বে লিটো অস্ত যোৱাৰ পাছত আকাশখন লাহে লাহে গহীন হৈ পৰিল। জোনটোক ডাৱৰে ঢাকি থৈছে। এন্ধাৰবোৰে জোনাকী পৰুৱাজাকক অস্থিৰতাৰে খেদি ফুৰিছে। জিলিৰ চি-চিয়নিৰ বাদে সকলো নিজান, নিস্তব্ধ। বাহিৰৰ বতাহে হঠাৎ খিৰিকীখন খুলি দিয়াত পঢ়ি থকাৰ কিতাপখনৰ পৰা মনোযোগ আঁতৰাই পংখীয়ে খিৰিকীখনৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। বতাহে খিৰিকীখন বৰকৈ কোবাইছে। হাতৰ কিতাপখন কাষতে থৈ একেকোবে উঠি গৈ খিৰিকীখনৰ কাষত ৰৈ বাহিৰলৈ চাওঁতেই পংখীৰ এনে লাগিল বাহিৰৰ এন্ধাৰবোৰে যেন পংখীৰ ফালে খেদি আহিছে আৰু কোনাবাই যেন এন্ধাৰৰ আঁৰ লৈ পংখীৰ চকু দুটা ঘুকটি উলিয়াই নিব বিচাৰিছে! পংখীৰ বাহিৰলৈ চোৱাৰ আৰু সাহ নহ’ল, লৰালৰিকৈ তাই খিৰিকীখন জপাই পৰ্দাখন মেলি দিলে।
বিশ্বজিৎ অফিচৰ পৰা ঘৰ আহি পাওঁতে প্ৰায় ৰাতি ১০ মান বাজে। বিশ্ব কামলৈ যোৱাৰ পাছত পংখীৰ সময়বোৰ পাৰ হয় প্ৰিয় সাহিত্যিকজনৰ কিতাপকেইখন আৰু টিভিটোৰ লগতেই। অৱশ্যে টিভিটো নামতহে লাগি থাকে, পংখীৰ মনোযোগ কিন্তু কিতাপতহে থাকে। ক’বলৈ গ’লে, বিশ্ব নথকা সময়খিনিত অকলশৰীয়া ঘৰটোত পংখীৰ বাবে কিতাপেই নিচা হৈ পৰিল। পুনৰ কিতাপখন হাতত লৈ পংখীয়ে টিভিৰ ভলিউমটো কিছু বঢ়াই দিলে। টিভিত বাজি আছিল মুনমী বৰাৰ কণ্ঠৰ ‘এই নিজান ৰাতি/ দূৰৰ তৰা মাতি মাতি/ ৰং-বিৰঙৰ জীৱন…’। মাজে মাজে টিভিলৈ চকু গ’ল যদিও কিতাপখনতেই পংখীয়ে এক সুকীয়া জগত বিচাৰি পাইছে। তেনেকৈয়ে কিছু সময় পাৰ হোৱাৰ পাছত হঠাৎ টিভিৰ শব্দৰ লগতে তাই বাহিৰৰ পৰা ভাহি অহা কিবা বেলেগ মাত এটাও শুনা যেন পালে। লগে লগে টিভিৰ ভলিউমটো কমাই বাহিৰৰ শব্দলৈ কাণ দিলে; কিন্তু তেতিয়া একোৰে শব্দ নাই। পুনৰ টিভিৰ ভলিউমটো বঢ়াই দি হাতত কিতাপখন লওঁতেই তাই পুনৰ বাহিৰৰ পৰা ভাহি অহা মাতটো শুনা যেন পালে। পংখীয়ে এইবাৰ টিভিটো বন্ধ কৰি কিহৰনো মাত বুলি শুনিব বিচাৰিলে। কিন্তু নাই, একোৰে শব্দ নাই। বাহিৰলৈ গৈ চাবলৈ মন গ’ল যদিও তাইৰ সাহস নহ’ল। এইবোৰ তাইৰ মতিভ্ৰম নে সঁচাই কাৰোবাৰ মাত শুনিছিল বুলি ভাবি-গুণি থাকোঁতেই কলিং বেলটো বাজি উঠিল। লগে লগে ঘড়ীটোলৈ চাই দেখিলে— দহ বাজি দহ মিনিট গৈছে। বিশ্ব আহি পালে বুলি মনলৈ সাহ আহিলত বেগাই গৈ দুৱাৰখন খুলি দিলে।
