নিচা আৰু মিছা
দুয়োটাই ভয়ংকৰ ব্যাধি

কোৱা হয়—
নিচা কৰা মানুহে মিছা নকয় আৰু
মিছা কোৱা মানুহে নিচা নকৰে

নিজক লুকুৱাবলৈ মই
নিচা কৰোঁ
আৰু তেওঁ নিজক লুকুৱাবলৈ
মিছা কয়
হয়তো নিচা আৰু মিছাৰ একেই ৰাগী

নিচা কৰা মানুহক কোনে চিনি নাপায়
গৰিহণা নিদিয়ে কোনে
কিন্তু মিছা কোৱাসকলক—

মিছা কথাৰ ঠেং চুটি হয় নে নহয়
মই খাটাংকৈ ক’ব নোৱাৰিম
কিন্তু মিছা কোৱা মানুহবোৰৰ যে হাত
বহুত দীঘল— এইটো খাটাং।

❧ | অধিক কবিতা:

নিচা আৰু মিছা | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: