ৰ ঙালী বিহুৰ বিষয়ে লেখা এখন ৰচনাত অসমৰ গণ-সাংস্কৃতিক আন্দোলনৰ এগৰাকী পুৰোধা হেমাংগ বিশ্বাসে লিখিছে— “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি, নৈ-বিল, পাহাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰ্ণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ সংগীতত বিৰল। বিহুগীতৰ সাহিত্যিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ।”১
বিহু সম্পৰ্কে এই অভিব্যক্তিৰ মাজতেই সোমাই আছে বিহুৰ জন্ম, ঐতিহ্য আৰু গূঢ়াৰ্থ তথা দৰ্শন। বিহু অসমীয়াৰ দাপোণ, য’ত সমগ্ৰ জাতিটোৰ জীৱন-প্ৰৱাহ প্ৰতিফলিত হয়। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত জনজীৱনৰ ৰূপৰেখা প্ৰস্ফুটিত হোৱা বিহুৰ মাজত নাই কোনো সংকীৰ্ণতা। ধৰ্মীয় প্ৰভাৱমুক্ত এক মুক্ত বিচৰণৰ থলী হ’ল বিহু উৎসৱ। মূলতঃ কৃষি উৎসৱ হোৱা হেতুকে ইয়াত ঐহিক জীৱনৰ ছবিখনো সততে আমি দেখিবলৈ পাওঁ। কৃষি জীৱনৰ হা-হুতাহ, হাঁহি-কান্দোন সকলো সেয়ে বিহুগীতবোৰত আমি শুনিবলৈ পাওঁ। তাত ডেকা-গাভৰুৰ জাতি-কুল নেওচা মুক্ত প্ৰেমৰ যেনেকৈ আৱেদন আছে, আছে প্ৰীতি-সমন্বয়ৰ কথা, তেনেকৈ আছে সমাজ-জীৱনৰ ৰূঢ় বাস্তৱৰ ছবিখনো, আছে ডা-ডাঙৰীয়াৰ কথা— ৰজাঘৰীয়াৰ কথা, আছে পৰিৱৰ্তনৰ কথা–বাণী। ই সদায় নতুনক আদৰণি জনায়। প্ৰকৃতিয়ে যিদৰে ৰূপ সলায়, বিহুৱে তাক আদৰি লয়। সেয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই বিহু উৎসৱক অসমীয়াৰ উচ্চ সংস্কৃতি বুলিছে, লগতে কৈছে এই উৎসৱত থাকে জনসংস্কৃতিৰ পোহৰ। তেওঁৰ ভাষাত— “অসমীয়া বিহু উৎসৱ আচলতে অসমীয়াৰ এখন সাংস্কৃতিক মেলা— য’ত উচ্চ সংস্কৃতি আৰু জনসংস্কৃতিৰ বছৰেকীয়া মিলন হয়। সেই কাৰণেই বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছৰেকীয়া সমাৱেশ। প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ সময়ত অসমীয়া মানুহেও জীৱনৰ সকলো ক্ষেত্ৰৰে ভালৰো ভালখিনি লৈ সেইদিনা থিয় হয় নতুন বছৰক আদৰিবলৈ, নতুন দিনৰ সপোন দেখি। সেই কাৰণেই নতুন দিনৰ সপোন দেখা অসমীয়াৰ কাৰণে আজি বিহু উৎসৱ আটাইতকৈ মূল্যৱান উৎসৱ— নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা। বিহুৰ মাজেদি আমি প্ৰকৃতিৰ ৰূপান্তৰৰ বাণীকেই উপলব্ধি কৰিবলৈ বিচাৰিব লাগিব।” ২
বিহুৰ ৰূপ অসমীয়া সমাজখনত একেটা নহয়। জাতি-জনগোষ্ঠী ভেদে, ভৌগোলিক স্থান ভেদে ভিন্ন। কিন্তু ইটোৰ পৰা সিটো বিচ্ছিন্ন নহয়। পৰস্পৰৰ প্ৰভাৱযুক্ত হৈ সদৌ অসমতে বিহুৰ বৰ্ণাঢ্যতা লক্ষণীয়। বিহুৱে যে নানা ৰূপত সৃষ্টিশীলতাকে তুলি ধৰে, সেয়াই সত্য। বিষ্ণুপ্ৰসাদ ৰাভাই বৰ সুন্দৰকৈ বিহুৰ জনজাতীয় উপাদানৰ কথা ফঁহিয়াই গৈছে। তেওঁ কৈছে— “অসমীয়াৰ বাপতি সাহোন এই ৰঙালী বিহুৰ কাৰণে প্ৰতিজন অসমীয়াই হিয়া উদঙাই ৰং-উলাহ ঢালে”৩ আৰু “বৰদৈচিলাই অসমীৰ বুকুৰ জোৰ ল’বলৈ হিল্লোল কোবাই আহিলেই বহাগী বিহুলৈ আৰু সৰহদিন নাই বুলি প্ৰত্যেক অসমীয়াই অনুমান কৰে আৰু দেহেকেহে এই ৰঙালী বিহুৰ বিবিধ ধৰণেৰে নানা তৰহৰ যত্ন ল’বলৈ মন মেলে”৪।
তাহানি ‘পছোৱা’ৰ পাতত হেম বৰুৱাই বিহু সম্পৰ্কে এখন গুৰুগম্ভীৰ ৰচনা লিখিছিল। তাত তেওঁ বিহুৰ আদিম উৎস, মহত্ত্ব আৰু সৃজনশীলতাৰ কথা উনুকিয়াই লিখিছিল— “বিহুৰ অসমৰ জাতীয় জীৱনৰ লগত সম্বন্ধ। ইয়াক প্ৰকৃতিৰ পূজা বুলিব পাৰি। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ লগে লগে বিহু উৎসৱ অনুষ্ঠিত হয়। বিহুৰ জৰিয়তে অসমৰ জনসাধাৰণৰ প্ৰকৃতি-স্পৃহা পৰিস্ফুট হয়। অসমৰ জনসাধাৰণ প্ৰকৃতিৰ সন্তান। গতিকেই বিহু উৎসৱত ইমান সমাৰোহ। ইমান আনন্দ।”৫ বিহুৰ মাজত থকা যৌন স্পৃহাত তেওঁ সৃষ্টিশীলতা দেখিছিল। সেই কথালৈ আঙুলিয়াই দি তেওঁ লিখিছে— “বিহুতলী অসমীয়া ডেকা-গাভৰুৰ মিলনভূমি। ইয়াতেই ডেকাই গাভৰুত, গাভৰুৱে ডেকাত চকু দিয়ে।… বিহুনৃত্য প্ৰকৃতিৰ সৃষ্টি-স্পৃহাৰ ৰূপায়িত প্ৰকাশ। ই প্ৰতীকধৰ্মী। বিহুতলীৰ নাচনী যুৱতীজনী বসন্ত কালৰ খেতিৰ বাবে উপযুক্ত পুষ্পিতা পৃথিৱীখন। ঢোল বাই, পেঁপাত ‘সুৰৰ কঁপনি তুলি’ নাচনীজনীক মতলীয়া কৰা ডেকাটো আকাশত স্পন্দন তোলা বাৰিষাৰ পানীৰে পৃথিৱী ঢৌৱাই পেলোৱা মৌচুমী বায়ু।… বিহুনামৰ ভংগিমাই, কঁকাল ভঙা ছেৱে যৌন-স্পৃহাৰ কথা বুজায়। মানুহ স্ৰষ্টা। সৃষ্টি-স্পৃহা মানুহৰ আদিম আৰু অনন্ত। ইয়াৰ ৰচনা আৰু প্ৰকাশে তাকেই কয়। যৌন-জীৱন আৰু সৃষ্টিৰ কথা।”৬
ভূপেন হাজৰিকাৰ চিন্তা-চেতনাতো হেমাংগ-জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ-হেম বৰুৱাৰ বিহুৰ ধাৰণাটোৱেই প্ৰৱাহিত হৈছে। বিহুৰ সুৰে তেওঁৰ সুৰশৈলীত আনি দিছে ঐশ্বৰ্য। পাশ্চাত্য আৰু দেশীয় সুৰ বুটলি আনি তাত বিহুকে ধৰি অসমীয়া লোকসংগীতৰ সুৰৰ সমন্বয় সাধন কৰি তেওঁ অসমীয়া গীতলৈ নতুন লহৰ আনিছে। এই লহৰত প্ৰস্ফুটিত হৈছে অসমৰ বৰ্ণময় প্ৰকৃতি আৰু বৈচিত্ৰ্যপূৰ্ণ জনজীৱনৰ কৃষ্টি-সংস্কৃতি। তেওঁৰ গীতৰ কথা-সুৰত যিদৰে কোমল অনুভূতিৰ বাংময় প্ৰকাশ ঘটিছে, তেনেদৰে প্ৰোজ্জ্বল হৈছে চিন্তাৰ দৃঢ়তা। গীতৰ ভাষা, সুৰ জনজীৱনৰ পৰা বোটলা। কাব্যিক প্ৰকাশো মাটিৰ স্পৰ্শেৰে উজ্জীৱিত। বিহুৰ মাজত প্ৰৱাহিত সময়ৰ পৰিৱৰ্তনৰ ছবিখনো তাত আছে। কেইটামান কলিলৈ মন কৰিলেই সেয়া ওলাই পৰিব:
“বিহুৰে বিৰিণা বৃটিছ ৰজা উঠি গ’ল
পাতে সমনীয়া দেশৰ নেতা ৰজা হ’ল।
…
বাৰীৰে ঢাপৰে এজাৰ মোৰ চেনাই
বাৰীৰে ঢাপৰে এজাৰ,
চেঙেলীয়া কালতে পীৰিতি এৰিলা
মনত দি গ’লা বেজাৰ।
…
বৈ বৈ বৈ ৰঙা নৈ বৈয়েই আছে
কৈ কৈ কৈ তোৰে কথা লতায়ো নাচে
সোণ তই পুৰিলে গাভৰু মনক
কি সোৱাদ পাৱ, পুৰি আপোনজনক।
…
নিজহাতে ৰিহা বৈ লওঁ
বজৰুৱা পটলুং পিন্ধি
মাৰা ফিতাহি
চিঃ কটা লাজত মৰি যাওঁ।
…
চকুৰে বিহুৰে গীত
এইবেলি পীত বান্ধ
এইবেলি পীত।
…
চোতালত গজে বনে
মূৰ থিয় দি
অ’ বোলো নাচনী
নাচিবি তই কি?”
বিহু আৰু ব’হাগ— ভূপেন হাজৰিকাৰ গীতৰ এটি কল্লোলিত প্ৰৱাহ। বিহু তথা ব’হাগৰ মাজত তেওঁ বিচাৰি পায় সংস্কৃতিৰ আলোড়িত অৰ্থ। ব’হাগে তেওঁক দিয়ে নতুনৰ ছন্দ— নতুন গীতৰ ভাষা। সত্তৰৰ দশকতে তেওঁ গোৱা গীতটোলৈ মনত পৰে। তাৰ ৰোমাণ্টিকতা আৰু কণ্ঠৰ অনুভৱী প্ৰকাশে আমাক পলকতে সন্মোহিত কৰে—
“মিঠা মিঠা ব’হাগৰ
গীত এটিকে লিখোঁ বুলি ভাবিলোঁ
এনেতে চুচুকচামাককৈ কাষ চাপিলা
মই যেন ভাষা পালোঁ।
লুইততে তিওৱা তোমাৰ দেহা
মাহ আৰু হালধিৰ সুবাস ঘঁহা
নিচেই কাষতে পোৱাৰ পিছত
সুৰ যেন হাততে পালোঁ।”
ব’হাগত ভাষা বিচাৰি পোৱা গীতিকাৰে হেৰুওৱা সুৰবোৰ যেনেকৈ হঠাতে বিচাৰি পায়, তেনেকৈ গাভৰুৰ হঁহা আৰু বগলী বলিয়া হোৱা বিহুৱা আৱেশত তেওঁ ধুমুহাক আঁকোৱালি লয়। কি যে প্ৰতীকধৰ্মী স্ফুৰণ! ধুমুহা হ’ল তেওঁৰ বাবে নতুনৰ দৃষ্টি—
“একজাক গাভৰুৱে হঠাতে হঁহা
এজাক বগলী বলীয়া হোৱা
বিহুৱা আৱেশে আজি মোক জোকোৱাত
মই যেন ধুমুহা হ’লোঁ।”
ইয়াৰ পিছতে তেওঁৰ আইতাকক সম্বোধন কৰি গোৱা বিহুগীতৰ মূৰ্চ্ছনাই আমাক আকুল কৰি তোলে। কিছু ধেমালিৰ ছলেৰে গোৱা গীতটিত যৌৱন আৰু প্ৰেমৰ উন্মাদনাৰ প্ৰকাশভংগী অতি হৃদয়স্পৰ্শী—
“অ’ বিহুৰে বিৰিণা— অ’ আইতা
নাচনীৰ কলাফুল লৰে
বিহুৰেনো বিৰিণা— অ’ আইতা
কেৰুমণি থুৰীয়া
পাতে সমনীয়া— অ’ আইতা
তুমি আমাৰ যুৰীয়া
ব’হাগতে পাতি যাওঁ বিয়া— অ’ আইতা
কেৰুমণি গেজেৰা নামাৰিবা কেটেৰা
চাইনো চাই থাকিবৰ মন— অ’ আইতা
চাইনো চাই থাকিবৰ মন।”
কিন্তু প্ৰেমিক বিহুৱাক নেলাগে কোনো চাকৰি। মনে বিচৰা বিহুৱতীক সেয়ে কৈছে—
“বা বাগিচাৰ চা চাকৰি
নে নেলাগে লা লাহৰী
নেলাগে তলপৰ ধন।
তয়ে ধানে দাবি
ময়ে হালে বামে
সেয়ে হ’ব জীৱনৰ ধন।”
আইতাকক সেয়ে নিজৰ পচন্দৰ কথা মুকলিকৈ কৈছে—
“এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
মুখলৈও কিনো চাবা— পূৰ্ণিমাৰে জোনে
এনেনো ভাল লাগে আইতা
এনেনো ভাল লাগে
চকুলৈনো কিনো চাবা— সৰগৰে তৰা… ।”
আশীৰ দশকত লিখিলে আকৌ সেই ৰং ভৰা বিহুৰ কথা, বিহুৰ কালিকা আৰু তাৰ মাজত উন্মোচিত অসমৰ বৈভৱৰ কথা— শব্দচয়ন, গায়নত মূৰ্ত হ’ল অসমীয়া যোজনাৰ মাধুৰ্য— অসমীয়া কৃষ্টিৰ ৰূপ ৰং—
“চৰাই চিকুণ অ’ লীলা ৰহিলা
তেলীয়াসাৰেং অ’ লীলা ৰহিলা
মাছৰ চিকুণ মালি অ’ ৰহিলা
…
ৰৈয়া ৰৈ নাচিলে নাচনী নাচিলে ৰৈয়া ৰৈ
আয়ৈ দেহি কলাফুলৰ গোটে দেহি
ৰাইজাই ৰাইজাই কৰে দেহি
তোমাকনো মই কাহানি পাম?
কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ
মিঠা মিঠা তিলৰ পিঠা
দেহাটি মোৰ চেনাই ঐ
অসমীৰে বিহুটি ঐ
বাপতি যে সাহোন ঐ
আমাৰ অতি আপোন ঐ।”…
আন এটি গীতত শুনো একেই আকুলতা, একেই ব্যঞ্জনা—
“মাছ মাৰোঁ দিচাঙত
পানী খাওঁ কলঙত
হে মাছ মাৰোঁ দিচাঙত
পানী খাওঁ কলঙত
টুলুঙা নাৱতে উঠি।
জীৱন লুইতত বিচাৰোঁ তোমাক জান
জীৱন লুইততে বিচাৰোঁ তোমাক জান
আমালৈ নিদিবা পিঠি নাজিতৰা
আমালৈ নিদিবা পিঠি।”…
আৰু সেই চিত্তক চুই যোৱা সেই গীতৰ কলি জানো পাহৰিব পাৰি! চেনেহীৰ ফটা ৰিহাৰ মাজত গীতিকাৰে বিচাৰি পাইছে মিঠা প্ৰেম, অভাৱৰ মাজতো য’ত বিহুৰ মৰ্ম উজলি উঠে—
“চেনেহীৰ ফটা ৰিহা
ফুলে জকেমকে
উৰি যায় বতাহৰ আগত— বোলো আগত
নেখাই চাৰি সাঁজো থাকিব পাৰোঁ মই
ব’হাগৰ লগত হে
শশী মিলন দৈ জালুক গুটি পিপল দৈ
কেৰাচিন নহ’লে চাকিটি নজ্বলে
তথাপি গাত নাই তৎ।”
ব’হাগৰ এনে ক্ষণত গীতিকাৰে ঔৰ গছৰ মৌ বাহৰ মৌ নাপাৰি মৌ বিচাৰিছে ‘চেনেহীৰ মিঠাকৈ ওঁঠত’, ‘ইতিমধ্যেই’ ‘দুয়োৰো মৰমত দুয়ো বান্ধ’ খাইছে যে!
ভূপেন হাজৰিকাৰ মতে ব’হাগ অসমীয়াৰ সকলো। অসমীয়াৰ মান-প্ৰাণ সকলো। অসমীয়া জাতিসত্তাক তেওঁ ব’হাগৰ মাজত বিচাৰি পাইছিল। তেওঁৰ ‘ব’হাগ মাথোঁ এটি ঋতু নহয়’ গীতটোত তেওঁৰ এই দৰ্শন পৰিস্ফুট। ব’হাগক তেওঁ জাতিটোৰ আয়ুস ৰেখা বুলি অভিহিত কৰাই নহয়, গণজীৱনৰ সাহ বুলিও কৈছে। ব’হাগ কেৱল বিহুতলী অথবা নিশা ফুলা ফুল নহয়, ব’হাগ এটা সন্মিলিত গতি, ব’হাগে নামানে জাতিকুল, ব’হাগে বিভেদক বিনাশ কৰে। ব’হাগ মাথোঁ মাকো নহয় অথবা কুলিৰ মাত, ব’হাগ নতুন চিন্তাৰ সাঁচিপাত। অৰ্থাৎ সাঁচিপাতে ব’হাগক নতুন চিন্তাৰ ভাষা দিয়ে, যিয়ে জীৱন উজলাই তোলে।
কিন্তু ব’হাগ ভূপেন হাজৰিকাৰ বাবে নতুনৰ বাহক— নতুন সংস্কৃতিৰ চেতনাৰে উদ্দীপ্ত। যিহেতু ই মিলনৰ থলী, সেয়ে তাৰ পৰা তেওঁ ৰণৰ প্ৰেৰণাও পায়— পুৰণি মূল্যবোধ নাইকিয়া কৰাৰ। ব’হাগক এন্ধাৰৰ ত্ৰাস হিচাপে তেওঁ চাব বিচাৰে। জ্যোতিপ্ৰসাদে বিহুৰ সাংস্কৃতিক মেলাতে নতুন সংস্কৃতিৰ পোহৰৰ আকাংক্ষা কৰাৰ দৰে ভূপেন হাজৰিকাইও বিহুৰ মাজত পৰিৱৰ্তনৰ ৰূপ দেখা পায়। হেম বৰুৱাৰ দৰে তেওঁ ব’হাগত সৃষ্টি বিচাৰি পায়। গীতটোৰ শেষৰ পংক্তি দুটাত তেওঁ গাইছে—
“ব’হাগ মাথোঁ বিহুতলী নহয়
ইনাই-বিনাই গোৱা,
ব’হাগ এখনি সৃষ্টি দলিল
সূৰ্যৰ জ্যোতিত পোৱা
ব’হাগেই এন্ধাৰৰ ত্ৰাস।
ব’হাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্ৰ সলায়
সংগ্ৰামী জীৱনতো ৰণ প্ৰেৰণা
দিয়ে বৰদৈচিলাই
ওফৰাই দুখ নাগপাশ।”
এই যে বৰদৈচিলা— এয়া গীতিকাৰৰ মানসপটত উজলি থকা এটা ধুমুহা, বিপ্লৱৰ একুৰা জুই যেন। কাৰণ বৰদৈচিলাই মুহূৰ্ততে সকলো তচনচ কৰি দিয়ে। সেয়াই জাতিটোৰ সাহ। কিন্তু গীতিকাৰ বিভ্ৰান্ত— আজিৰ অসমলৈ সঁচা বৰদৈচিলা আহেনে? যি আহে সেয়া বৰদৈ নে সৰুদৈ চিলা, নে অন্য কিবা আভুৱা ভৰা প্ৰতিশ্ৰুতি! সেই ভাবনাৰে ‘ব’হাগ মাথোঁ এটি ঋতু নহয়’ৰ আগতেই সত্তৰৰ দশকৰ শেষৰ ফালে তেওঁ সৃষ্টি কৰিছিল ‘বৰদৈচিলা’ নামৰ অনুপম গীতটি—
“বৰদৈচিলানে সৰুদৈচিলানে
অসমৰ আকাশত বৰ বৰ চিলা।
চিলাৰায়ৰ চিলানে কাকতৰ চিলানে
কাকতত থকা ভুৱা পৰিকল্পনা।
চিলানে শেননে ৰঙা-নীলা চিলা
নে হাঁহিয়াতৰ পাত্ৰ ধোদৰ পচলা
সৌবোৰ ঠোঁট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা
অসমীয়াই এইবোৰ ভাবি চাবৰ
ব’হাগেই বতৰ কিজানি?”
জাতিটোৰ গতিপথৰ কণ্টকক যিদৰে তেওঁ চিহ্নিত কৰিব বিচাৰিছে, তেনেদৰে আত্মবিস্মৃত জাতিটোক ব্যংগ কৰি জগাবও খুজিছে। সহজ-সৰল অথচ ব্যঞ্জনাপূৰ্ণ কাব্য সুষমাৰে জনজীৱনক বুজনি দিব খুজিছে—
“বাঁহতল শুৱনি কেতেকী বাৰীতে
ক’ৰবাৰ ফেঁটীসাপে বাহ ল’লে— ল’লে
কেতেকী ফুলিলে তগৰো ফুলিলে
ফেঁটীসাপে গপাগপ তাকেই গিলিলে— গিলিলে।”
ফেঁটীসাপৰ উপমাটো বৰ চিত্তাকৰ্ষক জনজীৱনৰ বাবে। তাকে সোঁৱৰাই দি তেওঁ যেতিয়া জনজীৱনৰ দুখ আৰু চেতনাহীনতাৰ কথা কয়, তাৰ অভিব্যক্তিয়ে আমাক চুই যায়—
“তিল তিল কত তিল তিল পিঠা নাই
কুঁহিয়াৰ আছে তাত পেৰোঁতাহে নাই
অসমী আইৰে বৰঘৰৰ মজিয়াত
বৰ খুঁটা এলাহৰ ঘুণে খাইছে
এটি ধোদৰ আলি গঢ়ি হাত সাবটি
অসমৰ ৰণুৱাই ৰং চাইছে ৰং চাইছে।”
আকৌ শোষণৰ জাল পতা ‘শেন’ৰ উপমাটোও জনজীৱনৰ দৈনন্দিনৰ লগত সম্পৰ্কিত—
“মূৰৰ ফুলাম গামোচাখনি
ক’ৰবাৰ শেনে আহি নিলেহি কাঢ়ি
গ’ল গ’ল— গ’ল গ’ল
বুলি মাথোঁ চিঞৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে।”
বিষ্ণুপ্ৰসাদ ৰাভাই বৰদৈচিলাৰ ব্যাখ্যা দি কৈছিল— “বড়োসকলে বৰদৈচিলা নামে গোসাঁনী এগৰাকীক পূজা কৰিছিল। বৰ মানে বতাহ, দৈ মানে পানী বা বৰষুণ, চিখলা মানে গাভৰু বা গোসাঁনী বা অপেশ্বৰী। চমুকৈ ক’বলৈ গ’লে বৰদৈচিলা মানে হৈছে ধুমুহা বা বৰষুণৰ গোসাঁনী।”৭ ভূপেন হাজৰিকাই এই ব্যাখ্যাকে গ্ৰহণ কৰি গীতটোত বৰদৈচিলাৰ অৰ্থ দিছে। পিছে ভূপেন হাজৰিকাৰ বৰদৈচিলাজনী আৰু এখোপ চৰা— তাই ‘সাহসৰ বৰষুণ লৈ’ অহা চিলা— হিলদল ভাঙি অসমীয়াক এটা মন দিয়া চিলা— নানা জাতি এক কৰা চিলা। কিন্তু সেইজনী চিলাই, গীতিকাৰৰ দৃষ্টিত, আজিকালি অসমীয়াৰ মনত থিতাপি নোলোৱা হ’ল। গীতিকাৰৰ খং উঠিছে, কাৰণ বৰদৈচিলাই লৈ অহা ধুমুহা বা নতুনৰ উদ্যম যদি জাতিটোত সংস্থাপিত নহয়, তেন্তে জাতিৰ উদগতি হ’ব কেনেকৈ? বছৰত এবাৰ অহা-যোৱাতে কি হ’ব? এই নতুনৰ ক্ষণটি বছৰৰ প্ৰতিদিনে, প্ৰতি মুহূৰ্ততে যদি অনুভূত নহয়, তেন্তে জাতিৰ মান নৰয়। সেয়ে গীতিকাৰে গাইছে—
“বৰদৈচিলাজনীৰ আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
অসমীয়া মনটোত সুমুৱাই দিবলৈ
ব’হাগেই বতৰ কিজানি!”
ব’হাগ ভূপেন হাজৰিকাৰ বাবে ‘জ্বলন্ত অৰুণ’ আৰু ‘দুৰন্ত তৰুণ।’ পুৰণি মূল্যবোধ তেওঁৰ দৃষ্টিত জহি-খহি যোৱা। সেয়ে সেই মূল্যবোধৰ মৈদাম খান্দি তাৰ হাড়বোৰ নিকা কৰি তেওঁ অস্ত্ৰ সাজিব খোজে। সেই অস্ত্ৰেৰে তেওঁ শোষণ-সেনানীক বিনাশ কৰিব বিচাৰে। তেওঁ ব’হাগত বিচাৰি পায় মুক্ত যুক্তি, নতুনৰ উদ্যম—
“দেশৰ মাটিত তাৰ (ব’হাগৰ) ভৰি দুটা আছে
ক’লা ক’লা চুলিবোৰে চুইছে আকাশ
বাহু দুটা মেলি সি বুটলিছে তৰা
কণ্ঠত যুক্তিৰ মুক্ত প্ৰকাশ
আকাশে ঢালে নতুনৰ বৰষুণ
ঢোল বাই নাচে দুৰন্ত তৰুণ।”
জ্যোতিপ্ৰসাদে বিহুৰ সাংস্কৃতিক সমাৱেশত নতুন সংস্কৃতি গঢ়াৰ সপোন দেখাৰ দৰে ভূপেন হাজৰিকাইও আজিৰ বিহুতলী কি হ’ব লাগে কৈছে। সত্তৰৰ দশকৰ কথা। নাওবৈচা সমষ্টিৰ পৰা তেতিয়া তেওঁ বিধায়ক হৈছে। এই অভিজ্ঞতাই যেন তেওঁক বাস্তৱৰ মুখামুখি হোৱাত সুযোগ দিছিল, সেই কথা উল্লেখ কৰি বিহুৰ বতৰত ‘আমাৰ প্ৰতিনিধি’ত তেওঁ লিখিছিল— “বিহু মাৰিবলৈ যাওঁতে এতোলা সোণৰ বিৰি গঢ়াই এতিয়া কোনজন অসমীয়াই দিব? যোৱাবেলি খোৱাৰ কিমান কষ্ট। যোৱাবেলিতকৈ এইবেলি শতকৰা ১৭ ভাগ দাম বাঢ়িল খাদ্যৰ। সাধাৰণ কৰ্মীৰ আৰ্জনৰ শতকৰা ৬০ ভাগ ভাত-দাইল কিনোতেই যায়। এইবেলি বিহু কেনেকৈ মাৰিব ৰাইজে?… এইবেলি ৰাইজে ৰাজহুৱা বিহু মণ্ডপসমূহ একতাৰ ভেটি কৰাৰ উপৰিও কৰিব লোকসমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰা ৰাইজৰ প্লেটফৰ্মৰূপে।… ৰাইজে বিহু মণ্ডপত উঠি একেলগে চিঞৰি দিয়ক— আৰু শাসকসকলক কওক— চিকুণ দেউতাসকলৰ কেঁকোৰা দোলা ৰাইজে আৰু দাঙিব নিবিচাৰে। বৰচ’ৰাৰ মুখলৈ দেউতা ওলালে দুলীয়াই নেপাতে দোলা।”৮ লেখাটোত তেওঁ নিজৰ স্থিতি এনেদৰে স্পষ্ট কৰি দিছিল— “মই বিশ্বাস কৰোঁ মানুহক— মানুহৰ ভবা শক্তিৰ ৰূপান্তৰৰ সম্ভাৱনাখিনিক। মোৰ বাবে বাস্তৱনিৰ্ভৰ জীৱনপ্ৰেম বৈচিত্ৰ্যময় আৰু প্ৰাণৱন্ত। নঙঠা বাস্তৱৰ সন্মুখীন হ’লেহে মানুহে নিজেই ভাবে, নিজেই ৰিজায়, মানুহে নিজেই জোখে। উদ্ভৱ হয় যুক্তিসংগতভাৱে স্ব-আৱিষ্কৃত মূল্যায়নৰ। সেই মূল্যায়ন পাঠ্যপুথি বা নীতিশাস্ত্ৰৰ পৰা হয়তো পাব পাৰি। পিছে সি মোৰ বাবে হৈ পৰে মাথোঁ কাব্যিক কিবা এটি, ৰোমাণ্টিক কিবা এটি— অপৰিচিত কিবা এটি।… সেয়েহে বাস্তৱৰ পানীমেটেকা ভৰা ভয়াৱহ বোকাত মাজ নিশা নামি হ’লেও পদুম ফুল গোটোৱাত মোৰ বিশ্বাস।”৯
ভূপেন হাজৰিকাই বিহুক সমাজ ৰূপান্তৰৰ কৃষ্টি হিচাপে চাইছিল আৰু বিহুগীত আৰু বিহুসুৰীয়া গীতৰ মাজেৰে সেই দৃষ্টিভংগীকে তুলি ধৰিব বিচাৰিছিল। সমাজ বাস্তৱতাক নেওচা দি ৰূপান্তৰৰ সংস্কৃতি গঢ়িব নোৱাৰি। সংস্কৃতি যে সমাজ ৰূপান্তৰৰ আহিলা হ’ব পাৰে, সেই শিক্ষা তেওঁ আমেৰিকাত পল ৰবচনৰ পৰা পাইছিল। ৰবচনৰ অনুষ্ঠান চাই তেওঁ উদ্দীপ্ত হৈছিল। সেই অভিজ্ঞতা বিৱৰি তেওঁ লিখিছে— “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰৱাহৰ দৰে চুই গ’ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ’ল বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। তেওঁ গোৱা গীতে আমাক নতুন সংগীত-জগতৰ বতৰা দিলে। তেওঁৰ গীত গোৱাৰ ধৰণ আছিল অভিনৱ শৈলীৰ। গীতৰ প্ৰতিটো শব্দ আছিল স্পষ্টভাৱে উচ্চাৰিত। ফলত শব্দৰ সম্পূৰ্ণ অৰ্থই শ্ৰোতাৰ অন্তৰাত্মাক স্পৰ্শ কৰিছিল।”১০ ৰবচনে হাতত থকা গীটাৰখন দাঙি ভূপেন হাজৰিকাক কৈছিল, সেইখন মাথোঁ শব্দযন্ত্ৰ নহয়, সমাজ সলনি কৰা আহিলাও (Guiter is not a musical instrument, it is a social instrument.)। আমেৰিকাৰ পৰা আহি তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক কাৰ্যক্ৰমণিকাত সংযুক্ত হোৱাৰ সেয়ে যুক্তি বিচাৰি পাইছিল। সংঘৰ মজিয়াৰ পৰাই তেওঁ ৰচা এলানি গীতত প্ৰতিধ্বনিত হৈছিল পুৰণি সামন্তবাদী সমাজ ভাঙি নতুন সাম্যবাদী সমাজ গঢ়াৰ স্বপ্ল। প্ৰতিধ্বনিত হৈছিল শাসক-শোষকৰ বিৰুদ্ধে তীব্ৰ ঘৃণা আৰু সাধাৰণ মানুহৰ প্ৰতি মমত্ববোধ। নিপীড়িত মানুহৰ সংগ্ৰামী চেতনা জগাই তুলিবলৈ তেওঁৰ গীতৰ ভাষা হৈ পৰিছিল ধাৰাল। এয়াই আছিল গণনাট্যৰ চেতনা। ষাঠিৰ দশকৰ উত্তাল গণসাংস্কৃতিক আন্দোলনৰ তৰংগ। ভূপেন হাজৰিকাৰ তেজস্বী হৃদয়ত ঝংকাৰ তোলা গীতবোৰ এই সময়তে ৰচা।
গণনাট্যৰ সাংস্কৃতিক আন্দোলনত জঁপিয়াই পৰি তেওঁ লিখিছিল খুব সম্ভৱ জীৱনৰ প্ৰথমটো বিহুগীত, যিটো গীতত মুখৰ হৈছিল প্ৰখৰ শ্ৰেণী চেতনা। এই দীঘল বিহুগীতটি তেওঁৰ জীৱনৰ এক টাৰ্নিং পইণ্টো। কাৰণ এই গীতৰ বাবে তেওঁ বহু গঞ্জনাও খাব লগা হৈছিল। লতাশিল বিহুতলীত তেওঁক গীত গাবলৈ দিয়া হোৱা নাছিল। হেমাংগ বিশ্বাসে গীতটো ছপাই পিছদিনা বিহুতলীত বিতৰণ কৰিছিল।
কি আছিল গীতটিত? বিহুগীতৰ সকলো কালিকা, ব্যঞ্জনা, শব্দচয়ন ব্যৱহাৰ কৰি তেওঁ ৰাইজক গীতটোৰ মাজেৰে সমাজ বাস্তৱৰ সৈতে মুখামুখি কৰি দিছিল। শ্ৰেণী বিভক্ত সমাজত শ্ৰেণী সংগ্ৰাম অবিহনে সমাজৰ পৰিৱৰ্তন হ’ব নোৱাৰে— গীতৰ মূল আৱেদন আছিল সেইটোৱেই। তেওঁ সেয়ে বিহুৰ সুৰত গাইছে ‘আজিৰ গীত’—
“ছাগৰ ছাল ছেলাবৰ ডবুৱা কটাৰী
পহুৰ ছাল ছেলাবৰ মিট,
দেশৰ বুঢ়া-মেথা দায়ে নধৰিবা
গাই যাওঁ আজিৰে গীত।
…
দলদোপ দলদোপ হেন্দোলদোপ
অ’ দেশৰে ৰাইজখন চা,
সমাজৰ পথাৰত চহকী খেলুৱৈয়ে
ৰাইজক সাজিছে ঢোপ,
বোলো চাই যা, ৰংমন চাই যা।”
বিহুৰ ৰজনজনা সুৰেৰে চহকী খেলুৱৈয়ে ৰাইজক কৰা নিপীড়নৰ কথা তেওঁ কৈ যায়— কৈ যায় ৰাইজৰ দুখ-দৈন্যৰ কথা— মহাজনী শোষণৰ কথা—
“ইফালেদি লথিয়াই নাজিতৰা
সিফালেদি লথিয়াই তোক
ৰঙালী বিহুটিক কঙালী কৰিলে
পেটৰে নুগুচে ভোক, নাজিতৰা
পেটৰে নুগুচে ভোক।
দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰে ঢোক
গাঁৱৰে এইগাল লোক হ’ল মহাজনৰ ঢোপ
বোলো চাই যা ৰংমন চা–।”
আকৌ বোৱনীৰ মনৰ ব্যথাকো গীতিকাৰে বিহুতলীলৈ কঢ়িয়াই আনে—
“শুদা শুদা মাকোটি খট খট চলে
বোৱনীয়ে হেঁপাহেৰে চানেকি ল’লে
ক’লা ক’লা বজাৰত সূতাৰ দাম দেখি
দুখুনীয়ে পাইছে শোক, ৰাইজৰ এইগাল লোক
হ’ল কাৰোবাৰ ঢোপ
বোলো ভদীয়া চাই যা, চাই যা, চাই যা ঐ।”
ৰবচনৰ গীতত তেওঁ পাইছিল বৰ্ণবৈষম্যৰ কথা আৰু ইয়াত তেওঁ দেখুৱাই দিছে অৰ্থনৈতিক বৈষম্য—
“দুজন এজনে কলঘৰ সাজিছে
থানে থানে কাপোৰ ওলায়,
উৰণীয়া জাহাজত চিলিক আহিছে
আমাৰ বিহু কাপোৰ নাই।”
পিছে গীতিকাৰৰ চকু-কাণ বৰ সতৰ্ক। বিহুবলীয়া ৰাইজক বহু খবৰেই দিব খোজে। কাৰণ এই খবৰবোৰ ৰাইজৰ লগত দৈনন্দিন সম্পৰ্কিত। সেয়া যুদ্ধৰ খবৰ। যুদ্ধই যে ধবংস আনে তাৰ খবৰ। উল্লেখযোগ্য যে এই গীত লিখাৰ সময়ত পৃথিৱীত যুদ্ধৰ ৰণশিঙা বজাইছিল সাম্ৰাজ্যবাদী দেশবোৰে। আনহাতে ইয়াৰ বিৰুদ্ধে দেশে দেশে শান্তিৰ উদ্যোগো গঢ়ি উঠিছিল। গীতটোত তাৰ প্ৰকাশে গীতিকাৰৰ গভীৰ দায়ৱদ্ধতাৰ চানেকি তুলি ধৰে—
“কোনোবা সমুদ্ৰত বোমা ফুটুৱালে
ক’ৰবাত পৰিলে ছাই,
এগণ্ডা বোমাৰে পৃথিৱী পুৰিব
ক’ৰবাৰ ৰণ বলিয়াই।
উদ্যান বোমাৰে গুণগান বখানি
নকবি এনেকৈ মোক
বোলো ৰণ হ’লে খাম কি?
ৰণ হ’লে গাম কি?
—মৰিব দেশৰে লোক।”
মন কৰিবলগীয়া এয়ে যে ৰণৰ কথা কওঁতে প্ৰকাশভংগীত গ্ৰাম্য ঠাচঁটিয়ে বিহুৰ মৰ্মকে তুলি ধৰে—
“শান্তিৰে নিজৰাত নিজৰি ৰুবলৈ
আমি হ’ম বৰশীৰ টোপ,
অতিকৈ হেঁপাহৰ ব’হাগৰ বিহুটিও
সুৰে-চুৰে পাবগৈ লোপ।”
পিছে গীতিকাৰে কেৱল ৰাইজৰ বিলাই-বিপত্তিৰ কথা বৰ্ণাই নিজৰ দায়িত্ব সামৰা নাই, ৰাইজৰ মাজত দেখিবলৈ পাইছে মনৰ দৃঢ়তা তথা সংগ্ৰামী চেতনাও। তেওঁ শুনিবলৈ পাইছে—
“পাহাৰে-ভৈয়ামে টঙালি বান্ধি লৈ
ৰাইজে ক’লেহি মোক,
জীৱনটো পণ কৰি নিজে হেনো খেদিব
সমাজৰ তেজ শোহা জোক
অ’ দেশৰে ৰাইজখন চা।”
মৌজাদাৰৰ চোতাল সাৰোঁতে কঁকাল বেঁকা হোৱা খেতিয়কজনৰ কাঁচিখনত গীতিকাৰে বৰ চোক দেখা পাইছে। গীতৰ সামৰণিত ‘হে মাননীয় ৰাইজৰ লোক’ আৰু ‘হে গাঁৱৰে সাহসী লোক’ বুলি সম্বোধন কৰি তেওঁ গাইছে যে কাঢ়ি নিয়া মাটিখিনি, বন্ধকৰ মাটিখিনি ৰাইজে পালেহে ৰাইজৰ ভোক-পিয়াহ গুচিব। তেতিয়া ‘বিহুতলী ৰজনজনাব— নাচিব দেশৰে লোক’। ৰাইজক সেয়ে কৈছে—
“বোলো দেখিবি ন ন ৰূপ
বোৱঁতী সুঁতিটো ভেটিব নোৱাৰি
ভেটা ভাঙে ঘনে ঘনে
বিদ্ৰোহী ৰাইজে কঢ়িয়াই লৈ যোৱা
সংগ্ৰামক ভেটিব কোনে?
