১৯৫৫-৫৬ চনত ভূপেন হাজৰিকাই কলকাতালৈ কৰ্মক্ষেত্ৰ সলনি কৰাৰ পাছত তাৰ পৰা ‘গতি’ নামৰ এখন কলা-আলোচনী প্ৰকাশ কৰিছিল। নিয়মীয়াকৈ ওলোৱা নাছিল, কিন্তু তাৰ মাজেৰে ভূপেন হাজৰিকাৰ শিল্পবোধ সুন্দৰকৈ পৰিস্ফুট হৈছিল। নিজৰ লেখা আৰু দেশ-বিদেশৰ যিসকল কলাকাৰৰ লেখাৰ অনুবাদ প্ৰকাশ পাইছিল, তাৰ মাজতো তেওঁৰ ৰুচিবোধ লক্ষ্য কৰিব পাৰি। সৰহভাগ অনুবাদ তেৱেঁই কৰিছিল বুলি ধাৰণা হয়। কাৰণ অনুবাদকৰ নাম দিয়া হোৱা নাছিল। ‘গতি’ৰ বোধহয় চাৰিটামান সংখ্যা ওলাইছিল। সম্পাদনাৰ উপৰি প্ৰকাশৰ দায়িত্বও ভূপেন হাজৰিকাই নিজে চম্ভালিছিল। সহযোগ কৰিছিল গুৰুপদ চৌধুৰী আৰু প্ৰিয়ম হাজৰিকাই। ব্যৱসায় পৰিচালনা কৰিছিল গুৰুপদ চৌধুৰীয়ে। ঠিকনা: ৩৬ আমহাৰ্ষ্ট ষ্ট্ৰীট, কলিকতা-৯, ছপা হৈছিল শ্ৰীসুকুমাৰ নাগ, ইম্প্ৰেছন, ৩৩, মদন মিত্ৰ লেন, কলিকতা-৯ৰ পৰা।
‘গতি’ চিত্ৰশিল্প, চলচ্চিত্ৰ, অভিনয়, লোককলা, সংগীত ইত্যাদি নানা বিষয় লৈ মননশীল ৰচনা, আলোচনাৰে সমৃদ্ধ আছিল। ভূপেন হাজৰিকাই চিত্ৰশিল্প, চলচ্চিত্ৰ, সংগীত ইত্যাদি নানা বিষয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল। এটি সংখ্যাত (দ্বিতীয় প্ৰকাশ, ১৯৫৮) চিত্ৰ সম্পৰ্কে সূক্ষ্ম বিশ্লেষণেৰে তেওঁ লিখা এটা প্ৰবন্ধ ‘মডাৰ্ণ আৰ্ট’ প্ৰকাশ পাইছিল। এটা উৎকৃষ্ট ৰচনা। তেতিয়ালৈ এনেধৰণৰ লেখা অসমীয়া কাকত-আলোচনীত ওলোৱা আমাৰ চকুত পৰা নাই। তেওঁ বিশ্বৰ আধুনিক চিত্ৰকৰসকলৰ সৃষ্টিক আলোচনালৈ আনি তেওঁলোকৰ চিত্ৰৰ মূল্যায়ন কৰিছে আৰু বাস্তৱতা তেওঁলোকৰ সৃষ্টিত কিদৰে প্ৰতিফলিত হৈছে, তাৰ ব্যাখ্যা কৰিছে। তেওঁ নিজেও এগৰাকী চিত্ৰকৰ। আমাৰ এটি লেখাত ‘আৱাহন’ৰ পাতত ওলোৱা তেওঁৰ এখন চিত্ৰৰ কথা উল্লেখ কৰিছিলো। সেয়ে চিত্ৰশিল্প সম্পৰ্কে তেওঁৰ গভীৰ অনুৰাগৰ স্পৰ্শ তেওঁৰ এই প্ৰবন্ধত আমি পাওঁ। তেওঁ তাত আধুনিক চিত্ৰশিল্পৰ সূচনাৰ বিষয়ে লিখিছে— “শিল্পীয়ে ছবি অঁকাৰ সময়ত পৰিদৃশ্যমান বাস্তৱতাতকৈ মনোগত বাস্তৱতাৰ পৰাই চিত্ৰজগতত আধুনিক বা মডাৰ্ণ আৰ্টৰ যুগৰ সূচনা। যোৱা শতাব্দীৰ মাজভাগৰ ইউৰোপ ইয়াৰ জন্মস্থান। ৰেনেছাঁৰ চিত্ৰধাৰাৰ বাস্তৱতাৰ পৰা এই যুগ আঁতৰি আহিছে। বস্তুগত অদল-বদল কৰি চিত্ৰৰাজ্যত এই যুগে কৰিব খোজে নতুন বাস্তৱতাৰ সৃষ্টি। ই চিত্ৰৰ বিষয়বস্তুৰ হুবহু প্ৰতিনিধি নহয়। ই বাস্তৱৰেই ব্যাখ্যা, পিছে শিল্পীৰ মনোজগতৰ অভিব্যক্তিহে। তদুপৰি সেই অভিব্যক্তিত সচেতন মনতকৈ Subconscious বা বিচেতন মনৰ প্ৰভাৱ বেছি। বৰ চেষ্টা কৰি ব্যাকৰণৰ ভৃত্য হৈ ছবি অঁকাতকৈ শিল্পীয়ে আজি সহজ মনৰ স্বাভাৱিক সৃষ্টি বা art of spontanity-ৰ ওপৰত বেছি বিশ্বাস কৰে। এই শিল্পীগোষ্ঠীয়ে আজি অবান্তৰ বাস্তৱতা— abstract— এৰি বিষয়বস্তুৰ অতি প্ৰয়োজনীয় বৈশিষ্ট্য বা elementখিনি লৈ শিল্প মানসৰ সাৰ্থকতা বিচাৰে— বিমূৰ্ত লোকৰ বাটত খোজ কাঢ়িব খোজে।”
আধুনিক চিত্ৰকৰসকলৰ ছবি অঁকাৰ পদ্ধতি আৰু ৰুচিবোধৰ ইতিহাসত আলোকপাত কৰি লিখিছে— “ক্লদ মনে, দেগা, পিচেৰো, ৰেনোৱা আদিৰ দৰে শক্তিমান শিল্পীৰ দলে ছবি অঁকাৰ পৃথিৱীত আধুনিক যুগৰ প্ৰথম বিদ্ৰোহৰ বাণী শুনায় তুলি আৰু ৰঙেৰে। এওঁলোক ইম্প্ৰেছনিজম (impressionism)-অত বিশ্বাসী। ইম্প্ৰেছনিজমে আলোক তত্ত্বক ৰঙৰ জগতত খটুৱায়। আগৰ শিল্পীয়ে নানা ৰং মিহলাই একেলগে ছবিত প্ৰয়োগ কৰিছিল। ইমপ্ৰেছনিষ্টে বিভিন্ন ৰঙক বেলেগ বেলেগকৈ ব্যৱহাৰ কৰে— বৰ ওচৰৰ পৰা এনে লাগে যেন ছবিখন বেলেগ ৰঙৰ আঁচোৰহে— পিচে দূৰৰপৰা দেখিব— ই জীৱন্ত ৰঙৰ সমাৰোহ। যৌগিক ৰংবোৰ এওঁলোকে ভাঙিলে। ধৰক— নীলা আৰু হালধীয়া একেলগে মিহলালে হয় সেউজীয়া। এওঁলোকে সেউজীয়া ৰং নলগাই নীলা আৰু হালধীয়াৰ ওচৰা-ওচৰি সৰু সৰু টান মাৰি ছবি আঁকিলে। ওচৰৰ পৰা দেখা গ’ল এই দুটি ৰঙৰ সহ অৱস্থান— দূৰৰপৰা উজ্জ্বল সেউজীয়া।”
ছবিত ৰঙৰ ব্যৱহাৰ সম্পৰ্কে যে লেখক ভূপেন হাজৰিকাৰো এক সূক্ষ্ম দৃষ্টি আছে, উক্ত পৰিচ্ছেদটোত পৰিস্ফুট হৈছে। তেওঁ ইয়াত যোগ দি নিজ অনুভূতিও ব্যক্ত কৰিছে এনেদৰে যে বহু সময়ত মানসিক দৃষ্টিত বহুতো ৰঙৰ অনুভূতি জাগে যি আমাৰ শাৰীৰিক চকুৰে দেখা নাযায়, উজলি থকা ৰঙা বস্তু এটিৰ পিনে বহুতো পৰ ৰ লাগি চাই থাকি হঠাৎ বগা দেৱাল এখনলৈ চাই পঠিয়ালে সেউজ ৰঙৰ বিভ্ৰম জাগে। ইমপ্ৰেছনিষ্টসকলে এইটো বুজাবলৈ সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰিলে। ছাঁ এটি ক’লা ৰঙেৰে নেআঁকি দিলে বেঙুনীয়া ৰং! এনেধৰণৰ ৰঙক তেওঁলোকে বুলিলে— পৰিপূৰক ৰং বা complementary colour।
ইমপ্ৰেছনিষ্টসকলে দেখুওৱা বাটেৰে খোজকাঢ়ি পোষ্ট ইমপ্ৰেছনিষ্ট যিসকল শিল্পী আগবাঢ়ি আহি ন ন ছবিৰে ছবিৰ জগতখনক সমৃদ্ধিশালী কৰি তুলিলে, সেইসকলৰ সৃষ্টিৰ স্বকীয় ভংগী সম্পৰ্কেও ভূপেন হাজৰিকাই আলচ কৰিছে। এই চিত্ৰকৰসকল হ’ল— চিঁজা (১৮৪৮-১৯০৩), ভেন গখ্ (১৮৫৩-১৮৯০), পল গগাঁ (১৮৪৮-১৯০৩), আঁৰি মাতিচ (১৮৬৯-১৯৫৪)। তেওঁ লিখিছে— “চিজাঁই চিত্ৰাংকন পদ্ধতিত প্ৰথমে আনিছিল নানা জ্যৈমিত্ৰিক আয়তনৰ ধাৰণা। তেওঁ হ’লগৈ আধুনিক কিউবিজমৰ জন্মদাতা। তেওঁ চিত্ৰক কেতবোৰে সৰু সৰু জ্যৈমিত্ৰিক সমতল বা plane-অত ভগাই পাত্ৰৰ পৰা ডাঠ বা ডাঠৰ পৰা পাতল বোল ব্যৱহাৰ কৰি চিত্ৰাংকন কৰা আৰম্ভ কৰিলে। ভেন গখৰ বৈশিষ্ট্য হ’ল— ৰঙৰ খেলা। তেওঁৰ কেনভাছত ৰং সানিলে এচাম এচামকৈ। তাৰ পাছত সেই ৰঙৰ ভেটিৰ ওপৰত দীঘল দীঘল সূতাৰ দৰে ৰঙৰ ৰেখা টানি ছবিত পোহৰৰ বৈচিত্ৰ্য ফুটাই তুলিলে। গখৰ ছবিত যেনেকৈ ৰঙৰ প্ৰাচুৰ্য আছে, তেনেকৈ আছে এটি গতিৰ আৱেগ। গগাঁই আকৌ বিষয়বস্তু বিচাৰি পেৰিচ মহানগৰী এৰি সুদূৰ টাহিটি দ্বীপ পাইছিল আৰু তাৰ সাধাৰণ জনজাতীয় লোকৰ জীৱন ধাৰাক তেওঁৰ ছবিৰে অমৰ কৰিলে। আনহাতে, আঁৰি মাতিচে ছবি আঁকোতে প্ৰাধান্য দিছিল নক্সা বা design-অত। লক্ষ্য তেওঁৰ বাস্তৱ বিষয়বস্তুৰ আকাৰক নিজৰ মনেৰে ওলট-পালট কৰি ৰেখা আৰু ৰঙেৰে দাঙি ধৰা। নাৰী দেহৰ পট আঁকিবলৈ গৈ জোখ-মাপ সকলো অদল-বদল কৰি পেলালে। গঢ়নৰ সৰু সৰু কথাত এওঁ জোৰ নিদি বাস্তৱতাক নিজৰ ইচ্ছা অনুযায়ী ৰূপ দিলে। এওঁৰ প্ৰকাশ আলংকাৰিক— decorative।”
ভূপেন হাজৰিকা আৰু সুকুমাৰ কলা প্ৰসংগ
ড° পৰমানন্দ মজুমদাৰ
এনেদৰে ভূপেন হাজৰিকাই ৰচনাখনত খ্যাতিমান চিত্ৰকৰসকলৰ ছবিৰ ব্যাখ্যা দি গৈছে যে প্ৰতিজন শিল্পৰসিককে ছবিবোৰ চাবলৈ উদ্বুদ্ধ কৰি তোলে। ভূপেন হাজৰিকাৰ ছবিৰ মূল্যায়নৰ বৈশিষ্ট্য তাতেই। বিশ্বৰ ছবিৰ জগতত তোলপাৰ লগোৱা পেবলো পিকাছোৰ ছবিৰ বিষয়েও ৰচনাখনত চিত্তাকৰ্ষক বৰ্ণনা কৰা হৈছে এনেদৰে— “পিকাচোৰ ছবিৰ এগৰাকী নাৰীৰ মূৰ্তিলৈ চাওক। কপালখন আয়তক্ষেত্ৰ— নাকটি ত্ৰিভুজ— চকু দুটি ঘূৰণীয়া শূন্য। কিউবিষ্টসকলে বিচাৰে বিভিন্ন জ্যৈমিত্ৰিক আয়তন আৰু আকাৰৰ মাধ্যমেৰে ছবি আঁকিবলৈ।… এই যুগ যান্ত্ৰিক যুগ। অলপ ভাবিলেই দেখিব, যন্ত্ৰৰ আকাৰ জ্যৈমিত্ৰিক। ছবিত তাৰ প্ৰভাৱ পৰিছে। সেয়েহে কিউবিষ্ট সৃষ্টি শিল্পীৰ বাস্তৱহীন কল্পনা বুলি একেষাৰে ক’ব নোৱাৰি।”
লেখকে চিজাঁৰ লগতো পিকাচোক ৰিজাই চাইছে। চিজাঁই আয়তক্ষেত্ৰ আঁকিছিল সৰুকৈ, কিন্তু পিকাছোৱে আঁকিলে ডাঙৰকৈ। তেওঁ তাক এনেদৰে বিশ্লেষণ কৰিছে— “তেওঁ (পিকাছো) বিষয়বস্তুক বিভিন্ন সমতল খণ্ডত ভগাই সেই ডোখৰবোৰক আপোন ইচ্ছাৰে সজাব খুজিলে। তেওঁ মানুহৰ পট আঁকিবলৈ গৈ যি আঁকিলে, তাক মানুহ বুলি চিনিবলৈ আপুনি টান পাব। এজন মানুহক ডোখৰ ডোখৰকৈ ফালিচিৰি ইচ্ছামতে সজাই সেইবোৰ বেলেগ বেলেগ ৰঙেৰে জ্যামিতিৰ আকাৰত আঁকিলে যি চিত্ৰ সৃষ্টি হ’ব— পিকাচোৰ ছবিবোৰ তেনে। পিকাচোই বাস্তৱতাক ভাঙি নকৈ গঢ়িব খোজে— ন জগত এখনৰ সৌন্দৰ্যানুভূতি জগাব বিচাৰে। তেওঁৰ চিত্ৰাংকন ৰীতি— বিমূৰ্ত ৰীতি বা abstract। দৃশ্যমান পৃথিৱীক ছবিৰ জগতলৈ ৰূপান্তৰিত কৰি, ছবিৰ মাধ্যমেৰে নিজৰ মতে নকৈ সজাই চাব খোজে বিপ্লৱী শিল্পী পাবলো পিকাছোৱে।” লেখক হাজৰিকাই তেতিয়াই ‘মডাৰ্ণ আৰ্টৰ যুগক পাবলো পিকাচোৰ যুগ বুলি ক’লে অত্যুক্তি কৰা নহ’ব’ বুলি লেখাটোত উল্লেখ কৰিছে।
চিত্ৰশিল্পৰ ইমপ্ৰেছনিজম, কিউবিজম ধাৰাৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰাৰ লগতে ভূপেন হাজৰিকাই চাৰৰিয়েলিজম ধাৰাৰ বিষয়েও লিখিছে যে এই ধাৰাৰ শিল্পীসকল ৰূপক-পন্থী। এই পন্থী শিল্পী চালভাদৰ ডালিয়ে সোঁৱৰণীৰ দেশৰ ছবি আঁকি ৰং আৰু ৰেখাৰে দেখুৱাব খুজিছে মনৰ দেশত সময় মূল্যহীন। এই দলৰ এজন প্ৰসিদ্ধ শিল্পী হ’ল পল ক্লে (১৮৭৯-১৯৪০)। এওঁৰ ছবিত ৰঙৰ ব্যৱহাৰ আৰু ৰেখাৰ সৰলতা একেবাৰে শিশুসুলভ। এওঁলোকৰ মতে ছবি হ’ব স্বাধীন মনৰ স্বাশ্ৰয়ী সৃজন— বিনা চেষ্টাত ছবি আঁকিলেহে মনৰ থলীত থুপ খোৱা ধাৰণা আপোনাআপুনি ফুটি উঠে।
মডাৰ্ণ আৰ্টত বিশ্বাসী ইউৰোপীয় চিত্ৰকৰসকলে জোৰ দিছে গঢ়নৰ সৰলতাত। সেই কথা উল্লেখ কৰি ভূপেন হাজৰিকাই লিখিছ— “বাস্তৱ জগতৰ হুবহু চিত্ৰৰূপ অঁকাৰ লক্ষ্য এওঁলোকৰ নাই। তাৰ পিছত এওঁলোকৰ মাজত লক্ষ্য কৰিবলগীয়া বিশেষত্ব হ’ল— ব্যক্তিকেন্দ্ৰিকতা। ‘অহং’-অক ফুটাই তুলিব খোজে এওঁলোকে। ‘সচেতন মই’ নহয়— ‘বিচেতন মই’। এটি কথা যেনেভাৱে ভাবিছোঁ— মই প্ৰকাশ কৰিছোঁ তাকে। মই কোনো আইনৰ গণ্ডী নামানো। মোৰ ব্যক্তি মনৰ ৰূপ চোৱা— চাই তৃপ্ত হোৱা— দৰ্শক! এইটোকেই যেন এওঁলোকে ক’ব খোজে।”
সামৰণিৰ বাক্য দুটাই ভূপেন হাজৰিকাৰ দৃষ্টিভংগীক তুলি ধৰে: “আজিৰ যুগত এফালে এদলে সামূহিক জীৱন বিচাৰিছে। এওঁলোকে এই ব্যক্তিকেন্দ্ৰিকতা হাঁহিমুখে গ্ৰহণ নকৰাটো স্বাভাৱিক। তথাপি মডাৰ্ণ আৰ্টে পৰীক্ষামূলক সময় পাৰ হৈ চিত্ৰজগতত আপোন ঠাই লৈছেহি।”
‘গতি’ ৰ পাতত এই দৃষ্টিভংগীৰেই তেওঁ অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী, যি পাছত ভাৰততেই খ্যাতি লাভ কৰিছিল— হেমন্ত মিশ্ৰৰ ছবিৰ বৈশিষ্ট্যতো আলোকপাত কৰিছিল।
ভূপেন্দ্ৰ সঙ্গীতৰ জন্মলগ্নৰ কথা
লনী বৰুৱা

বিহু, ব’হাগ আৰু ভূপেন হাজৰিকা
ড° পৰমানন্দ মজুমদাৰ

ভূপেনদাৰ ৰঙালাও-সৰিয়হৰ খেতি
সমৰ হাজৰিকা

সিপাৰে ভূপেন হাজৰিকাই গায়
পল্লৱপ্ৰাণ গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক



