ব’ হাগৰ বিহু অসমৰ যাউতিযুগীয়া পৰম্পৰা। অসমীয়া জনজীৱনৰ অংগে অংগে বিহু প্রৱহমান হৈ আছে। অসমীয়া মানুহৰ শৰীৰৰ ভাষাত বিহুৰ কলা প্রকাশি থাকে প্রায় প্রতি মুহূর্ততে। কিন্তু এই বিহু বিভিন্ন সময়ত বিভিন্ন সংঘাতৰ সন্মুখীন নোহোৱাকৈ থকা নাই। বিহুগীত আৰু নৃত্যই বহু সময়ত শ্লীল আৰু অশ্লীল ধৰণৰ বিতৰ্কৰে পৰীক্ষাৰ সন্মুখীন হ’বলগাত পৰিছে। একতাৰ জৰীৰে বান্ধ খাই থকা অসমীয়া জনগাঁথনিৰ ভিন ভিন লোকে ত্রাণকর্তাৰ ৰূপত অৱতীৰ্ণ হৈ বিহুৰ স্বকীয় মর্যাদা অক্ষুণ্ণ ৰক্ষা কৰাত বিশেষ বৰঙণি আগবঢ়াই গৈছে। এই লেখাত ইংৰাজৰ দিনত অশ্লীলতাৰ প্ৰসংগত বিহু নিষিদ্ধকৰণৰ যি চেষ্টা চলিছিল, সেই বিষয়ত এটি আলোচনা আগবঢ়াইছোঁ।
হলিৰাম ঢেকীয়াল ফুকনে (১৮০২-১৮৩২) ‘লম্পট’, ‘কুৰিতি’ আদি শব্দৰে বিহুৰ বিৰুদ্ধে মত পোষণ কৰিছিল। আনন্দৰাম ঢেকীয়াল ফুকনেও (১৮২৯-১৮৫৯) ‘বিভিচাৰ’, ‘কুৰিতি’, ‘মহা কলংক’ আদি বিশেষণৰে বিহুৰ বিৰুদ্ধে মাত মাতিছিল। গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচার্য আদি ব্যক্তি বিশেষেও বিহুৰ বিপক্ষে বাতৰি কাকতত লেখা প্রকাশ কৰি প্ৰচাৰ কৰিছিল। ১৮৯৮ চনত বুদ্ধীন্দ্রনাথ দিলিহিয়াল ভট্টাচার্যই বিহুক নিষিদ্ধ কৰিবলৈ ইংৰাজ চৰকাৰ আৰু প্রশাসনক পৰামৰ্শ আগবঢ়াইছিল। জাতিৰ ধমনী স্বৰূপ সর্বজনৰ আদৰৰ বিহুক নিষিদ্ধ কৰা প্ৰসংগত এটা ঢৌ উঠিছিল। ব্রিটিছ কোম্পানী, চৰকাৰৰ তোষামোদকাৰী বিষয়া-কৰ্মচাৰী, কিছুমান ইংৰাজৰ সমর্থনকাৰী অসমীয়া ভাষা-সংস্কৃতিৰ শতৰুকে ধৰি বহুতৰ প্রৰোচনাৰ অন্তত ১৮৯৭ চনত বিহুক নিষিদ্ধ কৰি বন্ধ কৰাৰ সিদ্ধান্তত উপনীত হৈছিল ইংৰাজ চৰকাৰ।
অসমীয়া জাতি গঠনৰ প্ৰাৰম্ভণিতে মানুহৰ মুখে মুখে চলি থকা গীত-মাতবোৰৰ পৰম্পৰাগতভাৱে গাত লাগি থকা নৃত্যৰ কলাসমূহক এটা সময়ত আহোম ৰাজত্বই ৰাজ-পোষকতা প্ৰদান কৰা কথাটো সর্বজনবিদিত। অসমৰ আকাশ, মাটি, গছ-লতিকাকে ধৰি অসমৰ মাটিত ওপজা জীৱ-জন্তুৰ লগতে সকলো ধৰণৰ যন্ত্রপাতি, আচবাব সকলোতে বিহু ধ্বনিত। আহোমৰ দিনত ৰাজপোষকতা লাভ কৰা বিহু সংকটত পৰা কথাটোক লৈ অসমীয়া মানুহ যেন অস্তিত্বৰ সংকটত পৰিল।
অসমৰ গ্রাম্য জীৱনৰে সংপৃক্ত, কৃষিজীৱী লোকৰ স্বাভিমান বিহুক সেই সময়ত উচ্চবিত্ত, আধুনিক তথা বিদেশী শিক্ষাৰে শিক্ষিত সম্রান্ত এটা শ্ৰেণীয়ে নতুনকৈ আৰম্ভ কৰা চহৰীয়া বাতাবৰণত যেন স্থান দিব খোজা নাছিল। থলুৱা সংস্কৃতিক হেয় জ্ঞান কৰা এনে এটা মানসিকতা গ্রাম্য অঞ্চলৰ লোকৰ বাবে অসহনীয় হৈ পৰিছিল। ‘ইতৰ লোকৰ অশ্লীল অনুষ্ঠান’ বুলি বিহুক বদনাম কৰিব খোজা এই প্রয়াস জাতিৰ বাবে সঁচাকৈয়ে দুর্ভাগ্যজনক আৰু নিন্দনীয় আছিল বুলি ভবাৰ থল আছে। এনে সময়ত বিহুক অনাদৰ নকৰি সংস্কাৰৰ দৃষ্টিভংগীৰে চোৱা বলিনাৰায়ণ বৰাই মধ্যম পন্থা অৱলম্বন কৰিছিল। ৰজনীকান্ত বৰদলৈয়ে ‘মিৰি জীয়ৰী’ উপন্যাসত বিহুগানৰ আবেগক চৰিত্ৰৰ জৰিয়তে প্রকাশি বিহুৰ সপক্ষে থকাৰ ইংগিত দিয়ে। লক্ষ্মীনাথ বেজবৰুৱা সদায়েই অসমীয়া থলুৱা জীৱনৰ মেৰুদণ্ড হৈ থিয় দি থাকিছিল। বিহুৰ যশস্যা তেখেতৰ কলমেৰে নিগৰিছিল।
বিহু নিষিদ্ধকৰণৰ অপচেষ্টাক যদি আমি এক পৰিকল্পনা বুলি কওঁ, তেন্তে সেই পৰিকল্পনাৰ বিপক্ষে আগবাঢ়ি আহিবলৈ বহুতেই সাহস গোটাব পৰা নাছিল। ইংৰাজ চৰকাৰৰ সিদ্ধান্ত আৰু বৰমূৰীয়াৰ লগতে জাতিৰ শতৰু বাহিনীৰ সন্মুখত তথাকথিত অসমীয়াৰ আৱেগত সাৰ-পানী যোগোৱা কোনোৱেই সৎ সাহসেৰে ইয়াৰ বিকল্প চিন্তা কৰিব নোৱৰাৰ বিপৰীতে নগাঁও জিলাৰ খাটোৱাল মৌজাৰ হালোৱা গাঁৱৰ কলংপৰীয়া পাহোৱাল ডেকা ঢোলৰ ওজা মৈমত টাটিঙা সজাগ হৈ উঠিছিল।
হালোৱা গাঁৱৰে আনন্দ দাসে ইংৰাজে বিহু নিষিদ্ধ কৰিব খোজা কথাৰ উমান পাই ৰাইজক সজাগ কৰিছিল। নগাঁও কাছাৰীত তৰণী ৰূপে কৰ্মৰত দাস এজন উদ্যোগী আৰু সৰবৰহী ব্যক্তি আছিল। তেওঁ ইংৰাজ আৰু বিহুৰ শতৰুসকলৰ অভিসন্ধিবোৰৰ বিষয়ে কাছাৰীঘৰতে অৱগত হৈছিল। সেইবোৰ বিৱৰি জনোৱাত ঢোলৰ যাদুকৰ মৈমত টাটিঙাই বিহুৱা দল এটি গঠন কৰি আনন্দ দাসৰ নেতৃত্বত ইংৰাজ চাহাবৰ আগত বিহুগীত আৰু নৃত্য প্রদর্শন কৰি প্রতিবাদ কৰিবলৈ মনস্থ কৰিছিল। বিহুগীত-নৃত্য যে প্রকৃতপক্ষে অশ্লীল হৈ থকা নাই, ইয়াত যে অসমৰ জাতীয় জীৱনৰ পৰম্পৰাগত কলাহে অন্তর্নিহিত হৈ আছে, সেই কথা জনাই ইংৰাজ চাহাবৰ ভুল ভাঙিবলৈ নিজৰেই ভনীয়েক চেনীমাইক বিহুৱতী হিচাপে লৈ দল গঠন কৰিলে। আনন্দ দাসৰ নেতৃত্বত ঢোল, পেঁপা, গগনা, তাল, সুতুলি আদি লৈ গুৱাহাটীলৈ বুলি ৰাওনা হ’বলৈ প্ৰস্তুত হ’ল।
মৈমত টাটিঙা আছিল ধর্মীয়ভাৱে মুছলমান সম্প্রদায়ৰ যুৱক। অসম দেশৰ আৰম্ভণিৰে পৰা ভিন ভিন কাৰণত অসমলৈ আন আন জনগোষ্ঠীৰ দৰেই মুছলমানৰ আগমন হৈছিল। অসম দেশৰ বুৰঞ্জীত সেই কথাবোৰ বিভিন্ন বুৰঞ্জীবিদে সন্নিৱিষ্ট কৰিছে। সেই মুছলমানসকলৰে বহু লোক বিভিন্ন সময়ত আন ঠাইৰ পৰা অহা, আনহাতে বহু লোক ধর্মান্তৰিত হোৱাৰ কথাও সকলোৱে জানে। পাছলৈ গৰিয়া বা মৰিয়া বুলি পৰিচিত হোৱা এইসকল লোকৰ সুকীয়া সংস্কৃতি নাছিল। অসমৰ লোক সংস্কৃতিয়েই এওঁলোকৰ পৰম্পৰা। সেয়ে এওঁলোক আজিও অসমীয়া ভাষা-সংস্কৃতিক লৈ আৱেগিক আৰু আগৰণুৱা। তেওঁলোক যিহেতু অসমীয়া মুছলমান হিচাপেই পৰিচিত, গতিকেই এওঁলোক অসমীয়া থলুৱা সংস্কৃতিতেই নিমজ্জিত। ঢোল বাদন, গীত-মাত গোৱাকে ধৰি সংস্কৃতিৰ সকলো কাম-কাজত এওঁলোক পাৰ্গত।
পৰিকল্পনা অনুসৰি ইংৰাজৰ সন্মুখত বিহু প্রদর্শনৰ বাবে দল বান্ধি পিতৌ দাস আৰু মৈমত টাটিঙা ওলাল। লক্ষ্য বিহুক ৰক্ষা কৰা। বিহুৰ নামত জাপি দিয়া কলংক মচিবলৈ ওলোৱা দলটোৰ সন্মুখত বিভিন্ন ধৰণৰ প্রতিবন্ধকতাও আছিল। সেই সময়ত এতিয়াৰ দৰে যান-বাহনৰ সুবিধা নাছিল। পুৰণিগুদামৰ পৰা চাপৰমুখলৈ খোজকাঢ়ি গৈ চাপৰমুখত ৰেল ধৰি গুৱাহাটী পাইছিল। লগত নিয়া জলপান খাই দলটোৱে ৰাতিটো গুৱাহাটীতে পাৰ কৰি দিনৰ ভাগত তৰণী আনন্দ দাসৰ নেতৃত্বত ইংৰাজ চাহাবৰ সন্মুখত গৈ উপস্থিত হ’ল। চাহাবসকলক বিহু নিষিদ্ধ নকৰিবলৈ অনুৰোধ কৰিলে। বিহুৰ নামত যে অপপ্ৰচাৰ হৈছে, সেয়া মিছা প্রমাণিত কৰাৰ হকে আলোচনা কৰিলে। প্রমাণ স্বৰূপে বিহু নৃত্য-গীত ইংৰাজ চাহাবৰ সন্মুখত প্রদর্শন কৰিলে।
ওজা মৈমতৰ ঢোলৰ চাবত ভনীয়েক চেনীমায়ে নৃত্য আৰম্ভ কৰিলে। সমগ্ৰ দলটোৰ বিহুগীত, নৃত্য উপভোগ কৰি অশ্লীলতা দেখাৰ বিপৰীতে বিহু যে প্রকৃতপক্ষে প্রকৃতিৰ ৰূপেৰে বর্ণিত, প্রেমময় প্রকাশ সেয়া ইংৰাজসকলৰ বুজিবলৈ বাকী নাথাকিল। সেই দলটোত ঢোলৰ ওজা পিতৌ দাসো আছিল। পিতৌ দাসে ঢোল বাদক হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। অনুষ্ঠানে-প্রতিষ্ঠানে ঢোল বাদনেৰে নিজৰ নাম এনেকৈ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল যে মঘাই ওজাৰ পিছতে পিতৌ দাসৰ নাম মানুহে এতিয়াও লয়। মৈমত টাটিঙা, চেনীমাই, পিতৌ দাসৰ বিহু প্রদর্শন উপভোগ কৰি ইংৰাজ চাহাবসকল আশ্বস্ত হয়। এনেকৈয়ে ইংৰাজে বিহু নিষিদ্ধকৰণ প্রক্রিয়া প্রত্যাহাৰ কৰে।
মৈমত টাটিঙা বৰা হিচাপে খ্যাত এই বিহুৱা ডেকা, পুৱাই ওজা বুলিও জনাজাত পিতৌ ঢুলীয়া, আনন্দ দাস আৰু মৈমতৰ ভনীয়েক চেনীমাইহঁতে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলাই সেই মোকর্দমাত জয়ী হয় বুলিও জনা যায়। সেই সময়ত আদালতৰ বিচাৰক আছিল পুৰণিগুদামৰে মাণিক চন্দ্র বৰুৱাৰ ভায়েক ফটিক চন্দ্ৰ বৰুৱা। মুঠৰ ওপৰত বিহুৰ আনুষ্ঠানিক অনুমোদনৰ ক্ষেত্ৰত এই থলুৱা সাংস্কৃতিক-সামাজিক কর্মীৰ অৱদান নুই কৰিব নোৱাৰি। এই মহান অৱদান আগবঢ়াই নিজ অঞ্চল পুৰণিগুদামলৈ আহিয়েই এওঁলোকে আবতৰীয়া বিহু পাতি সগৌৰৱেৰে আনন্দ উল্লাস কৰিছিল। এওঁলোকৰ তৎপৰতাতে ঘোৰ বাৰিষাতো আনন্দ প্রকাশৰ প্রতীক হিচাপে পুৰণিগুদামত কেইবাদিনীয়া বিহু হৈছিল। পুৰণিগুদামৰ ঐতিহাসিক বিহুৰ আঁৰত এই উদ্যোগীসকলৰ অৱদান সোণালী ইতিহাসৰ সাক্ষী।
এই মৈমত টাটিঙাকে স্বাধীনতাৰ আগৰ দিনবোৰত হিন্দু-মুছলমানৰ সংঘাতৰ সময়তে দুষ্কৃতিকাৰীয়ে প্রাণে মৰাৰ পৰিকল্পনা কৰে। এজন হিন্দু বন্ধুৰ সহযোগৰ ফলত মৈমত লখিমপুৰৰ ধেমাজিৰ ফাললৈ পলাই যাবলৈ সক্ষম হয়। সেই সময়ৰ একতাক বিনষ্ট কৰিব খোজা খলনায়কসকলৰ বিৰুদ্ধে হিন্দু-মুছলমানে একত্রে প্রচেষ্টা অব্যাহত ৰাখিছিল। ইয়েই অসমৰ সংহতিৰ গৌৰৱময় ইতিহাস। এই লেখাত ‘হিন্দু’, ‘মুছলমান’ ধৰণৰ শব্দ ব্যৱহাৰো যেন এক ধৰণৰ সম্প্ৰীতিৰ বিৰোধী কথা, কিন্তু ই প্রাসঙ্গিক হোৱাৰ লগতে অসমীয়া জাতিসত্তাৰ গৌৰৱময় অধ্যায়ৰ উদাহৰণৰ বাবে, সংহতিৰ আদৰ্শৰ বাবে এনে ইতিহাস বাৰে বাৰে চৰ্চিত হোৱাক লৈ নিশ্চয় কাৰো আপত্তি নাথাকিব।
লক্ষ্মীনাথ বেজবৰুৱা, গর্ডন চাহাব, ৰাধাগোবিন্দ বৰুৱাৰ লগতে বিহুক বিভিন্ন সংকটৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন ধৰণৰ প্রচেষ্টা কৰা লোকসকলৰ অৱদানৰ ফলত বিহু অসমৰ জাতীয় উৎসৱ হিচাপে অক্ষুণ্ণ থাকিল। মৈমত টাটিঙাই ব্যৱহাৰ কৰা ঢোল বাদ্যটো আজিও ধেমাজিৰ ফালে সংৰক্ষিত হৈ আছে বুলি জনা যায়। উত্তৰ ফাললৈ গৈ মৈমত পাছলৈ ফাটবিহুৰ সৈতেও জড়িত হৈ পৰে বুলিও বহুতেই কয়। বিহুৰ সৈতে জড়িত সকলো গীত, নৃত্য আৰু বাদ্য বাদনত পাৰ্গত মৈমত টাটিঙা নিশ্চয় পাছৰ কালত বিহুবিহীনভাৱে থকা নাছিল বুলি আমাৰো বিশ্বাস।
সহায়ক প্রবন্ধ, পত্ৰিকা:
১. বিহু আৰু পুৰণিগুদাম— ধৰণীধৰ মজিন্দাৰ
২. বিহুৰ ত্রাণকর্তা মৈমত টাটিঙা— ভদ্রকান্ত বৰা
৩. বিহুক জীয়াই ৰাখিবলৈ চেষ্টা কৰা টাটিঙা মেমত আৰু পিতৌ ঢুলীয়া— দুলাল বৰা
৪. বিহু নিষিদ্ধকৰণ: ওজা মৈমত চেনীমাইহঁতৰ অভিনৱ প্রতিবাদ— নীত্যেন বৰা
৫. বিহুৰ ত্রাণকর্তা মৈমত টাটিঙা আৰু মুছলমান সমাজ— শিৱপ্ৰসাদ বৰা
৬. টাটিঙা মৈমতৰ ঐতিহাসিক বিহু প্রদর্শনী— প্রাঞ্জল কুমাৰ মহন্ত
৭. ইংৰাজৰ নিষিদ্ধ বিহুক তাহানিতে বাধা দিছিল মৈমত টাটিঙা, পিতৌ ঢুলীয়াই— তপন কুমাৰ বৰা
৮. বিলুপ্ত হোৱা চ’তৰ ৰাতি বিহু আৰু বিহু নিষিদ্ধকৰণ— পৱিত্ৰ মহন ফুকন
৯. জাতীয় জীৱনৰ আয়ুসৰেখা বিহু— প্রাঞ্জল বৰদলৈ
১০. হাৰলি, সদৌ নগাঁও জিলা ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ মুখপত্ৰ
❧ | আৰু পঢ়ক:
- পুৰণিগুদাম অঞ্চলৰ লোকনাট্য পৰম্পৰা: পানীতোলা সবাহ, পালা ভাওনা আৰু বোকা ভাওনা
- বিহু বিষয়ক কিছু চিন্তা-দুঃচিন্তা
- ঢকুৱাখনাৰ ফাটবিহু আৰু পৰিৱৰ্তনৰ নিয়তি
- প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে
- মোৰ কি গৰজ! পৰ্ব #০১ খণ্ড #১০
ফিচাৰড্ ইমেজ: দ্বিজেন মহন্ত