বোলো দেশৰে ৰাইজখন আগুৱাই যা
বুকু পাতি যা
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা—।”
ভূপেন হাজৰিকাৰ সমগ্ৰ গীতৰ যিটো আৱেদন, তাৰ লগত সংপৃক্ত হৈ আছে বিহু আৰু ব’হাগক লৈ লিখা গীতকেইটিও। বিহুগীত আৰু ব’হাগৰ গীতকেইটিত বিহুৰ কৃষ্টিৰ আৱৰ্তত তেওঁৰ গীতৰ যি স্ফুৰণ, সি অতি প্ৰাণস্পৰ্শী। অসমীয়া গীতিসাহিত্যত তাৰ স্থান সুকীয়া। বিহুগীতক সমাজ ৰূপান্তৰৰ এটি বলিষ্ঠ প্ৰকাশ হিচাপেই তেওঁ গ্ৰহণ যে কৰিছিল, সেয়া গীতৰ কথাত পৰিস্ফুট। কিন্তু সেয়া কৰিবলৈ যাওঁতে গীতবোৰ শ্লোগানধৰ্মী হোৱা নাই। তাত গ্ৰাম্য অভিব্যক্তি— যেনে শব্দচয়ন, ব্যঞ্জনা সকলো জনজীৱনত প্ৰৱাহিত হৈ থকা। সেয়ে শ্ৰোতাই তাত নিজক বিচাৰি পায়। একে ধাৰাৰে বিহুগীত বা বিহুসুৰীয়া গীত ৰচা তেওঁৰ সমসাময়িক আনজন প্ৰসিদ্ধ গীতিকাৰ হ’ল কেশৱ মহন্ত। মহন্তও গণনাট্যৰ স’তে যুক্ত হৈছিল। অৰ্থাৎ দুয়োৰে গীতত আছে এটা সুৰ, গীতৰ মাজেৰে সমাজৰ ৰূপান্তৰৰ সাধনা। ভূপেন হাজৰিকাৰ আৰু দুটা ওপৰঞ্চি প্ৰতিভাই তেওঁৰ গীতক কৰি তুলিছে ঐশ্বৰ্যমণ্ডিত। সেয়া তেওঁৰ সুৰৰ লালিত্য আৰু সন্মোহিনী কণ্ঠ। শ্ৰোতা জনতাক কিদৰে চুম্বকৰ দৰে আকৰ্ষণ কৰিব পাৰি, সেয়া তেওঁ আয়ত্ত কৰিছিল বিদ্যায়তনিক শিক্ষাৰ কালতে। তেওঁ গণসংযোগ বিষয়ত গৱেষণা কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে তেৱোঁ মানুহৰ মাজত বিচৰণ কৰি সুৰ বুটলিছিল, বুটলিছিল গীতৰ ভাষা।
উৎস:
১. পৰমানন্দ মজুমদাৰ (সম্পা), হেমাংগ বিশ্বাস ৰচনাৱলী, দ্বিতীয় সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, ২০১৬, পৃ. ১৩২
২. হীৰেন গোহাঁই (সম্পা), জ্যোতিপ্ৰসাদ ৰচনাৱলী, অষ্টম সংস্কৰণ, অসম প্ৰকাশন পৰিষদ, ২০১৩, পৃ. ৪৯৬
৩. যোগেশ দাস (সম্পা), বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, দ্বিতীয় খণ্ড, ৰাভা ৰচনাৱলী সংঘ, ১৯৯৭, পৃ. ১৩৩৩
৪. ঐ, পৃ. ১৩৩৪
৫. পৰমানন্দ মজুমদাৰ (সম্পা), পছোৱা, অসম সাহিত্য সভা, ২০২১, পৃ. ৪৪২
৬. ঐ, পৃ. ৪৪৩
৭. যোগেশ দাস (সম্পা), পূৰ্বোক্ত পুথি, পৃ. ১৩৩৪
৮. পৰমানন্দ মজুমদাৰ (সম্পা), ভূপেন হাজৰিকা: গতিৰ পৰা আমাৰ প্ৰতিনিধিলৈ, অসম প্ৰকাশন পৰিষদ, ২০১২, পৃ. ২২৮
৯. ঐ, পৃ. ২২৯
১০. ঐ, পৃ. ২৫৩-৫৪
ভূপেনদাৰ ৰঙালাও-সৰিয়হৰ খেতি
সমৰ হাজৰিকা
- ভূপেন হাজৰিকাৰ ‘নতুন পুৰুষলৈ এখনি সৰু চিঠি’
- ভূপেন্দ্ৰ সঙ্গীতৰ জন্মলগ্নৰ কথা
- ভূপেন হাজৰিকা আৰু সুকুমাৰ কলা প্ৰসংগ
- সিপাৰে ভূপেন হাজৰিকাই গায়
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


