‘ব ’হাগ মাথোঁ এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ।’ (ড° ভূপেন হাজৰিকা)
চ’তৰ উদং দেহৰ ফাকেৰে ফাগুনৰ হালধি সনা বেলিটো লহিওৱাৰ সময়খিনিতেই বুকুত সুৰ তোলা ব’হাগী সপোনবোৰে আনন্দৰ নানা গীত গাই দিঠকৰ জপনাখন মেলে। শীতত জঠৰ হৈ পৰা প্ৰকৃতি লাহে লাহে সজীৱ হৈ উঠে। বসন্তৰ প্ৰথমজাক বৰষুণেই বসুমতী শস্য-সম্ভৱা হোৱাৰ বতৰা কঢ়িয়াই আনে। ব’হাগ হৈ পৰে সেউজীয়া আৰু উজ্জ্বল।
ব’হাগ মানেই বসন্তৰ আগমন! ঋতুৰাজৰ আগমনত মানৱ মনত আনন্দৰ লহৰ উঠে। সুধাকণ্ঠই গাইছিল— ‘মোৰ গাটো দেখোন অ’ মাকন সাতখন আঠখন ৰঙালী বিহুতে ৰঙা ৰঙা মন…’।
সঁচাকৈয়ে ব’হাগ বুলি ক’লেই আমাৰ গা সাতখন-আঠখন কৰে। কি যে এক মিঠা আমেজ। হাবিয়ে-বননিয়ে কেতেকী, খৰিকাজাঁই ফুলৰ গোন্ধই দশোদিশ মলমলায়, কপৌ ফুলে গছবিলাকত অনাৱিল শোভা বঢ়ায়। বা-ৰিব মলয়াৰ পৰশত প্ৰকৃতিয়ে ন-সাজ পিন্ধি চেনেহী বিহুটিক আদৰি আনে। গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে তাঁতশালত গামোচাযুতি লগাই ভমকা ফুল বাছি জাত জাত বিহু নামৰ সুৰে সুৰে দোৰপতি-গৰকাক নচুৱায়। শিপিনীয়ে গায়— ‘ৰাতি এপৰলৈ কাটি সূতলাহী চেনাইলৈ বিহুৱান ব’লো ৰঙাকৈ আঁচুৰে বাছি পাণেবটা টিপতে লুকুৱাই থলোঁ।’
ৰাতি আন্ধাৰ ফালি ভাহি আহে ঢেঁকীৰ গুমগুমনি। গৰজি উঠে ঢোঁল, পেঁপা, গগনা। এনেকৈয়ে আমাৰ বাপতিসাহোন সংস্কৃতিৰ জয়ধ্বজাবাহী বিহুটিক হিয়াৰ উমেৰে জীপাল কৰি উলাহ-আনন্দেৰে পালন কৰি আহিছোঁ। কিন্তু অপ্ৰিয় হ’লেও সত্যটো ক’বই লাগিব যে সময়ে আৰু মানুহে চেনেহৰ বিহুটিক বহু সলনি কৰি পেলালে। এতিয়া আগৰ সেই গছৰ তলৰ বিহু নাই। ঘৰে ঘৰে গোৱা হুঁচৰিও আজি ক’ৰবাত দুই-এঠাইতহে দেখিবলৈ পোৱা যায়।
হাবিৰ তলৰ বিহুক ৰাজকীয় মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলৰ ভূমিকা অনস্বীকাৰ্য। স্বৰ্গদেউসকলৰ আগ্ৰহ আৰু প্ৰযত্নত বিহুৱে এক নব্য ৰূপেৰে জাতিষ্কাৰ হৈ উঠিব খোজোঁটেই কিছু লোকে বিহুক অসভ্য, অশিক্ষিত সংস্কৃতি বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰিলে। তেনে সংকটময় পৰিস্থিতিত ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা আদি অসম গৌৰৱে হেঁপাহৰ বিহুটিক উচিত মৰ্যাদা দিবলৈ যত্নপৰ হৈ পৰে। ফলত নানা সংঘাত-প্ৰতিঘাতৰ মাজেৰে আহি বিহুৱে মঞ্চৰূপ পায়হি। মঞ্চ বিহুত সময়ে সময়ে ন ন সংযোজন ঘটী থাকিল। হুঁচৰি, বিহুকুঁৱৰী, মৌকুঁৱৰী, বিহুৰাণী, ঢোল বাদন, পেঁপা বাদন আদি নানান প্ৰতিযোগিতাৰ মাধ্যমেৰে বিহুৰ প্ৰতি জনমানসক আগ্ৰহী আৰু বিহুক বিভিন্ন প্ৰান্তত জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰা হ’ল আৰু বৰ্তমানলৈকে চলি আছে।
গৌৰৱৰ কথা যে আজি আমাৰ বিহুৱে কেৱল অসমতেই নহয় বিদেশৰ বিভিন্ন ঠাইৰ মঞ্চকো কঁপাই তুলিবলৈ সক্ষম হৈছে। কিন্তু এয়াও সকলোৰে পৰিলক্ষিত হৈছে যে সৌ সিদিনা দিল্লীত ফিট ইণ্ডিয়াৰ মঞ্চত বিহু নৃত্যক আমাৰ নিজ দেশৰ মানুহৰ পৰিচালনাতেই কিদৰে বিকৃত ৰূপত প্ৰদৰ্শন কৰা হৈছিল। বিহুৰ এই পৰিৱৰ্তনে অনাগত ভৱিষ্যতত কেনে ৰূপ ধাৰণ কৰিব, সেয়া চিন্তাৰ বিষয়। লাহে লাহে বিহু মঞ্চৰ আঁৰে আঁৰে বাণিজ্যিকৰণে গা কৰি উঠিল। সাংস্কৃতিক নিশাৰ আয়োজন কৰি জনপ্ৰিয় শিল্পী আমন্ত্ৰণৰ নামত সাধাৰণ জনতাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাটো বৰ্তমান এক সমস্যাৰ বিষয় হিচাপে থিয় দিছে। বিহু সন্মিলনৰ, ব’হাগী উৎসৱ, ব’হাগী বিদায় আদি বিভিন্ন অনুষ্ঠান পাতি মদৰ নিচাত উদণ্ড ডেকাৰ মাতাল নৃত্য, চকী-টেবুল ভঙা আদি উচ্ছৃংখল পৰিৱেশ এতিয়া প্ৰায় সকলো বিহুতলীতেই সুলভ। সকলোতে এতিয়া টকাৰ খেলা। ‘মন্ত্ৰী-এমএলএৰ ঘৰত হুঁচৰি গালে শৰাইখনৰ মাননি গপচ হ’ব, দুখীয়াৰ ঘৰত তামোল-পাণ এটাৰ সৈতে টকা এঘাৰটাহে পোৱা যাব’ ধৰণৰ মানসিকতা জাতিটোৰ বাবে অতি লজ্জাজনক হৈছে। মাজনিশা পাঁচ-ছটা আধুনিক গীতৰ বিনিময়ত লাখ লাখ টকাৰ উছৰ্গা,— তাৰ বিপৰীতে আমাৰ বিহু বা হুঁচৰি দলসমূহে উচিত মূল্য পায়নে? ‘আমুক গায়কক দিবলৈ বহু টকা লাগিব, সেইবাবে বিশ-ত্ৰিশ হাজাৰ মানতে হুঁচৰি দল এটা ঠিক কৰিব লগা হ’ল’ ধৰণৰ চিন্তাৰ পৰা এতিয়াও মানুহ মুক্ত নহয়। বিহুৰ অনুষ্ঠানত গায়কহে দামী হয়, হুঁচৰি দলক দিবলৈ টকা নাই! ফলত উপায়হীন হৈ সেই দলসমূহে অতি কম মাননিতে চুক্তিবদ্ধ হ’বলৈ বাধ্য হয়।
গাঁৱে-নগৰে এতিয়া বিহুৰ নামত কেৱল প্ৰতিযোগিতা— কোনে কিমান আকৰ্ষণীয়কৈ, জাকজমকতাৰে বিহু মঞ্চ সজাব পাৰে, কোনে আটাইতকৈ ভাল দামী গায়ক আনিব পাৰে, কোনে কিমান দামী পুৰস্কাৰ দিব পাৰে ইত্যাদি ইত্যাদি। এইবোৰৰ মাজত আমাৰ বিহুৰ স্বকীয়তা হেৰুৱাব ধৰা যেন নালাগেনে? বৰ্তমানৰ আধুনিক বিহুগীতসমূহে প্ৰকৃত বিহুগীতৰ সুৰ, কথাৰ স্বকীয়তা ৰক্ষা কৰিব পাৰিছেনে বাৰু? আজিৰ বিহুগীতত থাকেনে সেউজীয়া কেঁচা মাটিৰ সুবাস, প্ৰকৃতিৰ মনেমোহা ৰূপৰ বৰ্ণন? আমি আজি পাহৰি গৈছোঁ যে বিহু মানে কেৱল দামী শিল্পী নহয়, বিহু মানে আধুনিক গীতৰ তালত গাভৰু দেহৰ লয়লাস নহয়। এনে পৰিৱৰ্তনে অসমীয়া জাতিক কালৰ গৰাহলৈ নি থকা নাইনে?
অসমৰ নিউজ চেনেলসমূহ আৰু কিছু অনুষ্ঠানৰ উদ্যোক্তাই বিহুৰ নামত এক ধৰণৰ নতুন ‘সংস্কৃতি’ৰ পয়োভৰ ঘটাইছে, যাৰ ফলত প্ৰতিজন সচেতন অসমীয়াই এবাৰ হ’লেও ভাবিবলৈ বাধ্য হৈছে যে বিহুনো আচলতে কি? ই কলৈ গতি কৰিছে? এতিয়া উঠি অহা প্ৰজন্মৰ বাবে ব’হাগ বিহু মানে কেৱল মঞ্চত প্ৰদৰ্শন কৰা নাচ-গান! যদি আমি কেৱল ব’হাগ মাহটোতেই আমাৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হওঁ আৰু বাকী দিনবোৰ বিদেশী সংস্কৃতিত নিজকে বুৰাই ৰাখোঁ, এদিন আমাৰ জাতীয়ে নিশ্চিতভাৱে নিজস্বতা হেৰুৱাব আৰু আমি নিঃসন্দেহে ভৱিষ্যৎ প্ৰজন্মলৈ সংস্কৃতিৰ জকাটোহে এৰি থৈ যাব লাগিব। কাক দোষ দিম আমি তেতিয়া? কাৰণ এই পথটো আমিয়েই উলিয়াইছোঁ, আমিয়েই হৈ আছোঁ বছৰৰ সেই নিৰ্দিষ্ট দিনৰ একো একোজন সংস্কৃতি ৰক্ষী। চিন্তাৰ বিষয়!
বিহু সমন্বয়ৰ সংস্কৃতি। ইয়াৰ স্বকীয়তাক জীয়াই ৰাখিবলৈ আমি নৱ প্ৰজন্মক পুৰণি পৰম্পৰাৰ মাজলৈ ওভোতাই নিবই লাগিব। বিশ্বমুখী হোৱাৰ স্বাৰ্থত আমাৰ সংস্কৃতিৰ স্বকীয়তাক বিসৰ্জন দিয়াটো জানো উচিত? আধুনিকতাৰ পৰশত বিহুৱে য’তে পৰম্পৰাৰ পৰা ফালৰি কাটিছে, তাক সচেতন ৰাইজে শুধৰাব লাগিব।
বিশ্ব বিয়পা কভিড মহামাৰীজনিত ৰুদ্ধশ্বাস পৰিস্থিতিয়ে যোৱাটো বছৰত আমাক মঞ্চৰ বিহুৰ পৰা আঁতৰাই ৰাখিলে। এইবাৰো ৰাইজৰ দাবীত বিশেষ নিয়মৰ মাজত নিজকে নিয়ন্ত্ৰণ কৰি বিহু উদযাপন কৰিবলৈ চৰকাৰী পক্ষৰ পৰা নিয়ম-নীতিৰ বিভিন্ন তালিকা পোৱা গৈছে যদিও যিমানেই বিহুবলীয়া নহওক, মনত ভয় আৰু শংকা লৈহে বিহুতলীলৈ যাবলগীয়া হোৱাটো নিশ্চিত! ক’বলৈ গ’লে সময়ে আমাক বিহুক হৃদয়েৰে অনুভৱ কৰিবলৈ এক সুযোগ দিছে। বাৰীৰ কপৌজোপাৰ মাজত, বিৰিখৰ কুলিজনীৰ মাতত, গছৰডাল ভৰি লাগি থকা আমকলিবোৰৰ মাজত, কঁঠালৰ মুচিৰ মাজত, জেতুকাৰ ৰঙত, কেঁচা হালধিৰ গোন্ধত, গোহালিৰ গৰুহালৰ মাজত, আয়ে বাকচত জাপি থোৱা ৰিহাখনৰ পৰা নিৰ্গত হোৱা নেফথেলিন গুটিৰ গোন্ধত, ঘৰৰ সৰু-বৰ প্ৰত্যেকজন সদস্যৰ মৰম-প্ৰীতিৰ মাজত বিহুক প্ৰকৃত ৰূপত অনুভৱ কৰিবলৈ সময়ে আমাক হয়তো আহ্বান জনাইছে। এই আহ্বান মোৰ বাবে, আপোনাৰ বাবে, সকলোৰে বাবে। জাতি থকালৈকে বিহু সদায় জীয়াই থাকিব। আমি জীয়াই ৰাখিব লাগিব।
❧। আৰু পঢ়ক: প্ৰাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে
সেই আশাৰেই ব’হাগৰ এই ক্ষণত, আহকচোন, বিহুসম্ৰাট খগেন মহন্তদেৱৰ এটি বিহু গীত গাওঁ আৰু হেঁপাহৰ ব’হাগক আদৰণি জনাওঁ—
‘ন জোনটি ওলালে বৰণটি সলালে
সলায় বৰেগছৰ পাত,
আমাৰ নাচনীয়ে বৰণটি সলালে
মুগাৰ ৰিহা লগালে গাত।’
ছবি: Woodlouse | CC BY-SA 2.0
Follow Nilacharai on Facebook