নিচা আৰু মিছা
দুয়োটাই ভয়ংকৰ ব্যাধি
কোৱা হয়—
নিচা কৰা মানুহে মিছা নকয় আৰু
মিছা কোৱা মানুহে নিচা নকৰে
নিজক লুকুৱাবলৈ মই
নিচা কৰোঁ
আৰু তেওঁ নিজক লুকুৱাবলৈ
মিছা কয়
হয়তো নিচা আৰু মিছাৰ একেই ৰাগী
নিচা কৰা মানুহক কোনে চিনি নাপায়
গৰিহণা নিদিয়ে কোনে
কিন্তু মিছা কোৱাসকলক—
মিছা কথাৰ ঠেং চুটি হয় নে নহয়
মই খাটাংকৈ ক’ব নোৱাৰিম
কিন্তু মিছা কোৱা মানুহবোৰৰ যে হাত
বহুত দীঘল— এইটো খাটাং।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
মন্তব্যসমূহ লোড হৈ আছে...