এ কেটা মাহ। নৱেম্বৰ। ব্যৱধান দুটা বছৰ, দুটা দিন। ২০১১-ৰ ৫ নৱেম্বৰৰ দিনা হেৰাইছিল আমাৰ মৰমৰ ভূপেনদা আৰু ২০১৩-ৰ ৩ নৱেম্বৰৰ দিনটোত চিৰদিনৰ বাবে হেৰাই গৈছিল পাকিস্তানী আৰু পঞ্জাৱী লোকসংগীতৰ ‘আন এগৰাকী প্ৰতিমা বৰুৱা পাণ্ডে’ ৰেচমা। মই জামুগুৰিহাটৰ পৰা কলেজীয়া জীৱন এটাৰে তেজপুৰত ভৰি দিয়াৰ সময়ত অসমৰ প্ৰথম চিনেমা-গৃহ ‘জোনাকী’ত সুভাষ ঘাইৰ প্ৰথম চিনেমা ‘হিৰো’ চাইছিলো, যিখন জেকী শ্ৰুফ আৰু মীণাক্ষী শেষাদ্ৰিৰো প্ৰথম চিনেমা আছিল। প্ৰথম হিন্দী তথা ভাৰতীয় চিনেমা আছিল ৰেচমাৰ, পাৰ্শ্ব গায়িকা (Playback Singer) হিচাপে। প্ৰথম শুনিছোঁ সেই একক অনন্য কণ্ঠধ্বনি। এটাই গান— লম্বী জুদাই… !
গুৱাহাটীলৈ আহি মই ১৯৯২-৯৩ মানতহে ৰেচমাৰ লোকসংগীতৰ নন-ফিল্ম অডিঅ’ কেছেটবোৰ কিনিবলৈ পাইছিলো। তেওঁৰ কণ্ঠৰ নহয়, একক অনন্য কণ্ঠৰ ‘স্বকীয়তা’টো মই ৰিজাব পাৰোঁ একমাত্ৰ আমাৰ প্ৰতিমাদি (প্ৰতিমা বৰুৱা পাণ্ডে)ৰ কণ্ঠেৰে। একেদৰেই ভূপেন হাজৰিকাৰ কণ্ঠও পৃথিৱীতে একক, অনন্য, যিটো চিনেমাৰ যিকোনো নায়কেৰে মিল (sink) নহয়। পল ৰবচনৰ সাংগীতিক সান্নিধ্যলৈ অহা ভূপেন হাজৰিকাৰ গায়কীৰ পূৰ্বৰ গায়কীৰ সৈতে বিস্তৰ প্ৰভেদ। কিন্তু এটা পুৰুষসুলভ কণ্ঠ (manly voice) বুলিলে যি বুজোঁ, সেয়া ভূপেনদাক বাদ দি ভাৰততে বিৰল।
ভাৰত-পাক সম্পৰ্ক উন্নত কৰিবলৈ এবাৰ দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপায়ীৰ উদ্যোগত বাছ এখন দিল্লীৰ পৰা লাহোৰলৈ অহাযোৱা কৰিছিল। এইফালৰ পৰা যাওঁতে বাজপায়ীয়ে লগত লৈ গৈছিল দুটি বিশিষ্ট কণ্ঠ— ভূপেন হাজৰিকা আৰু জগজিৎ সিঙক। আনহাতে লাহোৰৰ পৰা দিল্লী অভিমুখী বাছখনত আহিছিল সেই সোণালী কণ্ঠ— ৰেচমা।
লোকসংগীতৰ প্ৰতি টান আৰু দখল ভূপেনদাৰ সমান পৰৱৰ্তী সময়ত মই দেখা নাই। সেইবাবেই আনকি মুম্বাইৰ হিন্দী চিনেমাৰ জগততো মাত্ৰকেইখনমান চিনেমাৰ সংগীত পৰিচালনা কৰা সত্বেও ভূপেন হাজৰিকাৰ প্ৰতি এক সুকীয়া সন্মান প্ৰকাশ কৰা হয়, যি সন্মান ভূপেনদাৰ পূৰ্বে পাইছিল একমাত্ৰ এছ ডি বৰ্মনেহে। প্ৰতিমাদিৰ দৰে ৰেচমাৰ কণ্ঠৰ শলাগ লৈ তেওঁৰ সৈতে কাম কৰাৰ ইচ্ছাৰ কথাও এদিন মোক কৈছিল ভূপেনদাই। সেয়া হৈ নুঠিল, হোৱাহেঁতেন হয়তো ভাৰত-পাক সংগীত আৰু সম্পৰ্কত এক অন্য মাত্ৰা প্ৰদান হ’লহেঁতেন! কিন্তু কবি নৱকান্তই এদিন মোক অন্য এক প্ৰসংগত কৈছিল— ‘বিদ্যুৎ, হেঁতেনৰ পৃথিৱীততো সকলো সম্ভৱ… !’
আজি ভূপেনদা, ৰেচমা, প্রতিমাদি, জগজিৎ কিম্বা নৱকান্ত— এগৰাকীও নাই…; প্রতিজনৰ বাবে আছে মাথোঁ এটুপি এটুপি তপত চকুলো…!
ভূপেন হাজৰিকাৰ ছবি: বিদ্যুৎ কুমাৰ ভূঞা