— ‘পালাহি?’ — ‘ওঁ, এই বজাৰকেইটা নিয়াচোন; আহোঁতে একেকোবে লৈ আনিছোঁ। পুৱা বজাৰ কৰিবলৈ সময়ে নহয়।’ — ‘অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিবাচোন। নতুন ঘৰটোত কিবাচোন ভয় ভয় লাগি থকা হৈছে। মাতলৈ-বোললৈ কোনো এজন নাই।’ — ‘ভয়…! কিহৰ ভয় লাগিবলগীয়া হ’ল আকৌ? মোৰ কামবোৰৰ কথাচোন জানাই। অদৰকাৰী কথাবোৰ ভাবি নাথাকিবাচোন, যোৱা ভাত বাঢ়াগৈ।’
ভাত খাই দুয়ো বিছনাত উঠিল। বিছনাত পৰাৰ লগে লগে বিশ্বৰ নাকৰ ঘৰ-ঘৰণি, কিন্তু পংখীৰহে টোপনি নাই চকুত। বাৰে বাৰে বিশ্ব ঘৰলৈ অহাৰ আগৰ কথাবোৰকে মনলৈ আহি থাকিল। কথাবোৰৰ পৰা মনটো আঁতৰাবলৈ শিতানত থকা কিতাপখন মেলি ল’লে। এৰি থোৱাৰ পৰা খুব মনোযোগেৰে দুটামান খণ্ড পঢ়াৰ পাছতেই পংখীৰ চকু দুটা টোপনিত জাপ খাই খাই গৈছে। কিতাপখন জপাই গাৰুটোৰ কাষত থৈ শুবলৈ লওঁতেই বাহিৰৰ পৰা ভাহি আহিল এক অদ্ভুত শব্দ। কোনোবাই যেন চোতালত বৰ বেগেৰে খোজ কাঢ়ি আছে! পংখী একেকোবে বিছনাত বহি পৰিল। বিশ্ব ভাগৰত শুইছে, জগালে গালি খোৱাৰ ভয়ত জগাবলৈ সাহ নকৰিলে। বাৰে বাৰে দুৱাৰখনৰ ফালে চকু দুটা গ’ল যদিও উঠি যাবলৈ সাহ নহ’ল তাইৰ। কিছু ক্ষণৰ পাছতেই অকস্মাৎ খোজৰ শব্দটো নাইকিয়া হ’ল। পংখীৰ বাবে কথাবোৰ বুজিব নোৱৰা সাঁথৰ হৈ পৰিল। ইচাট-বিচাট কৰি থাকোঁতেই ৰাতিটো পাৰ হ’ল!
পোহৰ হোৱাৰ পৰা বিশ্বৰ অফিচ যোৱা সময়কণলৈকে ঘৰুৱা বিভিন্ন কামত পংখীৰ বৰ দৌৰা-দৌৰি হয়। বিশ্বক খুৱাই-বুৱাই অফিচলৈ বুলি আজৰি কৰি দিয়াৰ পাছতহে পংখী আজৰি হয়। বিশ্ব কামলৈ যোৱাৰ পাছত ভিতৰতে থাকি আমনি লগাত পংখী কিতাপ দুখনমান বিচাৰি চাৰিআলিত নতুনকৈ খোলা কিতাপৰ দোকানখনলৈ বুলি ওলাই গ’ল। ওলাই যাওঁতেই বাংলোৰ সন্মুখতে থকা বাগিচাখনত ৰং-বিৰঙৰ ফুলবোৰ ফুলি থকা দেখি কিছু ক্ষণ তাই তাতেই থমকি ৰ’ল। বিভিন্ন ফুলৰ সুগন্ধ, দেৱদাৰুৰ সেউজীয়া ৰূপ, শালিকা, কপৌ আদি বিভিন্ন চৰাইৰ মাত, বহুৰঙী পখিলাবোৰে কিছু সময়ৰ বাবে পংখীৰ মনৰ পৰা ৰাতিৰ কথাবোৰ পাহৰাই ৰাখিলে। হঠাৎ কিতাপৰ দোকানখনৰ কথা মনত পৰাত চাৰিআলিৰ ফালে বেগা-বেগিকৈ খোজ ল’লে। চাৰিআলিলৈ গৈ দেখে যে কিতাপৰ দোকানখনত ডাঙৰ তলা এটা ওলমি আছে। কাষৰ দোকানখনত সুধি গম পালে যে দোকানীজনৰ অসুস্থতাৰ বাবে তিনি দিনমান হ’ল, দোকান খোলা নাই।
পংখীৰ মনটো কিবা ভাবগধুৰ হৈ পৰিল। আমন-জিমনকৈ ঘৰমুৱা হৈ আহি থাকোঁতেই পংখীৰ চকুত পৰিল মাটিত পৰি থকা কাগজ কেইখনমানৰ ওপৰত। আচৰিতভাৱে কোনোবাই যেন কাগজকেইখনত তেজ মচি থৈছে! পংখীৰ বুকুখন এক অবুজ ভয়ত কঁপি উঠিল। ‘এইবোৰ কিহৰ তেজ’ বুলি মনতে ভাবি ইফালে-সিফালে চাই দেখিলে, সেই ঠাইৰ নিচেই কাষতে কোনোবাই নতুনকৈ এটা বিল্ডিং সাজিছে। গে’টৰ পৰা ধৰি গোটেই বিল্ডিংটো বেচ আকৰ্ষণীয়কৈ সাজিছে। পংখীয়ে বিল্ডিংটোৰ কাষতে ৰৈ কিছু ক্ষণ প্ৰত্যক্ষ কৰিলে, কিন্তু বিল্ডিংটোৰ পৰা এটা জনপ্ৰাণীৰ মাত পংখীয়ে নুশুনিলে। আশে-পাশেও ইমান নিৰ্জন, নিস্তব্ধ! পৰিৱেশটোৱে পংখীৰ মনত যেন এক অন্য ৰহস্যৰ সম্ভেদহে দিব বিচাৰিছে! ফেৰফেৰীয়া বতাহ এজাকে কোবাই পংখীৰ গোটেই দেহটো তৎক্ষণাৎ চেঁচা পেলাই দিলে। সেই বতাহতেই কৰ’বাৰ পৰা কেঁচা তেজৰ গোন্ধ এটা আহি তাইৰ নাকত লাগিলহি। কাগজত লাগি থকা তেজবোৰৰ গোন্ধ নে এয়া নে আন কিবা বুলি মনলৈ অহাত গাৰ নোমবোৰ দাং খাই পংখীক আৰু অধিক অস্থিৰ কৰি তুলিলে। আৰু একোকে ভাবিবলৈ নিজকে অকণো সময় নিদি পংখীয়ে বাংলোৰ ফালে বেগাই খোজ ল’লে।
ৰূম আহি পোৱাৰ পাছত কোনো কামতেই তাইৰ মন নবহা হ’ল। ইফালে দুপৰীয়াৰ সাজ ৰন্ধাৰ সময়। বিশ্বৰো আহিবৰ সময় হৈছে। কোনোপ্ৰকাৰে দুপৰীয়া খাব পৰাকৈ ৰান্ধিলে যদিও মনৰ অস্থিৰতা দুগুণে বাঢ়িলহে! য’তেই বহিছে, য’লৈকৈ উঠি গৈছে সেই তেজৰ কেচেমা গোন্ধটো যেন তাইৰ লগে লগেহে ঘূৰি ফুৰিছে। মনটোক সেই কথাবোৰৰ পৰা আঁতৰাবলৈকে পঢ়া আধৰুৱা কৰি থোৱা কিতাপখন হাতত তুলি ল’লে। কিন্তু কি আচৰিত, সেই কিতাপখনতো যেন কেচেমা গোন্ধটো লাগি আছে! বাৰে বাৰে নিজৰ ওৰণাখনেৰে কিতাপখন মচিলে। নাই, গোন্ধটো মাৰ যোৱা নাই। এপাকত হাত, মুখবোৰ ভালকৈ ধুই গাৰ কাপোৰবোৰ সলাই পেলালে। তথাপি সেই কেঁচা তেজৰ গোন্ধ পংখীৰ নাকৰ পৰা নুগুচিল। মনটোক কিছু সংযম কৰি টিভিটো চাওঁ বুলি হাতত ৰিম’টটো লওঁতেই বিশ্ব আহি পালেহি।
ভাতৰ পাতত বহি বিশ্বক গোটেই কথাবোৰ কোৱাত বিশ্বই কথাটো উপলুঙা কৰি দিলে। পংখীয়ে বিশ্বৰ পৰা একো সঁহাৰি নাপাই বেলেগকৈ আৰু কিবা কথা উলিয়াবলৈ মন নকৰিলে। ভাতকেইটা যেনে-তেনে নাকে-কাণে গিলি ডাইনীঙৰ পৰা উঠি গৈ বিছনাত শুই পৰিল। পংখীৰ খং উঠিছে বুলি বিশ্বই বুজিব পাৰিলেও এইবোৰ অনৰ্থক কথাত সময় নষ্ট কৰিবলৈ মন নকৰিলে। পুনৰ অফিচলৈ যাবলৈ সময় হোৱাত পংখীৰ কিতাপৰ আলমাৰিটো খুলি তাত থোৱা অফিচৰ ফাইল এটা উলিয়াই লৈ বিশ্বই পংখী শোৱা বিছনাখনৰ কাষলৈ আহি ক’লে— ‘মই যাওঁ, দুৱাৰখন জপাই লোৱা।’
পংখীয়ে মুখেৰে একো মাত নিদি অভিমান কৰি শুই থকাতেই থাকিল আৰু তেনেকৈয়ে টোপনি গ’ল। কিমান পৰা শুলে, পংখীয়ে ক’ব নোৱাৰে, হঠাৎ সাৰ পাই চকু মেলি দেখে গোটেই কোঠাটোতচোন এন্ধাৰ বিয়পি আছে! ইফালে ৱাল ঘড়ীটোৱে ৰাতি ১১ বজাৰ সংকেত দিছে। বিশ্ব ইমান পৰলৈকে আজি আহি পোৱা নাই বুলি পংখী একেঁচাটে বিছনাত বহি পৰিল। হাতেৰে খেপিয়াই ম’বাইলটো লৈ ফ্লেচলাইটটো জ্বলাই ছেণ্ডেলযোৰ পিন্ধি লাইটৰ চুইচকেইটা টিপিলে— অহ্ লাইটবোৰচোন নজ্বলে! কাৰেণ্ট নাই চাগৈ বুলি এখোজ দিওঁতেই পংখীৰ এনে লাগিল, ভৰিখনৰ কাষেৰেই কিবা এটা যেন জঁপিয়াই পাৰ হৈ গ’ল। নিগনি বা মেকুৰীও হ’ব পাৰে। কিন্তু হঠাৎ ইমান দুৰ্গন্ধ যে…!
ম’বাইলটো জ্বলায়েই পংখীয়ে চকুকেইটা ধুই লওঁ বুলি বুকুত সাহ বান্ধি বাথৰূমৰ ফালে আগবাঢ়িল। হঠাৎ বাথৰূমৰ অহা এক বিকট শব্দই পংখীৰ দুভৰি থমকাই দিলে। লগে লগে বাথৰূমৰ টেপটোৰ পৰা চৰচৰাই পৰা পানীৰ শব্দই তাইৰ মনটোত এক ভয়ানক ৰহস্যই খলকনি তুলিলে। কপালখনৰ পৰা কাণৰ কাষেৰে তাইৰ ঘাম বৈ গৈছে, ডিঙিটোও শুকাই কৰ্কৰীয়া মাৰি গৈছে। ‘কোনে খুলিলে বাৰু পানীৰ টেপটো’ বুলি মনতে ভাবি ম’বাইলৰ পোহৰটোৰে চাব বিচৰাত তাই দেখিলে যে বাথৰূমৰ দুৱাৰখন বাহিৰৰ পৰা খিলি লগাই থোৱা আছে। হঠাৎ পংখীয়ে অনুভৱ কৰিলে যে তাই ভৰি দুখন যেন পানী এডোঙাৰ ওপৰতহে থৈছে! ম’বাইলৰ পোহৰটো তললৈ নিক্ষেপ কৰি তাই চিঞৰি উঠিল— এয়া কি…! দুৱাৰৰ তলৰ ফালেদি ক’লা ক’লা তেজবোৰ বৈ আহি তাইৰ ভৰিৰ তলত ডোঙা পাতিছে। পংখীৰ গোটেই শৰীৰটো থকথককৈ কঁপিবলৈ ধৰিলে। ক’লৈ যাব, কি কৰিব, বিশ্ব ক’লৈ গ’ল এই ৰাতিখন— এই আটাইবোৰ কথাই পংখীৰ মুখৰ মাত কাঢ়ি নিলে। এই কথাই কথা নহয়, বাহিৰলৈকে ওলাই যাওঁ বুলি ঘূৰি দিওঁতেই তাইৰ হাতৰ পৰা পৰি ম’বাইলৰ লাইটটো অফ হৈ থাকিল। লগে লগে গোটেই কোঠাটো অন্ধকাৰেৰে ভৰি পৰিল।
বাহিৰৰ জিলিৰ মাতে পৰিৱেশটো আৰু জয়াল কৰি পেলাইছে। বাহিৰত হঠাৎ আগমন ঘটা বতাহজাকৰো কি যে তাণ্ডৱ চলিল। ৰূমৰ খিৰিকীখন যেন কোনোবাই বাহিৰৰ পৰা বৰকৈ টানি আছে! কোনোবাই যেন চাব খুজিছে ৰূমটোত কোন আছে! সেই সময়তে হঠাৎ বাহিৰৰ পৰা অহা এক ভয়ংকৰ অদ্ভুত শব্দই পৰিৱেশটো অধিক জয়াল কৰি পেলালে। পংখীৰ বুকুখন কঁপি উঠিল। তাইৰ এনে লাগিল, কোনোবাই কাৰোবাৰ ডিঙিত যেন ধাৰাল অস্ত্ৰৰে ৰেপি আছে! আতংকিত শব্দটো বাৰু মানুহৰ নে নিশাচৰ জন্তুৰ! ভয়ত অণ্ঠ-কণ্ঠ শুকাই গ’ল তাইৰ। কি কৰোঁ-কি নকৰোঁকৈ হাতেৰে খেপিয়াই টেবুলত থোৱা পানী বটলটো পোৱাত খুলি লৈ মুখত বাকী দিওঁতেই তাইৰ জিভাখনত এক অদ্ভুত সোৱাদ লাগিল। তলত বহি কিছু পৰ খেপিয়াই খেপিয়াই পৰি থকা ম’বাইলটো পোৱাত ততাতৈয়াকৈ ফ্লেচ লাইটটো জ্বলাই বটলটো চোৱাত দেখিলে বটলত পানী নহয়, সেয়াচোন তেজ! তাইৰ সন্দেহ হ’ল, নাকত লাগি থকা কেঁচা তেজৰ গোন্ধৰ উৎস তাৰমানে এই বটলটোৱেই। কিন্তু, কেনেকৈ সম্ভৱ হ’ল এয়া বুলি মনলৈ অহাত পংখীৰ ঊৰু দুটা থৰ থৰকৈ কঁপিবলৈ ধৰিলে। তেজবোৰ লাগি তাইৰ মুখৰ ভিতৰখন বৰকৈ খজুৱাইছে। আঙুলিটো ভৰাই খজুৱাবলৈ যত্ন কৰোঁতেই কিবা এটা গোটা বস্তু তাইৰ হাতত লাগি ধৰাৰ দৰে অনুভৱ কৰিলে। তেজবোৰই শুকাই গোট মাৰি লাগি ধৰিছে বুলি পংখীয়ে আঙুলি দুটাৰে চেপি ধৰি টানি আনি ম’বাইলৰ পোহৰটো হাতখনলৈ নিক্ষেপ কৰাত দেখিলে তাইৰ হাততচোন এডাল প্ৰকাণ্ড জোক। এয়া কি, মুখৰ পৰা জোক ওলাইছে…! লগে লগে পংখীৰ ডিঙিটো আৰু অধিক খজুৱাবলৈ ধৰিলে। তাই ডিঙিটো যিমান পাৰে বাহিৰৰ পৰা বাঁকুহিলে। বমি বমি ভাব হৈছে নেকি বুলি মনলৈ আহোঁতেই তাই হকহকাই এগালমান বমি কৰি দিলে। তললৈ চকু পৰাত দেখিলে, এগালমান জীয়া জোক বমিখিনিত পিনপিনাই আছে। পংখীৰ মূৰটো লগে লগে ঘূৰাই গ’ল। তাই চিঞৰিবলৈ মুখ মেলিছে, কিন্তু তাইৰ মাতেই নাই। জোকবোৰে তাইৰ কণ্ঠ ৰুদ্ধ কৰি দিলে নেকি বুলি যিমান পাৰিছে চিঞৰিবলৈ যত্ন কৰিছে। কিন্তু তাই যিমানে চিঞৰিছে, সিমানেই জোকবোৰ নাকে-কাণে পুনৰ ওলাই আহিছে। কি কৰে এতিয়া তাই! ভয়ত যেন তাই অচেতন হৈ পৰিব! চিঞৰি কান্দিছে আৰু কান্দিছে, কিন্তু সেই কান্দোনৰ শব্দ কোনেও নুশুনে। তাই হাত-ভৰিৰে যিমান পাৰে চটফাইছে আৰু চিঞৰিছে…!
❧। আৰু পঢ়ক: জয়শ্ৰী গোস্বামী মহন্তৰ গল্প ‘তৰগ ৰস ৰস ইন্দু’
বিশ্ব আহি দেখেহি যে পংখীয়ে টোপনিতে কিবা বলকি আছে, হাত-ভৰি মাৰি আছে। তৎক্ষণাৎ ওচৰলৈ আহি সি মাত লগালে— ‘পংখী পংখী, কি হৈছে তোমাৰ? এই পংখী, পংখী…।’ খকমককৈ সাৰ পাই পংখীয়ে মাত দিলে— ‘বিশ্ব বিশ্ব, তুমি ক’লৈ গৈছিলা ইমান ৰাতিলৈকে? জোকবোৰে মোক খাবলৈ আহিছে বিশ্ব। মোক ইয়াৰ পৰা লৈ ব’লা। লৈ ব’লা।’ — ‘কি আবোল-তাবোল বকিছা পংখী? মই যাওঁতেই ক’লো দুৱাৰখন জপাই ল’বলৈ। দুৱাৰখন তেনেকৈয়ে থৈ শুই গ’লা, এতিয়া এইবোৰ জোক-চোক কি বকিছা? তোমাৰ হৈছে কি পংখী?’
ঘড়ীটোৱে ৰাতি দহ বজাৰ ইংগিত দিয়াত পংখীয়ে ঘড়ীটোলৈ চালে আৰু কিছু প্ৰকৃতিষ্ঠ হৈ ক’লে— ‘বিশ্ব, মই ইমান সময় তাৰমানে সপোন দেখি আছিলো! আগবেলা তেন্তে সেই তেজৰ গোন্ধ, কাগজত লগা তেজ সেইবোৰ কি আছিল? নিশ্চয় কিবা আছে ইয়াত বিশ্ব। বিশ্বাস কৰা মোক।’
বিশ্বই পংখীৰ অৱস্থাটো দেখি হাতত ধৰি পংখীৰ কিতাপৰ আলমাৰিটোৰ কাষলৈ লৈ গ’ল। পংখীয়ে একো তলকিবই নোৱাৰিলে।
— ‘পংখী, তুমি যে কৈছা কিবা আছে বুলি, কি আছে চোৱা ইয়াত।’ আলমাৰিৰ পৰা বিশ্বই গোটেই কিতাপবোৰ উলিয়াই এখন এখনকৈ দলিয়াই দলিয়াই দেখুৱালে— ‘চোৱা, এয়া তোমাৰ কিবাটো। এই কিতাপবোৰেই হ’ল সেই তোমাৰ কিবাটো। দিনে-ৰাতিয়ে পঢ়ি থকা ৰঞ্জু হাজৰিকাৰ কাহিনীবোৰে তোমাৰ মূৰত ধৰিছে পংখী। অফিচলৈ যাওঁতে তুমি ক’ত তেজ সনা কাগজ দেখিলা ময়ো চাব বিচাৰিলো আৰু দেখিলো— সেয়া সেই নতুন বিল্ডিংটোৰ ওপৰৰ ফ্ল’ৰটোত ৰঙৰ কাম কৰি আছিল। কোনোবাই কাগজেৰে সেই ৰং মচি ওপৰৰ পৰা পেলাই দিয়াত তাত পৰি আছে। কোনো তেজ নহয় সেইবোৰ বুজিলা?’
❧। আৰু পঢ়ক: ৰঞ্জু হাজৰিকাৰ গল্প ‘শিৱৰ তৃতীয় নয়ন’
— ‘কি কৈছা এইবোৰ? মই নিজে দেখিছোঁ বিশ্ব!’ — ‘সেইবোৰ তোমাৰ ভ্ৰম পংখী। আতংকৰ পৃথিৱীখনৰ পৰা নিজকে মুক্ত কৰা পংখী। মই ভাল দেখা নাই এইবোৰ।’
বিশ্বই বিভিন্ন কথা অনৰ্গল কৈ গ’ল, কিন্তু পংখী নিমাত-নিস্তব্ধ শিল পৰা কপৌটোৰ দৰে জঠৰ হৈ মাত্ৰ মনতে ভাবিলে— কিতাপৰ ভূতেও এনেকৈ মানুহ খেদেনে…!