সুযোগ পালে দেশ বিক্ৰী কৰি দিব বুলি
কোনো কোনো দেশ-সেৱকক জনতাই ভয় কৰে।
সকলো দেশ-সেৱক জন-সেৱক নহয়।
মোৰ ঘৰৰ ওচৰৰ গেলামালৰ দোকানীজনে
দেশ কিনা-বেচাৰ বজাৰ এখন ক’ৰবাত সঁচাকৈয়ে আছে বুলি বিশ্বাস কৰে।
ক’ত বহে সেই বজাৰ য’ত বিক্রী হয় একো একোখন দেশ?
ক্রেতা কোন, বিক্রেতা কোন? ডাঙৰ দেশে কিনে নেকি
সৰু দুখীয়া দেশবোৰ? ডাঙৰ দেশবোৰ কোনে কিনে?
দেশ কিনা-বেচাৰ বজাৰ এখন পালে
ময়ো বিকিব বিচাৰিম এখন দেশ,
যিখন দেশত ধৰ্মৰ নামত চলে কটা-মৰা,
জাত-পাতৰ নামৰ ঘৃণা, ধনী হয় বেছি ধনী,
দুখীয়া হয় বেছি দুখীয়া, নাৰীৰ নাথাকে য’ত সন্মান,
দুর্নীতি য’ত নীতি; সেইখন দেশ বিক্ৰী কৰি
কিনিব বিচাৰোঁ এখন নতুন দেশ,
য’ত ঈশ্বৰ, ধৰ্মৰ নামত নচলে ব্যৱসায়, নহয় সংঘর্ষ,
নাথাকিব দুর্নীতি-কেলেংকাৰী, ঠগ-প্রবঞ্চনা,
নাৰীৰ থাকিব সন্মান, য’ত জীৱশ্রেষ্ঠৰ গৰিমাৰে সৈতে
মানুহ সদায় হৈ থাকিব মানুহ।
আছে নে তেনে বজাৰ ক’ৰবাত,
য’ত পুৰণিখন বেচি কিনিবলৈ পাম
মনৰ পছন্দৰ এখন নতুন দেশ
মোৰ দেশৰ জনতাৰ বাবে?
❧ | আৰু পঢ়ক:
- কুঁৱৰ নাৰায়ণৰ কবিতা: কাফ্কাৰ প্ৰাগত
- হোমেন বৰগোহাঞিৰ কবিতা: স্মৃতি
- লকডাউন সন্ধিয়া
- হৰেকৃষ্ণ ডেকাৰ কবিতা: প্ৰাতঃভ্ৰমণৰ এটা দৃশ্য
- তুলা আৰু তেজা
ফিচাৰড্ ইমেজ: Red Green and Violet–Yellow Rhythms (1920) by Paul Klee (Public domain)