জা তি এটা গঠন হয় একো একোটা জনগোষ্ঠীৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি। জে ভি ষ্টালিনৰ মতে— “জাতি এটা হ’ল ইতিহাসৰ বিভিন্ন যুগৰ মাজেৰে ক্ৰমবিকাশপ্ৰাপ্ত, একে ভাষা-ভাষী, নিৰ্দিষ্ট ভূ-খণ্ডত বসবাস কৰা, একে অৰ্থনৈতিক জীৱনসম্পন্ন আৰু সাংস্কৃতিকভাৱে একেই মানসিক গঠনযুক্ত স্থায়ী জনসমষ্টি।” [বিষ্ণুপ্ৰসাদ ৰাভা] (/tags/বিষ্ণুপ্ৰসাদ-ৰাভা)ই যি জাতি-গঠনৰ সপোন দেখিছিল, সেয়া বহল অৰ্থত বৃহত্তৰ অসমীয়া জাতি। তেওঁ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ পথাৰৰ পৰা ফুলবোৰ বুটলি আনি অসমীয়া সংস্কৃতিৰ বৰঘৰৰ থাপনাত সাঁচিছিল। ৰাভাদেৱে কৈছিল— “মিকিৰ, মিচিং, কছাৰী, সোণোৱাল, মেচ, খাচি, নগা, লালুং, চুতীয়া, গাৰো, ৰাভা, ডিমাচা, কুকি, চাওঁতাল, মণিপুৰী, মোচাই, দেউৰী, বড়ো, আহোম, টাই, মৰাণ, কোচ, কলিতা, খামতি, ব্ৰাহ্মণ, কায়স্থ, ন-পমুৱা, ন-অসমীয়া— এইসকল অসমবাসীক লৈয়েই অসমীয়া জাতি।” ৰাভাদেৱে অসমীয়া কৃষ্টিৰ সুৰক্ষাৰ কৱচ হোজা গাঁৱলীয়া অসমীয়া মানুহৰ হাতত আছে বুলি উপলব্ধি কৰিছিল। তেওঁ কৈছিল— “অসমীয়া কৃষ্টি-সংস্কৃতি আৰু সভ্যতা নিৰ্যাতিত-নিষ্পেষিত দুখীয়া গাঁৱলীয়া কৃষক-বনুৱা অসমীয়াইহে আজিও অৱহেলিতভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, অসমীয়া বুলি জগতত চিনাকি দিব পাৰোঁ। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততহে।”
আজিৰ অসমীয়া জাতিৰ সংকটৰ সময়ত ৰাভাদেউৰ চিন্তাশীল বক্তব্যৰ আঁত ধৰি তেওঁৰ প্ৰাসংগিকতাৰ কথা আলোচনা কৰিবৰ বেলিকা দেখা যায় বিষ্ণু ৰাভাই যি শ্ৰেণীহীন সমাজৰ পোষকতা কৰিছিল, সেই সমাজখনৰ কল্পনা কৰিলে তেওঁৰ প্ৰাসংগিকতাও আপোনাআপুনি আহি পৰে। কিন্ত প্ৰশ্ন হ’ল, তেওঁৰ সৃষ্টিৰাজিক বিগত দিনত বছৰে বছৰে এদিনৰ বাবে চৰ্বিত চৰ্বন কৰাৰ বাহিৰে তাৰ প্ৰায়োগিক দিশত আমি কিমান সফল বা আগ্ৰহী? অসমীয়া জাতি গঠনত মুখ্য ভূমিকা লোৱা জনজাতীয় লোকসকল আজিৰ দিনত আনুভূতিকভাৱে জাতিটোৰ লগত কিমান সংপৃক্ত? ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আহি পৰে— অসমীয়া জাতীয়তাবাদৰ মূল উৎসটো কি? ই উগ্ৰ জাতীয়তাবাদত বিশ্বাসী নে নৰম জাতীয়তাবাদত বিশ্বাসী? কাৰণ বিগত চল্লিশ বছৰমানৰ জাতীয়তাবাদী চেতনাক ফঁহিয়াই চালে দেখা যায় যে উগ্ৰ জাতীয়তাবাদ যিদৰে ক্ষতিকাৰক, সেইদৰে নৰম পন্থাও কেতিয়াবা আত্মঘাতী। স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ৰ জাতীয় চেতনা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক পৃথক আত্মপ্ৰতিষ্ঠাৰ জাতীয়তাবাদ। ভাৰত ৰাষ্ট্ৰৰ শোষণকামী ৰাজনৈতিক কূটিলতাত পিষ্ট হোৱা উত্তৰ পূৰ্বাঞ্চলীয় জাতীয় চেতনাৰ উগ্ৰ চৰিত্ৰই জাতি গঠন প্ৰক্ৰিয়াটোক কিমান ত্বৰান্বিত কৰিলে সিয়ো আলোচনাৰ মাজলৈ আহিব। কিয়নো ঐতিহাসিক অসম আন্দোলনৰ সময়ত গঢ় লৈ উঠা আৱেগিক জাতীয় চেতনাৰ ঢৌ পৰৱৰ্তী সময়ত ব্যক্তিকেন্দ্ৰিক সংকীৰ্ণ পৰিধিৰ মাজত সোমাই বৃহত্তৰ অসমীয়া সমাজখনক ৰাজনৈতিক আৰু সামাজিকভাৱে খণ্ড খণ্ড কৰাহে পৰিলক্ষিত হ’ল। যিসকল জনজাতীয় লোকৰ কৃষ্টি-সংস্কৃতি লৈ এক নতুন সমন্বয় সংস্কৃতি গঢ়লৈ উঠিছিল, সেইসকল জনজাতীয় লোক পৰৱৰ্তী সময়ত আত্মপ্ৰতিষ্ঠাৰ বাবে লাহে লাহে মূল সুঁতিৰ পৰা যেন আঁতৰি যোৱাৰ উপক্ৰম হ’ল। এইকথাকেই ৰাভাদেৱে পূৰ্বতে সোঁৱৰাই থৈ গৈছিল— “অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজৰ নেতাসকলে চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত এটা গৃহকন্দলৰ বাহ সাজি দিয়া হ’ব।” এনে পূৰ্বানুমান আজিৰ প্ৰেক্ষাপটত কঠিন বাস্তৱ হৈ আমাৰ সমুখত দেখা দিলেহি। বিশ্বায়নৰ প্ৰভাৱত থলুৱা কৃষ্টি-সংস্কৃতিলৈও আহি পৰিল অভাৱনীয় দুৰ্যোগ। বিষ্ণু ৰাভাই কোৱাৰ দৰে থলুৱা কৃষ্টি আৰু সংস্কৃতিত বিদেশীয় মীনাৰ নক্সা উঠি সংস্কৃতি হৈ পৰিল ‘কালচাৰ’। সেই কালচাৰেই আদিম কৃষ্টিৰ কাল হৈ ৰূপান্তৰৰ পৃষ্ঠাইদি আজিৰ শিপাহীন সংস্কৃতিত পৰিণত হৈ পৰিল। নিজ নিজ পৰিচয় বিচাৰি আঁতৰি যোৱা জনজাতীয় লোকসকলক বাদ দি অসমীয়া অভিধাটো ৰোগগ্ৰস্ত আৰু পংগু হৈ পৰাৰ উপক্ৰম হ’ল। জাতীয় চেতনা লাহে লাহে হৈ পৰিল মুনাফালোভী সুযোগসন্ধানী এচাম লোকৰ উচটাই জোল খোৱা আহিলা। উগ্ৰ জাতীয়তাবাদে তেতিয়াই গা কৰি উঠা হ’ল, যেতিয়াই কোনোবা বাহিৰা শক্তিয়ে সুৰসুৰণি তোলে। পুনৰ আহি পৰিল অসমীয়া জাতিৰ জাতীয় সংজ্ঞাৰ প্ৰসংগ। তেনে সময়তে পুঁজিবাদৰ হাতোৰাৰ অৰ্থনৈতিক চেপাত স্বকীয় কৃষ্টি-সংস্কৃতিৰে মহীয়ান সমাজখনৰ সৰল হোজা লোকসকল বিভ্ৰান্ত হ’ল। স্বাধীনতাৰ সপোন দেখুৱাই উগ্ৰ জাতীয়তাবাদ বুমেৰাং হৈ পৰিল। গাঁৱলীয়া সমাজখন ৰূপান্তৰৰ তাগিদাত থানবান হ’ল আৰু বিদেশীয় জলক তবক সংস্কৃতিয়ে আপোন হেঁপাহৰ সংস্কৃতিক গ্ৰাস কৰিলে।
ৰাভাদেৱে কৈছিল— “এই কুৰি শতিকাত সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকতাৰ বিজয় বৈজয়ন্তী ধ্বজা উৰিছে, সেই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া, দুখীয়া, হজুৱা, হালোৱা, বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি আৰু অসমীয়া সভ্যতা। এই কৃষ্টি, এই সংস্কৃতি, এই সভ্যতা বচাবই লাগিব।” আজিৰ প্ৰেক্ষাপটত এই কথা আখৰে আখৰে সঁচা। গতিকে বিষ্ণু ৰাভা আজিও প্ৰাসংগিক। কিন্ত এই প্ৰাসংগিকতাক ইতিবাচক দৃষ্টিৰে হাতে-কামে কোনে আগুৱাই নিব? কোনে ৰূপান্তৰৰ মাজেদিও নতুন আনুভূতিক সমন্বয়ৰ সমাজ এখন গঢ়ি তুলিবলৈ নেতৃত্ব দিব? এয়া আজিৰ সময়ৰ অতিকৈ প্ৰাসংগিক প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ দিবলৈ হয়তো ক’ব লাগিব, বিষ্ণু ৰাভাৰ সমন্বয়-সংস্কৃতিৰ যি জাতীয় চেতনা, সেয়া হয়তো ভৱিষ্যতে বাস্তৱ হোৱাৰ আশা ক্ষীণ। কিয়নো কেৱল ৰাজনৈতিক ব্যৱস্থা এটাই এনে এটা পৰিৱেশ গঢ়ি নিদিয়ে বা ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ইয়াৰ হেঙাৰ হৈ পৰে। তেনেহ’লে সেই ব্যৱস্থা আনিব লাগিব শিল্পৰসিক আৰু শিল্পসাধকসকলে। এইখিনিতেই প্ৰকৃত শিল্প চৰ্চাৰ বাতাৱৰণটোৰ কথা আহি পৰে। বিষ্ণু ৰাভাই যি বিদেশীয় সংস্কৃতিৰ কথা দোহাৰি গৈছিল, সেই সংস্কৃতিৰ বজাৰমুখী চৰিত্ৰই গোটেই সম্ভাৱনাটোকে সংশয়যুক্ত কৰি তুলিছে। নান্দনিক আৱেশৰ পৰা আঁতৰি কেৱল মনোৰঞ্জনৰ সুৰসুৰণিতে আবদ্ধ হৈ পৰা এই তথাকথিত প্ৰচলিত সংস্কৃতিৰ ব্যৱসায়িক গোমস্তাসকলৰ বাবে বিষ্ণু ৰাভাৰ প্ৰাসংগিকতাও নাই আৰু শ্ৰেণীহীন সমাজৰ অভিধাটোৰ প্ৰতি আকৰ্ষণো নাই।
❧। আৰু পঢ়ক: সমাজৰ প্ৰকৃত ৰূপান্তৰত বিশ্বাসী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা
এক কথাত ক’বলৈ গ’লে পৃথিৱীৰ সংস্কৃতি এতিয়া এক হৈ পৰিব ধৰিছে, যাৰ কৰাল গ্ৰাসত ক্ষুদ্ৰ জাতিসত্তা হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেই পণ্য সংস্কৃতিয়ে অসমীয়া সমাজলৈও অশনি সংকেত কঢ়িয়াইছে। সেইবাবেই হয়তো বিষ্ণু ৰাভাৰ সপোনৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আজিও বাধাগ্ৰস্ত হৈ আছে আৰু আগলৈও বাধাগ্ৰস্ত হৈ থকাৰ সম্ভাৱনাই প্ৰবল।
সহায়ক গ্ৰন্থ:
১. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ
২. বিষ্ণু ৰাভাৰ জীৱন আৰু দৰ্শন, ইছমাইল হোছেইন
Follow Nilacharai on Facebook