ৰুদ্ৰ বৰুৱা আৰু তেওঁৰ গীত

ৰুদ্ৰ বৰুৱা আৰু তেওঁৰ গীত
  • 28 Jun, 2024

ধুনিক অসমীয়া গীতৰ গীতিকাৰসকললৈ মনত পেলালে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আনন্দিৰাম দাস, নিৰ্মলপ্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, তফজ্জুল আলি আদি বিখ্যাত গীতিকাৰসকলৰ লগতে ৰুদ্ৰ বৰুৱাৰ নামটোও সতকাই মনলৈ আহে। অসমৰ সাংস্কৃতিক জগতত ৰুদ্ৰ বৰুৱা অতি পৰিচিত নাম, কাৰণ তেওঁ কেৱল এগৰাকী গীতিকাৰেই নাছিল; আছিল গায়ক, মঞ্চ আৰু বোলছবিৰ অভিনেতা, শংকৰী কলা-সংস্কৃতিৰ প্ৰচাৰক, শ্বিলং কলা পৰিষদৰ অন্যতম গুৰি ধৰোঁতা আৰু অসমৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক। ৰুদ্ৰ বৰুৱা এনে এগৰাকী ব্যক্তি, যিগৰাকীয়ে নিচাকে পেচা হিচাপে গ্ৰহণ কৰিছিল।

নগাঁও জিলাৰ পুৰণিগুদামৰ ওচৰৰ ভীমৰগাঁৱত ১৯২৬ চনত বিখ্যাত কঁঢ়াল-বাখৰ বৰুৱা পৰিয়ালত ৰুদ্ৰ বৰুৱাৰ জন্ম হয়। ন বছৰ বয়সতে ৰুদ্ৰ বৰুৱাই পিতৃ বৰদাকান্ত বৰুৱাক হেৰুৱাইছিল। মাতৃ হীৰালতা বৰুৱা আৰু বায়েক-ভনীয়েক দুগৰাকীৰ সৈতে তেওঁ আৰ্থিক অনাটনপূৰ্ণ জীৱন কটাবলগীয়া হৈছিল। তেওঁৰ শিক্ষা-জীৱন ওচৰৰ মিকিৰহাট এল পি স্কুলত আৰম্ভ হৈছিল। তেওঁ ১৯৪৫ চনত পুৰণিগুদাম ৰাধাকান্ত বৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আৰ্থিক দুৰৱস্থাৰ বাবেই দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সময়ত ৰাস্তাৰ মহৰীৰ কাম কৰিছিল। ১৯৪৭ চনত তেওঁ নগাঁও মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষা পাছ কৰি পাছৰ বছৰত শ্বিলঙলৈ যায় আৰু দিনত ৰেচম আৰু বয়নশিল্প বিভাগত চাকৰি কৰি ৰাতি চেণ্ট এন্থনী কলেজত পঢ়িবলৈ লয়। তাৰ পৰাই ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ সাংস্কৃতিক বিভাগৰ বিষয়া হিচাপে কাম কৰে আৰু চাকৰি কৰি থকা অৱস্থাত ১৯৮০ চনত তেওঁৰ মৃত্যু হয়। অসুখৰ চিকিৎসাৰ কাৰণে তেওঁক ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজলৈ নিয়া হৈছিল। তাতে তেওঁ ইহলীলা সম্বৰণ কৰে।

ৰুদ্ৰ বৰুৱাক ৰাম গোস্বামীয়ে কলংপৰীয়া গীতিকাৰ বোলা কথাটো সমৰ্থন কৰে। কিন্তু ৰুদ্ৰ বৰুৱাক বৰ্তমান সময়ত লুইতকোঁৱৰ বুলিহে জনা যায়। লুইতে যদি অসমক প্ৰতিনিধিত্ব কৰে, তেন্তে তেওঁ সঁচাকৈয়ে লুইতকোঁৱৰ। যদি নকৰে, তেনেহ’লে ক’ব লাগিব যে ৰুদ্ৰ বৰুৱাৰ গীতৰ মাজেদি গোটেই অসমখনেই জিলিকি উঠিছে। পৰ্বত-ভৈয়াম, নদ-নদী, পথাৰ, তাঁতশাল, বিহু, শংকৰী সংস্কৃতি, আ-অলংকাৰ, দেশপ্ৰেম, গ্ৰাম্যজীৱন, জীৱনৰ আশা-আকাংক্ষা আদি বিভিন্ন বিষয়ৰ গীতেৰে ৰুদ্ৰ বৰুৱাই অসমীয়া গীত আৰু সমাজ জীৱন সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ এটি দীঘলীয়া জীৱন পাব লাগিছিল। কিন্তু কালে সেইটো হ’বলৈ নিদিয়াত অসমীয়া সমাজৰ এক বৃহৎ ক্ষতি হ’ল।

ৰুদ্ৰ বৰুৱাৰ গীত বুলিলেই আঘোণৰ পথাৰৰ এখন মনোমোহা ছবি ফুটি উঠা দেখা যায়। ‘পকা ধানৰ মাজে মাজে’ গীতটি কোন অসমীয়াই নাজানে? এই গীতটিৰ চিত্ৰ কেনে মনোমোহা! পকা ধানৰ মাজত থকা সৰু সৰু আলিত জাক জাক বালিমাহী চৰায়ে গীত জুৰিছে। চেঁচা বতাহ এজাকে ধানডৰা চুমা খাই গৈছে। পকা ধানে হালি-জালি যেন দাৱনীক আমন্ত্ৰণহে জনাইছে। দাৱনীয়ে সেৱা জনাই ধান কাটিবলৈ লৈছে। পাছৰ মনোৰম ছবিখন এনেকুৱা—

‘জাক দাৱনীৰ জিৰণি গীতে
পথাৰ ধৰে জুৰি
সৰু সৰু চৰাইবোৰে
লাজত পলাই উৰা মাৰে
ধান ফালি ফালি।’

বালিমাহী চৰায়ে গীত গাই আছিল। কিন্তু দাৱনীৰ গীতৰ সুৰ ইমান মধুৰ যে সেই সৰু সৰু গান গোৱা চৰাইবোৰে নিজৰ গানৰ সুৰত নিজে লাজ পাই উৰি গৈছে। তেওঁ পথাৰ বিষয়ক আন এটা গীতত লিখিছে—

‘অসমৰ বুকুৰে ঐ সেউজী ধাননি বতাহে কঁপাব
চেনেহতে সামৰি লৈ
কাতিৰে বিহুটি কঙালী নামেৰে
আহিব পঁজাটিলৈ।
অসমী জীয়ৰীৰ হাতৰে চাকিটি
পথাৰত জ্বলিব গৈ
আহাৰৰ আশাবোৰ আঘোণত হ’ব পূৰ
সুখে যাব ৰৈ বৈ।’

আন এটা গীতত বাৰিষাৰ ৰোৱনীৰ ছবিখন ৰুদ্ৰ বৰুৱাই এনেদৰে আঁকিছে—

‘আঁঠুৱনী বোকা কৰি হালোৱাই হাল বালে
পাহকটাই পাহ কাটি আঁখি বান্ধি নিলে
জীয়ৰী-বোৱাৰীহঁতে শাৰী হৈ
আই বসুমতী বুলি গোছ মাৰি লৈ
ৰ’দ-বৰষুণ পাহৰি
দুখ-ভাগৰ পাহৰি
পথাৰত সেউজীয়া ফুলনিখন পাতিলে।’

তাঁতশাল ৰুদ্ৰ বৰুৱাৰ প্ৰিয় আছিল। অসমীয়া তিৰোতাই কাপোৰত পৰীৰ দেশৰ সপোন ৰচে বুলি মহাত্মা গান্ধীয়ে তাহানিতে কৈ থৈ গৈছিল। এই তাঁতশালখন ৰুদ্ৰ বৰুৱাই গীতত মনোমোহাকৈ তুলি ধৰিছে—

‘সূতা লৈ শিপিনী কৰি তাঁতে বাটি
আঁৰিব গামোচা শালত,
এতিয়াই শুনিছে কি ফুল বাছিব
চেনাইৰে বিহুৱানখনত।’

আন এটা অসমীয়া লোকৰ প্ৰিয় গীত হ’ল—

‘তাঁতৰ দোৰেপতি চলায় ঘনেপতি
পলকত টোলোঠা ঘূৰে,
কোননো সেই গৰাকী চিলনীৰ ঐ জীয়াৰী
চেলেং নো ছকঠীয়া জোৰে
অ’ পলকত টোলোঠা ঘূৰে।’

নদীৰ প্ৰতি থকা আকৰ্ষণৰ কাৰণেই ৰুদ্ৰ বৰুৱাই নদীক কেন্দ্ৰ কৰি কেইবাটাও উল্লেখযোগ্য গীত ৰচনা কৰিছিল। কলং, কপিলী আৰু লুইতৰ কথা ৰুদ্ৰ বৰুৱাৰ গীতৰ মাজত বেছিকৈ পোৱা যায়। নদীৰ সৌন্দৰ্য, কোনো সময়ত ইয়াৰ ভয়াৱহতা, ৰহস্যময়তা তেওঁৰ গীতত বৰ সুন্দৰভাৱে ফুটি উঠিছে। তলৰ গীতাংশত লুইতৰ সন্ধিয়া পৰৰ মনোমোহা ছবি এখন ফুটি উঠিছে—

‘লুইতৰ বুকুতে সন্ধিয়াৰ বেলিটি
কিনো খেলা খেলি ৰয়,
নীলা পানীখিনি ৰঙতে ৰঙালী
ঢৌ খেলি খেলি বয়।
সেউজীয়া বনত কোন খনিকৰে
ৰঙা বোলে সানি যায়,
চেনেহত লুইতে সামৰি বুকুতে
মৰমৰ চুমাটি খায়।’

আন এটি গীতত লুইতৰ পাৰৰ সৌন্দৰ্যৰ মাজত জিলিকি উঠা কদৰ্য ৰূপ এনেদৰে অংকন কৰিছে—

‘লুইতৰ চাপৰিত কোমলকৈ ঘাঁহনি
বনজুইৰ তাপতে মৰে,
ঘাঁহনিৰ মাজতে আজলি হৰিণাৰ
চকুত চকুপানী সৰে।’

অসমৰ গাঁৱৰ এটি অনন্য ৰূপ তলৰ গীতটিৰ মাজেৰে ফুটি উঠিছে। এই গীতটিত কণ্ঠ নিগৰাইছিল কোকিলকণ্ঠী দীপালী বৰঠাকুৰে। এই গীতটি চিৰযুগমীয়া গীত হিচাপে ৰৈ-বৈ যাব—

‘অ’ বন্ধু সময় পালে আমাৰ ফালে
এবাৰ আহি যাবা
সহজ-সৰল গাঁৱৰ জীৱন
খন্তেক ৰৈ চাবা।’

গীতটিৰ আৰু সৰহকৈ উদ্ধৃতি দিয়াৰ প্ৰয়োজন নাই। ৰুদ্ৰ বৰুৱাই লিখা প্ৰেমৰ গীতৰ ভিতৰত আন এটা গীত অন্যতম। অসমীয়া প্ৰেমৰ গীত হিচাপে এই গীতটিও নজহা-নপমা হৈ ৰৈ যাব। গীতিকাৰৰ গীতৰ প্ৰেমৰ মাজতো অসমীয়া অসমীয়া ভাব এটা উজ্জ্বল হৈ উঠে। প্ৰেমৰ লগত গোলাপ আদি বেলেগ ফুলৰ কথা নকৈ কৈছে মাধৈ মালতী ফুলৰ কথা—

‘কাৰ জানো পৰশত ফুলি উঠে মোৰ
মাধৈ-মালতীপাহি,
পশ্চিম আকাশখনি ৰতোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাহি ভাহি।’

আৰু শিশুসকলৰ প্ৰিয় গীত হিচাপে তলত দিয়া গীতটোৰ কথা কোনে নেজানে? গীতটি অকল শিশুসকলৰে প্ৰিয় নহয়, সকলো বয়সৰ লোকক গীতটিয়ে সমানে আনন্দ প্ৰদান কৰে। বয়সস্থ লোকেও গীতটি শুনি নিজৰ শৈশৱ ঘূৰাই পায়—

‘অ’ তুলতুল অ’ বুলবুল অ’ সেউতী তৰা
লুকাভাকু ভাল নেলাগে খেল কইনা-দৰা।’

অসমীয়া ডেকাৰ ছবিও ৰুদ্ৰ বৰুৱাই অংকন কৰিবলৈ পাহৰা নাই। বৰং খোজেপতি যেন তেওঁ অসমীয়া ডেকাক চকুত ৰাখিছিল। সেই ডেকা হ’ল পদুম ফুলৰ চকাৰ ফুল অঁকা গামোচা মূৰত মাৰি অহা, দুখ-ভাগৰ কাক কয় নজনা, সাহসী, হাঁহিমুখীয়া আৰু চকুত আশাৰ সপোন থকা ডেকা—

‘গামোচাৰ আঁচলতে পদুমৰ চকা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা
তাৰ খোজে খোজে লৰে চৰে বুকুৰ মঙহবোৰ
তাৰ পিঠিত ৰ’দ পৰি জ্বলে ঘামৰ টোপা
মূৰতে মেৰিয়াই আহে পাহোৱাল ডেকা।’

এসময়ত অসমীয়া গ্ৰাম্য সমাজত কথাই-বতৰাই, খোজে-কাটলে, সাজে-পাৰে দুখীয়া মহিলাৰ এখন বেলেগ ছবি দেখা পোৱা গৈছিল। সেই চিত্ৰও ৰুদ্ৰ বৰুৱাৰ গীতৰ পৰা আঁতৰি থকা নাই। তেনে দুটি আজিও জনপ্ৰিয় গীত হ’ল—

‘হঞেৰা জেতুকী বাই
দাঁতবোৰ সৰালি চুলিবোৰ পকালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই
জেতুকী বাই।
কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া,
জোঁৱাইৰ বা কি নাম যোৰা দি কি গাম
তোৰহে তৎ নাইকিয়া।’

আৰু—

‘অ’ মইনা মুখৰ হাঁহি হৰিলে কোনে
মইনা মুখৰ হাঁহি হৰিলে কোনে।
দেহাৰে তেজ-মঙহে দেহাতে ঐ শুকালে
ক’তেনো তোক ধৰিলে ঘুণে।
হাতৰে গামখাৰু ডিঙিৰে ঐ মাদলী
ভাত কাপোৰ বিচাৰি
দিলি গোলাত বন্ধকী
বৰষে তোৰ দুচকুৰ কোণে।’

এনে দৃশ্যই তেওঁক ইয়াৰ কাৰণ বিচাৰিবলৈ বাধ্য কৰায়। সমাজৰ প্ৰতি সচেতন গীতিকাৰে অসমৰ দুখজনক বা পুতৌলগা অৱস্থাটো দেখি দুখত ধৰ্‌ফৰাই উঠে। এই দুখেই গীত হৈ ৰুদ্ৰ বৰুৱাৰ কলমেৰে এনেদৰে নিগৰি ওলায়—

‘দুখৰেনো ৰাতিটো কেতিয়া পুৱাব
অসমী আইৰ মুখখনি কোনে উজলাব,
খোলে তালে ডবাই কাঁহে
কীৰ্তন দশম ঘোষাই নামে
তাহানিৰে দিন আকৌ কেতিয়া ঘূৰিব
দুলড়ী লেচেৰী পদে সুৱদি সুৰীয়া মাতে
কাহানিকৈ বতাহত মোৰ কঁপনি তুলিব
ভুৰুকাতে হাতী ভৰাই কোনে দেখুৱাব।’

গীতিকাৰে লক্ষ্য কৰে যে অসম অতি চহকীয়েই। অসমীয়া অতিথিপৰায়ণেই। কিন্তু এই আদৰ পাই আলহীয়ে ছেগ চাই শোৱা-পাটী পাৰি লয়। ইয়াত গজ্‌গজীয়াকৈ বহি অসমীয়া মানুহকে শোহে—

‘মোৰে অসমীৰে হাবি-বননিয়ে
চেকুৰা-চেকুৰা সোণে জিকেমিকাই থাকে
তাকে দেখি বণিক সাউদ আহে জাকে জাকে
অসমীৰে ৰূপ চাই চকুতে ঘুমটি নাই
দুহাত সামৰি শেষ কৰিব নোৱাৰে।’

ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ চিত্ৰ সুন্দৰকৈ ফুটি উঠাৰ এটা মূল কাৰণ তেওঁৰ জন্ম গাঁৱত আৰু গ্ৰাম্য জীৱনৰ লগত ঘনিষ্ঠ সম্পৰ্ক। দ্বিতীয় কাৰণ হ’ল, তেওঁ সকলো বস্তুকে পৰ্যবেক্ষণ কৰা আৰু ইয়াৰ আঁৰত নিহিত হৈ থকা বিভিন্ন কাৰক। তৃতীয় কাৰণটো হ’ল, খাচ অসমীয়া শব্দৰ যথাযথ প্ৰয়োগ। ইমান মিঠা মিঠা শব্দৰ অধিকাৰী এনেকুৱা গীতিকাৰ বহু লোকৰ কাৰণে ঈৰ্ষাৰ পাত্ৰ। চতুৰ্থ কাৰণটো হ’ল, তেওঁ এজন নিভাঁজ দেশপ্ৰেমিক। দেশপ্ৰেমিক হ’বলৈ সদায় আন্দোলন কৰিব লাগিব বুলি কোনো কথা নাই।

বিষয়-বৈচিত্ৰ্য, সুৰৰ জ্ঞান, নিজে গায়ক হোৱা ইত্যাদি বিভিন্ন কাৰকে ৰুদ্ৰ বৰুৱাক এজন সফল গীতিকাৰ হিচাপে প্ৰতিষ্ঠা দিছিল। তেওঁৰ গীতৰ বিভিন্ন দিশৰ বিষয়ে ইমান কম পৰিসৰত আলোচনা কৰিব নোৱাৰি। তেওঁৰ গীতৰ বিভিন্ন দিশৰ বিষয়ে বহল আলোচনাৰ প্ৰয়োজন আছে। আশা কৰিব পৰা যায় যে ভৱিষ্যতৰ লেখক-গৱেষকে ৰুদ্ৰ বৰুৱাৰ গীতৰ বিষয়ে সূক্ষ্ম আৰু গভীৰ আলোচনা কৰিব।

❧ | আৰু পঢ়ক:

ৰুদ্ৰ বৰুৱা আৰু তেওঁৰ গীত | ড॰ সোমনাথ বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক