বন্ধ-মোক্ষ

বন্ধ-মোক্ষ
  • 22 Feb, 2023

ছাটোৰ ওপৰত হালি-জালি জ্বলি থকা চাকিটোৰ শকত শলিতাডাল প্রথমে অলপ অলপ কঁপি আছিল। একা-বেঁকা ঊর্ধ্বগতিৰ চাকিটোৰ পোহৰ; ঠিক ঠগাখনৰ কাষতে। কোঠাটোৰ একাষত লেম্প এটা। গছাৰ মাটি চাকিটো ডাঙৰ৷ শকত শলিতাডালেৰে চাকিটোৰ পোহৰেৰে কোঠাটো কিছু পোহৰান্বিত। এই পোহৰতে জয়ৰাম ভকতে পাঠ কৰি আছে। ভাগৱত।

এইবাৰ ভাগৱত কিয় সোণাৰামৰ ঘৰত আৰম্ভ হ’ল, কথাটো কোনেও ভালদৰে ধৰিব নোৱাৰিলে। প্রতি বছৰে ভাগৱতৰ পাঠ গাঁওখনৰ হাতৰ আঙুলিত লেখিব পৰা কেইঘৰমান গৃহস্থীতহে আৰম্ভ হয়। কিছু ধনী আৰু ভাগৱত-পাঠৰ অন্তত ভালদৰে খেলটোক বা গাঁওখনৰ ৰাইজক মাহে-প্রসাদে, ভোজে-ভাতে খুৱাব পৰা গৃহস্থী; কিছু বলী। সোণাৰাম সিমান পেলাই দিব পৰা বিধৰ নহ’লেও সোণাৰামৰ দৰে কেইবাঘৰো মানুহ গাঁওখনত আছে।

জয়ৰাম বুঢ়া ভকত। নিৰ্দিষ্টভাৱে খেলখনৰ মুখিয়াল নহ’লেও খেলত বা গাঁৱত জয়ৰাম বুঢ়াৰ কথাকেই প্ৰায়বোৰে শুনে। বুঢ়া ভকত হ’লেও জয়ৰাম কিন্তু বেছি বুঢ়া হোৱা নাই। এতিয়াও হাল বাব পৰা হৈ আছে। মাজে মাজে আনকি কান্ধত ডাঙৰিও আনিব খোজে, ছঠৰীয়া।

জয়ৰাম ভকতেই ক’লে, এইবাৰ পাঠ সোণাৰামৰ ঘৰত আৰম্ভ হ’ব। অহাবেলি দেখা যাব আন কাৰ ঘৰত হয়। যোৱাবেলি পাঠৰ শেষত সোণাৰামৰ মাকে মানস কৰিছিল, সিহঁতৰ ঘৰতেই অহাবেলিলৈ ভাগৱত পাঠ আৰম্ভ কৰিব লাগে। কথাটো ভালদৰে কাৰোবাৰ মনত আছে নে নাই কোনেও বিশেষ নাভাবিলে৷ কিনো কথা, নতুনকৈ এঘৰত পাঠ হ’ব, ভালেই হ’ব। ইমান দিন মাত্র লেখৰ দুঘৰমানতহে হৈ আছিল পাঠ।

এই লেখৰ দুই-এঘৰ মানুহৰ মাজত জয়ৰাম বুঢ়া ভকতৰ ঘৰখনেই আছিল প্রথম। জয়ৰাম ভকত অৱশ্যে ভাৱত ধনী আৰু বলী। ভাগৱত পাঠ বুলিলেই সেয়ে সকলোৰে কেৱল জয়ৰামৰ ঘৰৰ পাঠৰ কথাকেই মনলৈ আহে। সমূহীয়া পাঠ আৰম্ভ হোৱাৰ বহু আগৰে পৰাও জয়ৰামৰ ঘৰত হৈছিল পাঠ। ভাগৱত, কীর্তন, দশম ইত্যাদি। সকলো দিশৰ পৰা ধীৰ স্থিৰ, গায়ন-বায়ন, গীত-বচন যিকোনো বিদ্যাতে পাৰ্গত জয়ৰাম আছিল অগ্রণী পাঠক। গীত-ৰাগ-বিলাপ-পয়াৰ সুৰ-সঞ্চাৰ তেওঁৰ সমান নিখুঁতকৈ জনা কোনো লোক এই অঞ্চলটোতেই পাবলৈ নাই। সুনিপুণ নামতি আৰু শুৱলা পাঠ। সেয়ে ভাগৱত পাঠ বুলিলে যদিও জয়ৰামৰ ঘৰৰেই পাঠৰ কথা সকলোৰে মনলৈ আহে, তথাপি এইবাৰৰ পাঠ সোণাৰামৰ ঘৰত। কিন্তু জয়ৰামৰ চকুত ছানি পৰিছে। পাঠ কৰিব লাহে লাহে নোৱৰা হৈছে। নিজৰ গোসাঁই ঘৰৰ কথাটো বেলেগ। ভাগৱত, কীর্তন, দশম বা যি পুথিয়েই নহওক, পদটোৰ প্ৰথম আখৰটো মণিব পাৰিলে বাকীবোৰ চলাই নিব পাৰে, নির্ভুল। নিজৰ নিয়মিত পাঠত নিজৰ ৰসত নিজেই মগন হৈ থাকে। ভাগৱতৰ প্ৰতিটো স্কন্ধৰ, প্ৰতিটো কথাৰ, প্ৰতিটো পদ বা ঘোষাৰ লগত আধ্যাত্ম আৰু ব্যৱহাৰিক দুয়োটা জীৱনৰ উপলব্ধি জয়ৰামৰ ভালদৰে আছে। সেয়ে প্ৰতিটো পদৰ ব্যাখ্যা যি যি ধৰণেৰে হ’ব পাৰে, সেই ধৰণৰেই কৰিব পাৰে জয়ৰামে। বামুণগাঁৱৰ সংস্কৃত টোলত কিছুকাল ব্যাকৰণ পঢ়িছিল। সেয়ে জয়ৰাম যিকোনো পুথিৰ মূল, উৎস আৰু তাৰ বহুধা বিভক্ত ব্যাখ্যাত নিখুঁতকৈ ৰপ্ত।

কিন্তু আনৰ ঘৰৰ পাঠৰ কথাটো বেলেগ। সমজুৱা পাঠৰ কথাটোও বেলেগ। প্ৰতিটো শব্দৰ স্পষ্ট পাঠ, প্ৰতিটো বৰ্ণৰ নিখুঁত উচ্চাৰণ সদায়ে জৰুৰী। তেওঁ নিজে অনেক ব্যাখ্যাত বৰ্ণৰ অৰ্থ বৰ্ণনা কৰিছে। ৰাৱণৰ পৰাজয় হোৱাৰ আন এটা মুখ্য কাৰণ হেনো আছিল আগনিশা ৰাৱণে কৰা শাস্ত্ৰৰ আধৰুৱা পাঠ। সম্পূৰ্ণ পাঠ ৰাৱণে কৰিব পৰা নাছিল; কিয়নো মাখিৰ ৰূপ ধৰি হনুমান বৰ্ণ এটাৰ ওপৰত বহি আছিল। ৰাৱণে সেই বর্ণ ত্যাগ কৰি শাস্ত্ৰ পাঠ শেষ কৰিছিল। অসম্পূর্ণ পাঠ। ৰাৱণৰ মৃত্যুৰ এই বর্ণহীন পাঠ, আন এক কাৰণ।

যিকোনো অসম্পূর্ণতা, আনকি মৃত্যু অথবা কার্য অসিদ্ধিৰ একোটা কাৰণো হ’ব পাৰে। সেই বাবেই পাঠো হ’ব লাগে সদায় সম্পূর্ণ, ভ্রান্তিহীন। প্ৰতিটো শব্দৰ পাঠ হ’ব লাগে হৃদয়ঙ্গম কৰিব পৰা একো একোটা আন্তৰিক চেষ্টা। জয়ৰামে বিশ্বাস কৰে আৰু প্ৰত্যেক পাঠত ইয়াৰ গভীৰ ৰূপায়ণ যত্ন কৰে, নিজৰ দৃঢ় আৰু গম্ভীৰ পাঠত আৰু তৎপশ্চাৎ ব্যাখ্যা আৰু সমান্তৰালভাৱে হৈ থকা প্ৰশ্ন আৰু উত্তৰ প্ৰসংগত।

তেনে এক বর্ণ ভ্রান্তি বা পাঠ অপৰাধৰ আশংকাতে আজিকালি ৰাজহুৱা পাঠত জয়ৰাম নবহে। কিন্তু গৃহস্থীয়ে জয়ৰামক ভৰসা কৰে, সেৱা ধৰে, বুঢ়া ভকত জয়ৰামে প্রথমে আৰম্ভ কৰক। পাছত আন পাঠেক।

দুই

জয়ৰাম ভকতৰ ঘৰত যিকেইজনে সদায় অতি মনোযোগেৰে জয়ৰামৰ পাঠ আৰু ব্যাখ্যা, ৰস বিচাৰত নিমগ্ন হৈ থাকে, ভাদ, মাঘ বা ফাগুনৰ পৰা আৰম্ভ কৰি পাছৰ পূৰ্ণিমাবোৰত ভাগৱত শেষ কৰি প্ৰসাদ বা ভোজ-ভাতেৰে পাঠ সামৰালৈকে অনবৰতে লাগি থকা গাঁওখনৰ সেইসকল ডেকা-বুঢ়া বয়সীয়াৰ মাজত নিৰ্মল আন এজন। কিন্তু নির্মল সদায়েই অৰ্থ-বিচাৰ-চঞ্চল। সেইবাবেই নিৰ্মলৰ প্রশ্নও থাকে বহুতো। কেতিয়াবা অনন্ত। এদিনৰ পাছত আন দিনলৈকে একো একোটা প্রশ্ন কঢ়িয়াই ফুৰিছিল নির্মলে আৰু নিৰ্মলৰ প্ৰশ্নৰ মাজেৰেও জয়ৰামৰ ব্যাখ্যা হৈ পৰিছিল ব্যাপকতৰ। জয়ৰামৰ পাঠ আৰু ব্যাখ্যাই বাঙ্ময় ৰূপ পাইছিল। সকলোৱে শুনিছিল। পাঠৰ ৰস আৰু আনন্দ লাভ কৰিছিল। জয়ৰাম আছিল অত্যন্ত প্রাসঙ্গিক আৰু আধুনিক। কেৱল আভ্যন্তৰীণ আৰু আপাত আধ্যাত্মিক ব্যাখ্যাত সীমাবদ্ধ নাথাকি এইবোৰে জীৱনত কিদৰে বিস্তাৰ আৰু বিৰাজ কৰি আছে, দৈনন্দিন পৃথিৱীখনত ই কিদৰে ব্যাপক আৰু ব্যাপ্ত তাৰ ব্যাখ্যা আছিল সকলোৰে বাবে স্পষ্ট, সুগভীৰ।

তিনি

নিৰ্মলৰ প্ৰশ্ন আছিল শব্দৰ অৰ্থৰ ওপৰত। শব্দভেদী বাণৰ ওপৰত পাঠ নাছিল। ৰজা দশৰথৰ বাণাঘাতত শ্ৰৱণপিতৃৰ মৃত্যুৰ পাঠ কেতিয়াবাই শেষ হৈছিল। কিন্তু শব্দই নিৰ্মলক কৰি আছিল বিভ্রান্ত। শব্দৰ আদি বা অন্ত বা শব্দৰ উৎস বা শব্দ ক’ত বিলীন হৈ পৰে, পৃথিৱীজুৰি হৈ থকা অহৰহ শব্দ— নির্মল আছিল অশান্ত।

জয়ৰাম কঠখনত বহি আছিল অকলে। পাঠ সেই সময়ত নাছিল। কেইদিনমানৰ পৰা এনেয়ে দুই-এক খণ্ডৰ পাঠ চলিছিল জয়ৰামৰ গোসাঁইঘৰত। তাতে শব্দভেদী বাণৰ প্ৰসঙ্গ আহিছিল। কিন্তু এই শব্দভেদৰ সাধাৰণ অৰ্থ নির্মলৰ অৰ্থ সম্ভেদৰ প্ৰশ্ন নাছিল। শব্দই তাক বিতত কৰিছিল, নির্মলে বিচাৰি ফুৰিছে শব্দৰ আদি আৰু অন্ত।

জয়ৰামে সামান্য হাঁহিলে। নিৰ্মলৰ নতুন প্রশ্ন, শব্দ-জিজ্ঞাসা।

: ইমানদিনে সদায়ে শব্দকেই শুনি আহিছো। বুজা হোৱাৰে পৰা মাত্ৰ শব্দৰ পৃথিৱীতেই বাস কৰিছোঁ। কিন্তু কিয় জানো বৰপিতাই, শব্দৰ যেন কিবা গহীন অর্থ আছে— ক’ত আছেনো সেই গভীৰ অৰ্থ, ক’ৰ পৰা ইয়াৰ আৰম্ভ, শেষ ক’ত!

জয়ৰামে একো নোকোৱাকৈ মনে মনে ৰ’ল। টোলত পঢ়ি থকা কালত এজন অধ্যাপক আহিছিল। ছাত্ৰবিলাকক আচার্যই চিনাকি কৰাই দিছিল। সেই অধ্যাপকজনে কথা প্ৰসংগত বৃহৎ এটা শব্দ কৰি সৃষ্টি হোৱা ব্ৰহ্মাণ্ডৰ কথা কৈছিল— ব্ৰহ্মনাদ। টোলত তর্কশাস্ত্ৰ হৈছিল। তৰ্ক হৈছিল ব্ৰহ্মাণ্ডৰ সৃষ্টি, আদি আৰু অন্তক লৈ। সেইবোৰ জয়ৰামৰ এতিয়াও ভালদৰে মনত আছে। কিন্তু আজি শব্দৰ তেনে কোনো ব্যাখ্যা তেওঁ উল্লেখ নকৰিলে। ওপৰেদি ভাটৌৰ এটা ডাঙৰ জাক উৰি গ’ল। সমবেত চৰাইজাকে জয়ৰাম আৰু নিৰ্মলৰ মাজৰ নিস্তব্ধতাক ভঙ্গ কৰি দিগবলয়ৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত অদৃশ্য হৈ গ’ল। অলপ পাছতে আৰু এটা জাক। আৰু এটা জাক। ক্ৰমে ডাঙৰ হৈ পৰা ভাটৌ জাকৰ কলকলনি লাহে লাহে বিলীন হৈ গ’ল৷ আকৌ বিৰাজ কৰিলে শূন্যতা। সামান্য নিঃশব্দতা আৰু এই নিঃশব্দতাৰ মাজতেই নিৰ্মলৰ শব্দ আৰু শব্দহীনতাৰ অৰ্থসম্ভেদ।

চাৰি

ভৰ বাৰিষাৰ পথাৰ। শব্দাৰ্থই নির্মলক গোটেই ৰাতিটো আচ্ছন্ন কৰি ৰাখিছিল। শব্দৰ আদি আৰু অন্ত। অন্ত সি ভাবিব নোৱাৰে; তাৰ প্রয়োজনো নাই ইয়াৰ। কিন্তু আদি আৰু বাস্তৱ জীৱনৰ শব্দৰ ধ্বনিয়ে তাৰ দেহ-মন, বিশেষকৈ মন আৰু মগজু ছানি থাকে।

শাওণৰ পথাৰ। বোকাময়। আলি মনিব নোৱৰা বোকা দিয়া সাগৰ সদৃশ বহল পথাৰ। পথাৰৰ মাজভাগৰ দীঘল মাটি এডৰা তাৰ৷ আজি মৈয়াব লাগে। তাৰ পাছত মাটি ভূঁই ৰুবৰ বাবে সাজু কৰি দিব লাগে। হেণ্ডাৰী পালৰ জাক জাক ৰোৱনীয়ে এদিন এবেলাৰ ভিতৰতে ৰুই সমান কৰি পেলাব পৰাকৈ মাটিডৰা সাজু কৰি দিব লাগে।

হেণ্ডাৰী পালটো ডাঙৰ। কাষৰ দীঘল ৰত্নৰ মাটিডৰাত আজি পালটো। প্ৰায়ে ডেৰকুৰিমান গৃহস্থীৰ মাইকী মানুহবোৰ। মাটিডৰাত শাৰী পাতি তিৰোতা মানুহবোৰ। হাতে হাতে কঠীয়া৷ বাঁওহাতখনত কঠীয়াৰ গোজবোৰ আৰু সোঁহাতখনেৰে টপাটপ চপচপীয়া বোকাপানীৰ সমান সমতলৰ ওপৰত শাৰী শাৰী সঘন সেউজীয়া ৰোৱাবোৰ। ত্ৰিশখন হাতৰ চপ চপ শব্দ।

মাটিডৰা সমানে মৈয়াই ওচৰত ৰোৱনীবিলাকে ৰুই থকা মাটিডৰাৰ আনটো পাৰে আলিৰ কাষত নিৰ্মলে গৰুহাল ৰখালে। মৈখনৰ পৰা নামিল। বোকাপানীৰ মাজত বলদহাল স্থিৰ হৈ থিয় দি থাকিল। মাজে মাজে মাত্র অলসভাৱে এনেয়ে নেগুৰকেইডাল লৰাই থকাৰ বাহিৰে বাকী প্রায় শব্দহীন। বহল মাটিডৰাৰ মাজেৰে বোকাত ভৰি দুখনেৰে খলক খলক শব্দ কৰি সি হেণ্ডাৰী পালৰ ৰোৱনীখিনিৰ কাষলৈ আহি থাকিল। কাইলৈ পাৰিব নেকি তাৰ মাটিডৰা ৰুবলৈ।

নির্মল আগবাঢ়িল। খলক খলক শব্দ। হঠাৎ নিজৰ গছকতে সি আকৌ এটা বেলেগ শব্দৰ বোধ পালে। কি এই শব্দ। ইয়াৰ আন উৎস কি। খলক খলক।

কালি জয়ৰাম আতৈয়ে তাক বহু শব্দৰ বৰ্ণনা দিছিল। জেঠৰ পাছত প্রথম বা দ্বিতীয় বৰষুণৰ পাছত মাটিত যেতিয়া হাল জোৰে, তেতিয়া তাৰ চৰ্ চৰ্ শব্দবোৰ সি দকৈ মন কৰিছেনে কেতিয়াবা!

: চাবিচোন, অলপ মন দি শুনিবি, কেনে সেই প্রথম হালবোৱা শব্দ! সিক্ত পৃথিৱীখন চৰ্ চৰ্‌কৈ ফালি নিয়া শব্দ। খৰাং পাৰ কৰা পৃথিৱীখনত বৰষুণে জীপাল কৰা পথাৰ। আৰু সেই পথাৰত সেইখন প্ৰকৃতিত নাঙলৰ ফালেৰে ফালি নিয়া চৰ্ চৰ্ শব্দৰ পথাৰ। নাঙলত লাগি থকা জোঙা ফালডাল আৰু ফালৰ ওপৰৰ ত্ৰিকোণ নাঙলটোৰ তলভাগ মন কৰিবিচোন। পুৰুষ নাঙলে প্রকৃতিক বিদীর্ণ কৰা শব্দ। চৰ্ চৰ্, চৰ্ চৰ্।
কৰ্ষণ আৰু ঘৰ্ষণ, ঘৰ্ষণ আৰু কৰ্ষণ। শস্যৰ পথাৰ চহ আৰু তাৰ পাছত লহপহ শস্য— ধাননি, কুঁহিয়াৰণি, মৰাপাট আৰু কত কি!

নির্মলে শব্দবোৰ মনত পেলায়। আৰু গহীন হৈ শব্দবোৰ মনত পেলাব খোজে৷ ইমান দিনে হাল বাই অহা মাটিবোৰ, ইমান দিনে বাই অহা তাৰ চিনাকি নাঙলবোৰ সি পুনৰ আৱিষ্কাৰ কৰিবলৈ যত্ন কৰে। নাঙলৰ আগটো, ফালটো ধৰি ৰখা নাঙলটোৰ শকত নিম্নাংশ, টান মুঠিটো, ঈহ্ডাল, দন্তীয়া ‘দ’ৰ দৰে বক্ৰ মধ্যভাগ— নাঙলটোলৈ সি মনত পেলায়। হয়তো। ভাগৱত পাঠৰ ব্যাখ্যাত জয়ৰামে কিমান ঠিক কৈছে সি নিজে বুজিবলৈ যত্ন কৰে। সি দকৈ চিন্তা কৰে। নিজৰ শৰীৰটোৰ লগত নাঙলটোৰ কোনখিনিত মিল আৰু কোনখিনিত অমিল। সি গভীৰভাৱে ভাবে আৰু এটা সময়ত সি আৰু তাৰ নাঙলটোৰ মাজত কোনো ভেদ দেখা নোপোৱা হয়৷ সিও এটা নাঙল হৈ পৰে। প্ৰকৃতিৰ সন্ধান ব্ৰতী এক পুৰুষ নাঙল।

পাঁচ

পথাৰখনৰ মাজৰ পৰা সি ৰোৱনীবোৰলৈ চাই ৰ’ল। প্ৰায়বোৰ ৰোৱনীকে সি জানে। কোন কাৰ ঘৰৰ বোৱাৰী, কোন কাৰ ঘৈণীয়েক সি ভালদৰেই চিনি পায়। দুজনীমান মাত্ৰ গাভৰু মূল দলটোৰ কিছু দূৰে দূৰে৷ সিহঁতকো নির্মলে চিনি পায়। নির্মলে মৈয়াই থাকোঁতে প্রথমে হেণ্ডাৰী পালটো ৰত্নৰ মাটিডৰাত যিমান দূৰত আছিল, যিমান মাটি ৰুই ৰুই দলটো আগবাঢ়ি আহিছিল সিমানে নির্মলৰ মৈখন পাকে পাকে দূৰলৈ গৈ আছিল, ইটো মূৰলৈ৷ দূৰত্ব সেয়ে কাষ চাপি অহা নাছিল আৰু পালৰ দলটো প্ৰথমৰে পৰা নিৰ্মলক দেখি ওৰণি টানি বিশেষ আবুৰ হ’ব লগাও নাছিল।

নির্মল বহুতৰে জেঠাল। পথাৰত ৰোৱাৰ সময়ত দীঘল বা চুটি ওৰণি টানি নল’লেও একো একোটা আবুৰ আৰু দূৰত্ব-গাম্ভীর্য সকলো সময়তে বিৰাজ কৰিছিল। বিশাল পথাৰখনৰ প্ৰায়বোৰ মাটি বোকাময়। প্ৰায়বোৰতে হালোৱা আৰু ৰোৱনী। পথাৰ একাকাৰ। বোকা পথাৰ এই এমাহতে সেউজীয়া গোছেৰে ভৰি পৰিব। পানীৰ মাজৰ গোছ কেইদিনমানৰ ভিতৰতে সজাল ধৰি উঠিব। তাৰ পাছত সোণোৱালী পথাৰ। এই পাছৰ সময়বোৰৰ কথা বেলেগ। এতিয়া মাত্র বোকা দিয়া আৰু গোছ ৰোৱা। ইয়াৰ মাজত হ্রস্ব-দীৰ্ঘ ওৰণি গৌণ। তথাপি সমুখত মতা মানুহ এটা থিয় হৈ থাকিলে হাতৰ গোছ হাততে লৈ থিয় দি ৰয়। বোকাত কঠীয়া গুজিবলৈ তললৈ নাচাপৰে। মানুহবোৰেও বুজি পায়। হেণ্ডাৰী পাল বা যিকোনো এজনীয়া বা দুজনীয়া ৰোৱনীৰ সমুখেদি প্ৰায়ে পাৰ নহয়, সাউৎকৈ পাৰ হয় অথবা একো নোহোৱাৰ দৰে নাঙল-কঠীয়া-মৈ আদি কান্ধত লৈ কোবাকুবিকৈ আঁতৰি যায়।

মৈ দিয়া প্রায় শেষ। গৰুহালক জিৰণি দি আগবাঢ়ি অহা নির্মল কিছু আগুৱাই আহিয়েই সদ্য বোকা দিয়া মাটিডৰাৰ সমতল পানীৰ মাজত অকলে থিয় দি ৰ’ল। কিছু আঁতৰত আলিটোৰ সিপাৰৰ ৰত্নৰ মাটিডৰাত হেণ্ডাৰী পালটো নিৰ্লিপ্ত, কেৱল খচ্‌ খচ্ কঠীয়া গোজাৰ সমবেত শব্দ।

নির্মলে এই শব্দটোকো যেন শুনিবলৈ যত্ন কৰিলে। চপ্ চপ্ পানীত খচ্ খচ্‌ হাতবোৰৰ শব্দ।

সেই থিয় দি ৰৈ থকা সময়খিনিতে প্রথমে সোণাৰামৰ ঘৈণীয়েকে নির্মলক মন কৰিলে একান্ত থিয় দি গভীৰভাৱে কিবা যেন ভাবি বা শুনি থকা নির্মল।

ছয়

সোণাৰামৰ ঘৈণীয়েক গধূলি গাঁওখনৰে জীয়ৰী আৰু গাঁওখনৰে বোৱাৰী। দূৰৰ পৰা নিৰ্মলেও মন কৰিলে গধূলিক।

চপচপীয়া বোকাপানীৰ পথাৰখন হঠাতে যেন হালধীয়া হৈ পৰিল। ৰাশি ৰাশি থিয় থিয় দীঘল নৰাৰ হালধীয়া পথাৰ। মাঘৰ পথাৰ। হালধীয়া পথাৰখনলৈ সন্ধিয়া নামি আহে। মাঘৰ নিশাৰ শীতৰ পথাৰ। মাঘবিহুৰ উৰুকাৰ পথাৰ। পথাৰখনৰ অ’ত ত’ত সৰু-বৰ মেজি ঘৰবোৰ। ল’ৰাবোৰৰ বয়স অনুযায়ী ভিন ভিন মেজি। গাঁওখনৰ বাৰী এখনৰ কাষতে মাত্ৰ ডাঙৰ এটা মেজি— ৰাজহুৱা মেজি। মাঘৰ বিহুৰ দুই-এদিনৰ পাছতে বা সপ্তাহটোৰ দেওবাৰ এটাত গোটেই ৰাইজখনে পথাৰত একেলগে ভোজ খোৱা মেজি। ভোজ খোৱা দিনটোৰ আপাহতে দিনৰ দিনটো সৰু-চেমনীয়া, ডেকা-গাভৰুৰ ভিন ভিন খেল— হৈ গুদু, ধৰা গুদু, চকলি ইত্যাদি। তাৰ পাছত প্ৰায় পথাৰখন আধা জুৰি একেলগে ৰাজহুৱা ভোজ।

এইবোৰ দৈনন্দিন হৈ থকা কথা। কেৱল উৰুকাৰ ৰাতিৰ হাৰলি ঘৰবোৰৰ ৰাতিটোৰ বাবে বাসিন্দা ডেকাবোৰ বেলেগ বেলেগ। মেজি ভেদে বহু কথা, বহু কাম। দুই-এটা মেজিত নিষিদ্ধ মঙহ। কেতিয়াবা আনকি ওচৰৰ গাঁৱৰ পৰা সৰু বটলত কোনোবা এটাই লৈ অহা চাউলৰ সাজপানী। গোপন পানীয়।

মেজিবোৰৰ ভিতৰত অনেক শব্দ। কিন্তু পথাৰখনত শেষ ৰাতি কিছুমান শব্দ গোপনে নাথাকে। মাজনিশালৈকে গাঁওখন সাৰে থাকে। ঘৰে ঘৰে পাছদিনা পুৱালৈ বিহুৰ বাবে আগদিনা উৰুকাৰ ৰাতিৰ ব্যস্ততা। চিৰা ইতিমধ্যেই খুন্দা হৈ গৈছে। আঘোণ মাহটোৰ ৰাতিবোৰত গোটেই মাহটোতেই শেষ নিশাৰ পৰাই আৰম্ভ হয় ঢেঁকীৰ শব্দ। চুবুৰিয়ে চুবুৰিয়ে ঢেঁকীৰ শব্দবোৰত গাঁওখন সংগীতময় আৰু ছন্দোবদ্ধ। বৰা চাউল, কোমল চাউল, চিৰা, সান্দহ, কৰাইগুৰি আৰু কত কি! উৰুকাৰ নিশা কেৱল পিঠাৰ তপত খোলা— তিল পিঠা, ঘিলা পিঠা ইত্যাদি।

