ৰবৰুৱাই সুৰ ধৰি গায়—
“বিহু খাই আহিলি ঐ—
বিহুৱা চৰাই তই!
ধান খাই আহিলি—” (হঠাৎ ৰৈ উভতি চায়)

(প্রিয়দর্শন শৰ্ম্মণঃ-অৰ প্ৰৱেশ)

অ প্রিয়দর্শন! আহাঁ, আহাঁ, বহাঁ!

প্রিয়দর্শন— ৰ’ল কিয়? বোলো ডাঙৰীয়া ৰ’ল কিয়? গাওক। অৱশ্যে যদিও ডাঙৰীয়াই বন-ঘোষাকে টানিছিল।

কৃপাবৰ— সেই দেখিয়েইতো ৰলোঁ— তুমি মায়া দেখা বুলি। তোমালোকৰ মন পঙ্কিল, তোমালোকে অলপতে মায়া দেখা, ঠুক্ কৰিলেই তোমালোকৰ ৰুচিৰ কাঁচৰ গিলাচটো ভাগি থাকে। সেইদেখি মই তোমালোকৰ মাজত সাৱধানে চলিব লগা হওঁ। এতিয়াই তুমি ইয়াৰপৰা উঠি গৈ ৰটি দিবা যে বৰবৰুৱাই আজি বিহু-নাম গালে, আৰু ধনাই মনাই গেন্ধেলা ফেদেলা যত যি তোমালোকৰ ‘সমালোচক’ ‘শিক্ষিত ভ্রাতাসকল’ আছে, আটাইবোৰে হাতত সমালোচনাৰ ৰাম-টাঙোন লৈ মোৰ ফাললৈ খেদি আহিব।

প্রিয়দর্শন— বাৰু সঁচাকৈয়ে কওকচোন বৰবৰুৱা ভাঙৰীয়া, বিহুৰ নামবোৰ জানো অশ্লীল নহয়? বিহু কথাটোৱে দেখোন একৰকম অশ্লীল হৈ উঠিছে।

কৃপাবৰ— কাৰণ তোমালোক পৰিছা দেখি। বিহু বছৰৰ চকৰি, তাৰ নাম অশ্লীল হৈ উঠিলে, তোমালোক শ্লীল হৈ তলত পৰা, কিয়নো তোমালোক আৰু বিহু দুয়ো আঁতৰি ঠাই লৈছাহঁক দেখি। যদি তোমালোক তোমালোকৰ আগৰ কালৰ নীতি, স্বাস্থ্য আৰু চৰিত্ৰৰে শকত মানুহবোৰৰ নিচিনাকৈ বিহুৰে সৈতে একেপিনেই থাকিলাহেঁতেন, তেন্তে এনে ফপহুতা শ্লীল-অশ্লীলৰ নাগৰদোলাত উঠি কোনো ওপৰ-তল নহ’লাহঁকহেঁতেন। জানানে, মানুহৰ মনৰ বল, চৰিত্ৰৰ বল থাকিলে, আৰু বিদেশী ফুচুং ভাবৰ সভ্যতা-অসভ্যতা শ্লীলতা-অশ্লীলতাৰ ছঁটা চাউল সুমাই নিজৰ চিনাকি পেটটো অচিনাকি নকৰিলে, এনে দুৰৱস্থা কেতিয়াও নহয়? বিদেশৰ জোখেৰে নিজক জুখিবলৈ গৈহে তোমালোক বুঢ়ী গাইৰ নিচিনাকৈ পলবোকাত সোমাই মৰিছা।

বিহুত যদি কোনোবা সৰু মানুহে নিলাজ নাম গালে, সেইবাবেই আমাৰ গোটেইটো বিহুৰ মহাভাৰত, তাৰ নাম আৰু অনুষ্ঠানবোৰেৰে সৈতে, অশুদ্ধ আৰু নিলাজ নহয়। পশ্চিমত ‘হোলি’ত তল শ্রেণীৰ মানুহে নিলাজ নাম গায়, নিলাজ ব্যৱহাৰ কৰে, সেই বুলি জানো ‘হোলি’ উৎসৱটো নিলাজ হ’ল? সৰু মানুহে গোৱা বিহুৰ নামো আটাইবোৰ অশ্লীল নহয়, তাৰ সৰহভাগ জাতীয় স্বভাৱ কবিৰ এনে সুন্দৰ কবিতা যে তাৰ তুলনা নাই। নিলাজবোৰ এৰি সেইবোৰ বাছি ল’ব জানিলে আমাৰ জাতীয় সাহিত্যৰ সেইবোৰ অমূল্য ৰত্ন হ’ব। এডেম আৰু ইভৰ মনত যেতিয়াই পাপ সোমাল, তেতিয়াই তেওঁলোকে নিজৰ গা ঢাকিবলৈ কাপোৰ বিচাৰিলে, আৰু তেওঁলোক স্বৰ্গভ্রষ্ট হ’ল। ওল্ড্ টেষ্টেমেণ্ট বাইবেলৰ বস্ত্ৰ পৰিধান মনুষ্যৰ পতনৰ গুৰিৰ ইতিহাস; আৰু ভাগৱতৰ শ্রীকৃষ্ণৰ বস্ত্ৰহৰণ মনুষ্যৰ পুনৰ স্বৰ্গাৰোহণৰ শেহৰ ইতিহাস।

হাঁহিছা? তোমালোকক এইবোৰ কথা কোৱা, মোৰেহে ভুল, কাৰণ, তোমালোকে বুজা হাঁহি, খিকিন্দালি আৰু বহুৱালি, আৰু তোমালোকক আনন্দ দিবলৈ মই বহুৱালি কথা এটা ক’লেই তোমালোক মহা ‘খুচী’।

প্রিয়দর্শন— বৰবৰুৱা ডাঙৰীয়া, আজি দেখোন Serious। নাভূত-নাশ্ৰুত কথা।

কৃপাবৰ— Serious নহয়, Various হে। মোৰ টোপোলাত তোমাৰ কাণ খজুৱাবলৈ ববচা-বনৰ কাণ-খৰিকাও পাবা, পানী-লগা নাক সুৰ সুৰাবলৈ ধঁপাতৰ পাতৰ সৰু নুৰাও পাবা; আৰু তোমাৰ যদি nervous debility, আৰু head round (মূৰ ফুৰণি ) হৈছে, তাৰ নিমিত্তেও মকৰধ্বজ পাবা, আৰু ঈশ্বৰে নকৰক, তোমাৰ যদি আসন্ন মৃত্যু উপস্থিত, তেন্তে এই সময়ত ঈশ্বৰৰ নাম ল’বৰ নিমিত্তে ডিঙিৰপৰা কফ দূৰীভূত কৰিবলৈ মহানীলকণ্ঠৰ বৰিও পাব৷৷ এই কথা।

প্রিয়দর্শন— ওপৰত লেখ দিয়া কোনো এটাৰো মোৰ সকাম পৰা নাই।

কৃপাবৰ— তেন্তে তোমাক উপবাস কৰিবৰ ব্যৱস্থা মই দিলোঁ। কাৰণ যাক একো নালাগে, সি হয় বৰবৰুৱা, নহয় ভীম-একাদশী।

প্রিয়দর্শন— সিদিনা জগন্নাথত দেখিছিলোঁ, একাদশীক বন্দী কৰি থৈ দিছে।

কৃপাবৰ— তোমাকো আজি মই সেইদৰে বন্দী কৰি থৈ দিবৰ অভিলাষ কৰিছিলোঁ, কিন্তু নকৰোঁ, কাৰণ আজি বিহু। তেনেহ’লে তোমাৰ বামুণীয়ে চিঞৰি মৰিব, আৰু মোক নথৈ গালি পাৰিব, কাৰণ তুমি অলপতে বিয়া কৰাইছা, আৰু বিবাহিত জীৱনৰ দায়িত্ব ষোল অনা বুজি তাৰ স্ক্রু-পেঁচৰ পাকে পাকে সোমাই নিম্নগামী হৈছা। সেইদেখি তোমাক সেইবোৰ একো নকৈ আজি বিহুৰ কথাকে কওঁ।

আমাৰ দেশৰ বিহুটোক তোমালোকে হিংসা কৰি নামাৰিবা। দুর্গাপূজাতে তোমালোকৰ বৰ কোব দেখিছোঁ। দুর্গাপূজা আমাৰ দেশলৈ সিদিনাৰ আমদানী। বিহু আমাৰ সাতাম-পুৰুষীয়া। আমি অসমীয়াবিলাক কালিৰ মানুহ নহওঁ, অসমদেশ, অসমৰ সভ্যতা বৰ পুৰণি, আৰু বৰ ওখ খাপৰ। আজিৰ তোমাক আমাক দেখি অসমীয়া সভ্যতাৰ জোখ নকৰিবা। ভাৰতবৰ্ষত সোমোৱা আৰ্য্যৰ এসোঁতা— পঞ্জাৱৰ বাহিৰে আন আন দেশত আৰ্য্যৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ আগেয়েই অসম পাইছিলহি। ইয়াৰ অনেক প্রমাণ আছে। এতেকে আমাৰ জাতীয় পৰ্ব্ব আৰু উৎসৱবোৰ বৰ পুৰণি।

কিন্তু শব্দটো ‘বিষুৱ’ৰপৰা হৈছে । বিষুৱ-ৰেখা, পৃথিৱীৰ মাজেদি, জ্যোতিষীসকলে মনেৰে দিয়া এটা ৰেখা বা আঁক, যাক ইংৰাজীত Equinoctial line বা Equator বোলে। সূৰ্য্যই বাৎসৰিক গতিত সেই পোন পালেহি দিন আৰু ৰাতি সমান হয়, এতেকে সেই নাম। “বিষুৱস্থৌ দিবাকৰঃ।” এই দিনা সূৰ্য্য মেষ, তুলা আৰু মকৰ ৰাশিত সোমায়। চ’ত, আহিন আৰু পুহৰ শেষ দিন। মেষ ৰাশিত সোমোৱা দিনা অর্থাৎ চ’তৰ শেষ দিনা ‘মহাবিষুৱম্’ অর্থাৎ বিষুৱ— সংক্রান্তি অর্থাৎ চ’তৰ বিহু বা বহাগৰ বিহু বোলে। তুলাত সোমোৱা দিনা বা আহিনৰ শেহ দিনা কাতিৰ বিহু বোলে। মকৰ ৰাশিত সোমোৱা দিনা অর্থাৎ পুহৰ শেহ দিনা মাঘৰ বিহু বোলে। এই তিনিটা কেনে ডাঙৰ সংক্রান্তি (বৰ বিহু) মন কৰি চোৱা।

এটাই ন বছৰক আগবঢ়াই আনি মনত ৰং লগায়; এটাই পথাৰৰ পৰিশ্ৰমৰ ফল ধৰায়; আনটোৱে সূৰ্য্যৰ উত্তৰায়ণক আদৰি চুটি দি দীঘলাবলৈ যায় আৰু পথাৰৰ পৰিশ্ৰমৰ ফল ভোগায়। এইবাবে চ’তৰ বিহুক ৰঙালী, মাঘৰ বিহুক ভোগালী আৰু কাতিৰ বিহুক কঙালী (অর্থাৎ পৰিশ্ৰমৰ ওৰ, কিন্তু ভোগলৈ পলম) বোলে। চোৱা, আমাৰ ওচৰ চুবুৰীয়া বঙ্গদেশত এই সংক্রান্তিকেইটাৰ বিহু বা বিষু নাম নাই, ভাৰতৰ আন আন প্ৰদেশতো নাই (ক’ৰবাত চুকে-কোণে আছে যদি ক’ব নোৱাৰোঁ), কিন্তু অসমত সেই প্রাচীন কালৰ জ্যোতিষ শাস্ত্ৰসন্মত ‘বিষু’, বিহু নামে প্রচলিত। ইয়াৰ দ্বাৰাই তোমাৰ মনত খেলোৱা নাইনে যে অসমত আর্য্য-সভ্যতাৰ প্ৰাচীনতকৈও প্রাচীন সোঁতা আজি ক’ত, যুগ-যুগান্তৰৰ পৰা বব লাগিছে, সৰহ নালাগে, জ্যোতিষ শাস্ত্ৰৰ যে জন্মভূমি, বা প্রভূত উন্নতিৰ ভূমি অসম, প্রাগজ্যোতিষপুৰ নামেই সেইটো ৰিঙিয়াব লাগিছে।

প্রিয়দর্শন— আজি অনেক কথা ভাঙৰীয়াৰপৰা শিকিলোঁ।

কৃপাবৰ—শিকিলা যদি যোৱা ঘৈণীয়েৰাই খুন্দি থোৱা চিৰা আৰু সান্দহ, ভাজি থোৱা হেঁচা পিঠা খোৱাগৈ। মই দাঁতত কাঠী এডাল দি তাকে চোবাই বহি থাকোঁ।

[‘আলোচনী’ পত্ৰিকাৰ ৭ম বছৰ ৬ষ্ঠ সংখ্যা, ১৯১৬ (?)-ত প্ৰথম প্ৰকাশিত]

❧ | আৰু পঢ়ক:

বিহু | লক্ষ্মীনাথ বেজবৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক