ব র্ষা ঋতুৱে প্ৰায় মেলানি মাগিছে। নৈ-বিল, জান-জুৰিৰ পানীৰ ঘোলা বৰণটো সলনি হৈ ঈষৎ নীলা-কজলা হৈছে। পুৱা খোজ কাঢ়িলে নিয়ৰৰ পানীত ভৰি তিতে। সেমেকা শীতল বতাহজাক শেৱালি শেৱালি গোন্ধায়। এনেকুৱা এটা দোকমোকালিতে দীননাথে নগাঁও চহৰৰ মাজেদি বৈ যোৱা কলঙৰ দাঁতিয়েদি খোজকাঢ়িছে। দীননাথৰ খোজত অলপ বিসংগতি আছে। পাকৈত ঘোঁৰা চোৱাৰী দীননাথ এবাৰ ভূটীয়া ঘোঁৰাৰ পিঠিৰ পৰা পৰিছিল। তেতিয়াৰ পৰা ভৰি এটা লেঙেৰাৰ দৰে হ’ল। দীননাথে মন কৰিছে, ইংৰাজৰ শাসনত নগাঁৱে এখন গুৰুত্বপূৰ্ণ চহৰৰ ৰূপ লৈছে। ইয়ালৈ মুঞ্চিফ হৈ অহা তেওঁৰ তিনি বছৰহে হৈছে। ইতিমধ্যে তেওঁৰ বৰপেটালৈ বদলি হোৱাৰ নির্দেশ আহিছে। বৰপেটালৈ যাবলৈ বুলি বন্দবস্ত কৰা নাওকেইখন যোৱা নিশা আহি পোৱাৰ কথা। নাই, দীননাথে ঘাটত এখনো নাও নেদেখিলে। বেলিটো ওলাবলৈ তেতিয়াও কিছু পৰ আছে। নৈখনৰ পাৰৰ জৰীজোপাৰ ওলাই থকা শিপা এডালত দীননাথ বহিল। পানীখিনি খুব ধীৰ গতিৰে বৈ আছে। ভালদৰে নিৰীক্ষণ নকৰিলে নৈৰ সোঁতটো ধৰিব নোৱাৰি। দীননাথে নৈৰ পানীখিনিলৈ তন্ময় হৈ চাই ৰ’ল। পানী যুঁৱলিত জৰীজোপাৰ ওলাই থকা শিপাবোৰৰ মাজত নৈৰ পানী পাকঘূৰণি খাই কিছুমান সৰু সৰু ঘূলিৰ সৃষ্টি হৈছে। এটা যদি তললৈ গৈ শেষ হৈছে, কাষতে আন এটা সৃষ্টি হৈছে। পানীৰ এই ছন্দোময় নৃত্য চাই চাই দীননাথৰ মনটো অতীতলৈ উভতি গ’ল।…
দীননাথৰ পৰিয়ালটো ভগনীয়া ৰজা জয়ধ্বজ সিংহৰ দিনত কান্যকুব্জ দেশৰ পৰা অহা। তেওঁলোক জাতিত ব্রাহ্মণ। উপৰিপুৰুষ কলিবৰ হয়গ্রীব মাধৱ, কামাখ্যা দৰ্শনৰ বাবে আহিছিল বুলি শুনিছে। “কলিবৰ নাম মহামন্ত, আয়ুসবেদত অতি পৰম প্রৱীণ”— দীননাথে তেওঁলোকৰ বংশাৱলীৰ পদফাঁকি মনতে আওৰালে। আয়ুর্বেদ শাস্ত্ৰত পাৰ্গত কলিবৰক জয়ধ্বজ সিংহই প্রধান বেজবৰুৱা পদবী দি উত্তৰ লক্ষীমপুৰ অঞ্চলত চাৰি হাজাৰ বিঘা মাটি দিলে। ব্রহ্মোত্তৰ মাটি। কৰ-কাটল দিব নালাগে। দাস-দাসীও দিলে।
যোৱা নিশাই আহি পাবলগীয়া নাওকেইখন এতিয়ালৈকে আহি নোপোৱাত দীননাথ কিছু চিন্তিত হ’ল। চৰকাৰী নির্দেশ মতে এই পষেকতে বৰপেটা গৈ পাব লাগে। সপৰিয়ালে বৰপেটালৈ যোৱাৰ কথা। কিছু আহল-বহল নাও আৰু পাৰ্গত গুৰিয়াল লাগিব। সাধাৰণতে কলঙত তেনে নাও নাথাকে। শিলঘাটৰ পৰা তেনে নাওকেইখনমান আনিবলৈ অর্ডালী এটাক পৰহিয়েই পঠিয়াইছিল। কলঙত পানী এতিয়াও যথেষ্ট আছে। গধুৰ নাও নিব পৰা যাব। দীননাথে কলঙৰ সৈতে জীৱনটোৰ সাদৃশ্য বিচাৰি পায়। কলংখন কলিয়াবৰত লুইতৰ পৰাই উপজি কাজলীমুখত লুইততে মিলি গৈছে। চাবলৈ গ’লে জীৱনটোও এনেকুৱাই,— ঈশ্বৰৰ কৃপাত এই পৃথিৱীলৈ অহা আৰু সেইজন ঈশ্বৰৰে নিৰ্দেশত তেওঁৰ ওচৰলৈ গুচি যোৱা। মাজৰ চোৱা পৰিক্ৰমা। এনে এক ওখোৰা-মোখোৰা পৰিক্ৰমাৰে আহি দীননাথ আজি এইখিনি পাইছে। অসমৰ এক জটিল সময়ত দীননাথৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছে। তেতিয়া আহোম স্বৰ্গদেউসকলৰ শাসনৰ ভেটি থৰক-বৰক হৈ পৰিছে। উপুর্যুপৰি মানৰ আক্ৰমণত দেশ চেদেলি ভেদেলি। এনে দুর্যোগৰ সময়তো কিন্তু পিতৃৰ নিৰ্দেশত পঢ়া-শুনা কৰি গৈছে। যোৰহাটৰ যাদু অধ্যাপকৰ টোলত অধ্যয়ন কৰি তাতেই দ্বিতীয় অধ্যাপকৰ পদবীত শিক্ষকতা। সমান্তৰালভাৱে পূর্বপুৰুষৰ বৃত্তি আয়ুর্বেদ শাস্ত্র অধ্যয়ন। সংস্কৃত আৰু আয়ুর্বেদ যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। সেয়েহে সংস্কৃত শাস্ত্ৰত পাৰ্গত দীননাথ আয়ুর্বেদ শাস্ত্ৰতো ওজা হৈ পৰে।
দীননাথ বহাৰ পৰা উঠিল। ওচৰতে থকা নিম গছজোপাৰ সৰু ডাল এটা ভাঙি তাৰে দাঁত ঘঁহিবলৈ ধৰিলে। মনটো কিন্তু অতীততে বিচৰণ কৰি থাকিল। পিতৃ কৃষ্ণৰাম বেজবৰুৱাৰ মৃত্যুৰ সময়ত সদ্য-বিবাহিত দীননাথৰ বয়স কুৰিও হোৱা নাছিল। পিতৃৰ দায়িত্ব কান্ধ পাতি ল’বলগা হ’ল। উপার্জনৰ পথ বিচাৰি স্বৰ্গদেউ পুৰন্দৰ সিংহক গুৱাহাটীত সাক্ষাৎ কৰিলে। পুৰন্দৰ সিংহই তেওঁক প্ৰথমতে প্রধান চিকিৎসক আৰু পাছলৈ ফৌজদাৰী চিৰস্তাদাৰ পাতে। পুৰন্দৰ সিংহই ইংৰাজৰ পৰা ৰাজ্যভাৰ পাইছিল। ইংৰাজে পুনৰ পুৰন্দৰ সিংহৰ পৰা ৰাজ্যভাৰ কাঢ়ি ল’লে। সেই সময়ত দীননাথৰ বয়স একুৰি পাঁচ বছৰ হৈছিল। এটা বৃহৎ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব তেওঁৰ ওপৰতে। পিছে ভাগ্য সুপ্রসন্ন আছিল, বৃটিছে অভিজ্ঞ দীননাথ বেজবৰুৱাক এৰি নিদিলে। তেওঁ এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন মুঞ্চিফ।
কাতি মাহ। এই সময়ত যদিও ডাঠ কুঁৱলি নপৰে, তথাপিও এই ব্রহ্মপুৱাতে বৰ বেছি দূৰলৈ দৃষ্টি স্পষ্ট নহয়। সেয়েহে নাওকেইখন ওচৰ চাপিলতহে দীননাথে দেখিলে। এখন মাৰ নাও, দুখন চৈ দিয়া নাও আৰু ছখনমান হোলোং নাও। মাৰ নাওখন একেবাৰে পাৰলৈ আনিব নোৱাৰি, গধুৰ; সেয়েহে মাৰ নাওখন মাজত ৰাখি ইখনৰ পিছত সিখন হোলোং নাও বান্ধি নাৱৰীয়াকেইজন পাৰলৈ নামি দীননাথক সেৱা জনালে। দীননাথে অর্ডালীজনক যাৱতীয় নির্দেশ দি ঘৰলৈ উভতিল।
দুদিনৰ পাছত দীননাথ বেজবৰুৱাৰ পৰিয়ালটো নগাঁৱৰ পৰা বৰপেটালৈ যাবলৈ সাজু হ’ল। লগুৱা-লিকচৌবোৰে নগাঁৱৰ হাউলিৰ পৰা ডাঙৰ-সৰু পেৰাবোৰ নাৱত তুলিলে। দীননাথে নিজে সকলো তদাৰক কৰি গ’ল। এনেয়েও তেওঁ মানুহজন অতি পৰিপাটি। ভাগে ভাগে সকলো বস্তু গত লগাই বন্ধা হৈছে। বিশেষকৈ তেওঁৰ দ্বিতীয়া পত্নী থানেশ্বৰীৰ বাবে বিশেষভাৱে সুকীয়া ব্যৱস্থা কৰিব লগা হৈছে। বান্দী-বেটীৰ অভাৱ নাই, মাথোঁ কৰণীয় কামখিনি নিয়াৰিকৈ বুজাই দিলেই হ’ল। এনে সময়মতে দীননাথৰ প্রথমা পত্নী ধর্মী আইদেৱে তেওঁক অকণমান আচুতীয়াকৈ লগ পাব বিচাৰিলে। ধর্মীৰ মতে গৰ্ভৱতী থানেশ্বৰীক লৈ এনে দীঘলীয়া যাত্রা কৰাটো অনুচিত। তেওঁও কথাটো নভবা নহয়, কিন্তু উপায় নাই। চৰকাৰ বাহাদুৰৰ নির্দেশ। দীননাথে চৰকাৰী গুৰুত্বপূর্ণ কাকতসমূহ আৰু কেইপদমান জৰুৰী ঔষধ হাতনি পেৰাটোত ল’লে। সকলো প্রস্তুতি সম্পূর্ণ কৰি লগুৱা-লিকচৌ, বান্দী-বেটী, আলধৰাসহ পৰিয়ালটো ঘাটত উপস্থিত হ’ল। নৈৰ জলৰাশিক সেৱা জনাই মন্ত্রোচ্চাৰণ কৰি সকলো নাৱত উঠিল। নাও বৰপেটালৈ বুলি ভটিয়াবলৈ ধৰিলে।
দীননাথ ছৈৰ ভিতৰলৈ গ’ল। মনত সাহস দিবলৈ বুলি তেওঁ পত্নী থানেশ্বৰীৰ কাষত বহিল। নতুন ঠাইলৈ যোৱাৰ আনন্দত ল’ৰাহঁত উৰুলীকৃত হৈ পৰিছে।
“এনেদৰে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ঢপলিয়াই ফুৰিলে ল’ৰাহঁতৰ পঢ়া-শুনা নহ’ব”— দীননাথে কিছু ডাঙৰকৈয়ে কথাষাৰ ক’লে। “এঠাইত নিগাজীকৈ বহি ল’ব লাগিব।” এনেবোৰ সিদ্ধান্ত দীননাথেই স্থিৰ কৰে। সকলোৱে বিশ্বাস কৰে যে তেওঁ উচিত সময়ত উচিত সিদ্ধান্তই লয়। সেয়েহে তেওঁ কথা ক’লে ঘৰখনৰ বাকীসকলে মাথোঁ মৌনভাৱে শুনি যায়। মানুহজন মানসিক দিশত যিমান দৃঢ়, সেইদৰে শাৰীৰিক দিশতো প্রাণৱন্ত। আজি আঢ়ৈ কুৰি বছৰ বয়সতো তেওঁ যথেষ্ট পৰিশ্ৰম কৰে যদিও ভাগৰি নপৰে।
নাওখনত উঠিয়েই ল’ৰাহঁতে কৰা কোঢ়াল এতিয়া নাই। সৰুখিনি ছৈৰ ভিতৰত সোমাই অ’ত-ত’ত কুছিমুছি সোমাই পৰিছে। দীননাথ ছৈৰ ভিতৰৰ পৰা ওলাই নাৱৰ কুন্থিত বহি ল’লে। কলংখন বৰ আহল-বহল নহয়, সেয়েহে নাওবোৰ দীঘলীয়া শাৰী কৰি যাবলগীয়া হৈছে। অৱশ্যে বৰলুইতত সোমালে পথালিকৈ শাৰী কৰিও যাব পৰা যাব।
নাৱৰ শোভাযাত্ৰাটো নগাঁও, খাগৰিজান, বেবেজীয়া পাৰ হৈ পেটবঢ়া হৈ ফুলগুৰি পালেহি। সেই বছৰতে দীননাথ নগাঁৱলৈ বদলি হৈ আহিছিল, যিটো বছৰত এই ফুলগুৰিতেই ৰাইজ বৃটিছৰ বিৰুদ্ধে ওলাই আহিছিল। দীননাথৰ এটা অভ্যাস আছে, কিছুমান কথা পুতেকহঁতৰ লগত ভাগ-বতৰা কৰে। তেওঁ জানে, ল’ৰাহঁতে পুৰণি কিছুমান ঘটনা-পৰিঘটনা এইদৰেই জানিব। সিহঁতেও জানিলে, দেউতাকে নিশ্চয় কিছুমান নতুন কথা ক’ব। দেউতাকৰ মুখৰ কথা শুনিবলৈ সিহঁতৰ বৰ আগ্রহ। পিছে কবিৰাজী কথা ওলালেহে সিহঁতবোৰ ইচল-সিচল কৰি আঁতৰি যায়। বৈদ্যিবিধিৰ সংস্কৃত শ্লোকবোৰ কণ্ঠস্থ কৰিবলৈ বৰ টান পায়। সিহঁত দেউতাকৰ কাষতে বহিল। প্রথমে দীননাথে হাতনি পেৰাৰ পৰা নিজে প্রস্তুত কৰা কবিৰাজী বড়ি একোটা একোটাকৈ ভগাই দিলে। চুপি চুপি খোৱা সুস্বাদু বড়ি খাবলৈ সিহঁতে ভালেই পায়। তেওঁ ল’ৰাহঁতক এই অঞ্চলত দুবছৰ আগতে হোৱা কৃষক বিদ্রোহটোৰ সবিশেষ কৈ গ’ল। ল’ৰাহঁতৰ ভিতৰত গোৱিন্দ অলপ খটখটীয়া। সি দেউতাকৰ ওচৰত অলপ আসৈও পায়। সি ক’লে, “পিতাদেউ, বিদ্রোহ মানেনো কি?”
“চৰকাৰৰ আইন নমনাটোৱেই বিদ্রোহ”, দেউতাকে ক’লে। “মই তেতিয়া শিৱসাগৰত। ১৮৬০ চনত বৃটিছ চৰকাৰে অসমত আফু খেতি কৰাটো বন্ধ কৰে। ইয়াৰ পাছৰ বছৰত আয় কৰ আৰু লাইচেঞ্চ কৰ বহুৱায়। বৃটিছে তামোল-পাণৰ ওপৰতো কৰ বহুৱাবৰ বাবে গুণা-গঠা কৰিলে। ইয়াতে ৰাইজ জাঙুৰ খাই উঠিল। ৰাইজ মেল বহিল। সিদ্ধান্ত হ’ল, ৰাইজে আৰু অধিক কৰ-কাটল নিদিয়ে। আমি যি অঞ্চলেৰে আগবাঢ়িছোঁ, ইয়াতেই সেই বিদ্রোহ হৈছিল।” কথাখিনি কৈ দীননাথ অলপ সময় ৰ’ল। তেওঁৰ মনত ১৮৬১-ৰ সেই ফুলগুৰিৰ ধেৱাৰ ভয়াৱহ স্মৃতি ভাহি উঠিল। বাকী সকলো মনে মনে থাকিল। কোনোবা এটা নাৱৰীয়াই ল’ৰাহঁতক ফুলগুৰিৰ ধঁপাতৰ কথা, ইয়াৰ সুন্দৰ বাঁহ-বেতৰ কামৰ কথা কৈ বখানিলে।
“চাওঁতে চাওঁতে কলিয়াবৰ, ৰহা আদি অঞ্চলৰ পৰাও ৰাইজ আহি ইয়াত গোট খালে”, দীননাথে পুনৰ ফুলগুৰিৰ বিদ্রোহ প্ৰসংগলৈ ঘূৰি গ’ল। “ৰাইজৰ হাতে হাতি লাঠী-টাঙোন।”
কথাৰ মাজতে এজনে সুধিলে, “পিতাদেউ, আফুনো কি?” ল’ৰাহঁতে প্রশ্ন সুধিলে দীননাথে খং-ৰাগ নকৰে। সিহঁতে বুজি পোৱাকৈ উত্তৰ দিবলৈ চেষ্টা কৰে।
“আফু এবিধ উদ্ভিদ”, দীননাথে আফুৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰিলে। “আমাৰ চিনাকি লফা গছৰ সমান ওখ হয়। বগা বৰণৰ ফুল ফুলে।”
“চাহাববোৰেনো ইয়াৰ খেতি কিয় কৰিব নিদিয়ে?” গোবিন্দৰ ভায়েক বিনন্দই জানিব বিচাৰিলে।
“আফু গছৰ ফুলৰ পৰা গুটি হয়। এই গুটিৰ আঠাৰ পৰা কানি প্রস্তুত কৰা হয়। ভেষজ বিদ্যা মতে, কানিৰ যদিওবা ঔষধি গুণ আছে, মানুহে ইয়াক নিচা হিচাপেহে খায়। চিলিমত ভৰাই ধোঁৱা খায়। অতি বেয়া নিচা। এবাৰ মুখত দিয়াজনে এৰিব নোৱাৰে। এলেহুৱা হৈ পৰে। লাহে লাহে দৰিদ্ৰ অৱস্থালৈ গতি কৰে।” কানিৰ অপকাৰিতাৰ বিষয়ে দীননাথে সকলোৱে শুনাকৈ কিছু ডাঙৰকৈয়ে কথাখিনি ক’লে। তেওঁ জানে, দলটোত দুজনমান কানিয়া আছে।
ছৈৰ ভিতৰৰ পৰা ঘৈণীয়েক ধৰ্মীয়ে ইতিবাচক সুৰত ক’লে, “ইমান অপকাৰী বস্তু এটাৰ খেতি কৰা ইংৰাজে বন্ধ কৰিছে, ৰাইজে ভালহে পাব লাগিছিল।” হয়তো, কিয় ৰাইজে বিদ্রোহ কৰিলে,— সকলোৰে মনত এই প্ৰশ্নৰ উদয় হ’ল। উত্তৰটো দিবলৈ গ’লে ইংৰাজৰ বিৰুদ্ধে কোৱা হয়। কিন্তু তেওঁ জানে, ইংৰাজে কিয় আফু খেতি বন্ধ কৰিছে। আফুৰ খেতিহে বন্ধ কৰিছে, কানি খোৱাটো বাৰণ কৰা নাই। এতিয়া কানীয়াবোৰে চৰকাৰী দোকানৰ পৰা কানি কিনি খাব লাগিব। ইংৰাজৰ লাভ হ’ব। কানি কিনিবলৈ টকাৰ নাটনি হ’লে অসমীয়া মানুহবোৰ বনুৱাৰ কাম কৰিবলৈ ওলাই আহিব। নতুনকৈ খোলা চাহ বাগিচাবোৰত বহুত বনুৱাৰ প্রয়োজন। কথাটো বহল নকৰি দীননাথে মাথোঁ চমুকৈ ক’লে যে সিহঁত ডাঙৰ হ’লে সকলো কথা বুজিব পাৰিব।
বৰ বেয়া সময়ত দীননাথ নগাঁৱলৈ বদলি হৈ আহিছিল। লেফটানেণ্ট জি. বি. চিঙ্গাৰৰ মৃতদেহটো ঘটনাৰ ছদিন পাছত জাগী থানাৰ দাৰোগাই কলং নদীত উদ্ধাৰ কৰিছিল। ডেকা, তজবজীয়া এই বৃটিছ বিষয়াজনে কামত যোগদান কৰা বেছি দিন হোৱা নাছিল। জিলাধিপতি হার্বাট স্কন্সে এই অনভিজ্ঞ বিষয়াজনক এনে এটা বিদ্ৰোহৰ মুখামুখি হ’বলৈ পঠিয়াই দিয়াটো উচিত হোৱা নাছিল। সেইটো পৰৱর্তী অনুসন্ধানত স্পষ্ট হৈছিল। স্কন্সক পদবীৰ পৰা অৱনমিত কৰি কামৰূপলৈ বদলি কৰা হৈছিল। বিদ্রোহীসকলে চিঙ্গাৰক মৰিয়াই মৰিয়াই অৰ্ধমৃত অৱস্থাত এই কলঙতে দলিয়াই দিছিল। হয়তো এইখিনিতে নাইবা অলপ আগলৈ বা পিছলৈ। তেজপুৰৰ পৰা সৈন্য আনি বিদ্রোহ দমন কৰা হৈছিল। দীননাথ তেতিয়া নগাঁৱৰ মুঞ্চিফ আৰু চিৰস্তাদাৰ। জাকে জাকে বিদ্রোহীক ধৰি আনি নগাঁও চহৰৰ মুকলি পথাৰত গৰু-ছাগলী ৰখাদি খোৱাৰত ৰাখিছিল। মল-মূত্ৰৰে ঠাইডোখৰে কদর্য নৰকৰ ৰূপ লৈছিল। তাতে লেটি লৈ বিদ্রোহীসকলে বিচাৰৰ দিন গণিছিল। সেই দৃশ্য অতি হৃদয় বিদাৰক আছিল। চাৰিজনক নগাঁৱতে ফাঁচী দিয়া হ’ল।…
নাওখন পাৰত লগাত দীননাথৰ সম্বিৎ ঘূৰি আহিল। এক দীঘলীয়া পথ পাৰ হৈ অহা হ’ল। তথাপিও তেওঁলোক এতিয়াও তিৱা বসতি প্রধান অঞ্চলেৰেই আহি আছে। নাৱৰ পৰা যাত্রীসকল পাৰত নামিল। দুই-এক প্রাকৃতিক কাৰণত ফুটুকানি হাবিৰ ফালে সোমাই গ’ল। এতিয়া কলঙৰ সেই শীর্ণ ৰূপ নাই। বাটত বহু জান-জুৰি সামৰি লৈ কলংখন স্বাস্থ্যৱতী হৈ পৰিছে। বান্ধা দুটামানে কলপাতকেইখনমান কাটি আনিলে। সকলোৱে কোমল চাউল-দৈ-গুৰেৰে দুপৰীয়াৰ আহাৰ খালে। নাৱৰীয়াকেইজন অলপ আঁতৰলৈ গৈ ধঁপাত একোচিলিম হুপিলে। ফুলগুৰিৰ ধঁপাতৰ মিঠা গোন্ধে নৈৰ পাৰৰ বতাহ চঞ্চল কৰি তুলিলে। কিছু সময়ৰ পাছত পুনৰ যাত্রা আৰম্ভ হল।
যাত্ৰাৰ এই দ্বিতীয় চৰণত নাৱৰীয়াকেইজনে নাৱৰ গতি বঢ়াই দিলে। সকলো কথা-বতৰা তল পৰি নাৱৰীয়াসকলে জাত লগাই গোৱা “হেইয়া হেইচ” ধ্বনি মুখৰিত হৈ পৰিছে। ল’ৰাহঁতেও উলাহতে সুৰ মিলাই গাই গৈছে। খৰখেদা কৰাৰ কাৰণো নথকা নহয়। এইছোৱা ৰাত্রি যাপন কৰিবলৈ সুবিধাৰ নহয়। বনৰীয়া জীৱ-জন্তুলৈ ভয়।
লাহে লাহে চকা পাটত বহিবলৈ লৈছে। প্ৰায়েই অহা-যোৱা কৰা নাৱৰীয়াহঁতে এডোখৰ সুচল ঠাইত নাও বান্ধিলে। সকলোৰে বাবে কাম ভগাই থোৱা আছে। বামুণ ৰান্ধনিজনে দীননাথৰ পৰিয়ালটোৰ সন্ধিয়াৰ সাঁজৰ বাবে টৌ-খুঁটি মাৰিলে। যাত্রাকালত অধিক বাহুল্য কৰা নেযায়, এক সিদ্ধই উত্তম। দীননাথে তিয়নি চুৰীয়া লৈ ল’ৰাহঁতক লৈ নৈত জোবোৰ মাৰিবলৈ গ’ল। দীননাথ শর্মা বেজবৰুৱা অতি সাত্ত্বিক আৰু ধর্মপৰায়ণ ব্যক্তি। পূজা-অর্চনা, নাম-প্রসঙ্গ তেখেতৰ দৈনন্দিন কর্মসূচী। তেওঁলোকৰ উপৰিপুৰুষৰ মাটিতেই কমলাবাৰী সত্ৰ স্থাপন হৈছিল। অৱশ্যে যাত্ৰাত দৈনন্দিন কর্মসূচীৰ হীন-দেঢ়ি হয়। তথাপিও পুৱাই হওক বা নিশাই হওক, গাটো নিতিওৱাকৈ অন্ন গ্রহণ কৰাৰ নিয়ম দীননাথৰ পৰিয়ালত নাই। এই নিয়ম পুহ-মাঘ মাহত ল’ৰাহঁতৰ বাবে অতি কষ্টকৰ হয়, তথাপিও দেউতাকৰ কঠোৰ শাসনত সিহঁতো এই নিয়ম মানিবলৈ বাধ্য।
দিগন্তত বেলিটো পানীত ওপঙি থকা যেন দেখা গ’ল। লুইতৰ সৰু সৰু ঢৌবোৰত কমলা ৰঙৰ ৰংবোৰ পৰি ওপৰে-তলে দুখন আকাশৰ দৰে দেখা গৈছে। মূৰৰ ওপৰত আকাশৰ বৰ্ণময় আৰু তলত ভূপৃষ্ঠৰ বৈচিত্র্যময় বিশালতা,— এনে বাঙ্ময় পৰিৱেশত দীননাথে অনুভৱ কৰে, এই সৌন্দৰ্যৰ বুকুতেই মানুহ আৰু বিশ্ব প্রকৃতিৰ সম্পর্ক অন্তৰ্নিহিত হৈ আছে। বালিৰ চৰটো খুব আহল-বহল নহয় যদিও তাতেই সকলোৱে ভাগে ভাগে টৌ-খুঁটি মাৰিছে। ল’ৰাহঁতে ইতিমধ্যে নৈত জোবোৰা মাৰি তিয়নি চুৰিয়া সলাইছে। এনেতে নৈৰ ফালে কিছু হাউলি থকা শিমলুজোপাৰ ডাল এটাৰ পৰা পানী কাউৰী এটাই ছোঁ মাৰি পানীৰ পৰা কিবা এটা ঠোঁটত লৈ আহিল। ল’ৰাহঁতে চিঞৰিলে, “কাক কাক”। কোনোবা এটাই পদ্যত গালে, “কাল কাক, ভাল নাক”। কাউৰীক ‘কাক’ বোলাত ইহঁতৰ দোষ নাই। ১৮৩৬ চনৰ পৰাই অসমত অসমীয়া ভাষাৰ পৰিৱর্তে বিদ্যালয়ত বঙলা ভাষা শিকোৱা হৈছে। ই অসমীয়া জাতি আৰু ভাষাৰ সর্বনাশ কৰিছে। অৱশ্যে হলিৰাম ঢেকীয়াল ফুকনৰ ল’ৰা আনন্দৰামে হৃত অসমীয়া ভাষা উদ্ধাৰৰ হকে চেষ্টা কৰিছে। ইংলেণ্ড ভ্রমণ কৰি অহা আনন্দৰামক দীননাথে নগাঁৱত লগ পাইছে।
দীননাথহঁত গা ধুবলৈ কিছু ভটিয়াই গৈছিল। থকা ঠাইৰ পৰা উজাই স্নান কৰিলে নৈৰ পানী অশুচি হ’ব আৰু সেই অশুচি পানী ব্যৱহাৰ কৰিব লাগিব, সেয়েহে সকলোৱে নামনিত স্নান কৰিছিল। স্নানপর্ব সামৰি সকলোৱ নাৱৰ ওচৰলৈ আহিল। আহঁতগুৰি ঠাইখণ্ড অসমৰ অন্যান্য গাঁওসমূহৰ দৰে একেই। সকলোৰে তামোল-পাণ, নাৰিকলৰ বাৰী। এক নদনবদন অঞ্চল। অৱশ্যে তেওঁলোকে য’ত নাও বান্ধিছে, তাৰ পৰা জনবসতি বহু নিলগত।
ৰান্ধনিজনৰ প্ৰায় হৈ আহিছিল। ভাত বাঢ়িবলৈ কিছু সময় থকাত দীননাথে ল’ৰাহঁতক ওচৰত বহুৱাই দুই-এটা পঢ়া-শুনা আৰু শাস্ত্ৰৰ কথা সুধিলে। প্ৰথমতে দীননাথে ল’ৰাহঁতক ইংৰাজী ভাষা শিকিবলৈ দিবলৈ সংকোচ কৰিছিল। মিছনাৰীৰ প্ৰভাৱত পৰি ধর্মভ্রষ্ট হ’ব বুলি শংকা কৰিছিল। এতিয়া কিন্তু তেওঁৰ এই দ্বিধা নাই। ইংৰাজী ভাষাৰ প্রয়োজনীয়তা উপলব্ধি কৰি ল’ৰাহঁতক ইংৰাজী শিকিবলৈ অনুমতি দিছে। অৱশ্যে ব্যক্তিগত উদ্যোগতহে ইংৰাজী শিকিব লাগে। সকলো ঠাইত ইংৰাজী বিদ্যালয় হোৱা নাই। পুৰুন্দৰ সিংহই ৰাজ্য হেৰুওৱাৰ এবছৰমান আগত গুৱাহাটীত প্রথমখন ইংৰাজী স্কুল হয়। নামটো দীননাথে মনত পেলালে। হয়,— ইংলিছ ছেমিনাৰী। সেইখিনি সময়তে তেওঁ পুৰন্দৰ সিংহক দেখা কৰিবলৈ গুৱাহাটীলৈ গৈছিল। তেতিয়া তেওঁৰ বয়সে কুৰিৰ দেওনা স্পর্শ কৰিছে। দ্বিতীয়খন ইংৰাজী বিদ্যালয় হয় শিৱসাগৰত। তেওঁ এৰি থৈ অহা নগাঁও চহৰতো এখন ইংৰাজী বিদ্যালয়ৰ যাৱতীয় প্রস্তুতি আৰম্ভ হৈছে। হয়তো দুই-এবছৰতে নগাঁৱতো এখন ইংৰাজী বিদ্যালয় হ’ব।
ৰান্ধনিজনে পাত পৰা দেখি ল’ৰাহঁতে উঠি পাতত বহিবলৈ খৰখেদা লগালে। দীননাথে একে ধমকিতে সিহঁতক একগোট কৰিলে। ভাতৰ পাতত বহাৰ আগতে সকলোৱে এটি প্রার্থনা গাব লগা হ’ল। দীননাথ অতি বিদোৎসাহী আৰু নীতিপৰায়ণ ব্যক্তি। তেওঁ পুৱাৰ পৰা নিশালৈকে সন্তানসৱক নির্দিষ্ট কৰ্মৰ মাজেৰে ব্যস্ত ৰাখে। পঢ়া-শুনাৰ উপৰিও ল’ৰাহঁতে গোসাঁইঘৰ মচা, পূজা-অর্চনাৰ সামগ্রী যোগাৰ কৰাৰ উপৰিও নিতৌ গীত-ভটিমা গাই প্রসংগ কৰিব লাগে। সেয়েহে দীননাথৰ ল’ৰা-ছোৱালীহঁত কীর্তন-ঘোষা, গুৰু চৰিত, ৰত্নাৱলী আদি পুথিৰ সৈতে পৰিচিত। ল’ৰাহঁতে পঢ়া-শুনাৰ উপৰিও ঘৰৰ যাৱতীয় কাম, নাম-ভটিমা আৰু স্ত্ৰোত্ৰ পাঠ কৰি নিশা দহমান বজাতহে ভাত খাই শুবলৈ যাব পাৰে। আজি অকল প্রার্থনা এটা গালেই হ’ব। সিহঁতে ‘মুক্তিত নিস্পৃহ যিটো’ গালে আৰু ভাত খাই নাৱৰ ছৈৰ ভিতৰলৈ গ’ল।
ইতিমধ্যে সকলোৱে খোৱা-বোৱা শেষ কৰি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছে। বহু পৰলৈকে কোনোবা এটা নাৱৰীয়াই বনগীত এফাঁকি গাই আছিল, এতিয়া নাই। হয়তো তাৰো টোপনি আহিল। নৈৰ পানী আৰু বতাহ ঠেকা খোৱাত সোঁ-সোঁৱনিৰ দৰে এটা দৰে এটা শব্দ অহৰহ বাজি আছে। দীননাথ সৰু ভার্যা থানেশ্বৰীৰ ওচৰলৈ গ’ল। তেওঁ অভিজ্ঞ বৈদ্য। পত্নীৰ নাড়ী পৰীক্ষা কৰি নিশ্চিত হ’ল যে সময় সমাগত। ইতিমধ্যে তেওঁ ছৈৰ ভিতৰলৈ যোৱাত ডাঙৰ গৰাকীয়ে সাৰ পাইছিলেই। দীননাথে প্রথমা পত্নীক যাৱতীয় ব্যৱস্থা কৰিবলৈ দি বাহিৰত পৰ দি ৰ’ল।
দীননাথে পুৰণি লগুৱাটোক জগাই বালি চাপৰিত জুই একুৰাৰ ব্যৱস্থা কৰিলে। পানী অলপো তপতাই ৰখা হ’ল। বৰপেটা পোৱা হ’লে ভাল আছিল, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ ওপৰত যে কাৰো কৰ্তৃত্ব নাই!
নৈৰ ফালে হাউলি থকা শিমলুজোপাৰ পৰা নিশাচৰ চৰাই এটাই মাতিলে। মাতটো কিন্তু উৰুলি দিয়াৰ দৰেহে শুনা গ’ল। দীননাথে গছজোপালৈ চাই পঠালে। লক্ষ্মী পূর্ণিমাৰ ফৰিংফুটা জোনাকত গছজোপা এজোপা এন্ধাৰৰ গছৰ দৰে লাগিল। অথনিৰ কাউৰীটোৰ দৰে ক’লা। ‘কাল কাক ভাল নাক’— ল’ৰাহঁতে গোৱা পদ্যটো ক’ব নোৱাৰকৈয়ে তেওঁৰ মুখৰ পৰা ফুটি ওলাল। নাই, অসমীয়া ভাষা পুনৰুদ্ধাৰৰ বাবে জাতীয় চেতনা জাগ্রত কৰিব লাগিব। আনন্দৰামক সংগ দিব লাগিব। তেওঁৰো যৎসামান্য পৰিকল্পনা আছে। ইতিমধ্যে তেওঁ বেজবৰুৱা বংশাৱলীখন পদ্যত লিখি আছে। অনতিপলমে স্কন্ধ পুৰাণৰ পৰা উৎকল খণ্ড অসমীয়ালৈ অনুবাদ কৰিব লাগিব। গুৰু দুজনাৰ জীৱন চৰিত পুথি এখনো ৰচনা কৰিব লাগিব। অৱসৰ পালে শিৱসাগৰলৈ যাবগৈ, এখন বাল্যাশ্রম প্রতিষ্ঠা কৰিব। এনেবোৰ সজ চিন্তাৰ মাজেৰে দীননাথ এখন অচিনা জগতত প্ৰৱেশ কৰিলে। শুভ্র বসন আৰু শুভ্র পাগটোৰে সৈতে দীননাথ কায়িকভাৱে নৌকাৰ ওপৰত থাকিল যদিও মনটোৱে অতীত, বর্তমান আৰু ভৱিষ্যতত ভ্রমি থাকিল আৰু এক নৱজাতকৰ ক্ৰন্দনৰ অপার্থিৱ অনুভৱৰ অপেক্ষাত উৎকৰ্ণ হৈ ৰ’ল।
সাধাৰণ মানুহে অতীত-বৰ্তমানৰ পৰিঘটনা মনত পেলাব পাৰে আৰু ভৱিষ্যতৰ সপোন দেখিব পাৰে। কিন্তু সর্বনিয়ন্তাৰ বাবে কালৰ এই ধাৰণা নাই। যি ঘটে, সকলো তেওঁ ইচ্ছানুসাৰি ঘটে। অসম আৰু অসমীয়াৰ অস্বিত্ব এতিয়া বিপদাপন্ন। যিদৰে ঈশ্বৰে এনে এক সন্ধিক্ষণত শংকৰ-মাধৱক অসমলৈ পঠিয়াইছিল, ঠিক তেনে এক সময় এতিয়া সমাগত।
এই সময়ত দীননাথে ভাবিব নোৱাৰে যে খন্তেক পাছতে তেওঁৰ দ্বিতীয়া পত্নীৰ পৰা যি সন্তান এই ধাৰাৰ বুকুলৈ আহিব, সেই সন্তানে এদিন অসমীয়া ভাষা, অসমীয়া জাতিৰ কাণ্ডাৰী হৈ জগতত জিলিকি উঠিব। মহাভাৰতৰ ৰণত যিদৰে কৃষ্ণই অর্জুনৰ সাৰথি হৈ ধর্ম প্রতিষ্ঠা কৰিছিল, সেইদৰে আজি এই লক্ষ্মী পূর্ণিমাৰ ৰাতি নাৱৰ বুকুত ওপজা সন্তানে অসমীয়া সাহিত্য ৰথৰ সাৰথি হৈ সাহিত্যৰথীৰ সর্বোত্তম আৰু সর্বশ্রেষ্ঠ নিদর্শন দাঙি ধৰিব। তেৱেঁই হ’ব লক্ষ্মীনাথ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা!
❧ | আৰু পঢ়ক: ইমৰান হুছেইনৰ গল্প ‘বাঁক’
অকস্মাৎ এটা দিব্য মুহূৰ্তত ছৈৰ ভিতৰৰ পৰা ভাহি অহা নৱজাতকৰ ক্ৰন্দনৰ শব্দত ব্ৰহ্মপুত্ৰৰ পানী চঞ্চল হৈ উঠিল। চঞ্চল হৈ উঠিল কাষৰ বন-বননি।
আৰু সেই ক্ৰন্দনৰ মায়াময় ধ্বনি বিয়পি গ’ল দূৰ-দূৰলৈ…!