গধূলিহঁতৰ বাৰীৰ পিছফাল নিৰ্মল আৰু সোণাৰামহঁতে ভালদৰে চিনি পায়। সিহঁতৰ মেজি বেলেগ। গাঁওখনত আটাইতকৈ ডাঙৰ ডেকাবোৰৰ মেজি। প্ৰায়বোৰ বিবাহযোগ্য খামিডাঠ ডেকা। বা লগতে দুটামান অলপতে বিয়া কৰোৱা। এই মেজিলৈ সৰুবোৰৰ কাৰো প্ৰৱেশ নাই। আনকি বুঢ়া-মেথাবোৰেও কেতিয়াবা পথাৰলৈ এনেয়ে কোনোবা এটা মেজিত জুই পুৱাই আহিম বুলি ভাবিলেও এই ডাঙৰ ডেকাবোৰৰ মেজিলৈ পৰাপক্ষত নাযায়। ইহঁতকেইটাইনো কি কৰি আছ অ’ বুলি সৰু সৰু ল’ৰাবোৰৰ মেজিত সোমাই জুইৰ তাপ লগাই ঘৰলৈ ওলটে। ডঙুৱাকেইটাৰ মেজিত আনবোৰেনো কি সোমাব; সিহঁতবোৰে এতিয়া কি কৰিব পাৰে বা কি কি কথা ভাবিব বা পাতিব পাৰে সেইবোৰ বুঢ়াকেইটায়ো ভালদৰে জানে। মাত্র দুজনমান দদায়েকে ৰিঙিয়াই সোধোতেই শেষ— কি খবৰ ঔ সোণাৰাম, কি খবৰ ভবেন, অথবা ৰত্ন বা নির্মল…। ৰহস্য কৰি ৰিঙিয়াই সুধিব পাৰে— কিবা খালিনে ঔ তহঁতে…?

এই সাধাৰণ কথাবোৰ বা এই শব্দবোৰ ৰাতিৰ পথাৰতেই আৰম্ভ আৰু পথাৰতেই শেষ। ঠিক মাজনিশাৰ পাছৰে পৰা পথাৰখনত আন কিছুমান শব্দৰ সৃষ্টি হয়। কেৱল পথাৰ ৰজনজনাই গ’লেই নহ’ব, শব্দ আহি গাঁওখনৰ বাৰীবোৰ ভেদ কৰি পাকঘৰৰ জুহাল বা পিঠাৰ আখল পাবগৈ লাগিব। লক্ষ্যভেদী শব্দবোৰে ঠিক ঠিক ঠাইবোৰ ভেদ কৰি যাব লাগিব।

ঠিক ঠিক ঠাইবোৰত বুকুবোৰ কঁপি উঠে। আনে শুনা শব্দবোৰ নিজে নুশুনাৰ ভাও ধৰি কাণ দুখন পথাৰলৈ আৰু উনাই পিঠা ভাজি থাকে, চৌকাৰ জুইৰ খৰি আগবঢ়ায় বা কুঁৱাৰ পানী তোলা টিংটো ৰছী বা ডাঁৰবাৰীডালেৰে লাহে লাহে ওপৰলৈ টানে। কোনে কোনে চিঞৰিছে সিহঁতক নাম ধৰি, ডিঙি ফালি, বুকু ফালি, ইমান ৰাতি!

সাত

এই গধূলিজনীকে চিঞৰি চিঞৰি কেইবাটাও মাঘবিহুৰ ৰাতি নির্মলে তাৰ মাত ভাঙিছিল। গধূলিয়েও পথাৰৰ চিঞৰবোৰ শুনিছিল, ভালদৰে বুজিছিল। গাঁওখনত নিৰ্মলৰ জেউতি চৰিছিল। যি কামেই নকৰক কিয় সকলোতে সি আছিল পাৰ্গত। ভাওনাত ভাও কৰা, নাম গোৱা, পাঠ কৰা আৰু কত কি। মাত্ৰ তাৰ ভঁৰালত ঠাহ খোৱা ধান নাছিল যে সি গধূলিক এই বছৰেই ঘৰলৈ লৈ আহিব পাৰে। কিন্তু মাঘৰ উৰুকাৰ ৰিঙৰ পৰা আৰম্ভ কৰি গাঁওখনত সকলোবোৰ সময়তে দুপিনে দুটা চুবুৰিৰ দুটা প্ৰাণৰ মাজত একোডাল ডোল বান্ধ খাই আছিল। ডোলডাল আনে সহজতে ধৰিব নোৱৰাৰ এটাই কাৰণ আছিল যে তেতিয়ালৈকে নির্মলৰ মেৰ বা ভঁৰাল শকত হৈ পৰা নাছিল। সা-সম্পত্তিৰে ভালকৈ থকাৰ লোভ বা মোহ এটা দকৈ নাথাকিলেও ভাগ্যৰ অন্বেষণত সি গাঁও এৰিছিল ৷

গৰুবাটটো এন্ধাৰ আছিল। হাতত এটা লেম্প লৈ সি জয়ৰাম আতৈৰ ঘৰৰ পৰা আহি আছিল। নামঘৰত ভাওনাৰ আখৰা চলি আছিল। লক্ষ্মণৰ শক্তিশেল। নির্মল লক্ষ্মণ। আখৰাৰ মূল মানুহ জয়ৰাম আতৈ। জয়ৰাম আতৈৰ সুৰ-সঞ্চাৰ নিপুণ, নির্ভুল আৰু মৰ্মস্পশী। নিৰ্মল সদায় জয়ৰামৰ পাছে পাছে। পদ-ঘোষা, পাঠ-ব্যাখ্যাবোৰৰতো কথাই নাই, এই আখৰাৰ প্ৰতিটো সময়ত আতৈৰ পিছে পিছে নিৰ্মল। লক্ষ্মণৰ শক্তিশেল, নির্মল লক্ষ্মণ। কথাই কথাই দীঘল দীঘল পয়াৰ, বিলাপ আৰু মুক্তাৱলী। দীঘল দীঘল যুদ্ধ। আখৰাত যিখিনি শিকিলেতো শিকিলেই, আখৰা শেষ হোৱাৰ পাছতো লেম্পটো হাতত লৈ নির্মলে নিজে জয়ৰাম আতৈক গাঁৱৰ মূৰৰ গৰুবাটৰ চুকৰ ঘৰলৈ আগবঢ়াই থৈ আহে। গৰুবাটটোৰে বাঁহতলৰ মাজেৰে গৈ মূৰৰ চুবুৰিটোত জয়ৰাম আতৈৰ ঘৰ। ওৰে বাটটো আকৌ সুৰবোৰ মুখে মুখে আওৰাই যোৱাৰ উপৰি জয়ৰামৰ ঘৰৰ চোতালত প্ৰৱেশ বা যুদ্ধৰ দুটামান ভঙ্গী অথবা মুক্তাৱলী বা বিলাপৰ দুটামান সুৰ শেষ কৰিহে নির্মল আকৌ বাঁহতলখনৰ মাজেৰে ৰাতি ঘৰলৈ উলটিছে।

বাঁহতলখনৰ আৰম্ভণিতে গাঁওখনৰ মূল বাটটো পোৱাৰ কাষতে গধূলিহঁতৰ ঘৰ। নিৰ্মল সদায়ে এই ঠাইখিনিতে উলটি অহা বাটছোৱাত অলপপৰ ৰয়। কিবা এটাৰ উমান লয়। ক’ৰবাত কোনোবা আছে নেকি, চকোৱাখনৰ সিপাৰে! লেম্পটো হাতত লৈ আকৌ নিৰ্মল ঘৰ পায়হি।

আখৰা চলি থাকে। নির্মলৰ আখৰা সমানে নামঘৰ আৰু জয়ৰামৰ ঘৰৰ চোতালত। আৰু এখন ভাওনাৰ আখৰা চলি থাকে ঠিক গৰুবাটটোৰ মূৰৰ পদূলিমুখত। ৰাতি। লক্ষ্মণৰ আন এপাত শক্তিশেল। এই পাত শক্তিশেলে নির্মলৰ বুকু অনবৰত বিন্ধি থাকে।

লেম্পটো লৈ ৰাতি অকলে আহি গধূলিহঁতৰ পদূলি পোৱাৰ লগে লগে শক্তিশেলৰ বিষ নিৰ্মলে আৰু বেছি অনুভৱ কৰে। ক’তো কাকো সি দেখা নাপায়৷ তথাপি সি ৰয়। চকোৱাখনৰ কাষলৈ আগুৱাই যাওঁ বুলিও সি কিন্তু যাব নোৱাৰে। মাত্র সি ৰয়, অনুমান কৰে, কিবা এটা শুঙি চায় আৰু আকৌ লেম্পটো হাতত লৈ গুচি যায়।

আঠ

বন্ধ-মোক্ষ শিবানন্দ কাকতিৰ গল্প দুয়োৰে মুখ দুখনৰ মাজত অন্ধকাৰ লেম্পটো…

সৰু ধেমালি বহু সময়লৈকে চলি থাকে। কালি বাদে পৰহিলৈ ভাওনা। নতুনকৈ শিকা গায়ন-বায়ন ডেকা-পোৱালিবোৰৰ গোটেই ছেওবিলাক চাহিনিৰ পৰা আৰম্ভ কৰি ঘোষালৈকে গাবৰ মন। তেহে ভাওনাৰ দিনা নিৰ্ভুল হ’ব গায়ন-বায়ন।

জয়ৰাম আতৈৰ ঘৰলৈ যায় মানে ৰাতি দোভাগ৷ আজি আৰু জয়ৰামৰ চোতালত নিৰ্মলৰ নিজৰ আখৰা নাই। পৰহিলৈ ভাওনা। আজি উপবাস। জয়ৰামক ঘৰত থৈ নিৰ্মল উলটিল।

আকৌ গৰুবাট। জয়াৰ। ৰাতিৰ বাঁহৰ মৰমৰণি শব্দৰ বাহিৰে শব্দহীন সকলোবোৰ।

গৰুবাটৰ মূৰত নিৰ্মলৰ ভৰি লাহে লাহে অৱশ হৈ পৰিল অভ্যাসবশতঃ। চকোৱাখনৰ কাষত একেদৰে ৰোৱাৰ দৰেই কিছুপৰ ৰ’ল— শব্দ এটাৰ ঘ্রাণ অন্বেষণ কৰি। এটা হাতত মাটিৰ অলপ ওপৰত ক্ষীণ পোহৰৰ লেম্পটো। আনটো হাত তাৰ ৰিক্ত। কোনো সাৰি শব্দ নাই। ক’তো একো ঘটনা ঘটা নাই।

নির্মল আকৌ একে ধৰণেৰে যাবলৈ ওলাল।

হঠাৎ তাৰ সোঁহাতখন পাতল পাতল লাগিল। লেম্পটো পাতল হৈ ওপৰলৈ উঠি আহিল। গধূলি।

গধূলিয়ে লেম্পটো ওপৰলৈ দাঙি ধৰি নিৰ্মলৰ ঠিক মুখখনৰ ওচৰতে ৰাখিলে। নিৰ্মলৰো হাতখন লেম্পটোৰ লগতে আলাসতে দাং খাই আহিল।

: চাওঁ লক্ষ্মণটোৰ মুখখন…।

নিৰ্মল থৰ হৈ থিয় দি ৰ’ল। দুয়োটাৰে মুখ দুখনৰ মাজত লেম্পটো। শলিতাডাল গধূলিয়ে যিমান পাৰে ডাঙৰকৈ বঢ়াই দিয়ে। নিৰ্মলৰ মুখখন উজ্জ্বল হৈ পৰিল। গধূলিৰো…।

পাছ মুহূর্ততে আকৌ লাহে লাহে শলিতাডাল কমাই আনি গধূলিয়ে হঠাৎ লেম্পটো নুমুৱাই দিলে।

দুয়োৰে মুখ দুখনৰ মাজত অন্ধকাৰ লেম্পটো। সৰু ধেমালি। ৰাতিৰ অন্ধকাৰত কিছুপৰ আন এক ধেমালি।

শক্তিশেল লাগিয়েই থাকিল লক্ষ্মণৰ গাত। অৱশেষত বিশল্যকৰণীৰ সন্ধানত সি নিজেই গন্ধমাদন চলাথ কৰিলে। নিজে কিবা এটা নোহোৱালৈকেনো কেনেকৈ গধূলিক সি ঘৰলৈ লৈ আনে।

গধূলিক কাণে কাণে ৰ’বলৈ কৈ গন্ধমাদনৰ সন্ধানত নিৰ্মলে গাঁও এৰিলে। তেল কোম্পানী, কয়লাৰ খাদ, ৰে’লৰ য়াৰ্ড, আনকি দুই-এবাৰ পুলিচ-চিপাহী-মিলিটাৰীৰ বাবে অ’ৰ-ত’ৰ ৰিজাৰ্ভত দৌৰি দৌৰিও তাৰ একো নহ’ল। আনকি উলটি গাঁও যেতিয়া পালেহি, গাঁৱতেই পায় নেকি ক’ৰবাত কিবা এটাৰ সন্ধান, তেতিয়ালৈ চকোৱাখনৰ সিপাৰে গধূলি আৰু ৰৈ থকা নাছিল।

সোণাৰামৰ ঘৰত গধূলি সোমাইছেহি। মূৰত আধাকৈ ওৰণিখন লৈ আগচোতাল-পিছচোতাল গধূলিয়ে পুৱা-গধূলি সাৰিছে।

দহ

পৃথিৱীখনৰ য’তেই ভুমৰি নুফুৰক কিয়, আন যি কামেই নকৰক কিয়, নির্মলৰ মনটো কিন্তু কেতিয়াও স্থিৰ নাছিল। জীৱিকাৰ সন্ধান থাকিলেও জীৱনৰ সন্ধানহে আছিল তাৰ অতি গাঢ়। সি এটা ‘বন্ধ’ত কাল কটায় আৰু তাৰ মুক্তিপ্রাপ্তি ‘মোক্ষ’ৰ বাট সি বিচাৰি ফুৰে। বহুদিন আগেয়ে বন্ধ-মোক্ষৰ কথা সি জয়ৰাম আতৈৰ মুখেৰেই শুনিছে। ক্রমান্বয়ে নির্মল জয়ৰাম আতৈৰ পাঠ আৰু ব্যাখ্যাত লাহে লাহে আৰু সোমাই পৰিল। জীৱনটোৰ প্ৰতিটো সময় দিনটোৰ এটা মুহূৰ্তৰ পাছৰ আন এটা মুহূৰ্তৰ বিৱৰ্তন, ইয়াৰ চাক্ষুষ আৰু প্ৰতীকী ভাব আৰু অৰ্থ সি ক্ৰমে সন্ধান কৰিব পৰা হ’ল। পাঠ সি কৰিব পৰা হৈছে। তাৰ বয়স বাঢ়িছে, বন্ধ আৰু মোক্ষৰ সন্ধান আৰু অৰ্থ সি বিচাৰ কৰিব পৰা হৈছে। বন্ধৰ যন্ত্ৰণা, ইয়াৰ দৈৰ্ঘ্য আৰু অৱশেষ মুক্তিৰ বাবে শ্ৰম আৰু মোক্ষ লাভৰ আনন্দ পৃথিৱীত ক’ত নাই? অকল কীৰ্তন, দশম বা ভাগৱতৰ পাততেইনে! প্ৰতিটো খোজত ইয়াৰ প্ৰতিধ্বনি থাকে, ইয়াৰ মৰ্মৰ ধ্বনি সি অনুধাৱন কৰে।

শিশুলীলা পাঠ কৰি আছিল সি। জয়ৰাম আতৈৰ ঘৰত। নিয়মীয়া পাঠ। নির্মলৰ সুললিত পাঠ আৰু জয়ৰামৰ গম্ভীৰ ব্যাখ্যা। দুষ্ট কৃষ্ণক উৰালত বান্ধি নিৰ্মলে পাঠ শেষ কৰিব খুজিলে। কাইলৈৰ পৰা আৰম্ভ হ’ব পিছৰ অধ্যায়ৰ পাঠ। নির্মলে সামৰিব খুজিলে। জয়ৰাম হঠাৎ গহীন হৈ পৰিল।

নহয়, নিজকে কোৱাৰ দৰে জয়ৰামে কৈ গ’ল,— শুন নির্মল, এই পাঠ, এই ভাগৱত, এই কীর্তন বা যিকোনো পুথি কেৱল পুথি বা পাঠ নহয়। এইবোৰো জীৱন, এইবোৰো জীৱনৰ লগতে পুৱাৰ পৰা ৰাতিৰ নিদ্ৰালৈকে আমাৰ শৰীৰত ব্যাপ্ত। প্ৰভুক উৰালত বান্ধি যাব নোৱাৰিবি নহয় নিৰ্মল! ৰাতিটো প্ৰভুৱে কষ্ট পাব। ৰাতিটো বান্ধত ধৰফৰাই নাথাকিবনে? কোনো বন্ধতে পাঠ শেষ কৰাটো অনিয়ম। বন্ধ সদায়েই যিমান পাৰি সোনকালে মুকলি কৰিব লাগিব। যিকোনো বন্ধ মোক্ষত শেষ কৰিব লাগিব, তেতিয়াহে নিৰন্তৰ শুভ। গুৰুজনায়ো কালিনাগে মেৰিয়াই ধৰা কৃষ্ণক বান্ধ নোখোলালৈকে পাঠ শেষ কৰিবলৈ মানা কৰি গৈছে।

তাৰ পাছত আন বহু ৰহস্য।

বন্ধ আৰু মোক্ষৰ ৰহস্য।

জীৱনটো যেন বন্ধ আৰু মোক্ষৰ এক অন্তহীন গতি। তাৰে কিছুমান বন্ধ অনন্তকাল। মোক্ষ অবিহনে ৰৈ যায়৷ কিছুমান শিলাখণ্ড শ্ৰীৰামচন্দ্ৰৰ চৰণ স্পৰ্শৰ মুক্তিৰ বাবে যুগ-যুগান্তৰ ৰৈ থাকিব লগা হয়। এটা যুগৰ বন্ধৰ পৰা আন এটা যুগৰ মোক্ষ।

নিৰ্মলৰ লগত গধূলিৰ এক বন্ধৰ সূচনা হৈছিল মাঘৰ উৰুকাৰ ৰাতি চকোৱা এখনৰ কাষত। সি আৰু এই যুগত মোক্ষ নাপালে। সোণাৰামৰ ঘৈণীয়েক সৌজনী গধূলি এতিয়া হেণ্ডাৰী পালত ভূঁই ৰুই আছে। বন্ধৰ বন্ধন সি তাইক দেখিলেই অনুভৱ কৰে; কিন্তু মোক্ষ, মোক্ষ ক’ত!

এঘাৰ

সুতুলি বুঢ়ীৰ মাতত নিৰ্মলৰ সম্বিৎ ঘূৰি আহিল।

: হেৰৌ বোপাই, আকাশ মুকলি, ফৰকাল ৰ’দ, ক’ৰ পৰা আহি বজ্ৰ পৰিলহি তোৰ মূৰৰ ওপৰত— বিনামেঘে?

নির্মলে হঠাৎ সাৰ পালে।

চৌপাশৰ ব্যস্ত পথাৰ এতিয়াহে সি যেন আকৌ গম পালে।

ৰোৱনীবিলাকৰ এইডৰা মাটি প্রায় ৰুই হ’লেই। তাৰ মাজতে খচ্ খচ্ কঠীয়া ৰুই থকা গধূলি। দূৰৈত সি মৈ দি অঁতোৱা মাটিডৰাৰ একাষত নেগুৰ লৰাই ৰৈ থকা অলস বলদহাল। তাৰ বাহিৰে গোটেই পথাৰখনত নির্লিপ্ত ব্যস্ততা।

কি ক’বলৈ আহিছিল এইপিনে সি। পালটোৱে কেতিয়া দিন পাব— কাইলৈ নে পৰহিলৈ, তাৰ মাটিডৰা ৰুবলৈ!

নির্মল আৰু অলপ পৰ ৰ’ল। থাকক, এতিয়া আৰু নালাগে।

থিয় হৈ থকাৰ পৰা সি গৰুহালৰ কাষলৈ উলটি যাবলৈ ধৰোঁতেই আকৌ এবাৰ হেণ্ডাৰী পালটোলৈ চালে।

সুতুলী বুঢ়ীকে ধৰি আটাইবোৰে আকৌ হাউলি মাটি ৰুই আছে।

গধূলি মাত্র থিয় দি আছে।

তাইৰ হাতত কঠীয়া নাই।

বাৰ

সেই গধূলিৰ শাহুৱেক সোণাৰামৰ মাকেই যোৱাবেলি ভৰসা কৰিছিল পাঠভাগ। পুতেকে গধূলিক অনা আজি কেইবাবছৰো পাৰ হ’ল। সোণাৰামেই একমাত্র পুতেক। কিন্তু ঘৰখন আজিলৈকে ভৰা নাই। কঠীয়া গজা নাই।

জয়ৰামৰ পাঠ। জয়ৰাম আতৈয়ে প্রথম অধ্যায় আৰম্ভ কৰাৰ পাছত নির্মলে আৰম্ভ কৰে বাকী আধ্যা পাঠ। কিন্তু হঠাতে কঁপি উঠে শলিতা।

গ্ৰাহ-গজেন্দ্ৰৰ পাঠ আৰম্ভ হৈছে মাত্র। গ্ৰাহই কেনেদৰে গজেন্দ্ৰক গ্ৰাস কৰিছে তাৰ পাঠ। গ্ৰাহৰ আজোৰ আৰু গজেন্দ্ৰৰ চিৎকাৰ। প্ৰতিটো পদৰ পাছত আনটো পদ।

হঠাতে কঁপি উঠিল ডাঙৰ চাকিটোৰ ডাঠ শলিতা। নির্মলে এবাৰত শলিতাডাললৈ চালে।

জয়ৰামে আকৌ আৰম্ভ কৰিলে পাঠ—
গজেন্দ্ৰক গ্ৰাহে আজুৰি টানে।
হস্তীও গ্রাহক আজুৰি টানে।।
যতেক বল আছে মানে দিল।
গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ মিলিল।।

চাকিগছ লাহে লাহে আৰু জোৰেৰে কঁপিবলৈ আৰম্ভ কৰিলে। বাহিৰত সোঁসোৱনি শব্দ। শব্দ ক্ৰমে আৰু বাঢ়ি আহিল। পাঠৰ আন ভকতসকলে ততাতৈয়াকৈ গাবোৰ লৰালে। জয়ৰামে তথাপি পাঠ নেৰিলে— খৰধৰকৈ পাৰে নেকি গ্ৰাহৰ গ্ৰাস শেষ কৰিব, পাৰে নেকি সুদৰ্শন চক্ৰৰে গজেন্দ্ৰৰ মুক্তিলৈকে? শেষ কৰিব পাৰে নেকি বন্ধৰ পাছত মোক্ষ!

নাই। হঠাৎ ধুমুহা আৰু প্ৰবল ৷ চাকি, লেম্প সকলো নুমাই পৰিল। লগে লগে ধাৰাষাৰ বৰষুণ। ভকতসকল ঘৰলৈ বুলি দৌৰিলে— নিজ নিজ ঘৰ ৰক্ষা কৰিবলৈ। সোণাৰাম, সোণাৰামৰ মাক আৰু গধূলিয়ে সমানে ইফালে-সিফালে দৌৰাদৌৰি কৰিছে। ধুমুহা বতাহে কঢ়িয়াই অনা ঢৌ হেন বৰষুণৰ পানীবোৰ ৰখাবলৈ বৃথা চেষ্টা কৰিছে। হঠাৎ মেৰেক শব্দ কৰি গোহালিটোৰ চাল এখন ভাগি পৰিছে। বৰষুণত গৰুবোৰৰ হেম্বেলনি। ঘন ঘন বিজুলীৰ চমকনি, দুৰ্বাৰ মেঘৰ গৰজনি, বিজুলীৰ পোহৰত প্ৰচণ্ডভাৱে একা-বেঁকা থিয় তামোলৰ গছবোৰ। দুৰ্বাৰ ধুমুহা। ধাৰাষাৰ বৰষুণ। বৰষুণ আৰু বৰষুণ।

ঘৰখন সম্পূর্ণ আন্ধাৰত ডুবি গ’ল। কোন ক’ত আছে ক’তো ধৰিব নোৱাৰি। বাকী ভকতসকল কেতিয়াবাই গ’ল৷ নিৰ্মল কিন্তু ঘৰলৈ নগ’ল। তাৰ ঘৰত কোনো বস্তু প্ৰকৃতিৰ তাণ্ডৱৰ পৰা সামৰিব লগা নাই। ক্রমে তাৰ বাবে সকলো অস্থাৱৰ। ভাগৱতখন মাজত লৈ এপিনে জয়ৰাম আৰু আনপিনে কিছু দূৰত সি বহি আছিল। জয়ৰামৰ দায়িত্ব আছে। পুথিভাগক যিমান পাৰে ভালদৰে ৰখাৰ, সভক্তিক। তেনে দায়িত্ব আৰু এজন পাঠেক হিচাপে নিৰ্মলৰো কিছু আছে। এনেয়ে গামোচা এখনৰে পাক মৰা থাকে পুথিখন।

বৰষুণৰ ছিটিকনিয়ে মজিয়াৰ কঠবোৰ বুৰাই পেলালে। আন্ধাৰ হোৱাৰ লগে লগে ধুমুহা আৰু বৰষুণ ক্ৰমে ঘন। বৰষুণ আৰু ধুমুহা বাঢ়ি অহাৰ সময়তে নির্মলে অনুমতি লৈছিল গাৰ খনিয়াখনেৰে সামৰিব নে পুথিখন, বৰষুণত নিতিতাকৈ! জয়ৰামে অনুমতি দিলে। গাৰ নতুন খনীয়াখনেৰে অন্ধকাৰতে ভাগৱতখন সি মেৰিয়াই সামৰি ঠগাখনত ৰাখিলে।

ধুমুহা আৰু বাঢ়ি আহিল। জয়ৰামে ঠগাখন বুকুতে লৈ ঠাইতে থিয় দিলে। প্ৰতিটো গাজনি, প্ৰতিটো বিজুলীৰ চমকনিত অনবৰত মাধৱৰ নাম লৈ জয়ৰাম থিয় দি ৰ’ল। আন এখন কঠত থিয় দি থাকিল উদং গাৰ নিৰ্মল।

বৰষুণ আৰু বৰষুণ। বৰষুণ আৰু বৰষুণ। বতাহ, ধুমুহা আৰু মাজে মাজে বিজুলী আৰু ঢেৰেকনি।

বিজুলীৰ চমকনিত নিৰ্মলৰ উদং গাৰ চিক্‌মিক্‌ মাংসপেশী। ম’হৰ পিঠিৰ দৰে ডাঠ। পাহোৱাল হাত আৰু খামিডাঠ বুকু। চমকনিত নিৰ্মল পিছল দেহ আৰু উজ্জ্বল।

বিজুলী চমক যেন অথিৰ জীৱন— বিজুলীৰ চমকনিৰ শব্দৰ অথিৰ জীৱনৰ মাজত থিয় দি থকা জীৱন্ত নির্মল। হঠাৎ আন এক বিজুলীৰ চমকনিত উদং গাৰ নিৰ্মলৰ শৰীৰত আন এক অস্থিৰ সৰ্পিল জীৱন।

আন এক বন্ধৰ আৰম্ভণি নে দীর্ঘদিনৰ বন্ধৰ মোক্ষপ্ৰাপ্তি।

তেৰ

প্ৰকৃতিয়ে ধুৱাই নিয়া পৃথিৱী এতিয়া শান্ত। নিশা দুভাগ। নিশাৰ শব্দৰ বাহিৰে চৌপাশৰ সকলোবোৰ নিস্তব্ধ। জয়ৰাম আতৈৰ বুকুত ভাগৱত।

জয়ৰাম আতৈয়ে গহীনাই ক’লে— গ্ৰাহৰ গ্ৰাসত সন্ধিয়া পাঠ শেষ হৈছে। ইয়াৰ মোক্ষ প্রাপ্তি হ’ব লাগিব আজিয়েই। নহ’লে পাঠ অপৰাধ। জীৱন গ্ৰাহৰ গ্ৰাসত থাকিব লাগিব ওৰে ৰাতি, কাইলৈকে। প্ৰভুৱে কষ্ট পাব। গজেন্দ্ৰক গ্ৰাহৰ গ্ৰাসৰ পৰা মোক্ষ প্রাপ্তি কৰাব লাগিব। চাকি এগছ ভালদৰে জ্বলাই আন।

শান্ত। সকলোবোৰ শান্ত। মজিয়াৰ কঠ এখনত সোণাৰামৰ মাক, সোণাৰাম আৰু গধূলি। এফালে জয়ৰাম আতৈ, আনফালে উদং গাৰ নির্মল। জয়ৰাম আতৈৰ শান্ত পাঠ আকৌ আৰম্ভ হ’ল। বন্ধৰ মোক্ষ প্ৰাপ্তিৰ শেষ নিশাৰ পাঠ।

মাটি চাকিৰ শলিতা উজ্জ্বলৰ পৰা ক্ৰমে উজ্জ্বলতৰ হৈ আহিল।

❧ | অধিক গল্প:

বন্ধ-মোক্ষ | শিবানন্দ কাকতি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক