বিনামূলীয়া সেৱা

বিনামূলীয়া সেৱা
  • 18 Mar, 2025

বি কুল শৰ্মাই আগফালৰ বাৰাণ্ডাত কণামুচৰিৰ দৰে জুপুকা মাৰি বহি সন্মুখৰ ৰাস্তাটোত দৃষ্টি নিবদ্ধ কৰি আছিল। লক ডাউন চলি আছে। ৰাস্তাত ঔষধত দিবলৈও মানুহ এটা পাবলৈ নাই। কভিড আৰু পুলিছৰ ভয়ত সকলো ঘৰৰ ভিতৰত।

“হেৰি, মই কাম এটা কৰোঁ বুলি ভাবিছোঁ।”— হাতত চাহ একাপ লৈ শৰ্মাৰ পৰিবাৰ মনতৰা তেওঁৰ কাষৰ চকীখনতে বহিলহি।
“কি কাম?”— শৰ্মাই পৰিবাৰৰ হাতৰ পৰা চাহকাপ লৈ লগে লগে শোহা এটা মাৰিলে চাহকাপত।
“মই দুখীয়া মানুহকেইঘৰমানক খোৱাবস্তু অলপ দিওঁ বুলি ভাবিছোঁ।”
“কি ক’লা?”— তপিনাত বিহপৰুৱাই কামোৰা মানুহৰ দৰে শৰ্মা জাপ মাৰি উঠিল। তেওঁ যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিব নোৱাৰিলে! ইতিমধ্যে চাহকাপৰ পৰা অলপ চাহ বাগৰি প্লেটখনত পৰিছিলগৈ। শৰ্মাই সেইখিনি একে শোহাই খাই চাহকাপ কাষৰ টিপয়খনত থৈ দুয়ো হাতৰ কেঞা আঙুলিৰে কাণ দুখন খজুৱাই ল’লে। তাৰ পাছত উৎকণ্ঠাৰে পৰিবাৰক ক’লে— “কি ক’লা আকৌ এবাৰ কোৱাচোন।”
“আপুনি কলা হ’ল নেকি?”
“নাই হোৱা।”
“তেনেহ’লে?”
“তোমাৰ মুখত এনেকুৱা এষাৰ সজ কথা শুনিম বুলি মই সপোনতো ভাবিব পৰা নাছিলো। আজি মোৰ জীৱন ধন্য!”
“আপোনাৰ সব কথাতে খালী পেংলাই!” “ছৰি! কিন্তু বাহিৰলৈ ওলাই গ’লে গাত ক’ৰোনা লম্ভে যদি?”
“আপোনাৰ নিচিনা মদগজ মানুহ এটায়ে মোৰ ওচৰত ভয়ত ভিজা মেকুৰী হৈ থাকে, ক’ৰোনাৰ নিচিনা ক্ষুদ্ৰ জীৱ এটা মোৰ ওচৰ চাপিবলৈ সাহস কৰিবনে! নাম নাজানো তাৰ!”
“সেইটো হয় বাৰু। কিন্তু বাটত পুলিছে পায় যদি? এই বুঢ়া বয়সত পিঠিত পুলিছৰ মাৰ পৰিলে হ’ল আৰু!”
“আমাৰ গাত হাত দিবলৈ পুলিছৰ এশটা দাঁত গজিব লাগিব! মই বিবিপি (বৰকথা বেচিখোৱা পাৰ্টি)ৰ এইটো অঞ্চলৰ সভানেত্ৰী বুলি নাজানে জানো? মোৰ এটা ফোনত খোদ এছপিয়েই কঁপি যায়, তেনেস্থলত সাধাৰণ পুলিছ কোন কুটা!”— শৰ্মাৰ পৰিবাৰ সদৰ্পে ভিতৰলৈ সোমাই গ’ল।

শৰ্মাই চেঁচা হৈ যোৱা চাহকাপ একে শোহাই শেষ কৰি ভাবিলে— এই বান্ধকেৰেপ মানুহজনীয়ে সঁচাকৈয়ে কৈছেনে বাৰু কথাষাৰ? মানুহজনীয়ে আজিলৈকে কাকো কিবা বস্তু এনেয়ে দিয়া তেওঁ দেখা নাই। ভিতৰত বস্তু গেলি যায়, সেইবোৰ লাগিলে তেওঁ চুৱাপাতনিত পেলাই দিবগৈ, তথাপি তেওঁৰ হাতৰ পৰা বস্তু সৰকি নপৰে। আনকি ভিক্ষাৰীকো মানুহজনীয়ে বাটৰ পৰাই খেদি পঠায়।

দুপৰীয়া ভাতৰ পাতত শৰ্মাই পৰিবাৰক সুধিলে— “আজিনো তোমাৰ দৰিদ্ৰক দান কৰিবলৈ কি মন গ’ল?”
“অলপ পুণ্য কৰিবলৈ মন গৈছে।”
“তেনেহ’লে বুঢ়া বয়সত হ’লেও তোমাৰ সুমতি প্ৰাপ্তি ঘটিছে?”
“মইনো ক’ত বুঢ়া হোৱা দেখিছে? মোৰ মাত্ৰ আঢ়ৈকুৰিহে হৈছে!”
“হ’ব, তুমি গাভৰুৱে হৈ আছা বাৰু। কিন্তু আমাৰ ওচৰে-পাজৰেতো তেনেকুৱা কোনো দুখীয়া মানুহ নাই! তুমি কাক খোৱা বস্তু দিবাগৈ?”
“আমাৰ ঘৰত কাম কৰিবলৈ অহা ফাতেমাহঁতকে দিমগৈ বুলি ভাবিছোঁ।”
“কিন্তু ইমান দূৰ বাট এতিয়া কেনেকৈ যাবা? এতিয়াতো লক ডাউন চলি আছে!”
“খোজকাঢ়িয়েই যাম। মানুহে পুণ্য কৰিবলৈ কত দূৰৰ তীৰ্থস্থানলৈ বাটকুৰি বাই যায়, মই দুই কিলোমিটাৰ বাট যাব নোৱাৰিমনে?”
“মানুহজনী বাৰু যাবা, কিন্তু টোপোলাবোৰ নিবা কেনেকৈ?”
“কিয়, আপুনি চাইকেলত লৈ যাব আক’!”
“মই আকৌ কিয় যাম? পুণ্য তুমিহে কৰিবা!”
“মই আপোনাৰ অৰ্ধাংগিনী হয়নে নহয়?”
“দস্তুৰমত হয়।”
“গতিকে আপুনি মোৰ সকলো কামতে শতকৰা পঞ্চাশভাগ সহায় কৰাটো আপোনাৰ কৰ্তব্য।”

শৰ্মাই আৰু পৰিবাৰৰ লগত কি তৰ্ক কৰিব! তেওঁ তলমূৰ কৰি ভাত খোৱাত লাগিল।

পাছদিনা ৰাতিপুৱা শৰ্মাৰ পৰিবাৰে মাত্ৰ এটা টোপোলাহে বন্ধা দেখি তেওঁ আচৰিত হ’ল— “তুমিতো কেইবাঘৰো মানুহক খোৱা বস্তু দিবাগৈ বুলি কৈছিলা! এতিয়া দেখোন মাত্ৰ এটা টোপোলাহে বান্ধিছা?”
“এটাৰেই কে’বাঘৰকো দিম।”
“মানে?”
“সেয়া আপুনি সময়ত দেখিব। এই আটকৰ দিনত কিবাকেইটামান যে দিছোঁ, সেয়াই ডাঙৰ কথা। এতিয়া আপুনি প্ৰশ্ন সুধি সময় নষ্ট কৰি থাকিব নালাগে। ওলাওকগৈ।”

শৰ্মাৰ পৰিবাৰে নিজেও কাপোৰ-কানি পিন্ধিবলৈ শোৱনি কোঠালৈ সোমাই গ’ল। সেই সুযোগতে শৰ্মাই টোপোলাটোত কি আছে মেলি চালে আৰু বস্তুকেইটা দেখি তেওঁৰ চকু কপালত উঠিলগৈ। এক কিল’মান পিঠাগুড়ি খুন্দিবলৈ থোৱা মলঙি যোৱা চাউল, গজালি ওলোৱা পাঁচটামান আলু, পাঁচ চকলমান ল’ফ, দহ টকীয়া মেৰিগ’ল্ড বিস্কুট এপেকেট, এটা আপেল আৰু এপোৱামান বুট। শৰ্মাৰ মুখৰ পৰা আপোনা-আপুনি ওলাই গ’ল— হে ভগৱান, মই কি এনে পাপ কৰিছিলো— যাৰ ফলত তুমি মোক এনেকুৱা এজনী মানুহ পত্নী হিচাপে দিলা!

শৰ্মাই কাপোৰ-কানি পিন্ধি ওলোৱাৰ আধা ঘণ্টামানৰ পাছতহে পৰিবাৰৰ ওলোৱা হ’ল। সাজি-কাচি কোঠাৰ পৰা ওলাই অহা পৰিবাৰক দেখি তেওঁৰ চকু পুনৰ কপালত উঠিলগৈ। শৰ্মাই অলপ খঙেৰেই পৰিবাৰক ক’লে— “হেৰা, তুমি পুণ্য কৰিবলৈ ওলাইছা, নে সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল’বলৈ ওলাইছা?”
“কি কৰিবলৈ ওলাইছোঁ সেয়া সময়ত গম পাব। এতিয়া মনে মনে বাট লওক।”

শৰ্মাই পৰিবাৰৰ হাতৰ পৰা টোপোলাটো লৈ চাইকেলৰ হেণ্ডেলত ওলোমাই ল’লে। লক ডাউনৰ কাৰণে ঘৰত সোমাই থাকি থাকি দুয়ো এলেহুৱা হৈ পৰিছিল। দুয়োৰে দেহ দুটা গাধ হৈ পৰিছিল। ফলত অলপ দূৰ যোৱাৰ পাছতে দুয়োৰে ফোঁপনি উঠিল। শৰ্মাই পৰিবাৰক ক’লে— “হেৰা, চাইকেলতে উঠি লোৱা। নহ’লে আমি আজি গৈ তীৰ্থস্থান নাপামগৈ!”
“আপুনি জানো মোক উঠাই নিব পাৰিব?”
“চেষ্টা এটা চলাই চাওঁচোন।”

কিন্তু শৰ্মাৰ চেষ্টা সফল নহ’ল। শৰ্মানীৰ দুমোনীয়া শৰীৰটো চাইকেলৰ আগফালৰ ফ্ৰেমত নুজুৰিলে। পিছফালৰ কেৰিয়াৰত বহাৰ লগে লগে চাইকেলখন উৰাল খাই গ’ল। উপায়ান্তৰ নাপাই দুয়ো পুনৰ খোজ কঢ়াত লাগিল।

ৰৈ ৰৈ, হেলাই-হেফাই দুঘণ্টামানৰ মূৰত শৰ্মাহঁত ফাতেমাহঁতৰ ঘৰ পালেগৈ। ফাতেমাই সপোনতো ভাবিব পৰা নাছিল, তাইৰ বাইদেৱেকে যে এদিন সিহঁতৰ ঘৰত পদধূলা দিবহি। তাই চোতাললৈকে প্লাষ্টিকৰ টুল দুখন উলিয়াই শাৰীখনৰ আঁচলেৰেই সেই দুখন মচি শৰ্মা-শৰ্মানীক আথে-বেথে বহিবলৈ দিলে। আন কথাৰ অৱতাৰণা নকৰি শৰ্মাৰ পৰিবাৰে চিধা ফাতেমাক ক’লে— “তহঁতলৈ খোৱা বস্তু অলপ আনিছিলো। তই তোৰ লগৰ তিৰোতাকেইজনীমানক মাতি দেচোন।”
“হ’ব বাইদেউ।”— ফাতেমাই সীমাৰ জেওৰাৰ কাষলৈ গৈ ‘ঐ হাচিনা, ঐ পাকিজা, চাওঁ অলপ এইফালে আহচোন’ বুলি চিঞৰ ধৰাৰ লগে লগে পাঁচ-ছজনীমান তিৰোতা সিহঁতৰ চোতালত থূপ খালেহি। শৰ্মাৰ পৰিবাৰে এইবাৰ হাতৰ ফোনটো তেওঁৰ হাতত দি ক’লে— “আপুনি এতিয়া আমাৰ ফটোকেইখনমান তোলক।”

যেনে নিৰ্দেশ তেনে কাম। শৰ্মাই খাদ্যবস্তুৰ টোপোলা সহিতে ফাতেমা আৰু তাইৰ লগৰ পাঁচজনী তিৰোতাৰ লগত পৰিবাৰৰ কেইবাখনো ফটো তুলিলে। ইয়াৰ পাছত শৰ্মাৰ পৰিবাৰে ফাতেমাৰ হাতত খাদ্যবস্তুৰ টোপোলাটো তুলি দি ক’লে— “ইয়াত কিবা-কিবি খোৱা বস্তু অলপ আছে। তহঁত আটাইকেইজনীয়ে ভগাই ল’বি। আমি এতিয়া যাওঁ।”

শৰ্মা যেন লাজতে মূছকঁছ যাব! হে ভগৱান, এইকেইটা বস্তুকে পৰিবাৰে পাঁচ-ছজনী তিৰোতাক ভগাই ল’বলৈ কৈছে! তেওঁ ক’তে নমৰে!

ওভতনি যাত্ৰাত ফাতেমাহঁতৰ পদূলি পাৰ হোৱাৰ পাছতে শৰ্মাৰ পৰিবাৰে তেওঁক ক’লে— “এতিয়া বুজি পালে মই ইয়ালৈ কিয় আহিছিলো?”
“পালোঁ। ফটোখিনি তুমি ফেছবুকত প’ষ্ট কৰি মানুহৰ মাজত প্ৰচাৰ কৰিবা।”
“ঠিকেই বুজিছে। মোৰ লগত থাকি থাকি আপোনাৰ মগজটো দেখিছোঁ যথেষ্ট পূৰঠ হৈছে!”
“ধন্যবাদ। কিন্তু আজি তোমাৰ টোপনি আহিবনে?”
“কিয়?”
“ফাতেমাহঁতক খোৱাবস্তুখিনি এনেয়ে দি আহিলা যে!”
“আপোনাক কোনে ক’লে মই এনেয়ে দিলো বুলি?”
“কিয়, তুমিতো সিহঁতৰ পৰা পইচা লোৱা মই নেদেখিলো!”
“মানুহে শ্বেয়াৰ মাৰ্কেটত যেনেকৈ পইচা ইনভেষ্ট কৰি থয়, মই তেনেকৈ বস্তুখিনি ইনভেষ্ট কৰি থৈছোঁ।”
“মানে?”
“মানে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলৰ পৰা মই সভাপতিৰ টিকেট পোৱাটো খাটাং। আমাৰ বিৰোধী পাৰ্টিৰ প্ৰাৰ্থীগৰাকী মোতকৈ বহুত দুৰ্বল কাৰণে মই জিকাটোও খাটাং।”
“তাতে কি হ’ল?”
“শুনি যাওক। মই নিৰ্বাচনত জিকাৰ পাছত ফাতেমাহঁতৰ নিচিনা মানুহবোৰৰ কাৰণে যিবোৰ চৰকাৰী ঘৰ-দুৱাৰ, লেট্ৰিন-বাথৰূম আহিব, সেইবোৰৰ পইচা মাৰি মই টোপোলাটোৰ লাখগুণ কামাই ল’ম।”

শৰ্মা ঠাইতে থমকি ৰ’ল। তেওঁৰ মুখেৰে আপোনা-আপুনি ওলাই গ’ল— বিনামূলীয়া সেৱা জিন্দাবাদ!

❧ | অধিক গল্প:

বিনামূলীয়া সেৱা | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook