গে টখন খোলাৰ শব্দটোতে বুজিলো,— নৰহৰি বৰ্তা। লগে লগে ঘৰখনত উথপথপ্ লাগি গ’ল— ভাইটি পঢ়া টেবুল পালেগৈ, মাৰ ভাত ৰান্ধিবলৈ আছে বুলি হঠাৎ মনত পৰিল, দেউতা বাথৰূমত সোমাল। আৰু আনদিনাৰ দৰেই বেকাৰ হৈ থাকি গ’লো মই! খং এটা উঠি আহিল, হ’ল বুলি আৰু কিমান শুনিম একেবোৰ কাহিনী। হিচাপ কৰাহেঁতেন প্ৰতিটো সাধু এশবাৰৰ ওপৰত শুনিলো বুলি ওলালহেঁতেন। আৰু সেই যে নৰহৰি বৰ্তাৰ পঢ়াত বিৰাট চোকা একমাত্ৰ ভায়েকটোক চহৰত পঢ়াওঁতে যি কষ্ট গ’ল, সম্পত্তিৰ নামত যে ভায়েকটো আৰু ঘৰটোহে ৰ’লগৈ, সেইটো কাহিনী ইমানবাৰ শুনিছোঁ যে আজিকালি সেইটো মোৰ সন্মুখতে ঘটা কাহিনীৰ দৰেই লাগে!

ততাতৈয়াকৈ ওলাই গ’লো কলিং বেল বজোৱাৰ আগতেই আগফালৰ দুৱাৰখন খুলি দিবলৈ। নহ’লে যে বৰ্তাই আকৌ চহৰীয়া ভায়েকৰ ঘৰলৈ যাওঁতে ভাই বোৱাৰীয়েকে কলিং বেল বজাবলৈ আৰু দুৱাৰত টুকুৰিয়াইহে ভিতৰলৈ সোমাবলৈ শিকালে, সেইটো কাহিনী ক’বলৈ আৰম্ভ কৰি দিব। বেল বজাৰ আগতেই দুৱাৰখন খুলি বৰ্তাক ভিতৰলৈ মাতিলো— ‘আহক বৰ্তা।’

উত্তৰত ভাল মাত ক’ত পাম, উভতি ক’লেহে— ‘ছোৱালী মানুহ, অকণ সুৰীয়াকৈ মতিব নাজান? আমাৰ টিমটিমক চাবিচোন আহিলে, কি শুৱলা মাত-কথা!’

বুজিলো, আজি টিমটিম উপাখ্যান শুনিব লাগিব, তাকো সম্পূৰ্ণ মন দি। মন নিদিয়া যেন পালেই আকৌ সেইটোকে লৈ কি কাহিনীয়ে বা পোৱালি মেলে! টিমটিম বৰ্তাৰ একমাত্ৰ ভায়েকৰ একমাত্ৰ ছোৱালী। অকলশৰীয়া বৰ্তাই টিমটিমক নিজৰ জীৰ দৰেই ভাবে। আমি দেখা নাই আজিলৈকে, হ’লেও শুনি শুনি ইমানখিনি জনা হ’লো যে টিমটিমৰ দৰে ৰূপে-গুণে বিভূষিতা দ্বিতীয় এজনী ছোৱালী ভূ-ভাৰস্ত কিয়, সমগ্ৰ জগততে যে ওলাব সন্দেহ!

সেই টিমটিমৰে বিয়া। এলাপেছা কথা! গতিকে আমিও সাজু হৈয়েই আছোঁ নতুন হাজাৰটা সাধু শুনিবলৈ। পিছে আজিৰ কথা অলপ বেলেগ, গধূলি বৰ্তাৰ ঘৰত টিমটিমৰ বিয়াৰ বাবে ৰাইজ গোটোৱা পৰ্ব, গতিকে দেউতাক নিমন্ত্ৰণ দিয়েই বৰ্তা যাবলৈ ওলাল,— অইন ভকত মাতেগৈ, আৰু ধেৰ কাম পৰি আছে, এনেই কথা চোবাই থাকিবৰ সময় নাই!

হওঁতে বৰ্তাই বিয়াখন গাঁৱৰ চোতালতে পাতিব খুজিছিল, পিছে কইনাৰ লগৰবোৰ আকৌ টাউনৰহে, আহিবলৈ দিগদাৰ পাব বোলে, গতিকে চহৰৰ বিবাহ ভৱনেই ঠিক হ’ল। নিজৰ ঘৰৰ নিজে ৰোৱা চেগুন কাঠৰ ‘ফাইনিচিয়াৰ’ দিব বুলি ভবা বৰ্তাই চেগুনকেইজোপা বেচি পইচাকে দি দিলে— কইনাৰ পছন্দৰেই হওক, এজনীয়েই ছোৱালী।

বিয়া বুলি বৰ্তাই গামোচা-চেলেঙলৈকে নতুন কাপোৰ ল’লে। কইনাৰ একমাত্ৰ বৰবাপেক, ভালকৈ নাথাকিলে হ’বনে! বিয়ালৈ মাতিবলৈ পিছে টিমটিম গাঁৱলৈ নাহিল, মাক-দেউতাকো নাহিল। গাঁৱৰ ৰাইজক বিবুদ্ধিত পেলাই এমাহ আগতেই বিয়াৰ বাবে ৰাইজ গোটোৱা নৰহৰি বৰ্তায়ো বিয়ালৈ যাবলৈ এবাৰো কাকো নক’লে। বিয়াৰ কাহিনী মুখ টিপি হাঁহি হাঁহি শুনিম বুলি আশা পালি থকা আমাৰ আশাত চেঁচা পানী ঢালি বিয়া পাৰ হোৱাৰ এসপ্তাহলৈ আমি বৰ্তাক দেখাই নাপালো। বিয়াৰ নামতে উৰি ফুৰিছে বুলি ভাবোঁতেই অহুকাণে-পহুকাণে গম পালো— বৰ্তা বোলে বিয়াৰ দিনাই যি অকণমান সময় বিয়াত দেখা দি আহিল, ওলাই সোমাইহে ফুৰা নাই, ঘৰতে আছে। আচৰিত কথা!

আবেলি টিউচনৰ পৰা আহোঁতে বৰ্তাৰ ঘৰত সোমালো এপাক, অকলশৰীয়া মানুহ— খবৰ এটা ৰখাটো ভাল। বৰ্তা কিতাপ এখন হাততে লৈ জুপুকা মাৰি বহি আছিল বাৰণ্ডাতে। মোক দেখি আলহ-উদহকৈ মাতিলে। ‘ঘৰৰ বগৰী আছে, আনোগৈ ৰহ’ বুলি ভিতৰলৈ উঠি যোৱা বৰ্তাই কি পঢ়ি আছিলনো বুলি চাওঁতেহে দেখিলো— সেইখন এখন চিঠি; কিতাপ আকৃতিৰ দহখিলামান পাতৰ এখন বিয়াৰ চিঠি— টিমটিমৰ বিয়াৰ চিঠি। চিঠিখন দেখি সেইদিনাৰ বৰ্তাৰ কথাকেইটা মনত পৰি গ’ল— এনেকুৱা বিয়া বাদেই, এনেকুৱা ‘জিজাইন’ৰ চিঠিও তহঁতে দেখি পোৱা নাই! সঁচাকৈয়ে, এইখন চিঠি নে কিতাপ! মেহেন্দি, সঙ্গীত, ককটেইল পাৰ্টী আদি অজস্ৰ অনুষ্ঠানৰ ভাগে ভাগে নিমন্ত্ৰণৰ তলে তলে ইতিত সোণালী আখৰেৰে লিখা অলেখ অঙহী-বঙহীৰ নাম, সম্পৰ্কৰ সৈতে। ইমানবোৰ এলেকৰ পেলেক সম্পৰ্কীয়ৰ নামৰ মাজত বৰ্তাৰ নামটো নাই,— ক’তো নাই! চিঠি ছপাবলৈ দিওঁতে বোলে কইনাৰ একমাত্ৰ বৰবাপেক বৰ্তাৰ নামটো দিবলৈ কইনাৰ দেউতাকে পাহৰি গ’ল।

বৰ্তাৰ হাতৰ পৰা বগৰীকেইটা লৈ ‘যাওঁ বৰ্তা’ বুলি সুৰীয়াকৈ মাতিবলৈ কৰা চেষ্টাটো নিজৰ কাণতে কিবা বেসুৰা হৈ ধৰা দিলে।

❧ | অধিক গল্প:

বেসুৰা | গীতাৰ্থী হাজৰিকা

Follow Nilacharai on Facebook

আৰু পঢ়িব পাৰে: