অন্তৰ্জীৱনৰ কবি পাৰ্ৱতিপ্ৰসাদ

অন্তৰ্জীৱনৰ কবি পাৰ্ৱতিপ্ৰসাদ
  • 06 Jun, 2024

পা ৰ্ৱতিপ্ৰসাদ,— এই নামটো উচ্চাৰণ কৰাৰ লগে লগে মনলৈ আহে তেওঁৰ কবিতা আৰু গীতৰ পুথিকেইখনিৰ অসমীয়া জন-ভাষাৰ পৰা বুটলি অনা সাধাৰণ কিন্তু অসাধাৰণ অৰ্থব্যঞ্জক নামকেইটালৈ— ‘গুণগুণনি’, ‘ময়াপী’, ‘মৌ-টোকাৰী’, ‘ভঙা টোকাৰীৰ সুৰ’, ‘খেল ভঙা খেল’, ‘লখিমী’, ‘সোণৰ সোলেঙ’, ‘শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল’ আৰু ‘লুইতী’লৈ।

‘শুকুলা ডাৱৰ ঐ কহুঁৱা ফুল’ আৰু ‘খেল ভঙা খেল’ৰ বাহিৰে তেওঁৰ বাকী পুথিকেইখন তেওঁৰ জীৱিত কালতেই দুষ্প্ৰাপ্য হৈ পৰিছিল; কেবল মানুহৰ মুখে মুখে বাগৰি ফুৰিছিল— ‘নোবোলোঁ তোক সোণৰ অসম’, ‘হেৰ বলিয়া নয়ন ভৰি ভৰি চা’, ‘লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া’ ইত্যাদি কেইটামান গীত। ১৯৮১ চনৰ মাৰ্চ মাহত ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা-ৰচনাৱলী’ প্ৰকাশিত হোৱাৰ পাছত পাৰ্ৱতিপ্ৰসাদ বৰুৱাক অসমীয়া মানুহে নকৈ বুজি পোৱাৰ সুবিধা হ’ল। ১৯৭৯ চনৰ ৭ জুনত সোণাৰিত আয়োজন কৰা ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা সোঁৱৰণী দিৱস’লৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰিত হৈ, সভাতে পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ ৰচনাৱলী প্ৰকাশৰ বিষয়ে কোৱাত, সভাৰ শেষত শ্ৰীযুত (এতিয়া স্বৰ্গীয়) পৱনাথ শৰ্মা ডাঙৰীয়া আৰু পাৰ্ৱতিপ্ৰসাদৰ জ্যেষ্ঠ পুত্ৰ প্ৰণৱিৰাম বৰুৱাই এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰে। শ্ৰীযুত বৰুৱাই, অসম সাহিত্য সভাই প্ৰকাশৰ দায়িত্ব ল’লে অৰ্থ সাহায্য আগবঢ়োৱাৰো আশ্বাস দিয়ে। মই ১৯৮০-৮১ চনত পুনৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব লোৱাৰ সময়ত পৱনাথ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা ৰচনাৱলী’ সংকলন কৰোৱাই ১৯৮১ চনৰ মাৰ্চ মাহত অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশ কৰোৱাওঁ।

পাৰ্ৱতিপ্ৰসাদ,— এই নামটিৰ লগত আধুনিক অসমীয়া গীত আৰু গীতি-কবিতাৰ বুৰঞ্জীৰ এটি অধ্যায় সমাৰ্থক হৈ পৰিছে। পাৰ্ৱতিপ্ৰসাদে ভাব, বিষয়, ৰূপ আৰু ৰসবোধৰ বিশিষ্টতাৰে আধুনিক অসমীয়া গীতি-সাহিত্য আৰু গীতি-কবিতাক এটি একক নতুন মাত্ৰা দান কৰি গৈছে। আধুনিক অসমীয়া সংস্কৃতিৰ নৱ ৰূপকাৰ জ্যোতিপ্ৰসাদৰ, বা কঠিন আৰু কোমলৰ সমাহাৰ বিষ্ণুপ্ৰসাদৰ মাজত প্ৰকাশিত সমাজমুখী চেতনাৰ পৰিৱৰ্তে পাৰ্ৱতিপ্ৰসাদৰ মাজত সাৰ পাই উঠিছে নিসংগ, আত্মমুখী এটি গভীৰ নিৰ্জনতাৰ সুৰ। তেওঁ যেন বাৰে বাৰে মুখামুখি হৈছে নিজৰ ভিতৰৰ সত্তাটোৰ লগত; এই সত্তাকে তেওঁ সম্বোধন কৰিছে, এই সত্তাকে সোঁৱৰাই দিছে বহিৰ্বিশ্বৰ তথা বহিৰ্প্ৰকৃতিৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ কথা; সোঁৱৰাই দিছে ব্যক্ত জীৱন আৰু জগতৰ আঁৰত থকা বুজিব নোৱৰা কোনোবা অব্যক্তৰ ৰহস্যময় অস্তিত্বৰ কথা। তেওঁৰ ৰচনাত ইন্দ্ৰিয়গ্ৰাহ্য ৰূপৰ আঁৰত বিয়পি থকা অৰূপৰ জান-নেজান, ছয়া-ময়া ভাবনাটোৱেই নিয়ন্ত্ৰক শক্তি হৈ সুৰ আৰু শব্দ কঢ়িয়াই আনিছে। অন্তৰ্জীৱনৰ ব্যাখ্যাহীন অনুভৱৰ সুৰেই পাৰ্ৱতিপ্ৰসাদৰ গীত আৰু কবিতাৰ আধাৰ। অন্তৰ্ভাবনাৰ সুৰেই পাৰ্ৱতিপ্ৰসাদৰ গীতৰ আৰু কবিতাৰ শব্দৰো বাহক। পাৰ্ৱতিপ্ৰসাদৰ ৰচনা সেইবাবেই ভাবনা-প্ৰধান। ভাবনাক তেওঁৰ গীত আৰু গীতি-কবিতাৰ শব্দ আৰু সুৰে আত্মপ্ৰকাশৰ বাট উলিয়াই দিছে। ছন্দ তাত মাত্ৰাৰ অনুগামী নহ’বও পাৰে, বৰং ভাবনাৰ অনুগামী হৈ ধৰা দিয়ে। সুৰে তাত মাত্ৰা পূৰ্ণ কৰে। ফলস্বৰূপে, গদ্যময় যেন লগা আৰু পাৰ্ৱতিপ্ৰসাদৰ ৰচনাৰ প্ৰসংগৰ পৰা আঁতৰাই চালে নীৰস যেন লাগিব পৰা শব্দ আৰু প্ৰকাশ-ভঙ্গীও তেওঁৰ ৰচনাত হৈ উঠিছে কবিত্ব-ভাব-ব্যঞ্জক-গভীৰ অথচ কোমল, ক’ৰবাত বিষাদ-গভীৰ, ক’ৰবাত আনন্দ-কোমল।

তেওঁৰ ৰচনাত ক’তো চঞ্চলতা নাই, উদ্দামতা নাই, ক’তো আৱেগৰ মেদ-বাহুল্য নাই; শৰতৰ দৰেই কোমল, স্নিগ্ধ, নিৰ্মল, শান্ত, অচঞ্চল ৰূপ তেওঁৰ গীত আৰু কবিতাৰ মাজত ব্যাপ্ত। পাৰ্ৱতিপ্ৰসাদৰ গীত আৰু কবিতা ফেনে-ফোটোকাৰে বৈ অহা লুইত নহয়; হিমালয়ৰ গভীৰ খাদেদি বৈ অহা নিষ্কম্প-চিত্ত, ক্ষীণাংগী কিন্তু গভীৰ গংগাৰ যেন আগছোৱাৰ সুঁতিটি।

পাৰ্ৱতিপ্ৰসাদৰ কবিতাৰ প্ৰকাশভংগীত থকা স্বাভাৱিক গদ্য-কথনৰ ৰীতিটি তেওঁৰ ৰচনাৰ অন্যতম প্ৰধান বিশেষত্ব। শেষ বয়সত ‘ৰামধেনু’ত প্ৰকাশিত তেওঁৰ কবিতাখিনিৰ মাজত এই বিশিষ্টতা অধিক স্পষ্ট হৈ পৰিছে। যেতিয়া তেওঁ কয়,

‘মোৰ খেলৰ ৰংবোৰ
আৰু পিয়াহৰ পানীবোৰ
কোনোবাই মিহলাই
তেনেই লেটি-পেটি কৰিলে;
তুমিয়েই হ’বলা’,—

তেতিয়া এই গদ্যগন্ধী, অজটিল, স্বাভাৱিক প্ৰকাশ-ভঙ্গীৰ ধেমেলীয়া যেন লগা সুৰটোৰ মাজত ব্যঞ্জিত হৈ উঠে অভান্তৰৰ গভীৰ ক্ষতৰ পৰা নিঃসৰিত যন্ত্ৰণাৰ কৰুণ সুৰ। তেওঁ যেতিয়া কয়,

‘মই যে হাৰিম
এইবাৰ খেলত ধুৰুপ;
তোমাৰ হাতত থৈছা লুকাই মৰণ-ক’লা তুৰুপ।
কোনহে তুমি,
জীৱন-মৰণ আদ জীৱনৰ
তিন তাচ খেলৰ জুৱাৰী?
তোমাৰ লগত নোৱাৰি’,—

তেতিয়া ভাবি বিস্মৃত হ’ব লাগে, কিমান অবলীলাক্ৰমে কেইটামান সাধাৰণ শব্দৰ মাজত জীৱনৰ নিৰ্মম সত্য এটি তেওঁ ধেমেলীয়াকৈ কিন্তু হৃদয়ত দাগ কাটি যোৱাকৈ দাঙি ধৰিছে।

পাৰ্ৱতিপ্ৰসাদৰ কবিতাৰ মাজত থকা এই অন্তৰ্ভেদী কাৰুণ্য সাধাৰণ মৃত্যু চেতনাৰ পৰা উদ্ভূত হোৱা নাই; উদ্ভূত হৈছে জীৱনৰ ভঙা-গঢ়াৰ বিশাল পটভূমিত কোনো অদৃশ্যৰ ইচ্ছাই হিয়াৰ আনন্দ কাঢ়ি লৈ যোৱা বেদনাৰ পৰা। বাস্তৱ-জীৱনৰ শোকৰ অভিজ্ঞতাই তাক কৰি তুলিছে আৰু অধিক গভীৰ। সেইবাবেইতো ‘চকুলো নসৰা চকু’ আৰু ‘কান্দোন নুফুটা হিয়া’ৰ পৰা বাগৰি আহিছে চকুলো আৰু ফুটিছে কান্দোন। তাৰ মাজত তেওঁ জীৱনৰ নিষ্ঠুৰ সত্যক দেখিছে, সেই সতাক নিৰ্ভুলভাৱে অনুভৱ কৰিছে আৰু দুখত ভাগি পৰিব খুজিও ‘কলিজাতে ঢাকি থৈ কলিজাৰ হুল/ সমুখলে’ গাই যাবি গান’ বুলি ভিতৰৰ মানুহটোক উছাহ দিছে। যি নিৰ্মম সত্য তেওঁ দেখা পাইছে, দেখা পাইছে নিৰ্মম ধেমালি, সেই সত্যকে তেওঁ মন্ত্ৰৰূপ দিছে তেওঁৰ গীতৰ মাজত আৰু তেওঁৰ কবিতাৰ মাজত। পাৰ্ৱতিপ্ৰসাদৰ মাজত ‘সত্যদ্ৰষ্টা মন্ত্ৰস্ৰষ্টা’ এই ঋষিত্ব অনুভৱ নকৰিলে তেওঁৰ গীত আৰু কবিতাৰ মৰ্মবাণী উপলব্ধি কৰা টান।

‘ঋষিত্ব’ বুলি ক’লে অনেকেই চক খাই উঠিব পাৰে। কাৰণ, ‘ঋষিত্ব’ৰ লগত যেন বেদ-উপনিষদৰ আধ্যাত্মিক সত্যহে জড়িত, এনে এটা ধাৰণা আমাৰ পৰম্পৰাত প্ৰৱাহিত হৈ আহিছে। কিন্তু আধ্যাত্মিক সত্যৰ পৰিধি যে বৰ বহল আৰু সি জীৱনৰ যি কোনো দিশকে সামৰি ল’ব পাৰে, সেই কথা সাধাৰণতে ভবা নহয়। তেনেকৈয়ে ভবা নহয় যে ঋষিত্বৰ সংজ্ঞাই সত্যস্ৰষ্টা বিজ্ঞানী, শিল্পী, কবি প্ৰেমিক— সকলোকে সামৰি ল’ব পাৰে। যথাৰ্থতে জীৱন সত্যক দেখা পোৱা আৰু তাক প্ৰকাশ কৰা সকলোৱেই ‘ঋষি’। ঋষিত্ব প্ৰাপ্তি নঘটিলে কবিতা সৃষ্টি কৰা সম্ভৱ নহয়: ‘না ঋষি কুৰুতে স্ত্ৰোত্ৰম্’। প্ৰতিগৰাকী মৌলিক কবিয়েই ঋষি। অৱশ্যেই ‘মন্দঃ কৱি যশোপ্ৰাৰ্থী’সকলৰ কথা আঁতৰাই থৈয়েই ‘কবি’ৰ কথা ক’ব লাগিব। কবিতাৰ ধৰণেৰে কৰা সাজ-পোছাকেই কবিতা নহয়, সেই সাজ-পোছাক ছন্দৰে হওক বা ছন্দহীন গদ্যৰে হওক। সত্যদ্ৰষ্টা কবিক প্ৰয়োজন-বিশেষে ছন্দই নিজেই লগ দিয়ে, নাইবা অনুভূত সত্য প্ৰকাশৰ বাবে যি ধৰণৰ বাণীৰূপে আহি কবিক ধৰা দিয়ে তেওঁ তাকে ব্যৱহাৰ কৰে।

পাৰ্ৱতিপ্ৰসাদৰ গীত আৰু কবিতাৰ বাণীৰূপ আৰু ছন্দসজ্জা সাৰ্থকভাৱে কেৱল পাৰ্ৱতিপ্ৰসাদৰ ভাবনা আৰু অনুভৱ প্ৰকাশৰ বাবেই যথোপযুক্ত। যথাৰ্থতে সকলো মৌলিক লেখকৰে ৰচনা-শৈলী নিজৰ অন্তৰ্জীৱনৰ লগত সম্পৃক্ত হৈ থাকে। পাৰ্ৱতিপ্ৰসাদৰ গীত আৰু কবিতাৰ মাজতো পাৰ্ৱতিপ্ৰসাদৰ অন্তৰ্জীৱন পোত গৈ আছে। তেওঁ ব্যৱহাৰ কৰা উপমাদি অলংকাৰ, চিত্ৰকল্প, প্ৰতীক আদিয়েও তেওঁৰ জীৱন-বোধ আৰু জীৱন-দৃষ্টিভঙ্গীৰ পৰিচয় বহন কৰে। তেওঁৰ চৌপাশৰ জগতখনে যেন তেওঁৰ ভাবানুভূতি কঢ়িয়াব পৰা প্ৰতীক, উপমা, চিত্ৰকল্প তেওঁৰ চকুৰ আগত যেন চাৰিউফালে ওলোমাই থৈছে, তেওঁ হাত মেলিলেই হয়। অসমৰ গছ-গছনি, হাবি-বন, জান-জুৰি, ডাৱৰ-কঁহুৱা, চৰাই-চিৰিকটি, পোক-পৰুৱা, নিয়ৰ-কুঁৱলি, এন্ধাৰ-পোহৰ, জোনাক-ৰ’দালি, গাঁৱৰ পঁজা, নিলগৰ চাপৰি, টুলুঙা নাও— কি নাই তেওঁৰ গীত আৰু কবিতাত! তেওঁ যথাৰ্থতে অসমৰ এগৰাকী জাতীয় কবি। ‘নোবোলো তোক সোণৰ অসম মাটিৰ অসম আই’ৰ দৰে কেইটিমান গীত আৰু কবিতাত ফুটি ওলোৱা দেশপ্ৰেমৰ বাবেই তেওঁ জাতীয় কবি নহয়; বৰং ক’ব পাৰি ‘ৰূপসী বাংলা’ক নিজৰ কাব্যত অমৰ কৰা কবি জীৱনানন্দ দাশ যি অৰ্থত বাংলাৰ জাতীয় কবি, পাৰ্ৱতিপ্ৰসাদো সেই অৰ্থত অসমৰ জাতীয় কবি।

সকলোৱেই কৈছে, তেওঁ ঘৰুৱা শব্দ আৰু ঘৰুৱা ভাষা ব্যৱহাৰ কৰি গৈছে। হয়, তেওঁ জাতে-পাতে ঘৰুৱা অসমীয়া ব্যৱহাৰ কৰিছে। কিন্তু এনে ভাষা তথা শব্দাৱলী তেওঁৰ কষ্টোপাৰ্জিত ফচল নহয়, বৰং যি সাংস্কৃতিক পটভূমিত তেওঁ আৰু তেওঁৰ কবিসত্তা থিয় হৈ আছে, সেই সাংস্কৃতিক পটভূমিত জন্ম হোৱা আৰু বিকাশ লাভ কৰা শব্দাৱলী তেওঁৰ কবিসত্তাৰ লগত একাত্ম হৈ আছে। তাত নাৱে টুলুং-ভুটুং কৰে, বীণৰ তাঁৰ ছিগে, সুৰ সুৱদি হয়, আকাশত কপাহৰ জোলা উৰে, বতাহত কিহবাৰ ৰাগী ওপঙি থাকে, তাত কল্পনাও ময়াপী হয়, আমঠুৰ তেজ ছেটিয়াই ফুৰে, বুকুৱে অগনি লৈ ফুৰে, তৰাং পানীত মাণিক ভৰা নাও বুৰে, কলিজা ভাঙি চূৰ্চুমৈ হয়, মেঘে ওন্দোলাই আনে, লেক-লৌ পৰুৱাৰ লানি ওলায়, টোকাৰীত ঘুণে ধৰে, বুকুত কিহবাই খুন্দা মাৰি ধৰে, গেদেৰী টুপি পিয়ে— ইত্যাদি ইত্যাদি ধৰণৰ ঘটনাবোৰ ঘটে। অসমৰ গ্ৰামীণ জীৱন আৰু নৈসৰ্গিক জগতৰ লগত অবিশ্লিষ্ট ৰূপত বিকশিত এই বাকভংগীৰ লগত আজন্ম পৰিচয় নাথাকিলে কোনো লেখকৰ ৰচনাত লেখকৰ অন্তৰৰ ভাব-অনুভৱ প্ৰকাশ কৰিবলৈ স্বাভাবিকভাৱে আৰু অৱলীলাক্ৰমে এই বাকভংগী ওলাই আহিব নোৱাৰে।

অসমৰ গ্ৰামীণ জীৱন আৰু গ্ৰামীণ সংস্কৃতি এক গভীৰ জীৱন-বোধেৰে উজ্জীৱিত আৰু পৰিশীলিত হৈ আহিছে এহাতে বৈষ্ণৱ সংস্কৃতি আৰু সাহিত্যৰ দ্বাৰা, আৰু তাৰো বহু আগৰ পৰা বৈ অহা ভাৰতীয় সংস্কৃতিৰ মূল্যবোধৰ দ্বাৰা; আনহাতে প্ৰাগৈতিহাসিক কালৰ পৰা বিভিন্ন নৃ-গোষ্ঠী আৰু ভাষিক-গোষ্ঠীয়ে কঢ়িয়াই অনা বিশ্বাস, সংস্কাৰ আদিৰ সাৰবত্তাৰ দ্বাৰাও। অসমীয়া ভাষাৰ বাকভংগীৰ সাংস্কৃতিক পটভূমি বিচাৰ কৰোঁতে এই দিশবোৰো সমানেই বিবেচ্য হৈ পৰে। পাৰ্ৱতিপ্ৰসাদৰ দৰে কবি আৰু গীতিকাৰৰৰ ক্ষেত্ৰতো অসমীয়া জন-জীৱনৰ এই সাংস্কৃতিক পটভূমি সমান গুৰুত্বৰে বিবেচ্য। সন্দেহ নাই, পাৰ্ৱতিপ্ৰসাদৰ কবিমন আৰু শিল্পীসত্তা সমৃদ্ধ হৈ উঠিছিল ৰবীন্দ্ৰ-প্ৰতিভাৰ স্পৰ্শৰেও। কবিগুৰুৰ প্ৰায় দুহাজাৰ গীত তেওঁ গাব পাৰিছিল বুলি জনা যায়। ৰবীন্দ্ৰনাথৰ গীত, কবিতা, নাটক, নৃত্য-নাটিকাই মুগ্ধ কৰা পাৰ্ৱতিপ্ৰসাদৰ কবিসত্তাই যেন ৰবীন্দ্ৰ-ৰচনাৰ মাজত থকা অৰূপ-ৰূপৰ খেলাৰ ৰহস্য ‘নিচিনি চি-নিলে’। অনেকে ভবাৰ দৰে তেওঁ ৰবীন্দ্ৰনাথৰ দ্বাৰা পোনপটীয়াকৈ প্ৰভাৱিত হৈ গীত আৰু কবিতা লিখিছে বুলি ভাবিলে পাৰ্ৱতিপ্ৰসাদৰ মৌলিক সৃজনী-প্ৰতিভাক অস্বীকাৰ কৰা হ’ব। বৰং ক’ব পাৰি ৰবীন্দ্ৰ-প্ৰতিভাৰ স্পৰ্শই পাৰ্ৱতিপ্ৰসাদৰ মাজত থকা শিল্পীসত্তাটি জগাই তুলিলে। যি ৰহস্য তেওঁৰ মনৰ মাজত প্ৰশ্ন হৈ আছিল, সেই ৰহস্যৰ যেন তেওঁ জান-নেজান ওৰ এটি পালে। ই প্ৰভাৱ নহয়, স্পৰ্শ। তেওঁৰ গীত আৰু কবিতাত, ‘সোণৰ সোলেং’ আৰু ‘লখিমী’তো তাৰ ছিটিকনি পৰিছে। পাৰ্ৱতিপ্ৰসাদ কিন্তু সমৃদ্ধ হৈছে নিজৰ ভিতৰৰ ভাব-সম্পদেৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে জ্যোতিপ্ৰসাদৰ দৰেই পাৰ্ৱতিপ্ৰসাদেও নিভাঁজ অসমীয়া সুৰ বিচাৰি ফুৰিছিল; আৰু তাৰ বাবে অসমীয়া গৰখীয়া নাম, বিয়ানাম, আইনাম আদিৰ সুৰত গীত ৰচনা কৰিবলৈ লৈছিল বুলি তেওঁ নিজেই কৈ গৈছে। জ্যোতিপ্ৰসাদৰ প্ৰতি তেওঁ আকৃষ্ট হোৱাৰো ই আছিল অন্যতম প্ৰধান কাৰণ। পাৰ্ৱতিপ্ৰসাদৰ গীতক আইনাম, বিয়ানাম, বনগীতৰ সুৰৰ স্পৰ্শই এটি বিশিষ্ট জাতীয় সাংস্কৃতিক চৰিত্ৰ দান কৰি থৈ গৈছে। জীৱনৰ সকলো ক্ষেত্ৰতে অসমীয়া জীৱন আৰু সংস্কৃতিৰ ভালখিনি ঘাঁহ-পিহি নতুন যুগৰ উপযোগীকৈ ব্যৱহাৰ কৰাৰ বাবে সচেতন প্ৰয়াস কৰি যোৱা পাৰ্ৱতিপ্ৰসাদৰ মাজত যিদৰে জাতীয় ঐতিহ্য আৰু আধুনিকতাই এক বিৰল সমন্বয় লাভ কৰিছিল; তেওঁৰ গীত আৰু কবিতাৰ অন্তৰ্মুখী ভাবে যেতিয়া প্ৰকাশৰ বাট বিচাৰিছে তেতিয়াও ঐতিহ্যৰ পৰা আহৰণ কৰা পৰিচ্ছদ আধুনিক জীৱনৰ উপযোগীকৈ সজাই লৈছে। তেওঁৰ কবিতাত আহিন আৰু ফাগুন থাকিলেও শৰৎ আছে অনেক ঠাই জুৰি। সেইবাবে তেওঁক শৰতৰ কবি আৰু গীতিকাৰ বোলাৰ প্ৰৱণতা এটিও আছে। কিন্তু শৰৎ অনেক সময়ত উৎস আৰু আধাৰ হ’লেও লক্ষ্য নহয়; লক্ষ্য তেওঁৰ অন্তৰ্জীৱনৰ ঘাত-প্ৰতিঘাত, সুখ-দুখ, আশা-নিৰাশা; লক্ষ্য এই সকলোৰে আঁৰত ক্ৰিয়াশীল ৰহস্যময়জনো।

❧ | আৰু পঢ়ক:

(প্ৰথম প্ৰকাশ: ২০০৪)

অন্তৰ্জীৱনৰ কবি পাৰ্ৱতিপ্ৰসাদ | ড° নগেন শইকীয়া

Follow Nilacharai on Facebook