১ ৯৪৭ চনৰ আগষ্ট মাহৰ ১৫ তাৰিখে দ্বিখণ্ডিত ভাৰতে স্বাধীনতা লাভ কৰে। লগতে জন্ম হয় এখন নতুন দেশৰ— পাকিস্তান। সেই সময়ত জম্মু-কাশ্মীৰ আছিল এক স্বতন্ত্ৰ ৰাজ্য। সেই বছৰতে ছয় অক্টোবৰ তাৰিখে পাক সেনাৰ সহযোগত কিছুমান মুছলমান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি ৰাজধানী শ্ৰীনগৰৰ ফালে ধাবমান হয়। উপায়ন্তৰ হৈ জম্মু-কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ সহায় বিচাৰে। ভাৰতৰ গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে তেওঁৰ ঘনিষ্ঠ বিষয়া ভি পি মেননক ততাতৈয়াকৈ বিমান যোগে শ্ৰীনগৰলৈ পঠায়। মেননৰ লগত হোৱা আলোচনাৰ অন্তত ৰজা হৰি সিঙে ভাৰতৰ লগত চামিলৰ সিদ্ধান্ত লৈ ২৬.১০.১৯৪৭ তাৰিখে চুক্তিত চহী কৰে। সেই চামিলকৰণ চুক্তিখন গৱৰ্নৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে গ্ৰহণ কৰে। ফলত জম্মু-কাশ্মীৰ ভাৰতৰ অংগৰাজ্যত পৰিণত হ’ল আৰু ভাৰতীয় সেনাই জৰুৰীভাবে প্ৰত্যাক্ৰমণ চলোৱাত ৰাজধানী চহৰখন ৰক্ষা পৰিল। অৱশ্যে ৰাজ্যখনৰ এটা অংশ পাকিস্তানৰ দখলতে থাকিল।
ৰাজ্যখনৰ প্ৰধান মন্ত্ৰী শ্বেখ আব্দুল্লা পাক সমৰ্থক আছিল। ৰজাই তেওঁক বন্দী কৰি কাৰাগাৰত ৰাখিছিল। চতুৰ আব্দুল্লাই এইবাৰ লুটিবাগৰ মাৰি ভাৰতৰ লগত হোৱা চামিলকৰণক আদৰি ল’লে। কাৰণ তেওঁ ভালদৰে বুজি পাইছিল যে ভাৰতৰ দৰে এক শক্তিশালী দেশৰ পৰা কাশ্মীৰক কোনোদিনাই পাকিস্তানে আঁজুৰি নিব নোৱাৰে। কাৰাগাৰৰ পৰা মুক্তি পায়েই তেওঁ প্ৰধান মন্ত্ৰী নেহৰুক সাক্ষাৎ কৰি ৰাজ্যখনক অধিক স্বায়ত্ত্ব শাসন দিয়াৰ পোষকতা কৰে। নেহৰু মান্তি হৈছিল আৰু সংবিধানৰ মুখ্য প্ৰণেতা আম্বেদকাৰক ৩৭০ অনুচ্ছেদ সংবিধানত সন্নিবিষ্ট কৰিবলৈ কয়। আম্বেদকাৰে ভৱিষ্যতৰ কথা চিন্তা কৰি এই কথাত প্ৰথমে মান্তি হোৱা নাছিল যদিও বাৰম্বাৰ হেঁচাত বাধ্য হৈ ভাৰতীয় সংবিধানত ৩৭০ অনুচ্ছেদ সন্নিৱিষ্ট কৰে। এয়া আছিল এক ডাঙৰ ৰাজনৈতিক ভুল, যাৰ বিষময় ফল আজি সমগ্ৰ দেশে ভূগিছে। কোনোবাই সুধিব পাৰে, গৃহ মন্ত্ৰী লৌহ মানৱ বল্লভভাই পেটেলে আপত্তি কৰা নাছিল কিয়? জম্মু-কাশ্মীৰৰ চামিলকৰণৰ আচল মানুহ জনৰ লগত নেহৰুৰ মতান্তৰ হৈছিল বহু বিষয়ত। সেয়ে কাশ্মীৰৰ সকলো বিষয়ৰ চোৱাচিতাৰ ভাৰ নেহৰুয়ে নিজৰ হাতলৈ নিয়ে। পেটেলক গুৰুত্বহীন কৰি আব্দুল্লাক সন্তুষ্ট কৰিবলৈ নেহৰুৰ এই প্ৰয়াস আছিল এক ৰাজনৈতিক ভুল, যাৰ শুধৰণি হয়তো অনাগত দিনত সহজে সম্ভৱ নহ’ব।
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদৰ ফলত জম্মু-কাশ্মীৰ ৰাজ্যই অত্যধিক স্বায়ত্ত্ব শাসন লাভ কৰে। ৰাজ্যখনে নিজাকৈ এখন সংবিধান প্ৰণয়ন কৰাৰ দিশত আগবাঢ়ে। ৰাজ্যৰ বিধান সভাই ১৭.১১.১৯৫৬ তাৰিখে প্ৰথম বাৰৰ বাবে সংবিধান গ্ৰহণ কৰে। ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা নতুন সংবিধান মতে জম্মু-কাশ্মীৰ ৰাজ্যৰ শাসন ব্যৱস্থা পৰিচালিত হয় আৰু ভাৰত চৰকাৰৰ ৰাজ্যখনৰ ওপৰত থকা ক্ষমতা বেয়াকৈ সংকুচিত হয়। সংসদত গৃহীত কোনো আইন ৰাজ্যখনত প্ৰযোজ্য নহয়। ভাৰতীয় দণ্ডবিধি আইন, ফৌজদাৰী কাৰ্যবিধি আইন, দুৰ্নীতি নিবাৰক আইন আদি অতি প্ৰয়োজনীয় আইনসমূহ জম্মু-কাশ্মীৰত অচল। আইন-শৃংখলাৰ অৱনতি ঘটিলেও ৰাজ্যখনত ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰে। দুখ লগা কথা, ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডত থকা নিৰ্দেশাৱলীসমূহ ৰাজ্যখনৰ বেলিকা অসাৰ। দেশৰ সকলো ৰাজ্যৰে বিধান সভাৰ কাৰ্যকাল পাঁচ বছৰ হোৱাৰ বিপৰীতে জম্মু-কাশ্মীৰৰ বিধান সভাৰ কাৰ্যকাল ছবছৰ কৰাৰ কোনো যুক্তি দেখা নাযায়।
ভাৰতীয় সংবিধানে দ্বৈত নাগৰিকত্ব স্বীকাৰ নকৰে। এক দেশ, এক নাগৰিকত্ব। কিন্তু জম্মু-কাশ্মীৰত কি হৈছে? তাত ‘স্থায়ী বাসিন্দা’ৰ নামত পৰোক্ষভাৱে একপ্ৰকাৰ দ্বৈত নাগৰিকত্ব প্ৰৱৰ্তন কৰা হৈছে। ফলত আন ৰাজ্যত বাস কৰা ভাৰতীয় নাগৰিকে কাশ্মীৰত মাটি-বাৰী কিনিব নোৱাৰে। কিন্তু কাশ্মীৰীয়ে ভাৰতৰ যিকোনো ঠাইতে সম্পত্তি আহৰণ কৰাত বাধা নাই। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে জম্মু-কাশ্মীৰৰ সংবিধানৰ আধাৰতহে কাৰ্যভাৰ গ্ৰহণৰ শপত ল’ব লাগে। অথচ তেওঁলোকক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ প্ৰক্ৰিয়া মতে। জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ক্ষমতা সীমাবদ্ধ কৰা হৈছে। বিধান সভাত গৃহীত কোনো আইনকে ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে। সংবিধানৰ ২২৬ অনুচ্ছেদৰ অধীনত কোনো নিৰ্দেশাৱলী জাৰি কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হ’ল, দেশৰ আন উচ্চ ন্যায়ালয়ৰ দৰে স্বাধীনভাৱে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ক কাৰ্য নিৰ্বাহ কৰিবলৈ দিয়া নহয়। সেই কাৰণে ভাৰতৰ আন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শ্ৰীনগৰত কাম কৰিবলৈ মুঠেও ইচ্ছুক নহয়।
প্ৰশ্ন উঠিব পাৰে, ভাৰত যুক্তৰাষ্ট্ৰৰ লগত জম্মু-কাশ্মীৰৰ সম্পৰ্ক কি? জম্মু-কাশ্মীৰ ভাৰতৰ অংগ ৰাজ্য নহয় নেকি? কিবা মন্তব্য দিয়াৰ আগতে এবাৰ ৰাজ্যখনৰ সংবিধানৰ প্ৰস্তাৱনাত কি কৈছে চোৱা যাওক—“WE THE PEOPLE OF THE STATE OF JAMMU AND KASHMIR having solemnly resolved in persuasion of the accession of the State to India which took place on the twenty sixth day of October,1947, to further define the existing relationship of the State with the Union of India as an integral part thereof… .” সংবিধানৰ ৩ অনুচ্ছেদত কোৱা হৈছে, জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংশ। এইখিনিতে উল্লেখ কৰাটো ভাল হ’ব যে ৩ অনুচ্ছেদৰ কোনো সংশোধন কৰিব পৰা নাযায়। জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানে আজিও দখল কৰি আছে। কিছু দিনৰ আগলৈকে ইয়াক ‘আজাদ কাশ্মীৰ’ বুলি কোৱা হৈছিল। এতিয়া এই এলেকাটোক পাক অধিকৃত কাশ্মীৰ বুলি অভিহিত কৰা হৈছে। বহুতে ভবাৰ দৰে এই এলেকা পাকিস্তানক হস্তান্তৰ কৰা হোৱা নাই। জম্মু-কাশ্মীৰৰ সংবিধানৰ ৪৮ অনুচ্ছেদৰ অধীনত বিশেষ ব্যৱস্থা ৰখা হৈছে। পাকিস্তানে দখল কৰি থকা কাশ্মীৰৰ অংশটোৰ বাবে ২৪খন বিধান সভাৰ আসন ধাৰ্য কৰা হৈছে। এই ২৪খন বিধান সভাৰ অসন পাকিস্তানৰ হাতৰ পৰা এলেকাটো মুক্ত নকৰালৈকে খালী হৈ থাকিব। ভৱিষ্যতৰ বাবে কি এক সুন্দৰ ব্যৱস্থা! জম্মু-কাশ্মীৰৰ জনতাই নিজে প্ৰণয়ন আৰু গ্ৰহণ কৰা সংবিধানে ৰাজ্যখন ভাৰত ৰাষ্ট্ৰৰ অভিন্ন অংগ বুলি কোৱাৰ পাছতো কিছু বুদ্ধিজীৱী আৰু সাংবাদিকে মহাৰাজা হৰি সিঙৰ চুক্তিখনৰ গইনা লৈ ৰাজ্যখনৰ অন্তৰ্ভুক্তি সম্পৰ্কে অযুক্তিকৰ প্ৰশ্নৰ অৱতাৰণা কৰা দেখা পোৱা গৈছে। ৰাজতন্ত্ৰত ৰজাই প্ৰজাক সুধি কাম নকৰে। অসমত আহোম ৰজাই প্ৰজাক সুধি কাম কৰা নাছিল। দিল্লীত মোগল সম্ৰাটে নিজৰ খেয়াল-খুচি মতে কাম কৰি প্ৰজাক হাৰাশাস্তি কৰিছিল। হৰি সিঙৰ চুক্তিৰ বহু বছৰৰ পাছত জম্মু-কাশ্মীৰ বিধান সভাত গৃহীত সংবিধানখনৰ কথা এওঁলোকে নাজানে নে নজনাৰ ভাও ধৰে?
ভাৰত চৰকাৰ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ সপক্ষে নহয়। কিন্তু কৰিব কি? ৩৭০(৩) অনুচ্ছেদৰ মতে ৰাষ্ট্ৰপতিয়ে ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাব পাৰে, যদিহে ৰাজ্যখনৰ Constituent Assembly-ৰ অনুমোদন লাভ কৰে। দুখৰ বিষয়, সংবিধান গৃহীত হোৱাৰ পাছত এই Constituent Assembly বিলোপ হৈছে। ৩৭০(৩) অনুচ্ছেদত অন্য বিকল্পৰ উল্লেখ নাই। এয়া সাধাৰণ ভুল নে ইচ্ছাকৃত ভুল? সাপো মৰক, লাঠিও নাভাঙক নীতি কিয় গ্ৰহণ কৰিলে? কোনো উত্তৰ নাই। হয়তো সংবিধান সংশোধনৰ জৰিয়তে এই কাম কৰিব পৰা যাব। বৰ্তমানৰ দেশৰ ৰাজনৈতিক পৰিৱেশলৈ চাই এই কাম এতিয়াই হাতত লোৱাটো চৰকাৰৰ বাবে মংগলকৰ নহ’ব যেন বোধ হয়। আঁউসীৰ আন্ধাৰৰ পাছত পূৰ্ণিমাৰ জোন আহে। দুখৰ ৰাতি দীঘলীয়া হ’লেও ৰাতি পুৱায়। আমিও আশা কৰিছোঁ, এক সুন্দৰ প্ৰভাত এদিন আহিবই।