নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মোৰ সোণালী সপোনৰ নাম আঘোণ
সোণগুটি বুটলি চহা জীৱনটোক
সোণসেৰীয়া কৰা এটি নাম আঘোণ

পিতাইৰ সপোনৰ পৃথিৱীখনত
সৃষ্টিৰ বীজ সিঁচি সোণোৱালী কৰা
আইৰ হেঁপাহৰ এটি পলৰ নাম আঘোণ

শৈশৱে ৰিঙিয়াই মতা এডৰা নৰা
চেঁচু খান্দি আলফুল সময়বোৰৰ স’তে ওমলা
গৰুৰ খোজত ধূলি উৰোওৱা
সেই মধুৰতম ক্ষণটোৰ নাম আঘোণ

ৰবাব এটাৰ স’তে মনৰ কথা পাতি
প্ৰিয়জনৰ কাষত অলপ বহি
সৃষ্টি কৰা সুগন্ধিময় পৰিৱেশ এটাৰ নাম আঘোণ

শামুকৰ খোলাৰ ভিতৰত কুচিমুচিকৈ সোমাই
সেওতা দুফাল কৰি বুকু উদঙাই
লেছেৰি বুটলি চলাথ কৰা সময়ৰ নাম আঘোণ
মোৰ অতি আদৰৰ আঘোণ।

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
আঘোণ | সত্যজিৎ গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...