অ সমৰ জাতীয় জীৱনৰ লগত জড়িত অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংগ বিহু উৎসৱৰ জন্ম, বিকাশ আৰু অগ্ৰগতিত বিভিন্ন ভাষা-গোষ্ঠীৰ সাংস্কৃতিক প্ৰভাৱ অস্বীকাৰ কৰাৰ উপায় নাই। বিহু শব্দৰ উৎপত্তিৰ ইতিহাসতে এই কথাৰ উমান পোৱা যায়। সংস্কৃত ‘বিষুবৎ’ শব্দৰ পৰা বিহু শব্দটো ওলাইছে। চিটাগঙ অঞ্চলতো বিষু উৎসৱৰ প্ৰচলন আছে। আৰাকান আৰু চিটাগঙত বাস কৰা চাকমাবিলাকৰ প্ৰধান উৎসৱ বিষো। এই উৎসৱ এপ্ৰিল মাহত উদযাপিত হয়। দক্ষিণ ভাৰতৰ নায়াৰসকলৰ মাজত প্ৰচলিত নৱ বৰষৰ উৎসৱটোও বিষু ৰূপে পৰিচিত। তেনেদৰে হিমাচল প্ৰদেশৰ খাচবিলাকৰ মাজতো বিষু নৱবৰ্ষৰ উৎসৱ ৰূপে উদযাপিত হয়। ইয়াৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰদেশত বসন্তোৎসৱ, মহাবিষুৱ সংক্ৰান্তি আদি উৎসৱ জাকজমকতাৰে পালন কৰা হয়।
বৈদিক দৰ্শন অনুসৰি বছৰৰ বাৰটা সংক্ৰান্তিৰ ভিতৰত মকৰ সংক্ৰান্তি অন্যতম গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। মুখ্যতঃ সংক্ৰান্তি সম্বন্ধীয় গুৰুত্ব আৰু পৱিত্ৰতাৰ ভিত্তিতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তিক এক পৱিত্ৰ উৎসৱ হিচাপে অতীজৰে পৰা পালন কৰি আহিছে। ভিন্ন প্ৰান্ত, জনগোষ্ঠী তথা ভাষা অনুসৰি এই উৎসৱৰ নাম ভিন ভিন হৈছে। ভাৰতৰ আন ঠাইসমূহত সংক্ৰান্তি সম্বন্ধীয় উৎসৱ পালন কৰিলেও অসমীয়াৰ লোক জীৱনৰ লগত সম্বন্ধ থকা বিহু উৎসৱৰ এক সুকীয়া আৰু সুৰীয়া মাদকতা আছে। অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ ভিতৰত মাঘ বিহুৰ গুৰুত্ব অপৰিসীম। মাঘ হৈছে প্ৰাচুৰ্য আৰু প্ৰাপ্তিৰ মাহ আৰু ভোগালী বিহু হৈছে খেতি চপোৱাৰ পৰৱৰ্তী সময়ৰ আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ আৰু এক কথাত ভোগৰ উৎসৱ।
বিহু উৎসৱৰ মুখ্য উপাদান কৃষি। সেয়েহে বিহুক কৃষি উৎসৱ বোলাই সমীচিন। বছৰৰ প্ৰধান খেতিৰ বতৰৰ আৰম্ভণি সূচনা কৰা হয় ব’হাগ বিহুৰে। খেতি তোলাৰ ইংগিতেৰে কাতি বিহু পালন কৰা হয় আৰু খেতি তোলাৰ আনন্দ প্ৰকাশৰ অৰ্থে মাঘ বিহু উদযাপন কৰা হয়। অসম কৃষি প্ৰধান দেশ, গতিকে কৃষি সম্পৰ্কীয় উৎসৱেই যে ইয়াত বিশেষ ভাৱে সমাদৃত সেই কথাত কোনো সন্দেহ নাই। আজিৰ লেখাৰ বিষয় যিহেতু মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা, সেয়েহে এই আলোচনাত ব’হাগ আৰু কাতি বিহুৰ প্ৰসংগই বৰকৈ ঠাই নাপাব।
পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু অৰ্থাৎ ভোগালী বিহু পালন কৰা হয়। এই মকৰ সংক্ৰান্তিত সূৰ্য উত্তৰায়ণ বৃত্তলৈ গতি কৰিবলৈ আৰম্ভ কৰে। সেয়ে ঋতু, বতৰ, প্ৰাকৃতিক অৱস্থা আৰু জাগতিক ক্ৰিয়া-প্ৰক্ৰিয়া সম্বন্ধীয় কিছুমান বিশেষ উপাদেয় পৰিৱৰ্তনৰ আৰম্ভণি ঘটে। শীতকালৰ হাড় কঁপোৱা জাৰৰ অন্ত পৰি উমাল অৱস্থা আৰম্ভ হয়। মানুহে উৎসাহ-উদ্দীপনা, সাহস, কৰ্মস্পৃহা, শাৰীৰিক শ্ৰীবৃদ্ধি আৰু বিভিন্ন মানসিক শক্তি লাভ কৰিবলৈ ধৰে। শীতৰ ফলত হোৱা এলাহ আঁতৰি কৰ্মস্পৃহা জাগ্ৰত হোৱাৰ সহায়ক হয়, দেহ-মন উজ্জীৱীত হ’বলৈ ধৰে। সেয়েহে মকৰ সংক্ৰান্তি ভিত্তিক উৎসৱ উদযাপন কৰোঁতে এনে উপযোগিতাখিনি পৰ্যাপ্ত পৰিমাণে আহৰণ কৰাৰ কামনাৰে কিছুমান লোকাচাৰ পালন কৰাৰ পৰম্পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। আৰু আমাৰ অসমতো স্বকীয় চিন্তাৰে মাঘ বিহুত সভক্তিৰে মেজিৰ জুইৰ উত্তাপ লোৱা, মেজিৰ জুইত পানী হিলৈ ফুটোৱা, তিলৰ লাড়ু আৰু তিল পিঠা খোৱা, ম’হযুঁজ আৰু বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা লোকাচাৰখিনি এনে উদ্দেশ্যৰ বুলি ধাৰণা কৰিব পাৰি।
বৈদিক শাস্ত্ৰত মকৰ সংক্ৰান্তিৰ পৱিত্ৰতা সম্পৰ্কে কেইবাটাও কাহিনী বা ঘটনা পোৱা যায়। মহাভাৰতৰ যুদ্ধত পিতামহ ভীষ্মই ৫১ দিন শৰশয্যাত থাকি মকৰ সংক্ৰান্তিৰ দিনা নশ্বৰ দেহ ত্যাগ কৰিছিল। শাস্ত্ৰজ্ঞসকলৰ মতে, মকৰ সংক্ৰান্তিত নশ্বৰ দেহ ত্যাগ কৰিলে জীৱই মোক্ষ লাভ কৰে আৰু সেইবাবেই পিতামহ ভীষ্মই এই দিনটোলৈ অপেক্ষা কৰিছিল। আন এক কাহিনী মতে অযোধ্যাৰ সূৰ্যবংশী ৰজা ভগীৰথে হিমালয় পৰ্বতত বহু যুগ ধৰি ঘোৰ তপস্যা কৰি পৱিত্ৰ গংগা নদীৰ ধাৰা স্বৰ্গৰ পৰা মৰ্ত্যলৈ নমাই আনিছিল। এই ঘোৰ তপস্যাৰ মূল উদ্দেশ্য আছিল পৱিত্ৰ গংগাজলেৰে আহুতি দি কপিল মুনিৰ দ্বাৰা শাপভ্ৰষ্ট হোৱা মহাৰাজ সাগৰকে আদি কৰি ৬০,০০০ পূৰ্বজক মোক্ষলাভ কৰোৱাটো। অনেক বাধা-বিঘিনি অতিক্ৰম কৰি ৰজা ভগীৰথ এই কাম কৰিবলৈ সক্ষম হৈছিল পৱিত্ৰ মকৰ সংক্ৰান্তিৰ দিনা। আন এক কাহিনী অনুসৰি মকৰ সংক্ৰান্তিতে পৰম আৰাধ্যা নন্দা দেৱীৰ আৱিৰ্ভাৱ ঘটিছিল আৰু শংকৰাসুৰ নামৰ এটা অতি শক্তিশালী আৰু অত্যাচাৰী অসুৰক নিধন কৰিছিল। এনে বহু কাহিনী-আখ্যান জড়িত হৈ থকা মকৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা মাঘ বিহুৰ গুৰুত্ব যথেষ্ট।
মাঘ বিহুত সচৰাচৰ ব্যৱহৃত ‘মেজি’ শব্দ আহিছে সংস্কৃত ‘মেধ্য’ শব্দৰ পৰা। তেনেকৈ নামনি অসমত প্ৰচলিত ‘ভেলাঘৰ’ শব্দটো আহিছে সংস্কৃত ‘মেষ গৃহৰ’ পৰা। মাঘ বিহুৰ ম’হ যুঁজ প্ৰথা দ্ৰাবিড়ীয় সংস্কৃতিৰ পৰা আহিছে। পণ্ডিতসকলৰ মতে অসমৰ মেজি পোৰা ৰীতিত আৰ্যসকলৰ অগ্নি পূজাৰ ইংগিত থাকিব পাৰে। ইউৰোপতো এনে ধৰণৰ অগ্নি উৎসৱ প্ৰৱহমান। সেইদৰে বিহু উৎসৱৰ বিভিন্ন ৰীতি-নীতিত অষ্ট্ৰিক আৰু মংগোলীয় সংস্কৃতিৰ উপাদান নিহিত হৈ থকা দেখা যায়।
অসমত উদযাপিত হোৱা মাঘ বিহুকেন্দ্ৰিক কিছু ৰীতি-নীতিৰ মাজত ভেলাঘৰ আৰু মেজি জ্বলোৱা কাৰ্য অতি গুৰুত্বপূৰ্ণ। বিহুলৈ প্ৰায় বিছ দিনমান থকাৰ পৰা গাঁৱৰ ডেকাসকলৰ তৎ নোহোৱা হয়। গাঁৱৰ ডেকাসকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ-ভাত খাই নাচি-বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজ-ভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়। মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি। মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুই জ্বলাই গোৱা হয়— “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।” মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।
সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়, কিন্তু ঠাইভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি কামৰূপ-নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। উজনি অসমত ভেলাঘৰক হাৰলি ঘৰ বুলিও জনা যায়। ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি। একো একোটা ভেলাঘৰ তিনি তলা পৰ্যন্ত ওখ হোৱা দেখা যায়। ই একো প্ৰকাৰৰ শিল্প। মেজি নিৰ্মাণ কৰোঁতে দুডাল কলগছৰ গাত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয়। মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়। মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ প্ৰভাৱ পৰা প্ৰতীক। ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত।
ঠাইবিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ-আকৃতিৰ ভিন্নতা দেখা যায়। যেনে— খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত গগণচুম্বী। আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল। নৃতাত্বিক দিশৰ পৰা চাবলৈ গ’লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল। এফালৰ পৰা চাবলৈ গ’লে ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য’ত খেতি কৰাৰ সামৰ্থ্য কেৱল মানৱ সমাজেহে আয়ত্ত কৰিলে। ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণী সমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সেই দিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ।
লোকজীৱনত বিশ্বাস প্ৰচলিত আছে যে অতি পুৰণি কালত ভেলা নামৰ এজন বুঢ়া আছিল। বুঢ়াৰ বুঢ়ীৰ বাহিৰে আপোন বুলিবলৈ কোনোৱেই নাছিল। বুঢ়াই কিন্তু গৰখীয়া ল’ৰাক বৰ মৰম কৰিছিল। এদিন বুঢ়া-বুঢ়ী ঘৰৰ ভিতৰতে মৰি থাকিল। গৰখীয়াহঁতে ৰাতিপুৱা বুঢ়া-বুঢ়ীক বাহিৰত দেখা নাপায় দুৱাৰ কাটি ঘৰৰ ভিতৰলৈ গ’ল। শেষত ঘৰৰ ভিতৰতে বুঢ়া-বুঢ়ীৰ শৱ সৎকাৰ কৰিলে আৰু বুঢ়া-বুঢ়ীৰ বিদেহ আত্মাৰ সদগতিৰ কাৰণে গৰখীয়া ল’ৰাহঁতে মকল ভোজ খালে। সেয়ে এই ভোজৰ নাম ভেলা ভোজ। গৰখীয়াহঁতে ভোজ খোৱা ঘৰটোৰ নাম ভেলা ঘৰ অৰ্থাৎ ভেলা বুঢ়াৰ ঘৰ। পুঁজি দুটা ভেলা বুঢ়া আৰু ভেলা বুঢ়ীৰ প্ৰতীক ৰূপে ৰৈ গ’ল।
সামাজিক স্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদসমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটাই ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পাছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়। উৰুকাৰ দিনা ৰাতিপুৱাৰে পৰা গাঁৱৰ প্ৰতিঘৰ মানুহৰ ল’ৰা-ছোৱালীয়ে মিলি বাৰীৰ তামোল, নাৰিকল, আম , কঁঠাল, লেতেকু, পনিয়ল, ৰবাব টেঙা, মধুৰীআম, ঠেকেৰা আদি লাগনীয়া গছবোৰৰ গুৰিত একোছা খেৰ বা এখন কল চোঁচনিৰে একোটা বান্ধ দিয়ে। ফল ধৰাৰ বয়স হোৱা অথবা ফল নধৰা গছবোৰৰ গুৰিতো এনেদৰে বান্ধ দিয়া ৰীতি প্ৰচলিত। লোকজীৱনত বিশ্বাস প্ৰচলিত আছে যে মাঘৰ দোমাহীৰ উৰুকাৰ দিনা তামোল, নাৰিকল, আম, জাম, কঁঠাল, পনিয়ল আদি গছ নাবান্ধিলে ফল নধৰে। উৰুকাৰ আগতেই পথাৰৰ ধান কাটি-মাৰি ধানবোৰ ভঁৰালত থ’ব লাগিব। গোটেই মাঘ মাহটোৰ ভিতৰত ভঁৰালৰ পৰা ধান উলিয়াব নাপায়। পথাৰৰ লখিমীয়ে অন্ততঃ এমাহ ভঁৰালত জিৰণি ল’ব লাগে। উৰুকাৰ গোটেই নিশাটো গৰখীয়া ডেকা ল’ৰাহঁত ভেলাঘৰতে থাকে।
অসমীয়া জাতীয় জীৱনৰ লগত সম্পৃক্ত বিহু উৎসৱৰ অতি গুৰুত্বপূৰ্ণ মাঘ বিহু উপলক্ষে বহুতো খেল-ধেমালি উদযাপন কৰা হয়। পৰম্পৰাগতভাৱে এই বিহুত উৰুকাৰ নিশা চেমনীয়া ল’ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে। কাৰোবাৰ ঘৰত দুজনমান ল’ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ পৰা কুকুৰা-পাৰ-হাঁহ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায়। এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিত চকু ৰাখে। সেইবাবে এই বিহুক চোৰ বিহু বুলিও কয়। উৰুকাৰ নিশা বাঁহ-কাঠ-খেৰ আদিকে ধৰি বাৰীৰ বয়-বস্তু গৃহস্থৰ অনিষ্ট নোহোৱাকৈ চুৰ কৰা কাৰ্যক দোষণীয় কাৰ্য বুলি গণ্য কৰা নহৈছিল। ৰাতিপুৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি সাজে। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পাছত আধাপোৰা বাঁহ লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়। বিশ্বাস কৰা হয় যে ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে। কিছু লোকৰ মাজত গছৰ গা-গছত খেৰেৰে ঘূৰণীয়াকৈ বন্ধাৰ নিয়ম আছিল। এই ৰীতি-নীতিবোৰ ইণ্ডো-ইউৰোপীয় মূলৰ বুলি বিশ্বাস কৰা হয়।
মেজিত জুই লগাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰোঁতে এই মন্ত্ৰফাকি গোৱা হয়—
অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং।
সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে নমঃ॥
ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়।
এনে ঐতিহ্যময় পৰম্পৰা থকা বাপতিসাহোন বিহুৰ ৰূপ সাম্প্ৰতিক সময়ত কিছু পৰিমাণে সলনি হোৱা দেখা গৈছে। যাৰ ফলত গাঁৱৰ বিহু আহি এতিয়া চহৰ পালেহি। গাঁৱৰ মানুহে বিহু চাবলৈ চহৰলৈ ঢাপলি মেলিব লগা পৰিৱেশ আহিছে। উৰুকাৰ নিশা ভোজ-ভাত খাবৰ কাৰণে সমূহীয়াভাৱে মাছ ধৰাৰ যি পৰম্পৰা আছিল, সেয়া যেন লাহে লাহে বিলুপ্ত হ’বলৈ ধৰিছে। জলাশয়সমূহৰ সংকোচন, অসমীয়া পৰিয়ালৰ ক্ষুদ্ৰ সংস্কৰণৰ লগতে আন বহুবোৰ কাৰণত যেন এনে পৰম্পৰাসমূহ হেৰাই যাবলৈ ধৰিছে। বিহুৰ ঐতিহ্য ৰক্ষাৰ কাৰণে অসমীয়া মানুহে অনা অসমীয়া মানুহৰ ওচৰ চাপিব লগা হয়। কৰ্মবিমুখ হৈ পৰা অসমীয়া মানুহ কৰ্মমুখী চিন্তা-চেতনাৰে জাগ্ৰত নহ’লে পথাৰ-বজাৰ অসমীয়াৰ হাতৰ পৰা একেবাৰে হেৰাই যাব।
মাঘ বিহুক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন অঞ্চলত বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ, কণীযুঁজ, কড়ীখেল, নাওখেল আদি অনুষ্ঠিত হয়। অৱশ্যে উচ্চতম ন্যায়ালয়ে ম’হযুঁজ আইনীভাৱে বন্ধ কৰাত বৰ্তমান এই পৰম্পৰা মুকলিকৈ পতাটো বন্ধ হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে বন্ধ কৰিলেও আন এটা কাৰকো এই ম’হ যুঁজ প্ৰথা বন্ধ হোৱাৰ কাৰণ বুলি ভাবোঁ। অসমৰ গ্ৰামাঞ্চলত আঠ- নৰ দশকলৈকে যিধৰণে গৰু-ম’হ পালনৰ প্ৰক্ৰিয়া আছিল, সেয়া যেন আজিৰ আধুনিকতাৰ গ্ৰাসত কমি আহিবলৈ ধৰিছে। এটা সময়ত ঘৰে ঘৰে গোহালি আছিল, অঞ্চল বিশেষে একোখন বাথান আছিল। এতিয়া সেয়া যেন এটি স্মৃতি। গাঁও-সমূহত খুব কম সংখ্যক মানুহৰ ঘৰতহে গৰু-ছাগলী আজিকালি পোহা দেখা পাওঁ।
আঘোণৰ পথাৰ উকা হৈ থকা গাঁওবোৰ দেখিলে এনে লাগে— বিহু কৃষিজীৱী মানুহৰ উছৱ হৈ আছেনে? ভেলাঘৰ সাজিবলৈ যুৱক-যুৱতী আছেনে? নৰা আছেনে? তমাল তুলিব জানেনে? আজিকালি বিহু মানেই যেন চহৰত উদযাপিত হোৱা এক উছৱ। ভেলাঘৰৰ নামত বিভিন্ন আৰ্হিৰ ঘৰ সজাৰ প্ৰতিযোগিতাতহে যেন আমি নামি পৰিছোঁ। ভেলাঘৰ সাজিবলৈকো কোনো সুদক্ষ কাৰিকৰ আনি সামাজিক মাধ্যমত প্ৰচাৰৰ প্ৰতিযোগিতাত নামি পৰাৰ যি প্ৰৱণতা, এই প্ৰৱণতাই যেন এফালৰ পৰা আমাৰ ঐতিহ্য, পৰম্পৰাৰ পৰিৱৰ্তন ঘটাইছে। যাৰ ফলত আজিৰ তাৰিখত বিহুৱে স্বকীয়তা হেৰুৱাই পেলোৱা যেন অনুভৱ হয়।
সৰু এটা কথা, আমাৰ আইতাহঁতৰ মুখত শুনিছোঁ যে তিল পিঠা মাঘ বিহুত খায়। কিন্তু এতিয়া দেখা পাওঁ বিহু মানেই যেন তিল পিঠা বেচিবই লাগিব, কিনিবই লাগিব। ধাৰণা হয়, আইতাহঁতৰ ‘নাখায়’, ‘নাপায়’বোৰত কিবা নিশ্চয় আছিল। অসমীয়া খাদ্য প্ৰণালীত তিতা, টেঙা, খাৰ একেলগে খোৱাৰ প্ৰথা নাছিল। কিন্তু এতিয়া এই সকলোবোৰৰ যেন পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন হৈছে বিহুৰ পৰম্পৰাৰ, পৰিৱৰ্তন হৈছে মানুহৰ মনৰ। এই পৰিৱৰ্তনৰ ধামখুমিয়াত আমি উটি-ভাহি গ’লে সমাগত সময়ত বিহু কৃষিজীৱী মানুহৰ উছৱৰ সলনি আভিজাত্য প্ৰকাশৰ এক উছৱলৈহে পৰিৱৰ্তিত হ’বগৈ, যিটো অসমীয়া জাতিৰ বাবে হ’ব এক বৃহৎ অভিশাপ। আৰ্থিক দুৰৱস্থা, সামাজিক বৈষম্য, ধনী-দুখীয়াৰ ভেদাভেদ, সামাজিক বিধি-ব্যৱস্থাৰ অঘৈয়া হুলে আমাৰ মনৰ আনন্দক নিঃশেষ কৰিলে অসমীয়া জাতি কালৰ সোঁতত হেৰাই যাবলৈ বেছি পৰ নালাগিব।
সহায়ক গ্ৰন্থ:
১. অসমীয়া লোক সংস্কৃতিৰ আভাস: ড° নবীন চন্দ্ৰ শৰ্মা
২. অসমৰ লোক সংস্কৃতি: নিৰ্মলপ্ৰভা বৰদলৈ
❧ | আৰু পঢ়ক: