৰ চৰিত্ৰ | ৰামেশ্বৰ গোস্বামী, ভলাগুৰি সত্ৰ |
১১) কথা গুৰুচৰিত | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১২) কথা গুৰুচৰিত (২) | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৩) গুৰুচৰিত কথা | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৪) কথা গুৰুচৰিত (৩) | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৫) কথা গুৰুচৰিত (৪) | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৬) গুৰুচৰিত (ৰামচৰণ ঠাকুৰ) | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৭) গুৰুচৰিত (ৰামচৰণ ঠাকুৰ) | কুশদেৱ মহন্ত, গোনামৰা সত্ৰ |
১৮) শিপহা সত্ৰৰ পুৰুষনামা | শিপহা সত্ৰ, সৰুভগীয়া (ভুৱন চন্দ্ৰ মহন্ত) |
১৯) গুৰুচৰিত (ৰামচৰণ ঠাকুৰ) | শিপহা সত্ৰ, সৰুভগীয়া (ভুৱন চন্দ্ৰ মহন্ত) |
২০) গুৰুচৰিত (ৰামচৰণ ঠাকুৰ) | লক্ষ্মীপ্ৰসাদ গোস্বামী, মুৰাৰি সত্ৰ |
২১) গুৰুচৰিত (পদ) | লক্ষ্মীপ্ৰসাদ গোস্বামী, মুৰাৰি সত্ৰ |
২২) গোপালদেৱ চৰিত (পদ) | জগন্নাথ গোস্বামী, কাঠপাৰ সত্ৰ |
২৩) গুৰুচৰিত (পদ) | চমুৱা নামঘৰ, বৰভকতি |
২৪) সন্ত সম্প্ৰদা | গুণীন হাজৰিকা, উলুৱনি |
ইয়াৰ উপৰিও উদ্ধাৰ নোহোৱাকৈ হয়তো অনেক চৰিত পুথি থাকিব পাৰে। ইতিপূৰ্বে কালৰ কুটিল গতিত বহু চৰিত পুথি নষ্ট হৈছে, সি ধুৰুপ।
চৰিত পুথিৰ বিশেষত্ব
বৈষ্ণৱ যুগত সৃষ্ট চৰিত পুথিসমূহে সামাজিক বুৰঞ্জীৰ কাম কৰিছে। বুৰঞ্জীসমূহে এখন দেশৰ ৰজাৰ ৰাজত্বকালৰ বিৱৰণ, ৰাজ-বংশাৱলী দাঙি ধৰাৰ দৰে চৰিত পুথিতো মহাপুৰুষৰ জীৱন কথাৰ লগতে তাৰাৰ শিষ্য-প্ৰশিষ্যসকলৰ জীৱন বৃত্তান্ত দাঙি ধৰে। চৰিত সাহিত্যত সমকালীন ধৰ্মীয়, সামাজিক, সাংস্কৃতিক ঘটনা প্ৰৱাহৰ যথাৰ্থ প্ৰতিফলন ঘটে। সেয়ে চৰিত পুথিসমূহক বৈষ্ণৱ যুগৰ সামাজিক বুৰঞ্জী বুলিব পৰা যায়। এই সম্পৰ্কত ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ মন্তব্য প্ৰণিধানযোগ্য— “চৰিত পুথিসমূহ বুৰঞ্জীৰ পৰিপূৰক। বুৰঞ্জীত প্ৰধানকৈ ৰাজনৈতিক ঘটনাৱলী আৰু ৰজাসকলৰ কাৰ্যকলাপৰ বৰ্ণনা আছে। কিন্তু জনসাধাৰণৰ দৈনন্দিন, সাংস্কৃতিক আৰু সামাজিক জীৱন তাত প্ৰতিফলিত হোৱা নাই। এই অভাৱখিনি চৰিত পুথিয়ে বহু পৰিমাণে পূৰণ কৰিছে।”
চৰিত পুথিসমূহ অলৌকিক ঘটনাৰে ভাৰাক্ৰান্ত হোৱা দেখা যায়। কিয়নো, চৰিতকাৰসকলে শঙ্কৰদেৱ, মাধৱদেৱ বা আন আতাপুৰুষসকলক ঈশ্বৰসদৃশ জ্ঞান কৰিছিল আৰু সেয়ে তেওঁলোকৰ অলৌকিক মহিমা দেখা পাইছিল, যিবোৰ কথাৰ বাস্তৱতা নাছিল। উদাহৰণস্বৰূপে, ৰামচৰণ ঠাকুৰে ‘শঙ্কৰ চৰিত’ত উল্লেখ কৰিছে—
“দিব্য চতুৰ্ভুজ ৰূপ তেখনে ধৰিল॥
শঙ্খ, চক্ৰ, গদা, পদ্ম আছে তাৰ হাতে।
কম্ভলী ধৰায়ে ৰূপ দেখিলা সাক্ষাতে॥”
চৰিত পুথিসমূহক এক প্ৰকাৰৰ দিনলিপি বুলিব পাৰি। ইয়াত সন্তসকলৰ জন্মবৃত্তান্তৰ পৰা জীৱনৰ সমস্ত লীলা বৰ্ণনাৰ লগতে দৈনন্দিন জীৱনৰ কাম-কাজৰ বিৱৰণো পোৱা যায়। শঙ্কৰ-মাধৱৰ মণিকাঞ্চন সংযোগ, ভৱানীপুৰীয়া গোপালদেৱৰ মাধৱদেৱত শৰণ লোৱাৰ মধুৰ কাহিনী, কোৰ মাৰি মাটি চহাই খেতি-বাতি কৰা দামোদৰে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্মপ্ৰচাৰক হোৱা আদি অনেক কাহিনী চৰিত পুথিসমূহত কথোপকথন ৰীতিৰে সাধু ভাষাত বৰ্ণিত হৈছে।
চৰিত পুথিসমূহ আমোদজনক আখ্যানেৰে পৰিপূৰ্ণ। এই আখ্যানসমূহৰ জৰিয়তে সতীত্ব, মহত্ত্ব, গুৰুভক্তি, ভগবৎ-প্ৰেম আদি ভাৱ প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে, ‘কথা গুৰুচৰিত’ত ৰাধিকা শান্তিৰ কাহিনীৰে ৰাধিকাৰ সতীত্ব প্ৰকট কৰা হৈছে। ঠিক তেনেকৈ এইখন চৰিতৰে আন এটা আমোদজনক আখ্যান এনেকুৱা—
হৰিদ্বাৰৰ সূৰ্যসেন নামৰ পণ্ডিত এজনে এশজন ছাত্ৰক শিক্ষা দান কৰাৰ অন্তত শিষ্যসকল গুৰুৰ পৰা বিদায় ল’বলৈ আহিল। গুৰুৱে শিষ্যসকলৰ পৰা আন দক্ষিণা নিবিচাৰি ছাত্ৰসকলৰ গাৰ মাংস ভোজন কৰিবলৈ বৰ হেঁপাহ হৈছে বুলি জনালে। ছাত্ৰসকলে পিছদিনা কোনজন ছাত্ৰৰ মাংস গুৰুৰ ভোজনৰ বাবে আগবঢ়াব, তাক জনাব বুলি ক’লে। কিন্তু ৰাতিয়েই পঞ্চাশজন ছাত্ৰ পলাই গ’ল। পিছদিনা বাকী থকা পঞ্চাশজন ছাত্ৰ গুৰুৰ ওচৰলৈ গৈ ছাত্ৰ পলোৱাৰ কথা কোৱাত গুৰুৱে থকাসকলকে নৰমাংস আগবঢ়াবলৈ ক’লে। সেইদিনা ৰাতিও পঁচিশজন ছাত্ৰ পলাল। পিছদিনা গুৰুৱে পূৰ্বৰ স্থিতিতে বাহাল থকাত অৱশেষত গৈ মাত্ৰ এজন ছাত্ৰহে নপলোৱাকৈ থাকিলগৈ। ছাত্ৰজন গুৰুৰ ওচৰলৈ আহি নিজকে গুৰুৰ ওচৰত নিৱেদন কৰিলে। গুৰুৱে হাতত খৰ্গ লৈ কাটিবলৈ উদ্যত হোৱাৰ সময়ত ছাত্ৰজনৰ চকুত চকুপানী দেখি ক’লে যে দুখ মনেৰে আগবঢ়োৱা দান গুৰুৱে গ্ৰহণ নকৰে। তেতিয়া ছাত্ৰজনে জনালে যে তেওঁৰ চকুপানী ওলোৱাৰ কাৰণ হ’ল— নিজৰ মৃত্যুৰ কথা ভাবি নহয়, যদি বাকীবোৰ ছাত্ৰও থাকিলহেঁতেন, তেন্তে গুৰক কাটি-বাছি, ৰান্ধি-বাঢ়ি খুৱাব পাৰিলেহেঁতেন, এতিয়া গুৰুৱে অকলেই সকলোবোৰ কৰি-মেলি ল’ব লাগিব দেখিহে দুখতে চকুপানী ওলাইছে। শিষ্যৰ গুৰুভক্তি দেখি ছাত্ৰজনক নাকাটি গুৰুৱে বুকুত সাবটি লৈ তেওঁৰ গুৰুদক্ষিণা সম্পূৰ্ণ হ’ল বুলি জনালে।
উক্ত আখ্যানৰ পৰা আমি আন এটা কথাও জানিব পাৰিলো যে, বৈষ্ণৱ যুগত শিক্ষা বিস্তাৰৰ বাবে প্ৰচেষ্টা চলিছিল। পঢ়াশালি বা টোলত ব্যাকৰণ, কাব্য, জ্যোতিষকে ধৰি আন শাস্ত্ৰসমূহৰ শিক্ষা দিয়াৰ কথা চৰিতসমূহত বৰ্ণিত হৈছে। উদাহৰণস্বৰূপে, শঙ্কৰদেৱে বৰদোৱাত মহেন্দ্ৰ কন্দলীৰ টোলত, মাধৱদেৱে বাণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত অধ্যয়ন কৰিছিল। চৰিত পুথিত উল্লেখ থকা মতে সেই সময়ত উপৰ্যুক্ত দুই স্থানৰ উপৰিও কোচবিহাৰ, ব্যাসকুছি, শ্ৰীহট্ট, শালকচা আদি ঠাইত টোল আছিল।
সংস্কৃত শিক্ষাৰ বিশেষ প্ৰচাৰ আৰু প্ৰসাৰ যে বৈষ্ণৱ যুগত হৈছিল, তাৰ অনেক উদাহৰণ চৰিতত পোৱা যায়। কোচ ৰজা নৰনাৰায়ণে সমাজৰ সকলো স্তৰৰ লোকে যাতে সংস্কৃত ভাষা শিকিব পাৰে, তাৰবাবে টোল পাতি দিছিল। তেওঁৰ ৰাজসভাত অনেকজন গুণী-জ্ঞানী পণ্ডিতৰ সমাৱেশ হোৱা আৰু আলাপৰ কথা চৰিতসমূহত পোৱা যায়। এবাৰ লগত ষাঠিজন ছাত্ৰ লৈ কবিচন্দ্ৰ নামৰ এজন পণ্ডিত কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ আহিল। ৰাজসভাত উপস্থিত হৈ দেখিলে যে পণ্ডিতসকলৰ কথা বাদেই, আনকি সাধাৰণজনেও সংস্কৃত ভাষা ক’ব পাৰে। তেতিয়া পণ্ডিতজনাই এই দেশ আৰু ৰজাক ধন্য মানিলে।
চৰিত পুথিসমূহত ভক্ত, সন্ত-মহন্তসকলে ধৰ্ম প্ৰচাৰৰ বাবে কৰা ভ্ৰমণ আৰু তাৰ পৰা সঞ্চয় কৰা অভিজ্ঞতা, ৰাজনিগ্ৰহ আৰু দস্যুসকলৰ কবলত পৰি হোৱা বিলৈ-বিপত্তি, চৰিতকে ধৰি অন্যান্য নাট, ধৰ্মগ্ৰন্থৰ প্ৰতিলিপি তৈয়াৰ কৰা পৰম্পৰা, কৃষিকৰ্ম আৰু বণিজৰ কথা আদিৰ বিস্তৃত বিৱৰণ আছে।
চৰিত সাহিত্য অসমৰ বৈষ্ণৱ যুগৰ অমূল্য সম্পদ। ই অসমৰ বৈষ্ণৱ গুৰুসকলৰ কাহিনীকাব্য। বেছিভাগ চৰিত পদ্যত ৰচিত হ’লেও ‘কথা গুৰুচৰিত’, ‘বৰদোৱা চৰিত’, ‘সন্ত সম্প্ৰদা’ আদি গ্ৰন্থ সেই যুগৰ গদ্য সাহিত্যৰ নিদৰ্শন।
চৰিতকাৰসকলে নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লক্ষ্য আগত ৰাখিহে চৰিত সৃষ্টি কৰিছিল। সেয়ে ধৰ্মৰ মূলতত্ত্ব, অৰ্থাৎ কলিত যে হৰিনামেই সাৰ, তাক প্ৰচাৰ কৰিবলৈ পাহৰা নাছিল। তীৰ্থতকৈ যে হৰিনামেই সাৰ, চৰিতসমূহে তাৰেই গৌৰৱ ঘোষণা কৰিছে—
“এতেকে তীৰ্থত কৰি নাম শ্ৰেষ্ঠ হয়।
কলিত বিশেষ আৰ জানিবা নিশ্চয়॥”
সহায়ক গ্ৰন্থপঞ্জী
ক) অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত: ড° সত্যেন্দ্ৰনাথ শৰ্মা
খ) গুৰুচৰিত (শ্ৰীমন্ত শঙ্কৰদেৱ লীলাচৰিত): ৰামচৰণ ঠাকুৰ (সম্পাদনা- হৰিনাৰায়ণ দত্তবৰুৱা)
গ) অসমীয়া সাহিত্যৰ ৰূপৰেখা: ড° মহেশ্বৰ নেওগ
ঘ) কথা গুৰুচৰিত: সম্পাদনা- সৰ্বেশ্বৰ ৰাজগুৰু
❧ | আৰু পঢ়ক: